Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০১৭ বৰ্ষৰ হিন্দুস্তান টাইমছ লিডাৰশ্বিপ চামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ সাৰাংশ

২০১৭ বৰ্ষৰ হিন্দুস্তান টাইমছ লিডাৰশ্বিপ চামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ সাৰাংশ


শোভনা ভাৰতীয়া জী, উপস্থিত সকলো মহানুভৱ, ভাতৃ-ভগ্নীসকল,

মই পুনৰ আপোনালোকৰ কাষলৈ আহিবলৈ সুযোগ পাইছো, বহু চিনাকি মুখ দেখিবলৈ পাইছো, হিন্দুস্তান টাইমছ  তথা ইয়াৰ পাঠকসকললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো।

বন্ধুসকল, দুবছৰৰ আগতে এই সভালৈ মই যেতিয়া আহিছিলো, তেতিয়া বিষয় আছিল “উজ্জ্বল ভাৰতৰ দিশে”, ঠিক দুবছৰৰ পিছতেই আজি আমি “ভাৰতৰ স্থায়ী প্ৰগতি”ৰ কথা পাতিব পাৰিছো।ই দেশৰ চিন্তাধাৰালৈ অহা পৰিৱৰ্তনকে সূচায়।

আমি দেশক এক জীৱন্ত সত্ত্বা বুলি ধৰি ল’লে আজি যি যোগাত্মক মনোভাৱ আমি দেখিবলৈ পাইছো, সেয়া আমি কেতিয়াও দেখিবলৈ পোৱা নাছিলো। দেশৰ দৰিদ্ৰ, যুৱক, কৃষক, মহিলা, শোষিত-বঞ্চিত সকলোৱে নিজৰ সপোনৰ ওপৰত ইমান আস্থা ৰখা আগতে মই দেখা নাছিলো।

এই ভৰসা এতিয়া আহিছে।তাৰ কাৰণে আমি এক কোটি পঁচিশ লাখ ভাৰতীয়ই দিন-ৰাতি একাকাৰ কৰি কাম কৰিছো। দেশবাসীৰ নিজৰ ওপৰত আস্থাই যোকোনো দেশকেই নতুন শীৰ্ষলৈ লৈ যাব পাৰে।

আজি গীতা জয়ন্তী। গীতাত স্পষ্টভাৱে কোৱা হৈছেঃ

নিজক ওপৰলৈ ডাঙি ধৰিব লাগে, বিয়োগাত্মক চিন্তাধাৰা ত্যাগ কৰিব লাগে, নিজেই নিজৰ মিত্ৰ তথা নিজেই নিজৰ  শত্ৰু হ’ব লাগে। সেয়ে ভগৱান বুদ্ধইয়ো কৈ গৈছেঃ নিজেই নিজৰ পোহৰ হওক।

এক কোটি পঁচিশ লাখ ভাৰতীয়ৰ ক্ৰমবৰ্দ্ধিত আস্থাই এই দেশক বিকাশৰ নতুন মাত্ৰা প্ৰদান কৰিছে।এই হোটেলত বহি থকা সকলো ব্যক্তিৰ পৰা আৰম্ভ কৰি বাহিৰৰ অটোচালক, ৰিক্সাৱালা, কৃষক, ঠিকাদাৰ, বৰফত পহৰা দি থকা আমাৰ সৈনিক, সকলোৱে নিজৰ নিজৰ ধৰণে তপস্যাত নিমগ্ন হৈছে যাৰ ফলত “উজ্জ্বল ভাৰতৰ দিশে” গতি কৰি আজি আমি “ভাৰতৰ স্থায়ী প্ৰগতি”ৰ কথা পাতিব পাৰিছো।

বন্ধুসকল, ২০১৪ চনত দেশৰ মানুহে কেৱল চৰকাৰ সলনি কৰিবৰ বাবেই ভোট দিয়া নাছিল, দিছিল দেশক সলনি কৰিবৰ বাবে, ব্যৱস্থাত পৰিৱৰ্তন আনিবৰ বাবে, যি পৰিৱৰ্তন স্থায়ী হ’ব। স্বাধীনতাৰ ইমান বছৰৰ পিছতো আমাৰ ব্যৱস্থাৰ দুৰ্বলতাই দেশক আগবাঢ়িবলৈ দিয়া নাছিল।

