Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৪ জুলাই ২০১৮ তাৰিখে ৰুৱাণ্ডাৰ কিগালি সন্মিলন কেন্দ্ৰত ভাৰত-ৰুৱাণ্ডা ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


আন্তঃগাঁথনিয়েই হওক, জীৱনৰ গুণগততাই হওক, অৰ্থনৈতিক স্পন্দনেই হওক, স্ব-পৰ্যাপ্ত পৰিয়ালেই হওক, এই সকলো পদক্ষেপক সংবদ্ধভাৱে বিকশিত কৰিব পাৰি৷ ইয়াৰ অতিশয় এক সুন্দৰ মডেল মই দেখিবলৈ পালো আৰু তাতে এইদৰে তন্ময় হৈ পৰিলো যে ইয়ালৈ অহাত মোৰ পলম হৈ গ’ল৷

মই ইয়ালৈ অহাৰ সুযোগ পোৱা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী৷ কিন্তু মই সুখী যে মোৰ সৈতে ভাৰতৰ এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধি ইয়ালৈ আহিছে৷ ভাৰত বিকশিত হোৱাৰ এয়াই এক প্ৰমাণ৷ কিন্তু আমাৰ মূলমন্ত্ৰ হ’ল সকলোৰে সৈতে সকলোৰে বিকাশ আৰু সেইবাবে আমি বিকশিত হোৱাৰ লগতে আমাৰ সহযোগীসকলকো বিকশিত কৰিম আৰু একেলগে আগবাঢ়িম৷ এই মূলমন্ত্ৰই হ’ল আমাৰ কল্পনা৷

মই ঘাইকৈ ভাৰতীয় ব্যৱসায়িক মঞ্চৰ পৰা অহা লোকসকলক ক’বলৈ বিচাৰিম৷ আপোনালোকে এইটো নাভাবিব যে আপোনালোক কেৱল ৰুৱাণ্ডালৈ আহিছে৷ আজি স্থিতি এনে হৈছে ৰুৱাণ্ডালৈ অহাৰ অৰ্থ হ’ল যে আপুনি সমগ্ৰ আফ্ৰিকাৰ দুৱাৰ খুলি দিছে কিয়নো চাবি ইয়াতেই আছে৷ সমগ্ৰ আফ্ৰিকাত ৰুৱাণ্ডাৰ মডেলৰ চৰ্চা হয়, তেওঁলোকৰ বিকাশৰ কথা চৰ্চা হয়৷ তেওঁলোকৰ শাসনাৱলীৰ কথা চৰ্চা হয়৷ ইয়াৰ জৰিয়তে আফ্ৰিকাত নতুন ধাৰণাৰ সৃষ্টি হৈছে আৰু ৰাষ্ট্ৰপতি মহোদয়ে ইয়াক নেতৃত্ব প্ৰদান কৰিছে৷ আপোনালোক ইয়ালৈ অহাৰ অৰ্থ এখন দেশৰ সীমাতেই আৱদ্ধ হৈ থকা নাই৷ আপোনালোকে আৰু অধিক সম্ভাৱনা প্ৰত্যক্ষ কৰিব পাৰিব আৰু অধিক সুবিধা পাব৷ আৰু মই জানো যে আপোনালোকে এই সুবিধা অথলে যাবলৈ নিদিয়ে৷

মই কালিৰে পৰা দেখিছোঁ যে ৰাষ্ট্ৰপতি মহোদয় খুব উৎসাহত আছে৷ ভাল শাসন, বিকাশ আৰু জনতাৰ উন্নতি, জনতাৰ সমৃদ্ধি, সমাজৰ শান্তি, এই বিষয়সমূহেই তেওঁৰ মানসত আছে৷ আমাৰ ভাৰতৰ জনজাৰ বাবে সকলো স্থিতি অনুকূল হৈ আছে৷ এয়া আমাৰ প্ৰকৃতিৰ সৈতে খাপ খাই পৰিছে৷

