Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৫ বৰ্ষৰ আই এফ এছ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

২০২৫ বৰ্ষৰ আই এফ এছ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ) ৰ ২০২৫ বেচৰ প্ৰশিক্ষাৰ্থীসকলে আজি সেৱা তীৰ্থত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই গোটটোত সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৫০ গৰাকী আই এফ এছ বিষয়া প্ৰশিক্ষাৰ্থী আছিল।

মত বিনিময়ৰ সময়ত, প্ৰধানমন্ত্ৰীয়ে যুৱ কূটনীতিবিদসকলক তেওঁলোকে নিযুক্তি লাভ কৰা দেশসমূহৰ স্থানীয় সম্প্ৰদায়ৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতীয় অভিযানসমূহে কেৱল চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহৰ সৈতেই নহয় বৰঞ্চ সামূহিক পৰ্যায়ৰ লোকসকলৰ সৈতেও অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব লাগে। তেওঁ বিষয়া প্ৰশিক্ষাৰ্থীসকলক পৰম্পৰাগত কূটনৈতিক চক্ৰৰ বাহিৰেও তেওঁলোকৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ক গভীৰ কৰিবলৈ উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ভাৰতৰ সভ্যতাৰ শক্তিক প্ৰযুক্তি, উদ্ভাৱন আৰু ফলপ্ৰসূ যোগাযোগৰ সৈতে একত্ৰিত কৰি ভাৰতৰ গেলকীয় সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ উৎসাহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষাৰ্থীসকলক বিশ্বৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পৰ্কৰ অনুঘটক হিচাপে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ভাৰতীয় অভিযানসমূহৰ ডিজিটেল উপস্থিতি শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ৱেবছাইট হৈছে প্ৰায়ে প্ৰথম প্ৰৱেশদ্বাৰ, যাৰ জৰিয়তে মানুহে এটা প্ৰতিষ্ঠানৰ সৈতে মত বিনিময় কৰে। তেওঁ বাণিজ্য দূতাবাস সম্পৰ্কীয় আৰু অন্যান্য সেৱা প্ৰদানক অধিক নিৰবিচ্ছিন্ন, সঁহাৰিশীল আৰু নাগৰিক-কেন্দ্ৰিক কৰি তুলিবলৈ প্ৰযুক্তিৰ অধিক ব্যৱহাৰ বাবে আহ্বান জনায়।

ভাৰতৰ সভ্যতা, সাংস্কৃতিক আৰু ভৌগোলিক শক্তি প্ৰদৰ্শন কৰি এক অধিক আকৰ্ষণীয় বিশ্ব পৰ্যটন গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়। তেওঁ সমগ্ৰ বিশ্বৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ প্ৰতি অধিক আগ্ৰহ সৃষ্টি কৰিবলৈ ‘ভাৰত কো জানিয়ে’ (ভাৰতক জানক) কুইজৰ সুবিধা লোৱাৰ পৰামৰ্শ দিয়ে আৰু এনে পদক্ষেপসমূহক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ এআই আৰু গেমিংৰ ব্যৱহাৰক উৎসাহিত কৰে।

বিষয়া প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ আৰু ভাৰত দৰ্শনৰ পৰা তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। তেওঁলোকে বিশ্বৰ সৈতে ভাৰতৰ সভ্যতা আৰু সাংস্কৃতিক সম্পৰ্ক উপলদ্ধি কৰাৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰে।

 

*******

MJPS/SS/PRK/MK