সি এনে এটা ব্যৱস্থা আছিল, যি দেশৰ ক্ষমতাৰ লগত ন্যায় কৰিব পৰা নাছিল।সকলো ক্ষেত্ৰতে দেশৰ কোনোবা নহয় কোনোবা এজনে ব্যৱস্থাৰ সৈতে যুঁজিব লগাত পৰিছিল।ভাৰতৰ স্থায়ী প্ৰগতিৰদ্বাৰা মানুহৰ জীৱনধাৰণ সুচল হৈ পৰিব বুলি আশা কৰিব পাৰি।

সৰু সৰু কথাৰ কাৰণে, ৰে’ল-বাছৰ টিকটৰ কাৰণে, বিজুলী সংযোগৰ কাৰণে, হস্পিতেলত ভৰ্ত্তি হ’বৰ কাৰণে, পাছপোৰ্টৰ কাৰণে মানুহে কত সমস্যাৰ মুখামুখি হৈছিল।
বন্ধুসকল, এই চৰকাৰৰ বাবে দুৰ্নীতিমুক্ত, নাগৰিককেন্দ্ৰিক আৰু উন্নয়নমুখী পৰিৱেশ গঢ়াটো মূল উদ্দেশ্য আছিল।নীতি, পদ্ধতিৰ আধাৰত খেলিমেলি নথকা পৰিৱেশ গঢ়াত আমি গুৰুত্ব দিছো।

জন-ধন যোজনাৰ কথাই লোৱা যাওক, ই দৰিদ্ৰসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিছে।যিসকলক আগতে বেংকৰ দুৱাৰমুখৰপৰাই  ঘূৰাই পঠোৱা হৈছিল, সেইসকলৰ আজি নিজৰ বেংকৰ খাটা আছে। জন-ধন খাটা থকা লোকসকলক ৰূপে’ ডেবিট কাৰ্ডো দিয়া হৈছে। এক কোটি পঁচিশ লাখ ভাৰতীয়ৰ ভিতৰত এনে লোকৰ সংখ্যা ৩০ কোটিতকৈও অধিক।

সেই দৰিদ্ৰজনৰ আত্মবিশ্বাসৰ কথা ভাৱক, যেতিয়া তেওঁ বেংকৰ খাটাত পইচা জমা কৰে বা ৰূপে’ ডেবিট কাৰ্ড ব্যৱহাৰ কৰে, সেই আত্মবিশ্বাস এতিয়া স্থায়ী হৈ পৰিছে।

একেদৰেই উজ্জ্বলা যোজনাৰদ্বাৰাও গাঁৱৰ মহিলাসকলৰ জীৱনধাৰা চিৰদিনৰ বাবে সলনি হ’ল।কেৱল বিনামূল্যে সংযোগেই তেওঁলোকে লাভ কৰা নাই লগতে তেওঁলোকে লাভ কৰিছে, সুৰক্ষা, সুস্বাস্থ্য তথা পৰিয়ালৰ লগত কটাবপৰা কিছু মধুৰ সময়।

কোটি কোটি মহিলাৰ জীৱনলৈ স্বচ্ছ ভাৰত অভিযানৰ যোগোদি অহা পৰিৱৰ্তনৰ কথা ভাৱক। চৰকাৰে কেৱল শৌচালয়ে সজা নাই দেশৰ কোটি কোটি মহিলাৰ পীড়া লাঘৱ কৰিছে।

কিছু লোকে লেতেৰাৰ ফটো উঠাই হুলস্থূল কৰে, সেই বিষয়ে লিখে, টিভিত তৰ্ক কৰে কিন্তু মানুহে বুজি পায়, এই অভিযানে মাটিত কেনে ধৰণৰ স্থায়ী পৰিৱৰ্তন আনিছে।

ভাতৃ-ভগ্নীসকল, এই কক্ষত বহি থকা কিমানজনে কথাটো অনুধাৱন কৰিব পাৰিব মই নাজানো কিন্তু আপুনি ইয়াৰপৰা ওলাই যোৱাৰ পিছত যিমান ধন পাৰ্কিঙৰ টিপৰ নামত খৰচ কৰিব তাতকৈ কম মূল্যত আজি দৰিদ্ৰসকলে জীৱন বীমা লাভ কৰে। 

