Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৭.১২.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত


মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ আজি ২৭ দিচেম্বৰ৷ চাৰি দিনৰ পিছতেই ২০২১ বৰ্ষ আৰম্ভ হব৷ আজিৰ মন কী বাতএক প্ৰকাৰে ২০২০ৰ অন্তিমটো মন কী বাত৷ পৰৱৰ্তী মন কী বাত ২০২১ বৰ্ষত আৰম্ভ হব৷ বন্ধুসকল, মোৰ ওচৰত আপোনালোকে প্ৰেৰণ কৰা বহু চিঠি আছে৷ মাই গভত আপোনালোকে যি পৰামৰ্শ প্ৰদান কৰে সেয়াও মোৰ সন্মুখত আছে৷ কিমান লোকে ফোন কৰিও নিজৰ কথা কৈছে৷ অধিকাংশ বাৰ্তাত বিগত বৰ্ষৰ অনুভৱ আৰু ২০২১ ৰ সৈতে জড়িত সংকল্পসমূহ আছে৷ কোলহাপুৰৰ পৰা অঞ্জলীজীয়ে লিখিছে যে নতুন বৰ্ষত আমি আনক শুভকামনা জনাও, অভিনন্দন জনাও, এইবাৰ আমি এটা নতুন কাম কৰিব পাৰো৷ এইবাৰ আমি আমাৰ দেশক অভিনন্দন জনাও, দেশক শুভকামনা জনাও৷ অঞ্জলীজী, সঁচাকৈয়ে এয়া অতিশয় সুন্দৰ বিচাৰ৷ আমাৰ দেশে ২০২১ত সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰক, বিশ্বত ভাৰতৰ পৰিচয় অধিক সশক্ত হওক, এই কামনাতকৈ ডাঙৰ কথা আন কি হব পাৰে৷

বন্ধুসকল, নমো এপত মুম্বাইৰ অভিষেকজীয়ে এটা বাৰ্তা প্ৰেৰণ কৰিছে৷ তেওঁ লিখিছে যে ২০২০ত আমি যি যি দেখিলো, যি যি শিকিলো সেয়া কেতিয়াও ভবা নাছিলো৷ কৰোনাৰ সৈতে জড়িত বিভিন্ন কথা তেওঁ লিখিছে৷ এই চিঠিসমূহত, এই বাৰ্তাসমূহত মই এটা কথা সাদৃশ্যতা দেখিবলৈ পাইছো৷ বিশেষভাৱে দেখা পাইছো৷ আৰু সেয়া  মই আপোনালোকৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিছো৷ অধিকাংশ চিঠিত জনসাধাৰণে দেশৰ সামৰ্থ, দেশবাসীৰ সামূহিক শক্তিৰ ভৰপূৰ প্ৰশংসা কৰিছে৷ যেতিয়া জনতা কাৰ্ফিউৰ দৰে অভিনৱ প্ৰয়াস সমগ্ৰ বিশ্বৰ বাবে প্ৰেৰণা হৈ পৰিল, যেতিয়া তালিথালি বজাই দেশবাসীয়ে আমাৰ কৰোনাৰ যোদ্ধাসকলক সন্মান প্ৰদৰ্শন কৰিলে, ঐক্যৱদ্ধতা প্ৰদৰ্শন কৰিলে, সেয়াও বহু লোকে স্মৰণ কৰিছে৷

বন্ধুসকল, দেশৰ সাধাৰণতম জনতাইও এই পৰিৱৰ্তন অনুভৱ কৰিছে৷ মই দেশত আশাৰ এক অদ্ভুত প্ৰৱাহ প্ৰত্যক্ষ কৰিছো৷ প্ৰত্যাহ্বান আহিছে৷ সংকটো অনেক আহিছে৷ কৰোনাৰ বাবে বিশ্বত যোগান শৃংখলত বিপত্তিৰ সৃষ্টি হৈছে৷ কিন্তু আমি এই সংকটৰ পৰা নতুন কথা শিখিছো৷ দেশত নতুন সামৰ্থৰো সৃষ্টি হৈছে৷ কথাৰে প্ৰকাশ কৰিবলৈ গলে এই সামৰ্থৰ নাম হআত্মনিৰ্ভৰতা

