Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২২ সংখ্যক ২০ অনূৰ্ধ্ব এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ১৯ টা পদক জয় কৰা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২২ সংখ্যক ২০ অনূৰ্ধ্ব এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এই চেম্পিয়নশ্বিপত ১০ টা স্বৰ্ণকে ধৰি ১৯ টা পদক জয় কৰাৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সাফল্যই ভাৰতৰ যুৱ খেলুৱৈসকলৰ সংকল্প আৰু উৎকৃষ্টতাক প্ৰতিফলিত কৰিছে।

তেওঁ আশা প্ৰকাশ কৰে যে এই সাফল্যই অনাগত বছৰবোৰত ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি বহুতো যুৱ ভাৰতীয়ক অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

’২২ সংখ্যক ২০ অনূৰ্ধ্ব এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ১০ টা স্বৰ্ণসহ ১৯ টা পদক জয় কৰা ভাৰতীয় দলটোক অভিনন্দন জনাইছো। এই উৎকৃষ্ট প্ৰদৰ্শনে ভাৰতৰ যুৱ খেলুৱৈসকলৰ সংকল্প আৰু উৎকৃষ্টতাক প্ৰতিফলিত কৰিছে। এই সাফল্যই অনাগত বছৰবোৰত ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি বহুতো যুৱ ভাৰতীয়ক অনুপ্ৰাণিত কৰিব।’

***

MJPS/SS/ST/NB