পূৰ্বে আফ্ৰিকাৰ প্ৰতি বিশ্বৰ ধ্যান নাছিল৷ কোনেও ইয়ালৈ আহিবলৈ মন কৰা নাছিল৷ সেই সময়ত ভাৰতে ইয়ালৈ আহিবলৈ পচন্দ কৰিছিল৷ গুজৰাটৰ যোধপুৰৰ এটা পৰিয়ালৰ কথা কৈছোঁ৷ তেওঁলোক বোধহয় ১৯ শতিকাত ইয়ালৈ আহিছিল৷ আৰু তেতিয়াৰ পৰাই ভাৰতৰ লোক ইয়ালৈ আহি আছে৷ ইয়াৰ জনসাধাৰণৰ সৈতে খাপ খাই পৰিছে৷ ইয়াৰ বিকাশৰ অংশীদাৰ হৈ পৰিছে৷ এয়া ঠিক যে সমগ্ৰ বিশ্বৰ ধ্যান এতিয়া ইয়াত কেন্দ্ৰীভূত হৈছে৷ বিশ্বই ইয়ালৈ আহিবলৈ মন কৰিছে৷ কিন্তু আমি তেতিয়া আহিছিলো যেতিয়া সঁচাকৈয়ে ইয়াত প্ৰয়োজন আছিল৷ আৰু সেইবাবে আজি আমি ইয়াক আগবঢ়াই নিবলৈ বিচাৰিছোঁ যাতে আমি সহযোগিতাৰে বিশ্বত কাম কৰিব পাৰো৷ বিশ্বত যিসকল এতিয়াও পিছ পৰা, যিয়ে এতিয়াও সুবিধাৰ পৰা বঞ্চিত তেওঁলোকৰ বাবে কিবা এটা কৰা যাওক৷ সেই উদ্দেশ্যেই আমি ওলাই আহিছো৷ বিশ্বৰ জনতাৰ সৈতে একলগ হৈ আমি বিশ্বৰ ভূ-ভাগৰ বাবে কাম কৰিব বিচাৰিছোঁ৷

ৰাষ্ট্ৰপতি মহোদয় গুজৰাটলৈ আহিছিল, তেওঁ গুজৰাটত বহু বস্তু দেখা পালে, বুজি পালে৷ ভাৰতলৈ তেওঁ যেতিয়াই আহিছে তেতিয়াই কোনো উন্নয়নশীল বস্তু দেখি তাৰ প্ৰতি তেওঁৰ ৰুচি বাঢ়িছে৷ তেওঁ প্ৰত্যক্ষভাৱে বস্তুসমূহ প্ৰত্যক্ষ কৰিছে, বুজি পাইছে আৰু মানুহক আমন্ত্ৰণ কৰিছে৷ যি দেশৰ প্ৰধানে বিকাশৰ প্ৰতি ইমান দায়বদ্ধ, নতুন নতুন বস্তু বুজি পোৱা, স্বীকাৰ কৰা আৰু প্ৰতিষ্ঠা কৰা যাৰ প্ৰবৃত্তি, মই ভাবোঁ এনে দেশত কাম কৰাৰ বাবে বাধাৰ সৃষ্টি নহয়৷ অসংখ্য অৱকাশৰ সৃষ্টি হয়৷ আপুনি এখন খিৰিকী খুলিলে আন এখন খিৰিকী দেখা পাব৷ দ্বিতীয়খন খুলিলে দ্বিতীয় মহলা দেখা যাব৷ আৰু আপুনি আগবাঢ়ি যাব পাৰিব৷ এই সম্ভাৱনা মই পৰিষ্কাৰকৈ দেখা পাইছোঁ৷ আৰু সেইবাবে ভাৰততো সিমানেই সম্ভাৱনাই আছে৷ ৰুৱাণ্ডাৰ কোনো ব্যৱসায়ীয়ে যদি ভাৰতত ব্যৱসায় কৰিব খোজে, ভাৰতে তেওঁক সকলো ধৰণৰ সুবিধা প্ৰদান কৰাৰ বাবে প্ৰস্তুত৷ মই তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ৷ কিন্তু মই ভাৰতৰ ব্যৱসায়ীক আহ্বান জনাব খুজিম যে যি গতিত ৰুৱাণ্ডা আধুনিকতাৰ দিশে আগবাঢ়ি গৈ আছে, আন্তঃগাঁথনিৰ দিশতেই হওক, গ্ৰামীণ বিকাশতেই হওক, অথবা অৰ্থনৈতিক কাৰ্যকলাপেই হওক, যিসকলে উদ্যোগৰ নেটৱৰ্ক থিয় কৰিব খুজিছে, কুটিৰ উদ্যোগৰ নেটৱৰ্ক থিয় কৰিব খুজিছে, ইয়াৰ সামগ্ৰীসমূহৰ বাবে বিশ্বজনীন বজাৰ বিচাৰিছে অথবা কোনো বিষয়ত ভাৰতৰ ব্যৱসায় উদ্যোগৰ লোকে ইয়াত একত্ৰিতভাৱে বহু কিবা-কিবি কৰিব পাৰে৷

