Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৬ জুন ২০১৯ তাৰিখে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ধন্যবাদসূচক ভাষণৰ অসমীয়া অনুবাদ


মাননীয় সভাপতি মহোদয়, নতুন জনাদেশৰ পিছত আজি প্ৰথমবাৰলৈ ৰাজ্যসভাৰ সকলো আদৰণীয় সদস্যৰ মাজত নিজৰ বক্তব্য ৰখাৰ অৱকাশ লাভ কৰিছো৷ পূৰ্বতকৈও অধিক জন সমৰ্থনৰ সৈতে আৰু অধিক বিশ্বাসৰ সৈতে আমাক দ্বিতীয় বাৰলৈ দেশৰ সেৱা কৰা সুবিধা দেশবাসীয়ে প্ৰদান কৰিছে৷ মই সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ কিন্তু এই দ্বিতীয়টো কালৰ আৰম্ভণিতে আমাৰ সদনৰ আদৰণীয় সদস্য মদনলাল মহোদয় আমাৰ মাজত নাই৷ মই তেওঁৰ প্ৰতি নিজৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো৷

ৰাজ্যসভাৰ প্ৰতিটো অধিৱেশনত অৰুণ মহোদয়ৰ বাকপটুতা…তেওঁৰ কথা শুনাৰ বাবে সকলো সদস্য উৎসুক হৈ থাকে৷ কিন্তু কেইদিনমান ধৰি তেওঁ অসুস্থ হৈ আছে আৰু অতি শীঘ্ৰেই সুস্থ হৈ তেওঁ আমাৰ মাজলৈ উভতি আহিব বুলি মোৰ বিশ্বাস৷ নেতাৰ ৰূপত শ্ৰীমান থাৱৰ চন্দ মহোদয়ে আমাৰ সকলোৰে মাৰ্গদৰ্শন কৰিব৷ মই তেওঁকো অভিনন্দন জনাইছো৷ যোৱা দুদিন ধৰি যি আলোচনা চলি আছে সেই চৰ্চাত শ্ৰীমান গুলাম নবী আজাদ, শ্ৰী মাজিদ মেমন, শ্ৰী ৰামদাস আঠৱালে, শ্ৰী টি কে ৰংগৰাজন, শ্ৰী জে পি নড্ডা, স্বপন দাসগুপ্তাকে ধৰি প্ৰায় ৫০ গৰাকী মাননীয় সদস্যই সমৃদ্ধ কৰিছে৷
সকলোৱে নিজৰ নিজৰ ধৰণে বক্তব্য ৰাখিছে- তাৰে কিছুমান কেঁহা আছিল, কিছুমান তিতা আছিল, কিছুমান ব্যংগাত্মক আছিল, কিছুমান আক্ৰোশাত্মক আছিল, কিছুমান গঠনাত্মকো আছিল, কিছুমানত জনতা জনাৰ্দনৰ অভিবাদনো আছিল৷ সকলো প্ৰকাৰ ভাব ইয়াত প্ৰকট হৈছে৷ আৰু কিছুমান এনে লোকো আছে যি ক্ষেত্ৰলৈ যোৱাৰ সুযোগ নাপালে, য’ত খং প্ৰদৰ্শন কৰিবলগীয়া আছিল, তাতে নকৰি ইয়াত কৰিলে, সেয়াও আমি দেখিলো৷
মাননীয় সভাপতি মহোদয়, এই নিৰ্বাচন অতিশয় গুৰুত্বপূৰ্ণ আছিল৷ বহু দশকৰ পিছত দ্বিতীয়বাৰলৈ পূৰ্ণ বহুমতৰ চৰকাৰ গঠন হোৱা… ভাৰতৰ ভোটদাতাসকলৰ মনত ৰাজনৈতিক স্থিৰতাৰ মাহাত্ম কি৷ এজন পৰিপক্ক ভোটদাতাৰ ঘ্ৰাণ ইয়াৰ পৰা নিৰ্গত হয় আৰু এয়া যে কেৱল এই নিৰ্বাচনতেই হ’ল এনে নহয়৷ বিগত কেইবাটাও নিৰ্বাচনত দেশত আমাৰ দেশৰ ভোটদাতাসকলে যিটো দলকেই স্থান নিদিয়ক কিয় তাত কিন্তু এক স্থিৰতা প্ৰকাশ পাইছে৷ ইয়াতেই লোকতন্ত্ৰৰ সুখদ প্ৰতিচ্ছবি ভাঁহি উঠিছে৷

যেতিয়া মই সংগঠনৰ কাম কৰিছিলো তেতিয়াও বহু নিৰ্বাচন দেখিবলৈ পাইছিলো, নিৰ্বাচন অনুষ্ঠিতও কৰিছিলো৷ প্ৰত্যক্ষ জনপ্ৰতিনিধি ক্ষেত্ৰলৈ অহাৰ পিছত নিৰ্বাচনত অৱতীৰ্ণ হোৱা…নিৰ্বাচন খেলোৱাৰো অৱকাশ লাভ কৰিছো৷ কিন্তু এনেকুৱা পৰিস্থিতিৰ খুব কমেই সৃষ্টি হৈছে যে নিৰ্বাচন স্বয়ং জনতা জনাৰ্দনে খেলিছে৷ ২০১৯ চনৰ নিৰ্বাচন দলৰ লগতে দেশৰ জনতাও খেলিছিল৷ দেশৰ জনতাই সমগ্ৰ নিৰ্বাচনক মূৰৰ ওপৰত তুলি লৈছিল আৰু জনতাই স্বয়ং চৰকাৰৰ কামৰ কথা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল৷ যিসকলৰ লাভ হোৱা নাছিল তেওঁলোকৰ মনতো বিশ্বাসৰ ভাৱ উদয় হৈছিল যে তেওঁলোকেও কিবা লাভ কৰিব৷ এই যি বিশ্বাস, নিৰ্বাচনৰ ফলাফলত ইয়াৰ বিশেষ গুৰুত্ব আছে…আৰু মোৰ সৌভাগ্য যে দেশৰ প্ৰতিটো প্ৰান্তৰ জনতা-জনাৰ্দনৰ দৰ্শন কৰাৰ সুযোগ মই লাভ কৰিছো…নিজে গৈ তেওঁলোকৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ সুযোগ লাভ কৰিছো৷

কিন্তু আদৰণীয় সভাপতি মহোহয়, ভাৰতত এক পৰিপক্ক গণতন্ত্ৰ হওক, বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰ হওক, নিৰ্বাচনে গণতান্ত্ৰিক বিশ্বৰ বাবে এক বৃহৎ ভূমিকা পালন কৰে৷ ইয়াৰ বিশ্বজনীন মূল্য আছে৷ সেই সময়ত নিজৰ বিচাৰৰ মৰ্যাদাৰ বাবে, চিন্তাধাৰাত সৃষ্টি হোৱা বিকৃতিৰ বাবে ইমান বৃহৎ জনাদেশত আমি কও যে আপুনি নিৰ্বাচনত জয়ী হ’ল কিন্তু দেশে নিৰ্বাচনত হাৰি গ’ল….মই ভাবো যে ভাৰতৰ গণতন্ত্ৰৰ ইয়াতকৈ ডাঙৰ অপমান আৰু হ’ব নোৱাৰে৷ জনতা-জনাৰ্দনৰ ইয়াতকৈ ডাঙৰ অপমান হ’ব নোৱাৰে৷

এয়া এক সামান্য বাক্য নহয়, এয়া গম্ভীৰ ৰূপত দেশৰ লোকক চিন্তাক্লিষ্ট কৰিবলৈ বাধ্য কৰা এক বাক্য৷ আৰু যেতিয়া এই কথা কোৱা হয়…যে গণতন্ত্ৰ হাৰি গ’ল, দেশ হাৰি গ’ল…মই নিশ্চয়কৈ সুধিবলৈ বিচাৰিম যে বায়নাডত হিন্দুস্তান হাৰি গৈছিল নেকি? ৰায়বাৰেলীত হিন্দুস্তান হাৰি গৈছিল নেকি? বহৰামপুৰত, তিৰুৱনন্তপুৰমত হিন্দুস্তান হাৰি গৈছিল নেকি? আৰু আমেঠীত হিন্দুস্তান হাৰি গৈছিল নেকি? এয়া কেনে ধৰণৰ তৰ্ক যে কংগ্ৰেছ হাৰিলে দেশো হাৰি যাব৷ অৰ্থাৎ দেশ মানে হ’ল কংগ্ৰেছ….কংগ্ৰেছ অৰ্থাৎ দেশ…অহংকাৰৰো এটা সীমা আছে৷ অহংকাৰেই থাকিব নালাগে, সীমাৰতো প্ৰশ্নই নাহে৷ মই জানিবলৈ বিচাৰিম যে ১৭খন ৰাজ্য ৫০-৫৫ বছৰ ধৰি শাসন কৰা দলটোৱে ১৭খন ৰাজ্যত এখনো আসন নাপালে…আমি কি সহজে ক’ম যে…দেশ হাৰি গ’ল?

মই ভাবো যে এই ধৰণৰ ভাষা প্ৰয়োগ কৰি আমি ভোটদাতাসকলৰ বিবেকত আঘাত দিছো৷ দেশৰ ভোটদাতাসকলক কাঠগৰাত থিয় কৰাইছো৷ আমাৰ আলোচনাৰ দ্বাৰা মই ভাবো যে গণতন্ত্ৰত সেয়া স্বীকাৰ্য৷ এয়াই নহয়, আলোচনা সন্মানীয় কিন্তু দেশৰ ভোটদাতাসকলক এই প্ৰকাৰে কৰা অপমানে বহু পীড়া দিয়ে৷
আমি এই নিৰ্বাচনত দেখিছো যে ৪০-৪৫ ডিগ্ৰী উষ্ণতাতো জনতাই দিনটো শাৰী-পাতি থিয় দি আছিল৷ ৮০-৯০ বছৰীয়া বৃদ্ধই হাতত লাঠি লৈ ভোটদান কৰিবলৈ গৈছিল৷ কিছুমান নিৰ্বাচনী বিষয়াৰ নিৰ্বাচনৰ দুদিন পূৰ্বে মাকৰ মৃত্যু হৈছে কিন্তু তেওঁ নিজৰ দায়িত্ব পালন কৰি ইভিএম মেচিন দাঙি গাঁৱলৈ গৈ নিজৰ কৰ্তব্য সমাপন কৰিছে৷ কিমানবোৰ মানুহৰ সাধনাৰ পিছত এই নিৰ্বাচন সম্পন্ন হৈছে আৰু আমি এনেয়েই দেশৰ ভোটদাতাসকলক অপমানিত কৰি দিও৷
আমি তাতকৈও আগবাঢ়ি, একো চিন্তা নকৰাকৈয়ে দেশৰ কৃষকসকলক অপমানিত কৰো৷ আমি এই পৰ্যন্ত কৈছো যে দেশৰ কৃষকসকল বিক্ৰী গৈছে, দুই-দুই হাজাৰ টকাৰ যোজনাৰ বাবে কৃষকসকলৰ ভোট ক্ৰয় কৰা হৈছে৷ মই ভাবো যে দেশৰ কৃষকসকলক এইদৰে অপমানিত কৰিব নালাগে৷ মোৰ দেশৰ কৃষক…আমাৰ দেশৰ কৃষক বিক্ৰী যোৱা নহয়৷ আমাৰ দেশৰ কৃষকে অন্ন উৎপাদন কৰে, শ্ৰম কৰি অন্ন উৎপাদন কৰে আৰু এয়া কেতিয়াও নাভাবে যে তেওঁ পৰিশ্ৰম কৰি উৎপাদন কৰা অন্নসমূহ কাৰ পেটলৈ যাব…দুখীয়াৰ পেটলৈ যাব নে ধনীৰ পেটলৈ যাব এই কথা তেওঁ কেতিয়াও নাভাবে৷ সেই কৃষকসকলৰ বাবে মই ভাবো যে এই ধৰণৰ অনুপযুক্ত ভাষা প্ৰয়োগ কৰি যে দুই-দুই হাজাৰৰ আঁচনিৰ বাবে তেওঁলোক বিক্ৰী গৈছে বুলি কৈ ১৫ কোটি কৃষক পৰিয়ালক আপুনি অপমানিত কৰিছে ৷