বন্ধুসকল, দিল্লী নিবাসী অভিনৱ বেনাৰ্জীয়ে নিজৰ যি  অনুভৱ মোলৈ লিখি প্ৰেৰণ কৰিছে সেয়া অতিশয় হদয়স্পৰ্শী৷ অভিনৱজীয়ে তেওঁৰ আত্মীৰ সৰু লৰাছোৱালীৰ উপহাৰ ক্ৰয় কৰাৰ বাবে দিল্লীৰ ঝাণ্ডেবালান বজাৰলৈ গৈছিল৷ আপোনালোকৰ বহুতেই জানে যে দিল্লীৰ এই বজাৰখন চাইকেল আৰু খেলা সামগ্ৰীৰ বাবে বিখ্যাত৷ প্ৰথমে তাত খেলাসামগ্ৰীৰ অৰ্থ আছিল আমদানিকৃত খেলাসামগ্ৰী, যি সস্তাও আছিল৷ কিন্তু অভিনৱজীয়ে চিঠিত লিখিলে যে এতিয়াৰে তাৰে বহু দোকানীয়ে এই বুলি কৈ পুতলা বিক্ৰী কৰি আছে যে ভাল পুতলা লওক কিয়নো এয়া ভাৰতত নিৰ্মাণ কৰা হৈছে, ‘মেড ইন ইণ্ডিয়াহয়৷ গ্ৰাহকেও ভাৰতত নিৰ্মিত পুতলা ক্ৰয় কৰিছে৷ এয়াইতো হএটা চিন্তাত কিমান এক ডাঙৰ পৰিৱৰ্তনএয়াই জীৱন্ত প্ৰমাণ৷ দেশবাসীৰ চিন্তাধাৰাত কিমান ডাঙৰ পৰিৱৰ্তন আহিছে, সেয়াও এবছৰৰ ভিতৰতে৷  এই পৰিৱৰ্তনৰ হিচাপ ওলোৱাটো ইমান সহজ নহয়৷ অৰ্থশাস্ত্ৰীয়েও ইয়াক পৰিমাপ কৰিব নোৱাৰে৷

বন্ধুসকল, মোলৈ বিশাখাপট্টনমৰ পৰা মুৰলীপ্ৰসাদ জীয়ে লিখিছে, তাত এক ভিন্ন ধৰণৰ চিন্তাধাৰা প্ৰকাশ পাইছে৷ ভেংকটজীয়ে লিখিছে, মই আপোনাক ২০২১ৰ বাবে মোৰ এবিচি গাঁঠি দিছো৷ মই বুজি নাপালো যে এই এবিচিৰ অৰ্থ কি৷ তেতিয়া মই দেখিলো যে ভেংকটজীয়ে চিঠিৰ সৈতে এখন চাৰ্ট গাঁঠি দিছে৷ মই সেই চাৰ্টখন চালো আৰু পিছত বুজি পালো যে এবিচিৰ অৰ্থ হল আত্মনিৰ্ভৰ চাৰ্ট, এবিচি৷ এয়াও হৃদয়স্পৰ্শী৷ ভেংকটজীয়ে তেওঁ নিজে প্ৰতিদিনে ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ এখন তালিকা প্ৰস্তুত কৰিছে৷ ইয়াত বৈদ্যতিক, ষ্টেচনাৰী, ছেল্ফ কেয়াৰ সামগ্ৰীৰ উপৰিও অন্যান্য বহু সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে৷ ভেংকটজীয়ে কৈছে যে আমি অজানিতে বহু এনে বিদেশী সামগ্ৰীৰ ব্যৱৰহাৰ কৰো যাৰ বিকল্প অতি সহজেই ভাৰতত উপলব্ধ৷ এতিয়া তেওঁ প্ৰতিজ্ঞা গ্ৰহণ কৰিছে যিবোৰ সামগ্ৰী তেওঁ ব্যৱহাৰ কৰিব, সেইসমূহত যাতে দেশবাসীৰ পৰিশ্ৰম আৰু ঘামৰ সুঘ্ৰাণ মিহলি হৈ থাকে৷

বন্ধুসকল, ইয়াৰ সৈতে তেওঁ আৰু এক ৰোচক কথা কৈছে৷ তেওঁ লিখিছে যে আমি আত্মনিৰ্ভৰ ভাৰতৰ সমৰ্থন কৰিছো কিন্তু আমাৰ নিৰ্মাণকাৰীসকলেও সামগ্ৰীসমূহৰ গুণগতমান যাতে কোনোগুণে হেৰফেৰ নহয় তাৰবাবও তেওঁলোকে লক্ষ্য কৰিব লাগে৷ কথাটো সঁচা৷ Zero effect, zero defect চিন্তাধাৰৰ সৈতে কাম কৰাৰ এয়াই উচিত সময়৷ মোৰ দেশৰ নিৰ্মাণকাৰীসকল আৰু  ঔদ্যোগিক নেতৃত্বত মই আহ্বান জনাইছো, দেশৰ জনতাই মজবুত পদক্ষেপ গ্ৰহণ কৰিছে, মজবুত খোজ আগবঢ়াইছে৷ ভকেল ফৰ লোকেল আজি ঘৰে ঘৰে গুঞ্জৰিত হৈছে৷ এতিয়া এয়া সুনিশ্চিত কৰাৰ সময় যে আমাৰ সামগ্ৰীসমূহো যাতে বিশ্বমানৰ হয়৷ বিশ্বৰ ভিতৰতে যিসমূহৰ শ্ৰেষ্ঠ সেয়া আমি ভাৰতত নিৰ্মাণ কৰি দেখুৱাম৷ ইয়াৰ বাবে উদ্যমী সতীৰ্থসকল আগুৱাই আহিব লাগিব৷ ষ্টাৰ্টআপসকলেও আগুৱাই আহিব লাগিব৷ পুনৰবাৰ ভেংকটজীক তেওঁৰ অতুলনীয় প্ৰয়াসৰ বাবে অভিনন্দন জনাইছো৷

