পি এম ইণ্ডিয়া
প্ৰচাৰ, জনসংযোগ আৰু সামাজিক সংহতিক জড়িত কৰি যক্ষ্মাৰ বিৰুদ্ধে এক জন-আন্দোলন আৰম্ভ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধনৰ পৌৰোহিত্যত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্য উন্নয়ন সহযোগী সংস্থাসমূহৰ সৈতে আজি এক বৈঠক অনুষ্ঠিত হয়।
সভাৰ আৰম্ভণিতে ডঃ হৰ্ষ বৰ্ধনে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী(এনটিইপি)ৰ অধীনত লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। এই কাৰ্যসূচী অনুযায়ী যিসমূহ দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ বিষয়েও উল্লেখ কৰে তেওঁ। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি ২০২১ বৰ্ষটো যক্ষ্মা বৰ্ষ হিচাপে পালন কৰিব বিচাৰো,’। মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা কেইবছৰমানত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। যক্ষ্মা ৰোগীৰ আৱশ্যকীয় যত্ন লোৱা, বিনামূলীয়াকৈ উচ্চ মানদণ্ডৰ চিকিত্সা লাভ কৰাটো নিশ্চিত কৰা সহ ভালেমান পদক্ষেপ হাতত লোৱা হৈছে। ইয়াৰ ফলত ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰতৰ লক্ষ্য প্ৰাপ্তিত সহায় হ’ব বুলি বুলিও তেওঁ জানিবলৈ দিয়ে।
এই ৰোগবিধ সামগ্ৰিকভাৱে মোকাবিলা কৰাৰ বাবে নতুন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ আৰু যক্ষ্মা মুক্ত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ গতি ত্বৰান্বিত কৰাৰ বিষয়ে আলোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীয়ে যক্ষ্মা ব্যৱস্থাপনা আৰু সেৱা প্ৰদানক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা বৃদ্ধি কৰি আছে। লগতে এই ৰোগ নিৰ্মূলৰ বাবে সাধাৰণ মানুহৰ মাজত সচেতনতা সৃষ্টি কৰি জন-আন্দোলন গঢ়ি তোলা প্ৰয়োজন। তেতিয়াহে এই ৰোগৰ বিৰুদ্ধে সাফল্য আহিব। যক্ষ্মা ৰোগৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ বিভিন্ন পৰ্যায়ৰ সম্প্ৰদায় ভিত্তিক গোষ্ঠীৰ সম্পূৰ্ণ অংশগ্ৰহণ আৰু সহযোগিতা সুনিশ্চিত কৰা প্ৰয়োজন। তেতিয়াহে এই ৰোগবিধৰ বিৰুদ্ধে সাধাৰণ মানুহৰ মাজত জনসচেতনতা গঢ়ি তোলাৰ বিষয়টিয়ে গুৰুত্ব লাভ কৰিব।’
কভিড-১৯ৰ ব্যৱস্থাপনাৰ পৰা শিক্ষা লৈ ভাৰতে কেৱল এই মহামাৰীৰ বিৰুদ্ধে সফলভাৱে যুঁজ দিয়াই নহয়, এই মহামাৰী নিৰ্মূলত বিশ্বৰ সমস্যা সমাধানত ভাৰতে সকলোৰে বাবে আশাৰ ৰেঙণি দেখুৱাইছে। ডঃ হৰ্ষ বৰ্ধনে কয়, ‘ এই মহামাৰীটোৱে আমাক সঠিকভাৱে স্বাস্থ্য বিধি মানি চলাৰ অভ্যাস আৰু উপযুক্ত আচৰণ আৰু পৰিচ্ছন্নতা মানি চলাৰ ওপৰত গুৰুত্ব দিবলৈ শিক্ষা প্ৰদান কৰিছে। একেদৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে দেশব্যাপী প্ৰচাৰাভিযান চলোৱা প্ৰয়োজন। যাতে এই যক্ষ্মা ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে মানুহৰ মাজত এই ৰোগ সম্পৰ্কে সচেতনতা সৃষ্টি কৰিব পৰা যায়। পলিঅ’ ৰোগ নিৰ্মূলৰ বাবে সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টি কৰাত দিল্লীৰ স্বাস্থ্য মন্ত্ৰী হিচাপে তেওঁ লোৱা পদক্ষেপবোৰ স্মৰণ কৰে য’ত চুবুৰীয়া ঔষধৰ দোকানসমূহে অংশগ্ৰহণ কৰিছিল।
তেওঁ ৰাষ্ট্ৰীয় কাৰিকৰী সহযোগিতা ইউনিট (এনটিএছইউ)ৰ আলোচনাতো অংশগ্ৰহণ কৰে। যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ অধীনত এই ৰোগৰ চিকিত্সা সেৱা আৰু সচেতনতা সৃষ্টিৰ বাবে আঞ্চলিক পৰ্যায়ত সমন্বয় সাধনৰ মাধ্যমেৰে জোৰদাৰ প্ৰচাৰাভিযানৰ সহায়ত ৰাষ্ট্ৰীয় আৰু ৰাজ্য উভয় স্তৰত ভাৰত চৰকাৰৰ প্ৰচেষ্টা প্ৰচেষ্টা যাতে যথাৰ্থভাৱে ৰূপায়ণ কৰা সম্ভৱ হয় সেই বিষয়েও প্ৰস্তাৱ দিয়া হয়।
অনুষ্ঠানটোত উপস্থিত থকা টিবি কাৰ্যসূচীৰ সৈতে কাম কৰা উন্নয়নকাৰী সংস্থাসমূহে যোৱা কেইবছৰমানত তেওঁলোকৰ কামৰ অগ্ৰগতিৰ বিষয়ে তুলি ধৰে। লগতে এই যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে প্ৰস্তাৱিত জন আন্দোলনক সমৰ্থন কৰাৰ বাবে তেওঁলোকৰ পৰিকল্পনাৰ কথা ভাগ বতৰা কৰে।
আলোচনাত কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণ, শ্ৰীমতী আৰতি আহুজা, অতিৰিক্ত সচিব(স্বাস্থ্য), ডিজিএইচএছ ডঃ সুনীল কুমাৰ আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। ইয়াৰোপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতৰ প্ৰতিনিধি ডঃ ৰোডেৰিকো অফ্ৰিন আৰু বিএমজিএফ আৰু ইউএছএআইডিৰ দৰে উন্নয়ন অংশীদাৰসকলৰ প্ৰতিনিধিও এই অনুষ্ঠানত উপস্থিত আছিল।
************
MV/SJ/KG