মই আচৰিত হৈছো যে সংবাদ মাধ্যমকো গালি দিয়া হৈছে৷ সংবাদ মাধ্যমৰ বাবে নিৰ্বাচনত জয়ী হৈছে বুলি৷ আমি ক’ত থিয় দি আছো….সংবাদ মাধ্যমৰ বাবে নিৰ্বাচনত জয়ী হৈছে…সংবাদ মাধ্যমো বিক্ৰী গৈছে নেকি? সংবাদ মাধ্যমক কোনোবাই কিনি লৈছে নেকি? আৰু কিনি কি কৰে? আৰু তামিলনাডুতো এয়া প্ৰযোজ্য হ’ব নে? কেৰেলাতো এয়া প্ৰযোজ্য হ’ব নে?আমি তেনেবোৰ কথা ক’ব লাগে যিবোৰৰ সদনত এক গুৰুত্ব থাকে…আমি যিকোনো কথা ক’ম..ঠিক আছে বাতৰি-কাকতে নিজৰ হেডলাইন পাই যাব কিন্তু বিশ্বত ভাৰতৰ গণতন্ত্ৰণৰ প্ৰতি যি সন্মান আছে তাকে লৈ আমি গৰ্ব কৰিব লাগে৷ ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়া বিশ্বত ভাৰতৰ সন্মান প্ৰতিষ্ঠিত কৰাৰ এক বৃহৎ মাধ্যমস্বৰূপ আৰু এই সুযোগ আমি হেৰুৱাব নালাগে৷ যেতিয়া নিৰ্বাচন আয়োগৰ সৈতে জড়িত লোকে মোক সাক্ষাৎ কৰিছিল তেতিয়া তেওঁলোকক কৈছিলো যে নিৰ্বাচনী প্ৰক্ৰিয়া আৰু ব্যৱস্থা যাতে বিশ্ব দৰবাৰত প্ৰস্তুত হয়৷

আপুনি কল্পনা কৰিব পাৰে যে কিমান বিশালতা আৰু ব্যাপকতা, ১০ লাখ নিৰ্বাচনী কেন্দ্ৰ, ৪০ লাখতকৈও অধিক ইভিএম মেচিন, ৬৫০টা ৰাজনৈতিক দল, ৮ হাজাৰতকৈও অধিক প্ৰাৰ্থী….কিমান বৃহৎ ৰূপ, ব্যাপকতা বিশ্ব দৰবাৰত প্ৰস্তুত হৈছে আৰু কিমান গৰ্ব হ’ব লাগে…বিশ্ব আশ্বৰ্যচকিত হ’ব৷ মই ভাবো যে আমি নিজৰ ৰাজনৈতিক কাৰণত এইদৰে কৈছো৷ এই নিৰ্বাচনত এইবাৰ এটা ডাঙৰ কথা পোহৰলৈ আহিছে…আমাৰ ভনী-কন্যাই যি অসাধাৰণ কাৰ্য কৰি দেখুৱালে, আমাৰ দেশত নিৰ্বাচন পূৰ্বৰে পৰাই হৈ আহিছে, মহিলাসকলৰ ভোটদানৰ অধিকাৰ পূৰ্বৰ পৰাই আছে৷ কিন্তু আমি সদায়েই দেখিছো যে পুৰুষ আৰু স্ত্ৰীৰ ভোটদানত প্ৰায় ৯-১০ শতাৰ্শৰ মাৰ্জিন আছিল৷ পুৰুষৰ ভোটদান প্ৰায় ৯ শতাংশ অধিক আছিল৷ প্ৰথমবাৰলৈ ই প্ৰায় শূন্য হৈছে৷ ইয়াত ভাৰতৰ গণতন্ত্ৰৰ উজ্বলতা প্ৰকাশ পাইছে৷ আমি এয়া প্ৰত্যক্ষ কৰিছো আৰু আমি সুখী যে প্ৰায় ৭৮ গৰাকী মহিলা ভগ্নী এইবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে৷
এই নিৰ্বাচনত ভাৰতীয় জনতা দল আৰু এনডিএৰ লোকে জয় লাভ কৰিছে, এয়াই নহয়…এই নিৰ্বাচনৰ বিশেষত্ব এয়েই যে উত্তৰ হওক, দক্ষিণ হওক, পূব হওক, পশ্চিম হওক, সকলো প্ৰান্ততে বিজেপি আৰু এনডিএ বহুমতত জয় লাভ কৰিছে৷ এনেকুৱা নহয় যে এটা কোণত হৈছে….সকলো প্ৰান্ততে আমি স্বীকৃতি পাইছো৷
যিসকলে হাৰিছে, যিসকলৰ সপোন চূড়মাৰ হৈছে, যিসকলৰ অহংকাৰ আঘাত লাগিছে, তেওঁলোকে দেশৰ ভোটদাতাসকলৰ অভিবাদন কৰিব পৰা নাই৷ মই শিৰ দোৱাই ভাৰতৰ কোটি-কোটি ভোটদাতাক অভিবাদন জনাইছো, অভিনন্দন জনাইছো, তেওঁলোকক ধন্যবাদ জনাইছো আৰু ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াই আগবঢ়াই নিয়া সৰু-ডাঙৰ সকলো বিষয়া, নিৰাপত্তা বিভাগৰ লোক, নিৰ্বাচন আয়োগ, এওঁলোক সকলোৱেই অভিনন্দনৰ পাত্ৰ, মই তেওঁলোককো অভিনন্দন জনাইছো৷
আদৰণীয় সভাপতি মহোদয়, ইয়াত ইভিএমৰ আলোচনা যথেষ্ট হৈছে আৰু এটা নতুন ৰোগৰ সৃষ্টি হৈছে৷ মোক ক্ষমা কৰিব, ইভিএমক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে, বাহানাৰ সৃষ্টি কৰা হৈছে৷ সভাপতি মহোদয়, আমিও কেতিয়াবা এই সদনত পৰাজয় বৰণ কৰি বহিবলগীয়া হৈছিল আৰু আমাক দুটা বা তিনিটা, দুটা বা তিনিটা বুলি বাৰে বাৰে কৈ ঠাট্টা কৰা হৈছিল৷ ইমান বেয়া দিন আমি দেখিছিলো, কিন্তু আমাৰ কাৰ্যকৰ্তাসকলৰ ওপৰত বিশ্বাস আছিল৷ আমাৰ চিন্তাধাৰাৰ ওপৰত বিশ্বাস আছিল, দেশৰ জনতাৰ ওপৰত বিশ্বাস আছিল আৰু পৰিশ্ৰম কৰাৰ, ত্যাগ কৰাৰ যি আমাৰ প্ৰস্তুতি আছিল, সেই নিৰাশাজনক বাতাৱৰণত বিশ্বাস সৃষ্টি কৰি আমি দলটোক পুনৰ থিয় কৰোৱালো৷ আমাৰ আগৰ প্ৰজন্মই কাম কৰিলে, কিন্তু কৰি দেখুৱালে আৰু এয়াইতো হ’ল নেতৃত্বৰ ভেঁটি৷

সেই সময়ত নিৰ্বাচনী বুথত এয়া হৈছিল, অমুক হৈছিল, তমুক হৈছিল…সেয়ে আমি হাৰিলো, ইমান কন্দা-কটা হোৱা নাছিল…হাৰিলো, পুনৰ কাম হ’ব, পুনৰ আমি আগবাঢ়িলো৷ আৰু সেই পৰিণামস্বৰূপেই আমি আগবাঢ়িব পাৰিলো৷ কিন্তু যেতিয়া নিজৰ ওপৰতেই বিশ্বাস নাথাকে, সামৰ্থৰ অভাৱ হয় তেতিয়া বাহানা বিচৰা হয় আৰু সেইবাবে আত্মানুসন্ধান কৰাৰ বাবে যি প্ৰস্তুত নহয়, দোষ স্বীকাৰ কৰাৰ বাবে প্ৰস্তুত নহয়, নিজৰ ভুল স্বীকাৰ কৰাৰ বাবে প্ৰস্তুত নহয়, তেওঁলোকে ইভিএম বিচাৰি ফুৰে, ইভিএমৰ ওপৰত দোষ জাপি দিয়ে…যাতে নিজৰ সংগীক ক’ব পাৰে যে চোৱা আমি কিমান ভাল কাম কৰিছো, আমি এনেয়ে হৰা নাই, ইভিএমৰ বাবেহে হাৰিছো৷ মই ভাবো যে এইদৰে আমি ৰাজনৈতিক কেডাৰৰো কল্যাণ কৰিব নোৱাৰো আৰু ৰাজনৈতিক কেডাৰক নিৰাশ কৰি একো লাভ নাই৷ সাহস আছে যদি সম্পূৰ্ণ কেডাৰক প্ৰস্তুত কৰক আৰু এটাহে নিৰ্বাচন সম্পন্ন হৈছে, আহিবলগীয়া নিৰ্বাচন বহু আছে৷ এই প্ৰকাশৰ নিৰাশাৰ অৰ্থ কি আৰু সেইবাবে মাননীয় সভাপতি মহোদয়…পূৰ্বতে এটা সময় আছিল..নিৰ্বাচনৰ বিভিন্ন প্ৰক্ৰিয়া আমি দেখিছো, নিৰ্বাচনৰ প্ৰক্ৰিয়াসমূহৰ সংশোধন হৈছে৷ প্ৰাৰম্ভিকতে যি নিৰ্বাচন হৈছিল ১৯৫২ চনৰ পিছত….আৰম্ভণিতে এয়া বহু মাহ ধৰি চলিছিল৷ সেই সময়ত আমিবোৰ শিশু আছিলো যদিও যি শুনিছো, সেয়া সংশোধন হৈ হৈ আজিৰ এয়া অৱস্থা পাইছেহি৷
এয়া সংশোধনৰ এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সেইবাবে সেই সংশোধন প্ৰক্ৰিয়াত…..আৰু আগৰ সময় লক্ষ্য কৰক কি আছিল৷ নিৰ্বাচনৰ পিছত বাতৰি-কাকতৰ হেডলাইন কি আছিল…বাতৰি-কাকতৰ হেডলাইন আহিছিল যে ইমানবোৰ হিংসা হ’ল, ইমান সংখ্যক লোকৰ মৃত্যু হ’ল, ইমানটা বুথ কেপচাৰ হ’ল, এই তিনিটা প্ৰধান বাতৰি আছিল৷ আজি ইভিএমৰ কাৰণত…খবৰ এটাই হ’ব লাগে যে পূৰ্বৰ তুলনাত কিমান সংখ্যক ভোটদান হ’ল৷ এয়া এক ডাঙৰ খবৰ৷ আৰু আমি জানো যে পূৰ্বতে কি হৈছিল..বুথ কেপচাৰ কৰা, লুট কৰা, যিসকল বলশালী লোক তেওঁলোকৰ হাততে ক্ষমতা আছিল৷ আৰু যেতিয়াৰে পৰা প্ৰকৃতাৰ্থত গণতন্ত্ৰৰ শক্তিৰ উত্থান হৈছে তেতিয়াৰে পৰা এনে লোকৰ পৰাজয়ৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে৷ সেইবাবে তেওঁলোকক নিজৰ স্থানলৈ ঘূৰি যাবলগীয়া হৈছে৷ দেশ-গণতন্ত্ৰক এইদৰে চাপ দিয়াৰ প্ৰক্ৰিয়াত তেওঁলোকে সহায় কৰিব পৰা নাই৷

মাননীয় সভাপতি মহোদয়, আজি এই সদনৰ জৰিয়তে মই দেশক এই কথা ক’ব বিচাৰিছো যে ১৯৭৭ চনত পোনপ্ৰথমে ইভিএমৰ চৰ্চা আৰম্ভ হৈছিল৷ ১৯৮২ চনত প্ৰথমবাৰলৈ ইয়াৰ প্ৰয়োগ কৰা হৈছিল৷ ১৯৮৮ চনত আমি নাছিলো৷ এই সদনত বহি সেইসময়ৰ মহানুভৱসকলে আইন অনুসৰি ইয়াক স্বীকৃতি প্ৰদান কৰে৷ এয়াই নহয়, ১৯৯২ চনত কংগ্ৰেছৰ নেতৃত্বত এই ইভিএমক লৈ সমগ্ৰ নিয়মাৱলী প্ৰস্তুত কৰা হৈছিল৷ অৰ্থাৎ এইদৰে যি কয় যে এয়া আমি কৰিলো, আমি কৰিলো, এয়া আপোনালোকেই কৰিছিল, আপোনালোক হাৰিছে সেয়ে এতিয়া কান্দিবলৈ ধৰিছে৷

এয়া কেনেধৰণৰ কথা আৰু সেইবাবে মই ভাবো আৰু ইভিএমৰ দ্বাৰা এই দেশত বিধান সভাৰ যিমানবোৰ নিৰ্বাচন সম্পন্ন হৈছে, ৰাজ্যিক বিধান সভাৰ ১১৩টা নিৰ্বাচন হৈছে ইভিএম মেচিনৰ দ্বাৰা আৰু ইয়াত উপস্থিত প্ৰায় সকলো দলৰ সদস্যৰ সেই ইভিএমৰ দ্বাৰাই নিৰ্বাচনত জয়ী হৈ শাসন ক্ষমতাৰ অংশীদাৰ হৈছে৷ ১১৩টা বিদানসভাৰ নিৰ্বাচন হৈছে৷ চাৰিটা লোকসভাৰ সাধাৰণ নিৰ্বাচন হৈছে, তাতেও দল পৰিৱৰ্তন হৈ বিভিন্ন লোকে জয়ী হৈ আহিছে৷ আৰু পৰাজয়ৰ বাবে আমি এি ধৰণৰ কথা কও৷

২০০১ৰ পিছত বিভিন্ন উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ইভিএমক লৈ বিভিন্ন বিষয় উত্থাপন কৰা হৈছে৷ সকলো পৰীক্ষণৰ পিছত সকলো দেশৰ ন্যায়পালিকাই নিজৰ ধনাত্মক বিচাৰধাৰা প্ৰদান কৰিছে৷