এবাৰ ভাৱি চাওক, মাহে কেৱল এটকাত দুৰ্ঘটনা বীমা আৰু ৯০ পইচা প্ৰতিদিনৰ প্ৰিমিয়ামত জীৱন বীমা প্ৰদান কৰা হৈছে।আজি দেশৰ ১৫ কোটিতকৈ অধিক দৰিদ্ৰ লোকে এই বীমা লৈছে আৰু এতিয়ালৈকে প্ৰায় ১৮০০ কোটি টকাৰ ক্লেইম দিয়া হৈছে।

দৰিদ্ৰৰ কাৰণে ইমান ডাঙৰ কাম এটা হৈ গ’ল, কিন্তু কোনোবাই কথাটোত বিশেষ গুৰুত্ব দিয়া মই দেখা নাই।আগৰ চৰকাৰে এল ই ডি বাল্ব চাৰে তিনিশ টকাত উপলব্ধ কৰাইছিল, আজি তাক ৫০ টকাত উপলব্ধ কৰোৱা হৈছে।উজ্জ্বলা যোজনা আৰম্ভ হোৱাৰ পিছৰপৰা দেশত প্ৰায় ২৮ কোটি এল ই ডি বাল্ব  বিক্ৰী হৈছে।যাৰ ফলত সাধাৰণ মানুহৰ ১৪ হাজাৰ কোটি টকাৰ ৰাহি হৈছে।

এনে নহয় যে এই ৰাহি খন্তেকীয়া, বিজুলী বিলত ৰাহি হোৱাৰ ঘটনাই এতিয়া এক স্থায়ী ৰূপ পাব।

ভাতৃ-ভগ্নীসকল, আগৰ চৰকাৰে এনে স্থায়ী পৰিৱৰ্তন আনিবলৈ কেনে বাধা পাইছিল মই নাজানো কিন্তু মই কোনো বাধাৰ বাবে থমকি নৰওঁ।

কিছুমান নিৰাশাবাদী লোকে দেশৰ পৰিৱৰ্তনৰ কথাটো অসম্ভৱ বুলি ভাৱে, কিন্তু নতুন চিন্তাধাৰাৰে সেই পৰিৱৰ্তন অনা সম্ভৱ।

নিৰাশাবাদী চিন্তাই আমাক সিদ্ধান্ত লোৱাত বাধা প্ৰদান কৰে। সেয়ে চৰকাৰে এনে চিন্তাধাৰাৰ পৰা নিজকে নিলগাই ৰাখে।আগৰ চৰকাৰৰ দিনত ইউৰিয়াত ৩৫ শতাংশ নিমৰ প্ৰলেপ দিয়া হৈছিল, যাৰ ফলত একো লাভ নহৈছিল।বৰ্তামান চৰকাৰে ইউৰিয়াত ১০০ শতাংশ নিমৰ প্ৰলেপ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাতৃ-ভগ্নীসকল, এই সিদ্ধান্তৰ ফলত আমি কেৱল ইউৰিয়াৰ ডাইভাৰ্জনেই বন্ধ কৰা নাই বৰং ইয়াৰ ক্ষমতাও বৃদ্ধি পাইছে।আজি কৃষকসকলে কম ইউৰিয়া ব্যৱহাৰ কৰিলেই হয় আৰু ফচলো ভাল হয়।

আজি আমি দেশত এক ডিজিটেল মঞ্চ তৈয়াৰ কৰিছো, যাৰ ফলত যিকোনো ঠাইৰ কৃষকে নিজৰ ফচল বিক্ৰী কৰিব পাৰে।ইয়াৰ ফলত দেশত বহু পৰিৱৰ্তন আহিছে। ই-নাম বা ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰ মাৰ্কেটে সকলো ব্যৱসায়িক মণ্ডিক ডিজিটেল মাধ্যমেৰে সংযোজিত কৰিছে। ভৱিষ্যতে ইয়াৰ ফলত কৃষকসকলে সামগ্ৰীৰ উচিত মূল্য পাবলৈ সক্ষম হ’ব।