ভাৰতত মেক ইন ইণ্ডিয়া আন্দোলন চলি আছে৷ এই মেক ইণ্ডিয়া আন্দোলনক আমি ৰুৱাণ্ডাৰ সৈতে বিনিময় কৰিব পাৰোঁ, তেওঁলোকৰ সৈতে অংশীদাৰ হ’ব পাৰোঁ৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ জৰিয়তে আমি জলবায়ু পৰিৱৰ্তন সমস্যাক মোকাবিলা কৰাৰ বাবে অগ্ৰসৰ হৈছোঁ কিন্তু জীৱন ব্যয়সাধ্য হওক, সেই বিষয়ত সৌৰ শক্তিয়ে কিদৰে সহায় কৰিব পাৰে৷ সেই সন্দৰ্ভত এক বৃহৎ অভিযান চলোৱা হৈছে৷ মই বিচাৰিছোঁ যে ৰুৱাণ্ডাৰ জনতা আগবাঢ়ি আহক৷ আজি ৰাষ্ট্ৰপতি মহোদয়ৰ সৈতে ভ্ৰমণ কৰি আছিলো৷ মই তেওঁক এলইডি বাল্বৰ প্ৰয়োগৰ বিষয়ে ক’লো৷ ভাৰতত এলইডি বাল্বে মধ্যবিত্ত লোকৰ, মধ্যবিত্ত পৰিয়ালক অৰ্থনৈতিকভাৱে লাভান্বিত কৰিছে৷ পূৰ্বৰ বিজুলী বিলৰ এক তৃতীয়াংশ কমি গৈছে৷ যদি আমি ৰুৱাণ্ডাতো এলইডি বাল্বৰ এই অভিযান আৰম্ভ কৰোঁ তেন্তে ইয়াৰ জনতাৰ যি শক্তি সঞ্চয় হ’ব তাৰ জৰিয়তে দুখীয়া বৰ্গৰ লোক উপকৃত হ’ব৷ আৰু শক্তিৰ প্ৰয়োজনীয়তা হ্ৰাস হোৱাৰ ফলত শক্তি উৎপাদনৰ বাবে কাৰখানা স্থাপনত যি ধন খৰচ হয় সেয়াও হ্ৰাস কৰিব পৰা যাব৷ যি শক্তি সঞ্চয় হ’ব তাৰ ব্যৱহাৰ আমি উদ্যোগত কৰিব পাৰিম৷ অৰ্থাৎ এটা সৰু কথাই কিমান ডাঙৰ পৰিৱৰ্তন আনিব পাৰে৷ এই দিশত আমি লগ হৈ কাম কৰিব পাৰোঁ৷ দুগ্ধ উদ্যোগৰ এক বিশাল সম্ভাৱনা আছে৷ দুগ্ধ নৱজাগৰণৰ সম্ভাৱনা আছে৷ ভাৰত এইক্ষেত্ৰত আগৰণুৱা৷ আমি তেওঁলোকৰ সৈতে লগ হৈ কাম কৰিব পাৰোঁ৷ অৰ্থাৎ ভাৰতৰ গাঁৱৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় স্তৰত যি সামৰ্থ আছে, ভাৰতীয় উদ্যোগৰ যি সামৰ্থ আছে, ভাৰতৰ ব্যৱসায়িক সম্প্ৰদায়ৰ যি সামৰ্থ আছে, সেয়া আমি ৰুৱাণ্ডাৰ বিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ৷ ৰুৱাণ্ডা আমাৰ মিত্ৰ দেশ৷ ইয়াৰ সংস্কৃতি আপুনি ভালকৈ প্ৰত্যক্ষ কৰিলে দেখিব যে ভাৰতীয়সকলৰ আচাৰ-ব্যৱহাৰৰ এওঁলোকৰ সৈতে সাদৃশ্যতা আছে৷ সকলো বস্তুতে এটা আপোনত্ব ভাৱ আহিব৷ আৰু য’ত এই আপোন ভাৱ থাকিব, গণতান্ত্ৰিক মূল্য থাকিব, স্বচ্ছ শাসন থাকিব, কাৰ্যদক্ষতা থাকিব আৰু প্ৰতিশ্ৰুতিমূলক নেতৃত্ব থাকিব, সেই দেশত কাম কৰা কিমান সৰল হ’ব সেয়া সকলোৱে ভালদৰে বুজি পায়৷

মই কালি এয়াৰপোৰ্টত অৱতৰণ কৰাৰ পিছত তেওঁ সম্পূৰ্ণ সময় আমাক দিছে৷ এয়া দুৰ্লভ দৃশ্য৷ তেওঁৰ সমগ্ৰ চৰকাৰ মোৰ সৈতে আছে, আৰু বিশ্বৰ দেশসমূহলৈ মোৰ অহা-যোৱা হৈ থাকে৷ কিন্তু এক এক মিনিটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে সেয়া ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা শিকিব লাগে৷ মই বহুত সন্তোষ পালো৷ আৰু মই পুনৰবাৰ তেওঁক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছোঁ৷

***

अतुल कुमार तिवारी/कंचन/शाहबाज़/सतीश/ममता/मन