২০১৭ চনত যেতিয়া ইমান হৈ-হাল্লা হ’ল কিয়নো পৰাজিত লোকসকলৰ পৰিবেশ তন্ত্ৰই এতিয়াও কাম কৰি আছে৷ চাৰিওফালে হৈ-হাল্লা হ’ল৷ আৰু নিৰ্বাচন আয়োগে স্বয়ং প্ৰত্যাহ্বানৰ ৰূপত ঘোষণা কৰিলে যে যদি তেওঁলোক ভুল তেন্তে প্ৰমাণ কৰি দেখুৱাওক৷ যিসকলে আজি ইভিএমৰ গীত গাই আছে, কান্দি আছে, এটা দলো তালৈ নগ’ল৷ দুটা দল গ’ল, এনচিপি আৰু চিপিআই, কিন্তু তেওঁলোকেও কোনো প্ৰশ্ন নকৰি ক’লে যে আমাক কেৱল বুজাওক, ইভিএমে কিদৰে কাম কৰে৷ তেওঁলোকে কেৱল বুজাৰ প্ৰয়াস কৰিলে৷ কেৱল এনচিপি আৰু চিপিআই গ’ল কিন্তু বাকীসকলে নিৰ্বাচন আয়োগে আমন্ত্ৰণ দিয়াৰ পিছতো নগ’ল, য’ত তেওঁলোকে সন্দেহ কৰি আছিল৷

আৰু এই অপ-প্ৰচাৰ তথা এক নিশ্চিত প্ৰকাৰৰ বৃহৎ দলে ইমান ডাঙৰ ধুমুহাৰ সৃষ্টি কৰিলে যে সেই বতাহত আমাৰ লোকো জড়িত হৈ পৰিল৷ আমাৰো এনে লাগিবলৈ ধৰিলে যে ইভিএমতে কিবা এটা সমস্যা আছে৷ আমাৰ দলতো এনে কথা শুনিবলৈ পোৱা গ’ল, কিন্তু আমি ন্যায়পৰায়ণতাৰে ইয়াৰ সত্যানুসন্ধান কৰাৰ প্ৰয়াস কৰিলো৷ প্ৰযুক্তিক বুজি পাবলৈ প্ৰয়াস কৰিলো আৰু আমিও ইভিএমক লৈ সন্দেহ প্ৰকাশ কৰিছিলো৷ যেতিয়া সকলো কথা বুজি পালো তেতিয়া আমাৰ দলতো সেই চিন্তা-ধাৰা কৰা লোকসকলক বুজোৱা হ’ল৷ প্ৰযুক্তিক বুজি পাব লাগে৷ বুজি পাই তাক আগুৱাই নিব লাগে৷
আদৰণীয় সভাপতি মহোদয়, ইয়াৰ পিছত ভিভিপেটৰ কথা উত্থাপন কৰা হ’ল…বাৰে বাৰে উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী বাতাৱৰণ বৰ্ণনা কৰিবলৈ বিষয়টো টানি অনা হ’ল! প্ৰতি সন্ধিয়া নিৰ্বাচন আয়োগলৈ গৈ হৈ-হাল্লা কৰা, সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা৷ জনসাধাৰণৰ মনত বিশ্বাস সৃষ্টি কৰি পিছলৈ অবিশ্বাসৰ বাতাৱৰণ সৃষ্টি কৰা হ’ল৷ বিবিপেটৰ কি হ’ল…যিমানবোৰ আশংকাৰ সৃষ্টি হৈছিল, আমি সকলোৱে সাক্ষী যে ভিভিপেটে পুনৰবাৰ ইভিএমৰ সৱলীকৰণ কৰিলে৷ পৰিণাম আমাৰ চকুৰ সন্মুখতেই আছে৷

মই আচৰিত হৈছো কংগ্ৰেছ দলৰ বাবে, সেইবাবে মই ক’বলগীয়া হৈছে যে আপোনালোকে ইমান বছৰ শাসন কৰিলে৷ দেশৰ এক মুখ্যধাৰাৰ ৰাজনীতিৰ অধিকাংশ সময়জুৰি আপোনালোক থাকিল..অভিজ্ঞতাৰ পৰা মই আজি ক’ব লাগিব যে আপোনালোকৰ এনেকুৱা কিছুমান সমস্যা আছে যাৰ বাবে আপোনালোকে বিজয়ো হজমো কৰিব নোৱাৰে৷ স্বাধীনতাৰ ইমান বৰ্ষৰ পিছত এনে বিজয় লাভ হৈছে আৰু এই বিজয় আপোনালোকে হজম কৰিব পৰা নাই৷ আৰু ২০১৪ চনৰ পৰা মই ক্ৰমাগতভাৱে লক্ষ্য কৰিছো যে আপোনালোকে পৰাজয়ো স্বীকাৰ কৰি ল’ব পৰা নাই৷ মই নামানো যে এয়া কোনো স্বাস্থ্যকৰ পৰম্পৰাৰ সৃষ্টি হৈছে৷ আৰু ভাৰতৰ গণতন্ত্ৰত প্ৰতিটো দলৰ নিজৰ এটা স্থান আছে, মহত্ব আছে, ইয়াৰ আদৰপূৰ্বক সন্মান হ’ব লাগে আৰু তেওঁলোকৰ প্ৰতি আমাৰ শুভকামনা থাকিব লাগে,তেতিয়াহে গণতন্ত্ৰ চলে৷ কিন্তু আমি পৰাজয় স্বীকাৰ কৰাৰ বাবেও প্ৰস্তুত নহয় আৰু বিজয়ক হজম কৰাৰ বাবেও প্ৰস্তুত নহয়৷ আৰু মধ্য প্ৰদেশত অলপতে হোৱা বিজয় তথা কিছুদিনৰ পিছত এনেকুৱা খবৰ আহিল যে আচৰিত হৈ গ’লো৷ আৰু সেইবাৰে অনুগ্ৰহ কৰি নিৰ্বাচনৰ সংশোধনৰো কথা হ’ব লাগে৷ ১৯৫২ চনৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত নিৰ্বাচনত ক্ৰমান্বয়ে সংশোধন হৈ আহিছে আৰু এয়া হৈ থাকিব লাগে৷

আৰু মই ভাবো যে ইয়াৰ চৰ্চাও নিৰৱচ্ছিন্নভাৱে হৈ থাকিব লাগে আৰু মুক্তমনে আলোচনা হ’ব লাগে, বন্ধ মনেৰে কৰাৰ কোনো আৱশ্যক নাই৷ কিন্তু এনেকৈ কৈ দিয়াটো যে এখন দেশ, এটা নিৰ্বাচন আমাৰ পক্ষত নাই, আৰে ভাই আলোচনাটো কৰা৷ আপোনালোকৰ চিন্তা-ধাৰা বাৰু মই মানি লৈছো, আপোনালোকৰ যিমানবোৰ ডাঙৰ ডাঙৰ নেতা আছে, যেতিয়াই তেওঁলোকৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিছো তেতিয়া সকলোৱেই এটাই কথা কৈছে যে এই ৰোগৰ পৰা মুক্ত হ’ব লাগে৷ পাঁচ বছৰৰ মূৰত এবাৰ নিৰ্বাচন আহিছে, মাহজুৰি নিৰ্বাচন চলিছে, তাৰ পিছত সকলোৱে কামত ধৰিছে৷ এই কথা সকলোৱে কৈছে৷ সাৰ্বজনিক ৰূপত ষ্টেণ্ড লোৱাৰ বাবে হয়তো সমস্যা হ’ব পাৰে৷ এয়া সময়ৰ আহ্বান নহয়নে যে আমাৰ দেশত অতিকমেও এখন ভোটদাতাৰ সূচী হ’ব লাগে৷ পূৰ্বতে ১৮ আৰু ২১ – দুটা ভিন্ন ভোটদান হোৱাৰ বাবে- এতিয়া ১৮ সকলোৰে ভোটদানৰ বয়স হৈছে৷ আজি দেশৰ এয়া দুৰ্ভাগ্য যে যিমানটা নিৰ্বাচন সিমানেই ভোটদাতাৰ সূচী৷ দেশৰ কিমান ব্যয় হৈছে৷ সেই ভোটদাতা সূচীৰ বাবে কিমান মানুহ জড়িত হ’বলগীয়া হৈছে৷
ৰাজ্য আৰু কেন্দ্ৰই মিলিতভাৱে এখন আইন প্ৰণয়ন কৰি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যে এখনেই ভোটদাতাৰ সূচী….আৰু মই কওঁ যে পঞ্চায়তৰ যি ভোটদাতাৰ সূচী থাকে, তাতে এজনো ভোটদাতা বাকী ৰৈ নাযায়৷ কাৰণ তাত এটা এটা ভোটৰ মূল্য আছে৷ যদি সেইখন ভোটদাতাৰ সূচী লোৱা হয় তেন্তে আমাৰ ভোটদাতাৰ সূচীত কেতিয়াও সমস্যা নহয়৷ ঠিক সেইদৰে নিৰ্বাচন কেন্দ্ৰ, ভোটদাতাসকলে সদায়েই মনত ৰাখিব লাগে যে ভাই তোমাৰ এই বিদ্যালয়ৰ এই কোঠালিটো তোমাৰ…এই ব্যৱস্থাটো লাভদায়ক নহয়৷ আৰু সেইবাবে নিৰ্বাচনৰ সংশোধনী হোৱা আৱশ্যক বা হৈ থাকিব লাগে৷
আচ্ছা, আমাৰ দেশত পূৰ্বতে এখন দেশ এক নিৰ্বাচন হৈছিল৷ এয়া পিছত খেলিমেলি হ’ল আৰু ইয়াত অধিক লাভ হ’ল আপোনালোকৰ আৰু ইয়াৰ বিৰোধ…কিছুমান লোকে এনেকুৱা তৰ্ক কৰে যে সেই তৰ্কৰ কোনো ভিত্তিয়েই নাই৷ কোৱা হয় যে ভোটদাতা এজন কিদৰে নিৰ্ণয় কৰিব? উৰিষ্যা হ’ল আটাইতকৈ ডাঙৰ উদাহৰণ৷ উৰিষ্যাত গ্ৰামীণ এলেকা অধিক৷ উৰিষ্যা যে পূৰ্ণৰূপে বিকশিত এনে নহয়৷ ভাৰতৰ যিসমূহৰ ৰাজ্যৰ বিকাশৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হৈছে- ই এনে এক ৰাজ্য৷ তাৰে ভোটদাতাসকলে লোকলভাৰ বাবে ভোটদান কৰিলে, বিধানসভাৰ বাবে দ্বিতীয়বাৰ ভোটদান কৰিলে৷ ইয়াৰ অৰ্থ হ’ল আমাৰ ভোটদাতাসকলৰ সময় বিবেক বুদ্ধিৰ সম্পূৰ্ণ জ্ঞান আছে৷ কিছুমান এনে আসন আছে য’ত বিধানসভাৰ আসন বিজেডিলৈ গৈছে আৰু লোকসভাৰ আসন বিজেপিলৈ গৈছে৷ এই বিবেক আছে আমাৰ দেশত আৰু আমি ইয়াৰ অনাদৰ কৰো৷

কিছু লোকে কয়… এয়া কেনে ধৰণৰ ভ্ৰম বিয়পোৱা হৈছে যে যদি একে লগতে দুটা নিৰ্বাচন সম্পন্ন হয় তেন্তে আঞ্চলিক দল মষিমূৰ হৈ যাব৷ য’ত য’ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একে লগতে সম্পন্ন হৈছে, সকলো স্থানতে আঞ্চলিক দলৰ জয় হৈছে, ইতিহাস চাই লওক৷ অলপতে অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচন হ’ল, আঞ্চলিক দলৰ জয় হ’ল৷ উৰিষ্যাৰ নিৰ্বাচন হ’ল, আঞ্চলিক দলৰ জয় হ’ল৷ দেশৰ ভোটদাতাসকলৰ বিচাৰ বুদ্ধি আছে, তেওঁলোকৰ বিচাৰ বুদ্ধিত সন্দেহ নকৰিব৷ আৰু সেইবাবে এই ধৰণৰ যি আলোচনা…আলোচনাৰ পিছত নহ’ব, নহ’ব, কিন্তু আমি প্ৰথমেই কৈ দিছো- এয়া কোনোমতেই নহ’ব, আমি সোমাবলৈয়ে নিদিও, এয়া গণতন্ত্ৰত নহয়, মুক্ত মনেৰে হ’ব লাগে, সকলো ধৰণৰ প্ৰয়াসৰ আদৰণি হ’ব লাগে, প্ৰয়াসৰ ভিতৰত আমি নিজৰ ভূমিকা পালন কৰিব লাগে৷ কিন্তু আমি প্ৰথমেই দুৱাৰ বন্ধ কৰি দিলে পৰিৱৰ্তন কেতিয়াও নাহে আৰু ভাৰতৰ ভোটদাতাৰ যি বিবেক, তাৰ ওপৰত আমি কেতিয়াও সন্দেহ কৰিব নালাগে, এয়া মোৰ মত৷