অলপতে চৰকাৰে দেশত যোগান শৃংখল ব্যৱস্থা শক্তিশালী কৰিবৰ বাবে, গোদামৰ ব্যৱস্থা সঠিক কৰিবৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সম্পদ যোজনা আৰম্ভ কৰিলে।ইয়াৰ উদ্দেশ্য খেতিৰ ফচল নষ্ট হোৱাৰ আগতেই গ্ৰাহকৰ হাতত যোগান ধৰা।চৰকাৰে খাদ্য প্ৰস্তুতিকৰণৰ দিশতো মনোযোগ দিছে যাতে কৃষিখণ্ডতো ঔদ্যোগিক খণ্ডৰ দৰেই কাম হয়।

ফুড পাৰ্ক, খাদ্য প্ৰস্তুতিকৰণৰ  লগত জড়িত নতুন পদ্ধতি, এগ্ৰ’ প্ৰচেচিঙৰ ক্ষেত্ৰত চৰকাৰে ৬ হাজাৰ কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত কৰিছে।

ভাতৃ-ভগ্নীসকল, সময়ৰ লগে লগে জৈৱিক কৃষিৰ চাহিদা বৃদ্ধি পাইছে। ছিক্কিমৰদৰে দেশৰ আন আন ৰাজ্যসমূহেও ১০০ শতাংশ জৈৱিক কৃষিৰ ৰাজ্য হ’বলৈ চেষ্টা কৰিছে।বিশেষকৈ আমাৰ হিমালয়ান অঞ্চলৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত এই সম্ভাৱনীয়তা অধিক প্ৰকট। তাৰবাবে চৰকাৰে ১০ হাজাৰটা খণ্ড তৈয়াৰ কৰি জৈৱিক কৃষিৰ বিস্তাৰৰ প্ৰচেষ্টা হাতত লৈছে।

অলপতে মই এক ডাঙৰ সিদ্ধান্ত ল’লো। ভাতৃ-ভগ্নীসকল, এতিয়ালৈকে বাঁহ কটাটো দেশত আইনৰ ভিতৰত পৰিছিল। চৰকাৰে বাঁহক আইনৰ আওতাৰ বাহিৰলৈ আনিলে।

ইয়াৰ ফলত দূৰ-দুৰণিৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে বাঁহৰ আচবাব, হস্তশিল্প নিৰ্মাণত সুবিধা পাব। আচৰিত কথা যে আগৰ চৰকাৰৰদ্বাৰা তৈয়াৰকৰা আইনমতে বাঁহক গছ বুলি মানি লোৱা নহৈছিল।

দহ-বাৰ বছৰৰ পিছত এই দুবিধা দূৰ কৰা হৈছে। বন্ধুসকল, আমাৰ চৰকাৰে বহনক্ষমতাৰ ওপৰত বিশ্বাস কৰে আৰু মানুহৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰে।

ভাতৃ-ভগ্নীসকল, আমাৰ দেশৰ ব্যৱস্থাই ভ্ৰষ্টাচাৰকে শিষ্টাচাৰ কৰি তুলিছিল।ক’লাধনে দেশৰ এক বিশাল অংশ নিয়ন্ত্ৰণ কৰি ৰাখিছিল।২০১৪ চনত দেশৰ ১ কোটি পঁচিশ লাখ মানুহে কেৱল চৰকাৰ সলনি কৰিবৰ বাবেই ভোট দিয়া নাছিল, দিছিল দেশক সলনি কৰিবৰ বাবে, ব্যৱস্থাত পৰিৱৰ্তন আনিবৰ বাবে, পৰিৱৰ্তনক স্থায়ী কৰিবৰ বাবে আৰু নতুন ভাৰত গঢ়িবৰ বাবে।

বিমূদ্ৰাকৰণৰ পিছত দেশৰ মানুহৰ স্বভাৱলৈ কেনেধৰণৰ পৰিৱৰ্তন আহিছে সেয়া নিশ্চয় আপোনালোকে মন কৰিছে। ভ্ৰষ্টাচাৰীসকলৰ মনত ভয় সোমাইছে।এক গৰিষ্ঠ সংখ্যক লোক আনুষ্ঠানিক অৰ্থনীতিৰ অন্তৰ্গত হৈছে।

আটাইতকৈ ডাঙৰ কথা যে বেংকলৈ উভতি অহা ধনে নিজৰ লগত পৰিচয় লৈ আহিছে। তথ্যসমূহ বিশ্লেষণৰ পিছত ওলাইছে যে আমাৰ দেশত একেটা ঠিকনাতে চাৰিশ-পাঁচশ কোম্পানী চলি আছিল।একোটা কোম্পানীৰ ২ হাজাৰকৈ বেংকৰ খাটা আছিল। ই কেনেধৰণৰ কথা।এফালে দৰিদ্ৰসকলে এটা খাটাও খুলিব নোৱাৰে আৰু আনফালে একোটা কোম্পানীয়ে হাজাৰ হাজাৰ খাটা খোলে!

