Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০১৮ৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিকৰ পদক বিজয়ীসকলৰ প্ৰধানমন্ত্ৰীৰ সম্বৰ্ধনা

২০১৮ৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিকৰ পদক বিজয়ীসকলৰ প্ৰধানমন্ত্ৰীৰ সম্বৰ্ধনা

২০১৮ৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিকৰ পদক বিজয়ীসকলৰ প্ৰধানমন্ত্ৰীৰ সম্বৰ্ধনা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰ্জেণ্টিনাত অনুষ্ঠিত ২০১৮ৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিকৰ পদক বিজয়ী খেলুৱৈসকলক লগ ধৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে সকলোকে পৰৱৰ্তী অলিম্পিকত সফলতা অৰ্জনত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী খেলুৱৈক চৰকাৰে উপযুক্ত সহায় আৰু সূযোগ-সূবিধা আগবঢ়াব বুলি আশ্বাস দিয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যুৱ খেলুৱৈসকলে তেওঁলোকৰ বিদ্যালয়সমূহৰ তৰুণ প্ৰজন্ম আৰু গাওঁবাসীক ক্ৰীড়াৰ সৈতে জড়িত হ’বলৈ প্ৰেৰণা যোগোৱা লাগে।

প্ৰধানমন্ত্ৰীয়ে বিশ্বত ভাৰতৰ নাম উজ্বলাই তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে পদক বিজয়ী খেলুৱৈৰ প্ৰশিক্ষকসকলক প্ৰশংসা কৰে।
***

AKT/ VJ/DB