কেতিয়াবা কেতিয়াবা মই ভাবো যে আমি কেৱল ইভিএমৰেই বিৰোধিতা কৰো নে? নহয়, বিৰোধী দলৰ অৰ্থ আমি কাগজে-কলমে লিখি লৈছো৷ বিৰোধী অৰ্থাৎ বিৰোধিতা কৰা৷ মোৰ মনত আছে, এই সদনতেই মই বহি আছিল আৰু বিদ্বান লোকসকলে এনেকুৱা ভাষণ প্ৰদান কৰিছিল যে…ডাঙৰ ডাঙৰ ভাষণ দিছিল৷ যেতিয়া ভগৱানে বুদ্ধি বিতৰণ কৰি আছিল তেতিয়া তেওঁলোক প্ৰথম শাৰীতেই থিয় দিছিল৷ এনেকুৱা লোক বহু আছিল ইয়াত৷ আৰু তেওঁলোকে কৈছিল যে আমাৰ দেশত ডিজিটেল লেনদেন সম্ভৱ নহয়, দুখীয়া মানুহে কিদৰে ডিজিটেল কৰিব, ম’বাইল কিদৰে চলাব? এনেকুৱা ভাষণ দিছিল৷ মই আচৰিত হৈছো, তাৰো আমি বিৰোধিতা কৰিছিলো৷

আমি আধাৰৰ বিৰোধিতা কৰিছিলো৷ আপোনালোক যেতিয়া আছিল- আধাৰ মহান৷ আমি যেতিয়া আধাৰৰ পৰা দুৰ্নীতি আঁতৰাবলৈ চেষ্টা কৰিলো তেতিয়া আধাৰ সংকট হৈ পৰিল৷ আমি উচ্চতম ন্যায়ালয়ৰ দুৱাৰ টুকুৰিয়ালো, আধাৰ সমাপ্ত কৰাৰ বাবে চেষ্টা কৰিলো৷ যদি আমি আধুনিক ভাৰত সৃষ্টি কৰিব বিচাৰিছো, নতুন ভাৰত নিৰ্মাণ কৰিব বিচাৰিছো, তেন্তে প্ৰযুক্তিৰ পৰা কিমান দূৰলৈ পলাম৷ সুৰক্ষাৰ বাবে সক্ৰিয় প্ৰয়োগ কৰাত প্ৰযুক্তিৰ প্ৰয়োজন হয় আৰু সেয়া প্ৰযুক্তিয়ে প্ৰদান কৰে৷ সময়মতে প্ৰদান কৰে৷ কিন্তু আমি এইসমূহৰ পৰা পলাবলৈ বিচাৰো৷

জিএছটিৰ বিৰোধ, ইভিএমৰ বিৰোধ, ডিজিটেলৰ বিৰোধ, ভি-মেপৰ বিৰোধ, সকলো ক্ষেত্ৰত এই ঋণাত্মকতা আৰু আজি ইয়াৰ ওপৰতেই চৰ্চা হৈছে৷ মোক ক্ষমা কৰিব- এই সদনত যিসকল দলে যোৱা পাঁচ বছৰত…মই ৰাজ্যসভাৰ কথা কৈ আছো- বাধা দিয়া প্ৰয়াস কৰিছে, জনসাধাৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা চৰকাৰক কাম কৰাত বাধা প্ৰদান কৰিছে, তেওঁলোক সকলোকে দেশবাসী শাস্তি দিছে৷ অৰ্থাৎ ৰাজ্যসভাত যিবোৰ কাম হয়, আজি দেশৰ ভোটদাতাসকল বিবেকবান হৈ উঠিছে, তেওঁলোকেও এইসমূহ প্ৰত্যক্ষ কৰি আছে৷ আৰু তেওঁলোকে সিদ্ধান্ত দিয়াৰ সময়ত লোকসভাত কোনে কি কৰিলে-তাৰ ওপৰত নহয়, ৰাজ্যসভাত কোনে কি কৰিলে-তাৰ আধাৰত ভোটদান কৰিছে৷ আৰু এয়া অনাগত পাঁচটা বৰ্ষৰ বাবে শিকনি হিচাপে বিবেচিত হৈছে৷ সকলোৰে বাবে যে আমি ৰাজ্যসভাৰ দ্বাৰা নিৰ্বাচিত হোৱা চৰকাৰৰ কোনবোৰ কথাত বাধা প্ৰদান কৰো, ইয়াৰ উত্তৰ দিব লাগিব৷

মই আচৰিত হৈছো যে এতিয়া নতুন ভাৰতৰো বিৰোধিতা হ’বলৈ ধৰিছে৷ কাৰণটো কি? মই জানো যে নতুন ভাৰতৰ তোমালোকৰ দহটা চিন্তাৰ ভিতৰত পাঁচটা শুদ্ধ আৰু পাঁচটা ভুল৷ মই এয়া বুজো৷ কোনোবাই এনেদৰে কয় যে নতুন ভাৰতৰ চিন্তাধাৰাৰ দ্বাৰা দেশক আগুৱাই লৈ যাব লাগে কিন্তু আমেৰিকাই এই কাম কৰা, অমুকে এই কাম কৰা নাই, গতিকে আমিও কৰিব নালাগে৷ আৰে! কোনে কি কৰিছে বাদ দিয়া, আমি পাঁচ হাজাৰ বৰ্ষ পুৰণি দেশ, বিশ্বৰ এক মহান পৰম্পৰাক লৈ আমি আগুৱাইছো৷ আনে কি কৰিছে, কি নাই কৰা, সেয়া বাদ দিয়া৷ আমি আগবাঢ়িব লাগিব আৰু বিশ্বত আমাৰ নাম উজ্বলাব লাগিব৷ এই কাম আমি কৰিব লাগিব৷
এশ পঁচিশ কোটিৰ আমাৰ এই দেশ, আমি কিয় সপোন নেদেখিম৷ আমি এয়া ক’ব পাৰো যে এই দহটা ঠিক হোৱা নাই, এই পাঁচটা ঠিক আছে, তাৰ বাবে প্ৰয়াস কৰিম, কিন্তু দেশৰ জনতাক নিৰাশাৰ মাজলৈ ঠেলি দিয়াৰ পাপ নকৰিব৷ আমি এয়া পৰিৱৰ্তন কৰিব লাগিব, সংশোধন কৰিব লাগিব৷ আমি তাতে ক’ম যে এই চাৰিটা ঠিক, সেই চাৰিটা ঠিক হোৱা নাই- এয়া গণতন্ত্ৰৰ পৰম্পৰাৰ অপৰিহাৰ্যতা৷ কিন্তু আমি যদি কওঁ যে আমাৰ পুৰণি ভাৰত লাগে! কিয়? য’ত কেবিনেটৰ সিদ্ধান্তক পত্ৰকাৰ পৰিষদে ফালি দিয়ে সেই পুৰণি ভাৰত লাগে? য’ত সকলো সময়তে জল, থল, নভৰ কেলেংকাৰীসমূহে দেশক চিন্তাক্লিষ্ট কৰি তোলে সেই পুৰণি ভাৰত লাগে? য’ত টুকুৰা টুকুৰা দলৰ সমৰ্থনৰ পৰিবেশৰ সৃষ্টি হয় তেনে পুৰণি ভাৰত লাগে আমাক?

ৰে’লত টিকেট সংৰক্ষণৰ বাবে ঘণ্টাজুৰি থিয় হ’ব লাগে, যেতিয়ালৈ মধ্যভোগী নাহে তেতিয়ালৈ ৰে’লৰ টিকেট সংৰক্ষিত নহয়, এনেকুৱা পুৰণি ভাৰত লাগে আমাক? আমাক এনে পুৰণি ভাৰত লাগে নে য’ত গেছ সংযোগৰ বাবে সংসদৰ ঘৰৰ বাহিৰত শাৰী পাতি থাকিব লাগে? সংসদৰ ২৫টা কুপনক লৈ ইফালৰ পৰা সিফাললৈ দৌৰা-দৌৰি, এনেকুৱা পুৰণি ভাৰত লাগে আমাক? আমাৰ এনেকুৱা পুৰণি ভাৰত লাগে য’ত পাছপ’ৰ্টৰ বাবে মাহজুৰি অপেক্ষা কৰিব লাগে৷ য’ত আৰক্ষীৰ শাসন হওক তেনে পুৰণি ভাৰত লাগে আমাক? আমাক এনেকুৱা পুৰণি ভাৰত লাগে য’ত ভিতৰত সাক্ষাৎকাৰ চলি আছে, পিয়নৰো সাক্ষাৎকাৰ, চালকৰো সাক্ষাৎকাৰ, চকীদাৰৰো সাক্ষাৎকাৰ আৰু পিছত সাক্ষাৎকাৰৰ নামত দুৰ্নীতি, এনেকুৱা পুৰণ ভাৰত লাগে আমাক?

মই আচৰিত হৈছো, আমি দেশ জনতা, হিন্দুস্তানক পুৰণি যুগলৈ লৈ যাবলৈ সাজু নহয়৷ দেশৰ জনতাই নিজৰ সপোনৰ অনুৰূপে নতুন ভাৰতৰ প্ৰতীক্ষা কৰি আছে আৰু আমি সকলোৱে সামূহিক প্ৰয়াসেৰে জনসাধাৰণৰ এই সপোনসমূহ পূৰণ কৰাৰ দিশত অগ্ৰসৰ হ’ব লাগে আৰু মোৰ বিশ্বাস যে এই প্ৰয়াস আমি কৰিব পাৰো আৰু ইয়াক আগুৱাই লৈ যাব পাৰো৷
আমি চেষ্টা কৰিছো৷ প্ৰথমে, চাকি জ্বলোৱা, ৰিবন কটা অথবা নীতি ঘোষিত কৰা- ইয়াকেই চৰকাৰৰ কাম বুলি ভবা হৈছিল৷ লাষ্ট মাইল ডেলিভাৰী-এয়া যেন আমাৰ দায়িত্ব নাছিল, আমি এই পৰম্পৰা পৰিৱৰ্তন কৰিছো৷ আমি নীতি পৰিৱৰ্তন কৰিছো, ৰণনীতি পৰিৱৰ্তন কৰিছো, আমি বৃত্তি আৰু প্ৰবৃত্তি পৰিৱৰ্তন কৰিছো৷ তাৰ পৰিণাম হ’ল…এতিয়া ইয়াত কোৱা হয় আমি কৰিলো, আমি কৰিলো, কিন্তু দুখীয়াৰ বাবে ঘৰ পূৰ্বতেও নিৰ্মাণ কৰা হৈছিল- ইউপিএৰ সময়ত নিৰ্মাণ কৰা হোৱা নাছিল নে, হৈছিল৷ আমিও নিৰ্মাণ কৰিছো, আপোনালোকে ক’ব- নতুন কি কৰিলে? নতুন এয়াই কৰিলো যে আপোনালোকে পাঁচ বছৰত ২৫ লাখ নিৰ্মাণ কৰিছিল, আমি পাঁচ বছৰত ডেৰ কোটি নিৰ্মাণ কৰিছো- এয়াই পৰিৱৰ্তন৷ আৰু সেইবাবে মই ভাবো যে আমি যি নতুন বাতাৱৰণ সৃষ্টিৰ প্ৰয়াস কৰিছো, চৰকাৰীকৰণৰ পৰা সৰলীকৰণত গুৰুত্ব আৰোপ কৰিছো৷ আমি দেখিছো যে স্বাধীনতাৰ ইমান বৰ্ষৰ পিছতো স্বাধীন ভাৰতৰ যি সপোন আছিল- সেই সপোনসমূহৰ বাধা কি আছিল- অভাৱ, প্ৰভাৱ আৰু চাপ৷ চৰকাৰে এনে ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যে কিছুমান লোকে হয়তো অভাৱৰ মাজেৰে জীয়াব লগা হৈছিল, কিছুমান লোকৰ প্ৰভাৱৰ দ্বাৰা হৰলুকি হৈছিল আৰু কিছুমান লোকে চাপত পৰি সেই পথলৈ আহিবলৈ বাধ্য হৈ পৰিছিল৷