বিমূদ্ৰাকৰণৰ পিছত এনে বেংকৰ খাটাৰ খেলিমেলিসমূহ পোহৰলৈ আহিল। প্ৰায় ২.২৫ লাখ কোম্পানীৰ পঞ্জীয়ন নাকচ কৰা হৈছে। সেই কোম্পানীসমূহৰ অধ্যক্ষসকলক এতিয়া আৰু কোনো কোম্পানীতে লোৱা নহ’ব।

বন্ধুসকল, জিএছটি অৰ্থনৈতিক ব্যৱস্থালৈ স্বচ্ছতা অনাৰ বাবে লোৱা এক উল্লেখযোগ্য পদক্ষেপ।৭০ বছৰ দেশত গঢ় লোৱা ব্যৱসায় কৰাৰ যি দুৰ্বল প্ৰক্ৰিয়া, দুৰ্বলতা, সোই সকলোবোৰ আঁতৰ কৰি এতিয়া দেশ আগবাঢ়িব।

জিএছটিৰ ফলত দেশত স্বচ্ছতাৰ এক নতুন অধ্যায় আৰম্ভ হ’ল। এক গৰিষ্ঠসংখ্যক ব্যৱসায়ী এই সাধু প্ৰক্ৰিয়াৰ সৈতে জড়িত হ’ল। বন্ধুসকল, এক স্থায়ী পৰিৱৰ্তন সম্ভৱ হৈ উঠিল। আধাৰ ব্যৱস্থাৰ যোগেদি ই অধিক সহজ হ’ল।আধাৰৰ যোগেদি চৰকাৰে দুখীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব পৰা ব্যৱস্থা প্ৰণয়ন হ’ল।

কমদামী ৰেচন, বৃত্তি, ঔষধৰ খৰচ হ্ৰাস, পেন্সন, ৰাজসাহাৰ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।আধাৰৰ লগত মোবাইল আৰু জনধন খাটাৰ শক্তি লগলাগি এক নতুন ব্যৱস্থাৰ প্ৰতিষ্ঠা হ’ল যাৰ কথা কেইবছৰমানৰ আগলৈকে চিন্তা কৰাও সম্ভৱ নাছিল।এই ব্যৱস্থা এক স্থায়ী ব্যৱস্থা।যোৱা তিনি বছৰত আধাৰৰ জৰিয়তে কোটি কোটি নকল নাম ব্যৱস্থাৰপৰা আঁতৰ কৰা হ’ল।এতিয়া বেনামী সম্পত্তিৰ বিপক্ষে এক শক্তিশালী অস্ত্ৰ নিৰ্মাণ হোৱাৰ পথত।

ভাতৃ-ভগ্নীসকল, এই চৰকাৰে পুৰণি চৰকাৰী ক্ৰয় প্ৰক্ৰিয়াকো সংশোধন কৰিছে। আমি নতুন ব্যৱস্থা কৰিছো যাতে চৰকাৰে চৰকাৰী ই-মাৰ্কেটৰ পৰাহে আৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰে।তাৰ ফলত কূটীৰ শিল্প, হস্তশিল্প তথা ঘৰত তৈয়াৰী সামগ্ৰীসমূহ চৰকাৰে ক্ৰয় কৰা সম্ভৱ হ’ব।

ভাতৃ-ভগ্নীসকল, আমি এনে এক ব্যৱস্থাৰ দিশে আগবাঢ়িছো য’ত ক’লাধনৰ সৃষ্টি, ব্যৱস্থাৰ দুৰ্বলতা হেতু ভ্ৰষ্টচাৰ কৰা আদি সকলো সম্ভাৱনাই নোহোৱা হ’ব।

যিখন দেশত সকলো লেন-দেন ডিজিটেল হ’ব তাত সংগঠিত দুৰ্নীতি আপোনাআপোনি কমি আহিব। তাৰবাবে ৰাজনৈতিক দিশৰ পৰা মোৰ কিছূ অসুবিধা নিশ্চয় হ’ব, কিন্তু মই তাৰবাবে প্ৰস্তুত।

