Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৭ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰীৰ কেৰেলাৰ কোচি ভ্ৰমণ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী ২০১৯ তাৰিখে কেৰেলাৰ কোচি ভ্ৰমণ কৰিব৷ এই ভ্ৰমণৰ সময়চোৱাত তেওঁ বিপিচিএল কোচিত সংবদ্ধ শোধনাগাৰ প্ৰসাৰণ কমপ্লেক্স ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিব৷ তাৰোপৰি তেওঁ একেটা স্থানতে পেট্ৰ’কেমিকেল কমপ্লেক্সৰো আধাৰশিলা স্থাপন কৰিব৷ কোচিৰ আইঅ’চিএল এলপিজি বটলিং প্লাণ্টত ম’ণ্ডেড ষ্ট’ৰেজ ভেছেল মুকলি কৰাৰ লগতে ইট্টুমানুৰত দক্ষতা বিকাশৰ প্ৰতিষ্ঠানৰ আধাৰশিলাও স্থাপন কৰিব৷

সংবদ্ধ শোধনাগাৰ প্ৰসাৰণ কমপ্লেক্স এক আধুনিক প্ৰসাৰণ কমপ্লেক্সলৈ পৰিৱৰ্তিত হ’ব আৰু ইয়াত বিশ্বমানৰ গুণগততা প্ৰদান কৰা হ’ব৷ ইয়াত ভাৰতৰ বাবে ইন্ধন পৰিষ্কাৰৰ সঁজুলি স্থাপন কৰা হ’ব৷ ই এলপিজি আৰু ডিজেলৰ উৎপাদন দুগুণ কৰিব আৰু এই কাৰখানাৰ পেট্ৰ’কেমিকেল প্ৰকল্পৰ বাবে কেঁচামাল যোগান ধৰিব৷

কোচিৰ আইঅ’চিএল এলপিজি বটলিং প্লাণ্টৰ ম’ণ্ডেড ষ্ট’ৰেজ ভেছেলৰ মুঠ জমা সামৰ্থ হ’ব ৪৩৫০ মেট্ৰিকটন৷ ইয়াৰ জৰিয়তে ৬ দিনৰ বটলিং সামৰ্থ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ই আটাইতকৈ সুৰক্ষিত প্লাণ্ট হিচাপে বিবেচিত হ’ব৷

বিপিচিএল কোচিৰ পেট্ৰ’কেমিকেল কমপ্লেক্স মেক ইন ইণ্ডিয়াৰ অধীনত এক পদক্ষেপ৷ প্ৰপিলিনৰ পৰা আহৰণ কৰা পেট্ৰ’কেমিকেল আৰু পলিয়’ল প্ৰকল্পই বিভিন্ন নিম্ন উদ্যোগৰ অনুঘটক হিচাপে কাম কৰিব৷

পেট্ৰ’কেমিকেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত ইট্টুমানুৰত স্থাপন কৰিবলগীয়া দক্ষতা বিকাশৰ প্ৰতিষ্ঠানে কাৰিকৰী শিক্ষা প্ৰদান কৰাৰ লগতে তেল আৰু গেছৰ খণ্ডত যুৱপ্ৰজন্মৰ বাবে নিয়োজনৰ সুবিধাও প্ৰদান কৰিব৷ এই বিশ্বমানৰ প্ৰতিষ্ঠানখন কেৰেলা চৰকাৰে প্ৰদান কৰা আঠ একৰৰ ভূমিত স্থাপন কৰা হ’ব৷ ইয়াত প্ৰতিবছৰে ২০টা বিভিন্ন বিষয়ত ১০০০ গৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰাৰ ক্ষমতা থাকিব৷

ইয়াৰ পূৰ্বে ১৫ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰীয়ে ক’ল্লাম বাইপাথ মুকলি কৰিছিল আৰু থিৰুৱনন্তপুৰমৰ পদ্মনাভস্বামী মন্দিৰ দৰ্শন কৰিছিল৷

***

AKT/AK/MANN