Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৬ চনৰ এছিয়ান গেমছত মহিলাৰ হাই জাম্পত ব্ৰঞ্জৰ পদক জয় কৰা পূজাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২৬ত মহিলাৰ হাই জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পূজাক অভিনন্দন জনাইছে।

দুটা দশকৰো অধিক সময়ৰ পাছত এছিয়ান গেমছত এয়া ভাৰতৰ প্ৰথমটো পদক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এয়া এক স্মৰণীয় সাফল্য আখ্যা দিয়ে।

শ্ৰী মোদীয়ে ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে পূজাক শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে;

‘ভাৰতীয় এথলেটিকছৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!

২০২৬ চনৰ এছিয়ান গেমছত মহিলাৰ হাই জাম্পত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে পূজাক অভিনন্দন জনাইছো। দুটা দশকৰো অধিক সময়ৰ পাছত এছিয়ান গেমছত এই ইভেণ্টত এয়া ভাৰতৰ প্ৰথমটো পদক। এয়া সঁচাকৈয়ে এক স্মৰণীয় সাফল্য। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

***

MJPS/SS/ST/DD