Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৬ চনৰ এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে ১৫ অক্টোবৰত মত বিনিময় প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ২০২৬ চনৰ ১৫ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৪.৩০ বজাত মত বিনিময় কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে ২১ টা স্বৰ্ণ, ২৭ টা ৰূপ আৰু ৩৭ টা ব্ৰঞ্জৰ পদকসহ ৮৫ টা পদক লাভেৰে তালিকাত চতুৰ্থ স্থান লাভ কৰিছে। ইয়াৰ জৰিয়তে ভাৰতে এছিয়ান গেমছত দ্বিতীয়বাৰৰ বাবে শীৰ্ষ পাঁচখন দেশৰ ভিতৰত স্থান লাভ কৰিছে, যিয়ে ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ বৰ্ধিত প্ৰতিযোগিতামূলক সামৰ্থ্যক প্ৰতিফলিত কৰিছে।

এই গেমছত ভাৰতে কেইবাটাও উল্লেখযোগ্য সাফল্য লাভ কৰিছে, যাৰ ভিতৰত আছে ৰিকাৰ্ভ আৰ্চাৰীত ঐতিহাসিক প্ৰদৰ্শন, পুৰুষ আৰু মহিলা হকী দলৰ সোণৰ পদক লাভ, ছফ্ট টেনিছ আৰু মিশ্ৰিত সমৰ কলাত (এম এম এ) প্ৰথমৰ বাবে পদক লাভ। অন্যান্য গুৰুত্বপূৰ্ণ সাফল্যৰ ভিতৰত আছে মহিলাৰ ট্ৰেপ ইভেণ্টত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক, ২৮ বছৰৰ পিছত এছিয়ান গেমছৰ ভাৰোত্তোলনত ৰূপৰ পদক আৰু গ্ৰেকো-ৰোমান মল্লযুঁজত ৰূপৰ পদক লাভ, যাৰ জৰিয়তে এই শাখাৰ চূড়ান্ত পৰ্যায়ত ভাৰতীয় খেলুৱৈৰ বাবে ৬৪ বছৰৰ অপেক্ষাৰ অন্ত পৰে।

কাইলৈ এই অনুষ্ঠানত ভাৰতীয় দলৰ খেলুৱৈ, তেওঁলোকৰ প্ৰশিক্ষক আৰু সহযোগী, ভাৰতীয় অলিম্পিক সংস্থাৰ বিষয়ববীয়া, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ প্ৰতিনিধি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব।

333333333333333333333333333

****

MJPS/SS/ST/HS