বন্ধুসকল, যোজনাবিলাকে গতি লাভ কৰিলেই দেশে প্ৰগতি লাভ কৰে।কিবা এটাটো পৰিৱৰ্তন আহিছে যাৰবাবে চৰকাৰৰ অতসোপা যোজনাই ক্ষীপ্ৰ গতি লাভ কৰিছে।

·         তাৰ ফলতেই আজি চৰকাৰে প্ৰতিদিনে ২২ কিলেমিটাৰকৈ ৰাষ্ট্ৰীয় ঘইপথ নিৰ্মাণ কৰিছে য’ত আগৰ চৰকাৰে প্ৰতিদিনে ১১ কিলেমিটাৰকৈ ৰাষ্ট্ৰীয় ঘইপথ নিৰ্মাণ কৰিছিল।

·         আজি চৰকাৰে তিনি বছৰত ১ লাখ ২০ হাজাৰ কিলেমিটাৰ ৰাষ্ট্ৰীয় ঘইপথ নিৰ্মাণ কৰিলে য’ত আগৰ চৰকাৰে তিনি বছৰত ৮০ হাজাৰ কিলেমিটাৰ ৰাষ্ট্ৰীয় ঘইপথ নিৰ্মাণ কৰিছিল।

·         আজি চৰকাৰে তিনি বছৰত ২১০০ কিলেমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ নতুন ৰেলপথ নিৰ্মাণ কৰিলে য’ত আগৰ চৰকাৰে শেষৰ তিনি বছৰত ১১০০ কিলেমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেলপথ নিৰ্মাণ কৰিছিল।

·         আজি চৰকাৰে তিনি বছৰত ৪৩০০ কিলেমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৰেলপথত বৈদ্যুতিকৰণ কৰিলে য’ত আগৰ চৰকাৰে শেষৰ তিনি বছৰত ২৫০০ কিলেমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথত বৈদ্যুতিকৰণ কৰিছিল।

·         আজি চৰকাৰে তিনি বছৰত প্ৰায় ২ লাখ ৬৪ হাজাৰ কোটি টকাৰ মূলধন খৰচ কৰিলে য’ত আগৰ চৰকাৰে শেষৰ তিনি বছৰত প্ৰায় ১ লাখ ৪৯ হাজাৰ কোটি টকাৰ মূলধন খৰচ কৰিছিল।

·         আজি চৰকাৰে তিনি বছৰত ২২ হাজাৰ মেগাৱাটৰ পুনঃনৱীকৃত শক্তিৰ ক্ষমতা সৃষ্টি  কৰিলে য’ত আগৰ চৰকাৰে শেষৰ তিনি বছৰত ১২ হাজাৰ মেগাৱাটৰ পুনঃনৱীকৃত শক্তিৰ ক্ষমতা সৃষ্টি কৰিছিল।

·         আজি চৰকাৰে কাৰ্গো হেন্ডলিঙৰ গ্ৰীড ১১ শতাংশতকৈ অধিক বৃদ্ধি কৰিলে যিটো আগৰ চৰকাৰৰ দিনত বিয়োগাত্মক আছিল।

বন্ধুসকল, সকলো ক্ষেত্ৰকে যদি প্ৰাথমিক স্তৰৰ পৰা ঠিক কৰা নহয়, তেন্তে এই ক্ষীপ্ৰ গতি লাভ কৰা সম্ভৱ নহয়। ডাঙৰ আৰু স্থায়ী পৰিৱৰ্তন এনেয়ে নাহে। ব্যৱস্থাৰ প্ৰতিটো স্তৰতে পৰিৱৰ্তন হ’ব লাগিব। এই পৰিৱৰ্তন আহিছে বাবেহে দেশত এই তিনি বছৰতে ব্যৱসায় কৰাৰ পৰিৱেশ সহজ হৈছে।দেশৰ স্থান ১৪২ ৰ পৰা আহি ১০০ হৈছে।

