পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুন, ২০১৮ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে ইণ্ডোৰত মধ্যপ্ৰদেশ ছেহৰি বিকাশ মহোৎসৱত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত ৰিমোটেৰে ৪,০০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও নগৰ উন্নয়ন প্ৰকল্প উদ্বোধন কৰিব। এইবোৰৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ আৱাস, নগৰ পানী যোগান আঁচনি, নগৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা, নগৰ অনাময়, নগৰ পৰিবহণ আৰু নগৰ দৃশ্যপট প্ৰকল্প উল্লেখযোগ্য।
তেওঁ ২০১৮ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদানৰ লগতে স্বচ্ছ সৰ্বেক্ষণ-২০১৮ৰ ফলাফলৰ ডেশ্ববোৰ্ডো উন্মোচন কৰিব। আটাইতকৈ পৰিষ্কাৰ চহৰ আৰু ভাল কাম-কাজ প্ৰদৰ্শন কৰা ৰাজ্যসমূহক প্ৰধানমন্ত্ৰীয়ে বঁটা প্ৰদান কৰিব। স্বচ্ছ উদ্ভাৱন, স্বচ্চ উত্তম অনুশীলন আৰু স্বচ্ছ উদ্যোগীৰ বঁটাও প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।
ইয়াৰ পূৰ্বে ৰাজগড়ত প্ৰধানমন্ত্ৰীয়ে মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পই ৰাজগড় জিলাৰ কৃষিপথাৰত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিব। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলবাসীক খোৱাপানীৰো যোগান ধৰা হ’ব। প্ৰধানমন্ত্ৰী কেইবাটাও খোৱাপানী আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।
*****
AKT/KP/SK/DB