দেশ সুস্থ বিকাশৰ বাবে অভাৱৰ চিন্তা চৰকাৰে নিশ্চয়কৈ কৰক কিন্তু প্ৰভাৱ আৰু চাপৰ মাজত দেশৰ জনসাধাৰণক যাতে চেপা নহয় আৰু সেইবাবে আমি সেই ৰণনীতি গ্ৰহণ কৰিছো৷ আৰু সেই ৰণনীতিক আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰয়াস কৰিছো৷ আমি সাধাৰণ জনতাৰ সশক্তিকৰণৰ বাবে কাম কৰিছো৷ পাঁচ বছৰ পূৰ্বে কোটি কোটি লোকৰ ঘৰত বিদ্যুতৰ ব্যৱস্থা নাছিল৷ গেছৰ চৌকা নাছিল, শৌচালয় নাছিল৷ এয়া সৰু সৰু বস্তু- মই আচৰিত হৈছো, কিছুমান লোকে ভাবে যে ভাৰত চৰকাৰে ডাঙৰ কাম কৰিব লাগিব, বৃহৎ নৱজাগৰণ, এনেকুৱা কথা কোৱা হৈছিল৷ সৰু সৰু কথাৰ পৰাই পৰিৱৰ্তন হয়৷ আমি সৰু বস্তুৰ বাবে লাজ পাব নালাগে, আমি ডাঙৰ মানুহ হৈ যোৱা নাই৷ আমি সৰুৰ মাজৰ পৰাই আহিছো৷ সেই সৰু সৰু সমস্যাৰ সমাধানে বৃহৎ ফলাফল দেখুৱাব পাৰে৷ আৰু সেইবাবে আমি কাম কৰা আৰম্ভ কৰিছো৷
এইটো নিশ্চিত যে আমি পাঁচ বছৰ জনলাধাৰণৰ আৱশ্যকতাসমূহ পূৰণ কৰাৰ দিশত চৰকাৰী তন্ত্ৰক সেই দিশত ঢাল খুৱাবলৈ যথেষ্ট প্ৰয়াস কৰিছো৷ বিভিন্ন দিশত ফলাফলো প্ৰত্যক্ষ হৈছে৷ কিন্তু দেশৰ এতিয়া এনে অৱস্থা হৈছে- এই পাঁচ বছৰ আৱশ্যকতাসমূহতকৈ অধিক প্ৰত্যাশাসমূহৰ পূৰণ কৰিব লাগিব৷ মই ভাবো যে আমি ভাগ্যৱান- সেয়া লাগিলে ৰাজনৈতিক জীৱনতেই হওক, সাৰ্বজনিক জীৱনতেই হওক, ব্যৱসায়তেই হওক, শিক্ষাতেই হওক, যিকোনো স্থানতেই হওক; আমি এনে এক ভাগ্যৱান কালখণ্ডত উপনীত হৈছো যে হিন্দুস্তানৰ জনসাধাৰণে প্ৰত্যাশাৰ বাবে জীৱন-যাপন কৰিছে৷ আৰু যেতিয়াই জনসাধাৰণৰ মাজলৈ প্ৰত্যাশা আহে তেতিয়া কামৰ গতি বৃদ্ধি হয়, বিকাশৰ গতি বৃদ্ধি হয়; এয়া সৌভাগ্যৰ সময় আৰু সেইবাবে আমাৰ সকলোৰে এয়া দায়িত্ব যে আমি যি সিদ্ধান্তই গ্ৰহণ নকৰো কিয় সেয়া জনসাধাৰণৰ যি প্ৰত্যাশা, তাৰ অনুৰূপে আমি আমাক অগ্ৰসৰ কৰোৱাব লাগে৷ এয়া সময়ৰ দাবী আৰু মই ভাবো যে সেই দিশত অগ্ৰসৰ হোৱাৰ বাবে আমি প্ৰয়াস কৰিব লাগে৷

মই আচৰিত হৈছো, বিৰোধিতা এই পৰ্যন্ত হৈছে- শৌচালয়ৰ কথা- তাৰ ঠাট্টা কৰা হৈছে; স্বচ্ছতাৰ কথা- তাৰ ঠাট্টা কৰা হৈছে; জন ধন একাউণ্ট- তাৰ ঠাট্টা কৰা হৈছে; যোগ কাৰ্যসূচী- তাৰ ঠাট্টা কৰা হৈছে; মেক ইন ইণ্ডিয়া- তাৰ ঠাট্টা কৰা হৈছে- অৰ্থাৎ এক প্ৰকাৰে প্ৰতিটো কথা ঋণাত্মকবোধ দেখা গৈছে৷ কাৰণ এতিয়াও ৰাজ্যসভাত আমাক কোনে ক’ব তাৰবাবেও হাতে-ভৰিয়ে ধৰিব লাগে, আজি মই বিদেশলৈ যাবলগীয়া আছে, মোক সময় দিয়ক, তাতেও হাতে-ভৰিয়ে ধৰিব লাগে, ইমানেই অহংকাৰ আমাৰ, কিমান অহংকাৰ৷ য’ত হৈছে, তেওঁ জানে- সকলোৰে দোষ নাই৷ য’ত সকলোৰে দোষ আছে আৰু সেইবাবে এই পৰিস্থিতিত গণতন্ত্ৰত আমি পৰস্পৰে পৰস্পৰৰ সন্মান কৰিব লাগে৷
আমি জানো যে, এয়া আমাৰ বহুমত নহয়; আমি জানো যে এয়া আমাৰ বহুমত নহয়, আমি জানো যে এয়া আমাৰ বহুমত নহয় আৰু সেইবাবে জনতা জনাৰ্দনে যি সিদ্ধান্ত প্ৰদান কৰিছে তাৰ টেটু চেপাৰ প্ৰয়াস হ’ব নালাগে মাননীয় সভাপতি মহোদয়৷ পাঁচ বছৰে আমি নিৰন্তৰে সহ্য কৰিছো, দেশৰ লোকচান হৈছে, আমি দুখ পাইছো৷ দেশৰ লোকচান হৈছে, আমি দুখ পাইছো৷ আমি সহ্য কৰিছো আৰু সেইবাবে আমি সভাপতি মহোদয়, আমি আপোনাৰ পৰা নিৰাপত্তা বিচাৰিছো কাৰণ দেশৰ জনতাই নিজৰ প্ৰত্যাশা পূৰণৰ বাবে লোকসভাত আমাক বিশাল দায়িত্ব প্ৰদান কৰিছে৷ ৰাজ্যসভাৰ সংঘবাদ খণ্ডইয়ো এই কথা প্ৰকাশ কৰে যে সেই প্ৰত্যাশাৰ অনুকূলে আমি সমৰ্থন লাভ কৰিব লাগে৷ আৰু মই বিচাৰিম যে আপুনি এই বিষয়ে আমাৰ সৈতে ন্যায় কৰিব, ইয়াৰ বাবে মই প্ৰতীক্ষা কৰিম৷

আমি নতুন ভাৰতৰ যি সপোন লৈ আগবাঢ়িছো, ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ কথা৷ এয়া কোৱা হৈছে যে ২০১৪ পৰ্যন্ত ২ ত্ৰিলিয়ন আছিল, এতিয়া কোৱা হৈছে যে ২.৮০ ত্ৰিলিয়ন হৈছে৷ অৰ্থাৎ স্বাধীনতাৰ পৰা ইমান বছৰ ধৰি ২ ত্ৰিলিয়ন আছিল কিন্তু ৫ বছৰৰ ভিতৰত প্ৰায় অৰ্ধেক সংখ্যক বৃদ্ধি হ’ল৷ যদি ৫ বছৰত আধা বাঢ়িব পাৰে তেন্তে আগন্তুক পাঁচ বছৰত আৰু বাঢ়িব পাৰে৷ আৰু দ্বিতীয়তে- আমাৰ মনত এই ভাৱ আহিব নালাগে যে ৫ ত্ৰিলিয়নৰ লক্ষ্য কিয় নিৰ্ধাৰণ কৰিছা, আমাৰ মনত এই ভাৱ আহিব লাগে যে এই ৫ ত্ৰিলিয়নৰ বাবে আমি লগে ভাগে আগবাঢ়িব লাগে৷ ৰাজ্য চৰকাৰক সহযোগিতা কৰিম, তাত অৰ্থনীতি বৃদ্ধি কৰাৰ বাবে প্ৰয়াস কৰিম৷ য’ত আপোনালোকৰ ৰাজ্য চৰকাৰ আছে তাত আপোনালোকে কৰক, সকলোৱে মিলি কৰক, ভাৰত ৫ ত্ৰিলিয়নৰ ক্লাবলৈ আহক, ইয়াত এনেকুৱা কোনো নাই যে যি এই কথাত দুখী হ’ব৷ সকলোৱে আনন্দ পাব৷ আৰু সেইবাবে ধনাত্মক চিন্তা কৰক, আমি স্বীকাৰ কৰিবলৈ প্ৰস্তুত, আমি শুনিবলৈ প্ৰস্তুত৷ কাৰণ আমি তেনেধৰণৰ লোক নহয় যি এয়া মানে যে যেতিয়া বুদ্ধি বিলাবলৈ আহিছিল তেতিয়া ময়েই অকলে আছিলো৷ নহয়, আমি আপোনালোকৰ পৰাও শিকিবলৈ প্ৰস্তুত, কিয়নো দেশ চলাব লাগে, দেশৰ ভাল কৰিব লাগে৷ আৰু সেইবাবে মই বিচাৰিছো যে আমি এইসমূহক লৈ নতুন ভাৰতৰ দিশত অগ্ৰসৰ হ’ব লাগে৷
ইয়াতো এনে কিছুমান বিষয় আছে যাৰ বিষয়ে মই নিশ্চয়কৈ উল্লেখ কৰিবলৈ বিচাৰিম৷ সদনত কোৱা হৈছিল যে ঝাৰখণ্ড পুলিচী-হিংসাৰ আড্ডা হৈ উঠিছে৷ মাননীয় সভাপতি মহোদয়, যুৱকৰ হত্যাৰ দুখ অনুভৱ হৈছে, সকলোৰে হৈছে, মোৰো হৈছে আৰু হ’বও লাগে৷ দোষীয়ে কঠোৰতম শাস্তি পাব লাগে৷ কিন্তু ঝাৰখণ্ড ৰাজ্যখনকেই দোষী বিবেচিত কৰাটো শোভা পায়নে? তেনেহ’লে তাতেও ভাল কাম কৰা লোক নাপামেই৷ যি বেয়া হ’ল, যিয়ে বেয়া কৰে তেওঁক পৃথক কৰক আৰু ন্যায়িক প্ৰক্ৰিয়াৰ দ্বাৰা যি শাস্তি দিব পাৰি সেয়া দিয়ক, সকলোকে কাঠগড়াত থিয় কৰাই ৰাজনীতি কৰিব পাৰে, কিন্তু পৰিস্থিতি উন্নত কৰিব নোৱাৰে৷

আৰু সেইবাবে সমগ্ৰ ঝাৰখণ্ডক বদনাম কৰা অধিকাৰ আমাৰ কাৰোৰে নাই৷ তেওঁলোকো আমাৰ দেশৰ নাগৰিক, তাতেও ভাল মানুহ আছে৷ আৰু সেইবাবে অপৰাধ হ’লে উচিত পথ আইন আৰু ন্যায়ৰ দ্বাৰা সংবিধান, আইন আৰু ব্যৱস্থা ইয়াৰ বাবে সম্পূৰ্ণৰূপে সক্ষম৷ ইয়াৰ বাবে আইনী ব্যৱস্থা আছে, ন্যায়িক ব্যৱস্থা আছে৷ আৰু তাৰবাবে আমি যি কৰিব পাৰো, সেয়া কৰিব লাগে, পিছুৱাই আহিব নালাগে৷

হিংসাৰ ক্ষেত্ৰত পৃথিৱীত সন্ত্ৰাসবাদে যি ক্ষতি কৰিছে সেয়া ভাল সন্ত্ৰাসবাদ আৰু বেয়া সন্ত্ৰাসবাদে কৰিছে, মোৰ সন্ত্ৰাসবাদ, তোৰ সন্ত্ৰাসবাদে কৰিছে৷ এই হিংসাৰ ঘটনাসমূহ ঝাৰখণ্ডতেই হওক অথবা পশ্চিম বংগতেই হওক, অথবা কেৰেলাতেই হওক- আমাৰ এটাই মানদণ্ড হ’ব লাগে, তেতিয়াহে আমি হিংসা প্ৰতিৰোধ কৰিব পাৰিম৷ তেতিয়াহে হিংসা কৰা লোকসকলে এই শিকনি পাব যে এই বিষয়ত সমগ্ৰ দেশেই এক৷ সকলো ৰাজনৈতিক দল, সকলোৰে চিন্তা, এতিয়া এই দেশত এনে একো নহ’ব৷ আৰু মই ভাবো যে সেই দায়িত্ব আমি পালন কৰিব লাগে৷
ৰাজনৈতিক মূল্যাংকনৰ বাবে বহুতো ক্ষেত্ৰ আছে যাৰ ব্যৱহাৰ আমি কৰিব লাগে৷ আৰু সেইবাবে মই ভাবো যে দেশৰ প্ৰতিজন নাগৰিকৰ সুৰক্ষাৰ গেৰাণ্টী আমাৰ সাংবিধানিক দায়িত্ব৷লগতে মানৱতাৰ প্ৰতি আমাৰ সংবেদনশীলতা দায়িত্বও আছে, তাক আমি নুই কৰিব নোৱাৰো৷ আৰু সেই ভাৱনাক লৈয়ে আমি আগবাঢ়িছো৷ আৰু মই কৈছো, সকলোৰে সৈতে- সকলোৰে বিকাশ, এই মন্ত্ৰকলৈ আমি আগবাঢ়িছিলো, কিন্তু পাঁচ বছৰৰ অখণ্ড, একনিষ্ঠ পুৰুষাৰ্থই, জনতা-জনাৰ্দনে তাত এক অমৃত সংযোগ কৰিলে- সেই অমৃত হ’ল সকলোৰে বিশ্বাস৷

সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস- এই অমৃত, পাঁচ বছৰৰ আমাৰ কাৰ্যকলাপৰ দ্বাৰা দেশৰ জনতাই ইয়াৰ সৈতে সংবদ্ধ হৈছে৷ কিন্তু আমাৰ আজাদ চাহাবে ইয়াত ধুঁৱলি-কুঁৱলি প্ৰত্যক্ষ কৰিছে৷ যেতিয়ালৈ ৰাজনৈতিক চশমাৰ দ্বাৰা চোৱা হ’ব তেতিয়ালৈ সকলো বস্তু ধুঁৱলি-কুঁৱলিয়েই দেখা পোৱা হ’ব৷ আৰু সেইবাবে মই ভাবো যে এই ৰাজনৈতিক চশমা খুলি যেতিয়া আমি প্ৰত্যক্ষ কৰিবলৈ আৰম্ভ কৰিম তেতিয়া ধুঁৱলি-কুঁৱলি নেদেখো, উজ্বল ভৱিষ্যত প্ৰত্যক্ষ কৰিম৷
ইয়াত আমাক যথেষ্ট উপদেশ দিয়া হৈছে৷ কেতিয়াবা কেতিয়াবাতো বাতৰি কাকততো প্ৰকাশিত হয়৷ কিন্তু যেতিয়া মঙলবাৰে মোৰ সাংসদসকলৰ বৈঠক হয়, মই সাৰ্বজনিক ৰূপত যিয়েই দেখা পাওঁ তাতেই আক্ৰোশ ব্যক্ত কৰো৷ সংশোধনৰ প্ৰয়াস কৰো৷ ইয়াত আমাক বুজোৱা হৈছে যে অমুকে এইটো কৰিছিল, তমুকে এইটো কৰিছিল, অধিকৃত প্ৰাৰ্থীক হৰুওৱাত এজন স্বতন্ত্ৰক প্ৰাৰ্থী হিচাপে জিকোৱা হৈছিল৷ কিছুমান দলৰ এয়াতো ইতিহাসেই, ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীকো হৰুৱাই দিয়ে৷ এয়াতো নিজৰ নিজৰ ৰাজনীতি আৰু তেওঁলোকে বাবা চাহেব আম্বেদকাৰক হৰুৱাবলৈ প্ৰাণে-পণে প্ৰয়াস কৰে৷ সেয়ে এনে উদাহৰণৰ দ্বাৰা…আৰু সেইবাবে এই উদাহৰণৰ জৰিয়তে উপদেশ দিয়াৰ পূৰ্বে নিজলৈ এবাৰ চাওক৷

যেতিয়া দিল্লীৰ ৰাজপথত ডিঙিত তাঁৰ লগাই শিখসকলক জ্বলাই দিয়া হৈছিল আৰু যিসকলৰ নাম সেইসময়ত মুখৰিত হৈছিল, সকলো ধৰণৰ আলোচনা হৈছিল, তেওঁলোক আজিও সেই দলত আছে আৰু সন্মানিত পদত আছে, সাংবিধানিক পদত আছে৷ যদি এয়াই আপোনালোকৰ নীতি হ’লহেঁতেন তেন্তে উপদেশ দিয়াৰ পূৰ্বে আপোনালোকে নিজলৈ এবাৰ চোৱাটো প্ৰয়োজন৷ তেতিয়াই আমি এইবোৰ পাহৰি যাও…আৰু এনেকুৱা বহু উদাহৰণ পোৱা যাব৷ ৰাজনৈতিক জয়-পৰাজয়ৰ সংকটৰ সন্মুখীন হ’লে- দহ দিনৰ বাবে দলৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে আৰু পুনৰ আঁকোৱালি লয়, এনেকুৱা বহু উদাহৰণ পোৱা যাব৷ ডাঙৰ ডাঙৰ মানুহৰ নাম আৰু সেইবাবে কৃপা কৰি উপদেশ দিয়াৰ পূৰ্বে….৷
কিন্তু মই ভাবো যে ৰাজহুৱা জীৱনত আমি এনে কোনো তীছ মাৰ খান নহয় যে যিকোনো কথা কোৱাৰ অধিকাৰ পাম৷ মোৰ দলৰ সদস্যসকলকো কও যে আমাৰ কোনো অধিকাৰ নাই এনেকুৱা কথা কোৱাৰ৷ আমি মৰ্যাদা পালন কৰিব লাগিব৷ ৰাজহুৱা জীৱনৰ নিয়ম পালন কৰিব লাগিব৷ যিকোনো দলৰেই হওক, মোৰ দলৰ মানুহক বিশেষভাৱে কৈছো৷ এয়া শোভা নাপায়, এয়া মোৰ মত আৰু মই ৰাজহুৱাকৈ ইয়াক প্ৰকাশ কৰিছো৷ কিন্তু চেষ্টা কৰিলে কেতিয়াবা নহয় কেতিয়াবা সংশোধন হ’ব আৰু আমি চেষ্টা কৰি থাকিম৷

ইয়াত আৰু এটা চিন্তাৰ বিষয় হৈছে কৃতিত্ব দাবীৰ যি অতিশয় গধূৰ৷ আমিতো সকলো কৃতিত্ব আপোনালোককেই দিছো৷ আপোনালোকৰ পৰাক্ৰমৰ ফলতেই আহিছে অন্যথা কোনো জানিছিল ইমান৷ কিন্তু মই সুধিব বিচাৰিছো যে ইয়াত এন আৰ চিৰ চৰ্চা হৈছে, তাৰ কৃতিত্ব আপোনালোকে নল’ব নে? কিয় পলাইছে? আপোনালোকে তাৰেও কৃতিত্ব ল’ব লাগে৷
ৰাজীৱ গান্ধী- সেই চৰকাৰে অসম চুক্তিত এন আৰ চিক স্বীকাৰ কৰিছিল৷ এন আৰ চি সেই সময়ৰে৷ পিছলৈ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলগীয়া হ’ল আৰু আমাক উচ্চতম ন্যায়ালয়ে আদেশ দিলে ইয়াক প্ৰণয়ন কৰিবলৈ৷ চুক্তি…কৃতিত্ব লওক না৷ এতিয়া ভোটো ল’ব লাগে আৰু কৃতিত্বও ল’ব লাগে, পুনৰ আধা ক’ব আৰু আধা এৰিব, এনেকৈ নহয়৷ অলপটো খুলি-মেলি কথা কওক৷ আৰু আমি কও, দেশৰ কল্যাণৰ বাবে এন আৰ চিৰ যি সেই সময়ত সিদ্ধান্ত হৈছিল, তাক প্ৰণয়ন কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি দায়ৱদ্ধতাৰে ইয়াক পালন কৰিম৷ আমাৰ বাবে এয়া ভোট বেংকৰ ৰাজনীতি নহয়, দেশৰ একতা, অখণ্ডতা আৰু উজ্বল ভৱিষ্যত জড়িত এটা বিষয় আৰু আমি ইয়াক কৰিমেই৷
ইয়াত চৰ্দাৰ চাহাবক স্মৰণ কৰা হৈছে, মোৰ ভাল লাগিছে আৰু এই কথা আমি সকলোৱে মানি লৈছো৷ হ’ব পাৰে আমাৰ কংগ্ৰেছৰ মানুহে ইয়াক মানি নল’ব পাৰে৷ আমি এতিয়াও মানো যে চৰ্দাৰ চাহাব যদি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হ’লহেঁতেন তেন্তে জম্মু-কাশ্মীৰৰ সমস্যা নহ’লহেঁতেন৷ আমি এতিয়াও মানো যে চৰ্দাৰ চাহাব যদি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হ’লহেঁতেন তেন্তে হিন্দুস্তানৰ গাঁওসমূহৰ আজি যি অৱস্থা এয়া নহ’লহেঁতেন, চিত্ৰ ভিন্ন হ’লহেঁতেন৷ এয়া আমাৰ চিন্তা, ভুল হ’ব পাৰে, এয়া আমাৰ চিন্তা৷ কিন্তু এইটো কথাত কোনো মতভেদ হ’ব নোৱাৰে যে চৰ্দাৰ চাহাবে ৫০০ত কৈও অধিক ৰাজ্যক একত্ৰিত কৰিছিল, ইয়াত কোনো মতভেদ হ’ব নোৱাৰে৷ আৰু চৰ্দাৰ চাহাবক কংগ্ৰেছ দলে দেশৰ প্ৰথমগৰাকী গৃহ মন্ত্ৰী হিচাপে বাচনি কৰিছিল৷ চৰ্দাৰ চাহাবে জীৱনজুৰি কংগ্ৰেছৰ বাবে জীৱন নিৰ্বাহ কৰিছিল, কংগ্ৰেছৰ বাবে যুঁজিছিল, কংগ্ৰেছৰ বাবে নিজৰ জীৱন সমাপ্ত কৰিছিল৷ তেওঁ প্ৰকৃত কংগ্ৰেছী আছিল, কিন্তু মই আচৰিত হওঁ…..৷
যেতিয়া গুজৰাটত নিৰ্বাচন হয় তেতিয়া তাত চৰ্দাৰ চাহাবৰ পোষ্টাৰ দেখা পোৱা যায়, কিন্তু দেশৰ অন্য প্ৰান্তত হেখা নাযায়৷ আপোনালোকৰেই দলৰ, কি সমস্যা আছে আপোনালোকৰ? কিন্তু মই আজি এটা কথা ক’ব বিচাৰিছো, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চৰ্দাৰ বল্লভ ভাই পেটেল, কংগ্ৰেছ দলে যাক গৃহ মন্ত্ৰী নিৰ্বাচিত কৰিছিল, তেওঁৰ বিশ্বৰ সবাতোকৈ ওখ মুৰ্তি, ষ্টেচু অব্ ইউনিটী, মই আহ্বান জনাম তেওঁলোকক যাতে এবাৰ তালৈ গৈ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে৷ চৰ্দাৰ চাহাব কংগ্ৰেছৰ আছিল, আপুনি অন কৰক না, আপুনি অন কৰক আৰু মই বিচাৰিম যে গুলাম নবীজী, কিছুদিন গুজৰাটত কটাই যাওক৷

চাওক, কেতিয়াবা কি হয়, প্ৰথমে এটা আমোদজনক তথ্য কৈছো, আমাৰ ইয়াৰ ইয়াত পুৰণি ডিএম কেনেকৈ চলিছিল৷ ক’ৰবাত বান্ধ হ’ব, বিমানবন্দৰ হ’ব তেতিয়া কোৱা হৈছিল যে ইয়াত আলোকচিত্ৰ গ্ৰহণ কৰা নিষেধ৷ আৰু এতিয়াৰ প্ৰযুক্তি এনে হৈছে যে মহাকাশৰ পৰা আলিবাটত থকা স্কুটাৰ এখনৰ নম্বৰ প্লেটৰ আলোকচিত্ৰ গ্ৰহণ কৰিব পৰা যায়৷ কিন্তু পুৰণি আইন ওলমি আছে৷ যেতিয়া চৰ্দাৰ সৰোবৰ বান্ধৰ অভাৰফ্ল’ হৈছিল, তেতিয়ালৈ নিৰ্মাণ হোৱা নাছিল সেইবাবে অভাৰফ্ল’ হৈছিল৷ তাত দ্বিগ্বিজয় সিঙৰ চৰকাৰ আছিল৷ এওঁলোকে মানুহক তালৈ যাব নিদিছিল৷ তাৰ পিছত মই মুখ্যমন্ত্ৰী হ’লো আৰু ক’লো যে এই নিয়ম বন্ধ কৰা ভাই৷ আৰু মানুহক আহিবলৈ দিয়া আৰু আলোকচিত্ৰ গ্ৰহণ কৰিবলৈ দিয়া৷ আৰম্ভ কৰিলো…পিছলৈ এয়া সিদ্ধান্ত গ্ৰহণ কৰিলো যে…টিকটৰ ব্যৱস্থা হওক যাতে অলপ-অচৰপ হিচাপ থাকক আৰু এওঁলোকৰ পাৰ্কিঙৰ ব্যৱস্থা হওক৷ পিছলৈ কোৱা হ’ল যে যেতিয়া পাঁচ লাখ নম্বৰ হ’ব অৰ্থাৎ পাঁচ লাখ সংখ্যক দৰ্শনাৰ্থী হ’ব তেতিয়া তেওঁক সন্মানিত কৰিম৷ আৰু মই এয়া ক’বলৈ পাই সুখী অনুভৱ কৰিছো যে পাঁচ লাখ সংখ্যক দৰ্শনাৰ্থী হোৱা গৰাকী বাৰামুলাৰ এটা দম্পতী আছিল যি বিয়াৰ পিছত তালৈ গৈ আলোকচিত্ৰ গ্ৰহণ কৰিছিল৷ আৰু সেইবাবে মই কওঁ যে আপোনালোকো কেতিয়াবা চৰ্দাৰ চাহাবৰ মুৰ্তিত, কংগ্ৰেছ কৰ্ম দলে তালৈ যাওক৷ ভাল লাগিব, কংগ্ৰেছৰেই আছিল৷ আমিতো দেশৰ মহাপুৰুষ হোৱাৰ বাবে শ্ৰদ্ধাঞ্জলি দিও আৰু দি থাকিম৷