ভাতৃ-ভগ্নীসকল, ২০১৪ চনত আমি শাসনভাৰ লওঁতে উত্তৰাধিকাৰ সূত্ৰে কি পাইছিলো? অৰ্থব্যৱস্থা, প্ৰশাসন, বেংকিং ব্যৱস্থা – সকলোতে তথৈবচ অৱস্থা। আপোনালোকেও বাতৰি কাগজত বৰ বৰ হৰফেৰে লিখিছিল – পক্ষাঘাতগ্ৰস্ত ব্যৱস্থা…।

বিশ্বৰ অন্যতম দুৰ্বল পাঁচখন দেশৰ এখন আছিল আমাৰ ভাৰতবৰ্ষ।

আজি বিশ্বমানত ভাৰতৰ স্থিতি এবাৰ নিজেই জুখি চাওক।আজি ভাৰতে বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ লগত ফেৰমাৰি আগবাঢ়িছে।এতিয়া আমি পিছলৈ ঘূৰি নাচাও।

বন্ধুসকল, দেশ এখনে যেতিয়া আত্মবিশ্বাসেৰে থিয় দিয়ে, তেতিয়াই তাত স্থায়ী প্ৰগতি সম্ভৱ হয়। যোৱা ৭০ বছৰে যি হোৱা নাছিল, আজি ভাৰতে সেই দিশত আগবাঢ়িছে।

আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ নিৰ্বাচনত ভাৰত আজি পৰিৱৰ্তনৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে।ভাতৃ-ভগ্নীসকল, ৰাষ্ট্ৰসংঘত সকলোৱে ভাৰতৰ স্থায়ী প্ৰগতিক মানি লৈছে।

ভাৰতত আন্তঃৰাষ্ট্ৰীয় সৌৰগোট গঠন হোৱা ঘটনাই দেশৰ স্থায়ী প্ৰগতিকে সূচায়।

বন্ধুসকল, আমাৰ চৰকাৰে প্ৰশাসনক মানৱীয়তাৰ সৈতে জড়িত কৰিছে।নেপালৰ ভূমিকম্পৰ সময়ত ভাৰতে সহায়ৰ হাত আগবঢ়াইছে, শ্ৰী লঙ্কাৰ বানৰ সময়ত ভাৰতীয় নৌসেনা সকলোতকৈ আগত গৈ উপস্থিত হৈছেগৈ।

২০২২ চনত দেশৰ ৭৫ তম স্বাধীনতা দিৱস পালনলৈকে আমি এটা সংকল্প পূৰণ কৰিব লাগিব। মই নিজে একো উপদেশ দিব নোৱাৰো, কিন্তু দেশৰ পূৰ্বৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ এটা কথা স্মৰণ কৰিব খুজিছো –

“আমাৰ ইয়াত মিডিয়া ইমান বিয়োগাত্মক কিয়? ভাৰতত কিয় আমি নিজৰ ক্ষমতা আৰু উপলব্ধিৰ বাবে লজ্বানত হ’ব লগা হয়? আমি এখন মহান দেশৰ নাগৰিক, আমাৰ ইমানবোৰ সফলতাৰ কাহিনী আছে, কিন্তু আমি সেইবোৰ স্বীকাৰ নকৰো। এনে কিয় হয়”?

তেওঁ এইকথা বহুবছৰৰ আগতে কৈছিল। আপোনালোকে বিদ্বান মহলত কেতিয়াবা এই বিষয়ে আলোচনা কৰিব বুলি আশা কৰিলো।আশা কৰিছো আপোনালোকে যি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে, সি যেন স্থায়ী হয়।

এই মঞ্চৰপৰা মই দেশৰ সকলো মিডিয়াকে আহ্বান জনাব বিচাৰিছো আপোনালোকেও আনক প্ৰেৰণা যোগোৱাৰ সংকল্প গ্ৰহণ কৰক। যিদৰে স্বচ্ছ ভাৰত অভিযানক নিজৰ কৰি লৈ তাক এক জন-আন্দোলনৰ ৰূপ দিলে, সক্ৰিয়ভাৱে তাত অংশ ল’লে, তেনেদৰেই এই সংকল্পৰে সিদ্ধি লাভৰ চেষ্টা কৰক।

ইয়াকে কৈ আজি মোৰ ভাষণ সামৰিছো। পুনৰ হিন্দুস্তান টাইমছ গ্ৰুপক এই আয়োজনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো।

বহুত বহুত ধন্যবাদ।

জয় হিন্দ!!!

AKT/AK/PRK