মই আচৰিত হৈছো, আজাদ চাহাব আপুনিতো স্বাস্থ্য মন্ত্ৰী আছিল৷ কেতিয়াবা কেতিয়াবা আমি বিজ্ঞাপন আৰু সজাগতা অভিযান, এই দুয়োটাৰ মাজত পাৰ্থক্য ৰাখিব লাগে৷ যি আচৰণগত পৰিৱৰ্তনৰ বিষয় হয় সেয়া বিজ্ঞাপন চৰকাৰৰ বিজ্ঞাপন বুলি বিবেচনা কৰা নহয়৷ আপুনি শিশুসকলক কওক যে হাত ধুই খাদ্য গ্ৰহণ কৰা, তাৰবাবে বিজ্ঞাপন শিবিৰ অনুষ্ঠিত কৰিব লাগে৷ খৰচতো চৰকাৰেই কৰিব লাগে কিন্তু সেয়া চৰকাৰৰ বিজ্ঞাপন নহয়৷ আপোনাৰ সময়তো যেতিয়া মহামাৰী হৈছিল, যেতিয়া আপুনি স্বাস্থ্য মন্ত্ৰী আছিল, আপুনিও বহু বিজ্ঞাপন দিবলগীয়া হৈছিল যে এই মহামাৰীত আপোনালোকে পানী গৰম কৰি খাওক, অমুক কৰক, তমুক কৰক, কৰিবলগীয়া হয়৷ ইয়াক যদি আপুনি বিজ্ঞাপন বুলি কয়, কন্যা পঢ়াওক, কন্যা বচাওকৰ সৈতে যদি ইয়াত সংযুক্ত কৰে, এয়া ঠিক কাম কৰা নাই আপোনালোকে৷ আপুনিতো আনকি নকৰিব, ইমান বছৰ আপুনি চৰকাৰত আছে৷

কিন্তু দুখ তেতিয়াহে হয় যেতিয়া মনৰেগাৰ নামত কোনোবাই বোকা দলিয়াবলৈ যায়৷ তিনি বছৰলৈ দেশত বিজ্ঞাপন দিয়া হৈছিল, মনৰেগা কোনো আচৰণগত পৰিৱৰ্তনৰ কাম নাছিল কিন্তু এজন নেতাক প্ৰস্থাপিত কৰাৰ বাবে চৰকাৰী ভঁৰালৰ পৰা বিজ্ঞাপন কৰা হৈছিল৷ ইয়াকে দেশে নাপাহৰে৷ জনতাক হাত ধুই খাদ্য গ্ৰহণ কৰিবলৈ কোৱা, এয়া আচৰণগত পৰিৱৰ্তন, ইয়াত আমি সজাগতা অভিযান আৰু প্ৰচাৰ অভিযানৰ পাৰ্থক্য প্ৰত্যক্ষ কৰিব লাগিব, অন্যথা দেশলৈ পৰিৱৰ্তন অনাৰ কাম কিদৰে কৰিব, কিদৰে কৰিব?

ইয়াত আয়ুষ্মান ভাৰত যোজনাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰা হৈছে৷ যোৱা পাঁচ বছৰত সকলো ৰাজনৈতিক দলৰ সাংসদৰ সৈতে মই লোকসভা আৰু ৰাজ্যসভাত যেতিয়াই মিলিত হৈছো, সকলোৱেই মোক অভিনন্দন জনাইছে৷ কি কথাৰ বাবে? পূৰ্বতে যেতিয়া নিজৰ এলেকাত কাৰোবাৰ বেমাৰ হৈছিল তেতিয়া তেওঁলোকে প্ৰধানমন্ত্ৰী সাহায্য কোষৰ বাবে চিঠি লিখিছিল৷ মই নিয়ম প্ৰস্তুত কৰিলো যে এশ শতাংশ….দুখীয়াৰ বাবে অন্য একো নাচাবা৷ আৰু প্ৰায় সকলো দলৰ সাংসদ মোৰ ওচৰলৈ আহিছিল৷

আয়ুষ্মান ভাৰত যোজনাৰ শক্তি কি সেয়া সেই সাংসদে জানে যিয়ে নিজৰ এলেকাত সেই দুখীয়াৰ সহায়ৰ বাবে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে৷ আজি প্ৰায় চিঠিৰ সংখ্যা শূন্য হৈ গৈছে৷ কোনো সাংসদৰ চিঠি আজি নাই কাৰণ তেওঁ জানে যে আয়ুষ্মান ভাৰতৰ দ্বাৰা লাভান্বিত হৈছে যেতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ যোৱাৰ কোনো আৱশ্যক নাই৷ এই বৃহৎ পৰিৱৰ্তনৰ দ্বাৰা এতিয়া ৩০ লাখ লোকে আয়ুষ্মান ভাৰতৰ জৰিয়তে উপকৃত হৈছে৷

হয়, আমি জনপ্ৰতিনিধি হয়, জনতাৰ মাজলৈ যাও, কিবা যদি ঋণাত্মক পৰিস্থিতি আমি লক্ষ্য কৰো তেন্তে সেয়া আমি সকলোৱে মিলি সংশোধন কৰা উচিত৷ আপোনালোকে মোৰ ধ্যান আকৰ্ষিত কৰক৷ আয়ুষ্মান ভাৰত যোজনাত আমি যিমানেই শক্তিশালী কৰিম সিমানেই প্ৰকৃততে এই দেশৰ দুখীয়াক আমি অধিক দুখীয়া হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম৷ অন্যথা দুখীয়াই যদি নতুন মধ্যবিত্ত শ্ৰেণীৰ দিশলৈ গৈ আছে, ভৰি ৰাখিছে, ঘৰত কাৰোবাৰ বেমাৰ হ’ল তেন্তে তেওঁৰ সমগ্ৰ ২০ বছৰৰ পৰিশ্ৰম পানী হৈ যায়৷ এয়া অতিশয় মানৱীয়তাৰ কাম হ’ব৷ সেয়ে আয়ুষ্মান ভাৰতৰ আলোচনা কৰাৰ পৰিৱৰ্তে আৰু ইয়াৰ কৃতিত্ব মোদীয়ে লৈ যাব…. পাই গ’লো ভাই….নিৰ্বাচনৰ ফলাফল লাভ কৰিলো…এতিয়া কাম আৰম্ভ কৰক৷ ২০২৪ৰ বাবে নতুন কাম কৰিম, আপোনালোকে চিন্তা নকৰিব৷ আৰু সেইবাবে মই বিচাৰিছো যে ইয়াক আগবঢ়াই নিয়া উচিত৷

ইয়াত বিহাৰৰ চমকী জ্বৰৰ বিষয়ে আলোচনা কৰা হৈছে৷ আমাৰ সকলোৰে বাবে এয়া দুখৰ কথা আৰু লজ্বাৰ কথা যে আধুনিক যুগত….মই মানি লৈছো যে যোৱা সাত দশকত চৰকাৰ আৰু সমাজৰ ৰূপত আমাৰ কিছু বিফলতা আছে, তাৰ ভিতৰত ই সবাতোকৈ বৃহৎ বিফলতা; সেই বিফলতাসমূহৰ ভিতৰত এয়া এক বিফলতা আৰু আমি সকলোৱে ইয়াত গুৰুতৰ সহকাৰে ল’ব লাগিব৷ মই জানো যে কিছুমান স্থানত যেনে পূব ইউপিত এইকেইদিন স্থিতি ভাললৈ আহিছে, তথাপিও সম্পূৰ্ণ দাবী কৰিব নোৱাৰি, কিন্তু সুন্দৰ স্থিতি প্ৰদৰ্শিত হৈছে৷

যি কথাসমূহক লৈ ধৰা হৈছে- টীকাকৰণৰ কামেই হওক, ছিটাৰ কামেই হওক, সুৰক্ষিত মাতৃত্বৰেই হওক…এই সকলো বিষয়ত আমি গুৰুত্ব দিচো৷ মোৰ বিশ্বাস যে এই যি দুখদায়ক স্থিতি হৈথে, মই ৰাজ্য চৰকাৰৰ সৈতে নিৰৱচ্ছিন্নভাৱে যোগাযোগত আছো৷ মই আমাৰ দেশৰ আৰোগ্য মন্ত্ৰীক তালৈ তুৰন্তে প্ৰেৰণ কৰিছিলো৷ আৰু লগ হৈ তাত যিমান পাৰি সোনকালে সংকটৰ পৰা বাহিৰ কৰিব লাগে৷ পোষণেই হওক, টীকাকৰণেই হওক, সুৰক্ষিত মাতৃত্বই হওক, আয়ুষ্মান ভাৰত যোজনাৰ লাভেই হওক; এই সকলো বিষয় যিমান বেছিকৈ আমি প্ৰচাৰ কৰিম, সিমানেই এনে সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰিব৷ আজি এখন ৰাজ্যত হৈছে কাইলৈ আন এখন ৰাজ্যতো হ’ব পাৰে৷ আমি প্ৰ’-এক্টিভ হৈ এনে সমস্যাৰ পৰা জনতাক ৰক্ষা কৰাৰ বাবে কাম কৰিব লাগিব৷

সকলোৰে সৈতে-সকলোৰে বিকাশ, এই কথা যেতিয়া মই কও তেতিয়া ই ৰাজনৈতিক শ্লোগান নহয়৷ আমাৰ দেশৰ এনে কিছু ভু-ভাগ আছে যি বিকাশৰ দৌৰত পিছ পৰি ৰৈছে৷ আমি ১১২খন প্ৰত্যাশী জিলা চিনাক্ত কৰিছো, পেৰামিটাৰৰ আধাৰত কৰিছো৷ ৰাজনীতিৰ চাপত থকা কিছুমান জিলাই তাতেও নিজৰ হাত ডাঙি দিছে৷ মই আচৰিত হৈছো কিয় এনেকুৱা কৰে, ইয়াত কোনটো ৰাজনীতি আছে৷ কিন্তু ইয়াৰ ফলত যি হ’ল…. অন্যথা এই ৰাজ্যসমূহ…মই যেতিয়া গুজৰাটত আছিলো, আমাৰ ইয়াত কাৰোবাক কচ্ছত নিয়োগ কৰিলে কৈছিল যে তেওঁক কালাপানীৰ শাস্তি দিয়া হৈছে, কোনো বিষয়াই তালৈ যাবলৈ প্ৰস্তুত নাছিল৷ এতিয়া অৱশ্যে কচ্ছ জিলা দেশৰ দ্ৰুত গতিত উন্নয়ন হোৱা জিলাসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে, আজি তেনে স্থিতি নাই….এটা সময়ত আছিল৷ অৱশ্যে হিন্দুস্তানত প্ৰত্যেক ৰাজ্যতে এখন-দুখন, এখন-দুখন তেনে জিলা থাকে৷ তাত কোনো বিষয়াৰ নিযুক্তি হ’লে সেই বিষয়াৰ কাম নাই, অমুক…এনেকুৱাই৷ সেই মনোবৃত্তি পৰিৱৰ্তনৰ বাবে যুৱ বিষয়াসমূহক নিযুক্তি দিয়ক, ৰাজ্যসমূহৰ সৈতে মোৰ কথা হৈছে৷ যুৱ বিষয়াসকলক নিযুক্তি দিয়া হৈছে আৰু এই ১১২খন জিলাৰ দৈনন্দিন নিৰীক্ষণ হৈছে৷ কোনো পেৰামিটাৰৰ সংশোধন হৈছে৷ সকলোৰে সৈতে- সকলোৰে বিকাশৰ অৰ্থ এয়াই যে যি পিছ পৰি ৰৈছে তেওঁক উন্নতিৰ পথলৈ আনিব লাগে৷ এবাৰ উন্নতিৰ পথলৈ আহিলে তেওঁৰ বিশ্বাস বৃদ্ধি হ’ব আৰু আগলৈ আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিব৷

উত্তৰ পূৰ্বাঞ্চল, নৰ্থ-ইষ্টৰ আমি যিমান গুৰুত্ব দিব লাগে, কোনোবা নহয় কোনোবাটো কাৰণত…কিন্তু যোৱা পাঁচ বছৰত সম্পূৰ্ণ গুৰুত্ব দিয়া হৈছে৷ এটা পৰিবেশৰ সৃষ্টি হৈছে৷ ইয়াক অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন৷ ৰাজনৈতিকভাৱে কোনো খেল…অন্যথা তাৰ পৰা এজন এজন সাংসদ অথবা কোনো ইমান ডাঙৰ দেশৰ চৰকাৰৰ সাংসদ হওক, মোৰ বাবে সাংসদ প্ৰধান নাছিল; মোৰ বাবে উত্তৰ-পূব এই দেশৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ৷ দেশৰ উজ্বল ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ৷ আৰু সেইবাবে যোৱা পাঁচ বছৰত অধিকাংই…অৰ্থাৎ মন্ত্ৰীসকলে তালৈ যোৱাটো বাধ্যতামূলক আছিল৷ আৰু কেৱল ৰাজ্যৰ ৰাজধানীলৈ নহয়, এটা ৰাতি অৱস্থান কৰি কোনো জিলালৈ যোৱাটো বাধ্যতামূলক আছিল৷ ইয়াৰ অন্তৰালত মোৰ এটাই চিন্তা আছিল যে সকলোৰে সৈতে- সকলোৰে বিকাশ অৰ্থ হ’ল যে ভৌগোলিক ৰূপত দেশৰ সকলো ক্ষেত্ৰৰে বিকাশ হ’ব লাগে৷

অলপতে মই পানীৰ সৰ্বেক্ষণ কৰিলো৷ প্ৰায় ২২৬খন এনে জিলা আছে য’ত পানীৰ সমস্যা আছে৷ কোন ৰাজ্যত হ’ব এয়া মোৰ অভিযান নহয়, পেৰামিটাৰৰ আধাৰত৷ এতিয়া মই সকলোকে ম’বিলাইজ কৰি আছো, আপোনালোকৰো সহায় বিচাৰিম যাতে ইয়াক কেনেকৈ আগুৱাই নিয়া হয়৷ এম পি এল ই ডি পুঁজিত পানীক অগ্ৰাধিকাৰ কেনেকৈ দিয়া হয়৷ এবাৰ দেশক এনে সমস্যাৰ পৰা মুক্ত কৰিব পাৰিলেই, কাৰণ পানীৰ সমস্যাৰ পৰা দেশক মুক্ত কৰিব লাগিব আৰু পানীৰ বাবে সমাজক সজাগ কৰাটো সিমানেই প্ৰয়োজন যাতে ভৱিষ্যতৰ আগন্তুক প্ৰজন্মক পানীৰ সংকটৰ পৰা ৰক্ষা কৰিব পাৰি৷ আৰু সেইবাবে জন শক্তি মন্ত্ৰালয় পৃথকে গঠন কৰা হৈছে আৰু সেই দিশত কাম আগবঢ়াই নিয়া হৈছে৷

আমাৰ ইয়াত প্ৰথমেই মই কৈছিলো যে পাঁচ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি নিৰ্মাণ কৰিব লাগিব৷ ইয়াত দেউলীয়া আইনক লৈ যথেষ্ট চৰ্চা কৰা হৈছে৷ Fugitives economic offenders act বিষয়ত Insolvency and Bankruptcy আইনৰ প্ৰভাৱ এনে হৈছে যে তিনি লাখ কোটি টকা কেৱল আইন প্ৰস্তুত কৰাৰ ফলতেই ঘূৰি আহিছে, তিনি লাখ কোটি টকা৷ অন্যথা ইয়াক লৈ কাৰো গুৰুত্বই নাছিল৷ এটা পৰিবেশৰ সৃষ্টি হৈছে, আমি ইয়াত ঋণাত্মক প্ৰভাৱ দেখা পাইছো আৰু ইয়াৰ পৰা মুক্ত হোৱাৰ প্ৰয়াস কৰিছো৷ আমি সকলোৱে লগ হৈ ইয়াক কৰিব লাগে আৰু মোৰ বিশ্বাস যে ইয়াৰ বাবে যি প্ৰয়াস কৰা হৈছে তাৰ পৰিণাম পোৱা যাব৷ ইয়াত সহযোগিতামূলক সংঘবাদৰ যি কথা কোৱা হৈছে, মই ভাবো যে সংবিধান নিৰ্মাতাসকলে অতিশয় দীৰ্ঘদৃষ্টিৰ সৈতে আমাক এনে এক দস্তাবেজ প্ৰদান কৰিছে যে আমি দেশক ঐক্যতাৰ ডোলেৰে আগুৱাই লৈ যাব পাৰো৷

সহযোগিতামূলক প্ৰতিস্পৰ্ধামূলক সংঘবাদৰ বাতাৱৰণ ৰাজ্যসমূহত সৃষ্টি কৰাটো অতিশয় আৱশ্যক৷ কিন্তু মই ভাবো যে আমি যি মন্ত্ৰ লৈ আগবাঢ়িছো আৰু মই অলপতে তেওঁলোকক ব্যাখ্যায়িত কৰিছিলো এক NARA – National ambition with regional aspirationsৰ৷ এই NARAৰ মন্ত্ৰক লৈ মই কৈছিলো যে আমি দেশক আগুৱাই লৈ যাব লাগে৷ কিন্তু প্ৰশ্ন এয়াই যে এই দেশত এনেকুৱা এটা বিষয় নাই নেকি য’ত আমাৰ সহমতি নাই? এনেকুৱা হ’ভ নোৱাৰে নেকি? আমি সহমতিৰ বিষয়সমূহক লৈ দেশত এনে এক পৰিবেশৰ সৃষ্টি কৰিব নোৱাৰো নেকি?
গান্ধী-১৫০ আৰু স্বাধীনতা- ৭৫ হ’ল এনে এক সুযোগ৷আমি সেই অৱকাশক লৈ কিদৰে আগবাঢ়িব লাগে সেয়া আমি কৰিব লাগে৷ কিন্তু এই ৰাজ্যসভাও সেই সংঘবাদ গাঁথনিৰ অংশ নেকি? আমিবোৰ স্বতন্ত্ৰ গোট নেকি?নহয়, আমি সেই ব্যৱস্থাৰ এক অংশ৷ আৰু লোকসভাত দেশৰ জনতাই নিৰ্বাচিত কৰি পঠিয়াইছে৷ কিন্তু যিহেতু ইয়াত নম্বৰ নাই সেইবাবে প্ৰতিটো কাম এনেকৈ ৰখাই থ’ম….ঠিক আছে, আমাক নীচ দেখুওৱাত যদি আপোনালোকে আনন্দ পায় তেন্তে এয়া সুখৰ কথা, কিন্তু দেশৰ….মই কাৰো আলোচনা কৰা নাই, মই কেৱল বিশ্লেষণ কৰি আছো৷

যোৱা পাঁচ বছৰত বহু হ’বলগীয়া কাম ৰখাই আমি থৈছো৷ আপোনালোকে মোক কওক, যি বিধেয়ক গৃহীত হৈছে লোকসভাত, কাৰণ ৰাজ্যসভাই গৃহীত কৰা নাই…এতিয়া সেয়া লোকসভাত পুনৰ বাৰ হ’ব, পুনৰ লোকসভাৰ ব্যয় হ’ভ, দেশ কৰদাতাসকলৰ টকা ব্যয় হ’ব, সময় ব্যয় হ’ব, তাৰ পিছতহে হ’ব৷ এই কাম আমাৰ ৰাজ্যসভাইও কৰিব পাৰে আৰু এয়াও সুস্থ সংঘবাদ গাঁথনিৰ অংশ৷ এই সংঘবাদ গাঁথনিৰ পৰিভাষাক লৈ ৰাজ্যসভাৰ দায়িত্বও বাঢ়ে আৰু মই ভাবো যে আমি সেই দায়িত্বৰ দিশে আগবাঢ়িব লাগিব৷

আৰু আমাৰ কথা মানক বা নামানক আপোনাৰ ইচ্ছা, তাৰবাবে মই একো নকও৷ কিন্তু মই ভাবো যে আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ দাৰ কথা আমি সকলোৱে মানিব লাগে৷ মইও মানিব লাগে, আপুনিও মানিব লাগে, আপুনিও৷ প্ৰণৱ দাই অতি স্পষ্ট ভাষাৰে কৈছিল- It is that the majority has got the mandate to rule and the minority has got the mandate to oppose৷ মই নামানো যে ইয়াত কোনো মতভেদ আছে৷ কিন্তু প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে আগলৈ কৈছে- but nobody has got the mandate to obstruct৷ মই ভাবো যে আমি এই মন্ত্ৰক লৈ আগুৱাই যাব লাগে, তেতিয়াহে প্ৰকৃতাৰ্থত সংঘবাদ গাঁথনি…আৰু আপোনালোকতো ৰাজ্যসমূহৰ সক্ৰিয় প্ৰতিনিধি৷ ৰাজ্যসমূহৰ প্ৰত্যাশা আপোনালোকৰ অভিব্যক্তিত প্ৰকাশ পাব লাগে৷ ইয়াত দলৰ ঊৰ্ধলৈ গৈ আপোনালোকৰ ৰাজ্যৰ কল্যাণৰ বাবে ধ্বনি গুঞ্জৰিত হ’ব লাগে৷

এয়া সত্য যে ভাৰত যেনেকুৱা দেশ- সকলো বস্তু সকলো ৰাজ্যই একেলগে পাব, এনে নহয়৷ কোনোবাই প্ৰথমে পাব, তাৰ পিছত আনখনে পাব৷ কোনোবাই পোৱাটোও সম্ভৱ নহ’ব পাৰে৷ এনেকুৱা হৈয়েই থাকে, পূৰ্বতেও হৈছিল৷ কিন্তু ইয়াৰ বাবে সংখ্যাৰ আধিক্যৰ ফলত আমি দেশৰ সকলো কাম বন্ধ কৰি দিও, আৰু মই জানো, যোৱাবাৰ যেতিয়া সদন বহিছিল তেতিয়া আনন্দজী আৰু গুলাম নবীজী, দুয়ো মোক কৈছিল, চাহাব কিবা এটা কৰিব লাগিব৷ একাধিক ৰাজ্যৰ এটা সমস্যা আৰু এজন সাংসদে থিয় হৈ বাধা প্ৰদান কৰিব, ই কেনেকৈ হ’ব৷ এওঁলোক দুয়ো মোক কৈছিল, ঠিক কথা৷
মই ভাবো আমি লগ হৈ সদন পৰিচালনা কৰা, সদনক আগুৱাই লৈ যোৱা, দেশক আগুৱাই লৈ যোৱা, এই কামক লৈ আগবাঢ়িব লাগিব৷ মইও এয়াই কৈছো যে গান্ধী-১৫০ আৰু স্বাধীনতা-৭৫- এনে এক প্ৰেৰণাৰ কেন্দ্ৰবিন্দু আমাৰ ওচৰত আছে, এনেকুৱা তাৰিখ- আমি সকলোৱে মিলি এনেকুৱা এক নেতৃত্ব প্ৰদান কৰিব লাগে যি দেশৰ জনসাধাৰণক কিবা নহয় কিবা এটা কৰাৰ বাবে আগলৈ লৈ যাব পাৰে, কৰ্তব্য ভাৱ জগাই তুলিব পাৰে, সকলোৱে কিবা নহয় কিবা এটা কৰাৰ বাবে প্ৰস্তুত আৰু সেয়া হ’ব পাৰে৷ যদি বিদ্যালয়সমূহত আমি এয়া শিকাব পাৰো যে হাত ধুইহে খাদ্য গ্ৰহণ কৰিব লাগে৷ নিয়ম বনাওক- আহক, গান্ধী-১৫০ত মোৰ জীৱনত নিয়ম কৰি লও আৰু ইয়াক মই পালন কৰিম৷ কোনোবাই ক’ব মই সৰু ল’ৰা কিন্তু খাদ্য অপব্যয় নকৰো৷

আমাৰ কৃষকসকলৰ মনত এই ভাৱৰ উদয় হওক যে পূৰ্বতে আমি যিমান ইউৰিয়া ব্যৱহাৰ কৰিছিলো, এয়া মোৰ ভাৰত মাতাৰ ভূমিৰ স্বাস্থ্যৰ বাবে দহ শতাংশ ইউৰিয়া কম ব্যৱহাৰ কৰিম৷ সৰু, সৰু কথা…১৯৪২-১৯৪৭ চনৰ সময়চোৱা প্ৰত্যক্ষ কৰক, গান্ধীজীয়ে এনেকুৱা সৰু সৰু কথাক লৈ সকলোকে দায়বদ্ধ কৰি তুলিছিল৷ সেই কথাটোকে লৈ আমি….আমি একো নতুন কৰিব নালাগে, সেই মডেলটোকে লৈ আজিৰ যুগত কিদৰে আমি আগবাঢ়িব পাৰিম..আমি নিশ্চিত কৰিব লাগিব যে কিবা নহয় কিবা এটাতো এৰিব লাগিব, নতুন ভাৰত সৃষ্টি কৰাৰ যি সপোন সেই মডেলক সকলোৱে আঁকোৱালি ল’ব পাৰিব কিন্তু দেশক প্ৰাচীন অৱস্থাত ৰাখিব নোৱাৰি৷ দেশৰ যুৱপ্ৰজন্মৰ অনুকূলে দেশক নিৰ্মাণ কৰিব লাগিব৷
মোৰ বিশ্বাস যে যি চৰ্চা হ’ল, তাৰে ভিতৰত যিটো শ্ৰেষ্ঠ, সেই অমৃতক লৈ আমি আগবাঢ়িব লাগিব, দেশৰ কল্যাণৰ বাবে কিবা নহয় কিবা এটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷

মই পুনৰবাৰ এই আলোচনাত যিসকলে অংশগ্ৰহণ কৰিলে তেওঁলোকক ধন্যবাদ প্ৰদান কৰিছো৷ ৰাষ্ট্ৰপতি মহোদয়ৰ অভিভাষণত ধন্যবাদ প্ৰদান কৰি আপোনালোক সকলোকে ধন্যবাদ প্ৰদান কৰি মই মোৰ ভাষণ সামৰিছো৷
অশেষ ধন্যবাদ৷

*******

अतुल तिवारी/शाहबाज़ हसीबी/बाल्मी্कि महतो/ममता साहनी/निर्मल शर्मा/MANN