বন্ধুসকল, আমি এই ভাৱনা বৰ্তাই ৰাখিব লাগিব আৰু বঢ়াব লাগিব৷ মই পূৰ্বেও কৈছো আৰু পুনৰবাৰ দেশবাসীক আহ্বান জনাম৷ আপোনালোকেও এখন তালিকা প্ৰস্তুত কৰক৷ দিনটোত আমি যি সামগ্ৰী ব্যৱহাৰ কৰো, সেই সামগ্ৰীসমূহ বিবেচনা কৰি চাওক যে অজানিতে আমাৰ জীৱনত কোনবোৰ বিদেশী সামগ্ৰীয়ে প্ৰৱেশ কৰিছে৷ আমাক এক প্ৰকাৰে বন্দী কৰি তুলিছে৷ ইয়াৰ ভাৰতীয় বিকল্পসমূহ সন্ধান কৰক আৰু নিশ্চিত কৰক যে আগলৈ ভাৰতত নিৰ্মিত, ভাৰতৰ জনসাধাৰণৰ পৰিশ্ৰম তথা ঘামেৰে উৎপাদিত সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰিম৷ আপোনালোকে প্ৰতিবছৰে নৱবৰ্ষৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে, এইবাৰ এনে এক প্ৰতিজ্ঞা দেশৰ বাবে গ্ৰহণ কৰক৷ 

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশৰ সহস্ৰ বৰ্ষ পুৰণি সংস্কৃতি, সভ্যতা আৰু ৰীতিনীতিক অত্যাচাৰীৰৰ হাতৰ পৰা ৰক্ষা কৰাৰ বাবে কিমানজনে বলিদান দিছে আজি সেয়া স্মৰণ কৰাৰ দিন৷ আজিৰ দিনটোতেই গুৰু গোৱিন্দ সিংজীৰ পুত্ৰ, চাহিবজাদে জোৰাৱৰ সিং আৰু ফতেহ সিঙক দেৱালত জীয়াই খোদিত কৰা হৈছিল৷ অত্যাচাৰীয়ে বিচাৰিছিল যে চাহিবজাদেয়ে নিজৰ আস্থা পৰিত্যাগ কৰক, মহান গুৰুৰ পৰম্পৰা পৰিত্যাগ কৰক৷ কিন্তু আমাৰ চাহিবজাদেয়ে নিচেই কম বয়সতেই সাংঘাটিক সাহস দেখুৱালে, ইচ্ছাশক্তি দেখুৱালে৷ দেৱালত জীয়াই খোদিত কৰাৰ সময়ত, এটাৰ ওপৰত এটাকৈ ইটা গঁথা হৈছিল, দেৱাল ওখ হৈ গৈ আছিল, কিন্তু তথাপিও তেওঁ সাহ নেহেৰুৱালে৷ আজিৰ দিনটোতেই গুৰু গোৱিন্দ সিংজীৰ মাতৃ মাতা গুজৰীও দেহত্যাগ কৰিছিল৷ প্ৰায় এসপ্তাহ পূৰ্বে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰো দেহত্যাগৰ তিথি আছিল৷ মই ইয়াত দিল্লীত গুৰুদ্বাৰ ৰকাবগঞ্জলৈ গৈ গুৰু টেগ বাহাদুৰ জীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ সৌভাগ্য লাভ কৰিলো৷  এই মাহত গুৰু গোৱিন্দ সিংজীৰ দ্বাৰা অনুপ্ৰাণিত অনেক লোকে মাটিত শোৱে৷ জনতাই শ্ৰী গুৰু গোৱিন্দ সিংজীৰ পৰিয়ালৰ লোকে শ্বহীদ হোৱাৰ দিনটো অতিশয় আস্থাৰে সোঁৱৰে৷ এই দেহত্যাগে সম্পূৰ্ণ মানৱতাক, দেশক নতুন শিকনি প্ৰদান কৰিছে৷ এই দেহত্যাগে আমাৰ সভ্যতাক সুৰক্ষিত কৰি ৰখাৰ মহান কাৰ্য কৰিছে৷ আমি এই কাৰ্যৰ প্ৰতি ঋণী৷ পুনৰবাৰ মই শ্ৰী গুৰু টেগ বাহাদুৰ জী, মাতা গুজৰী জী, গুৰু গোৱিন্দ সিংজী, আৰু চাৰিওজন চাহিবজাদা শ্বহীদক প্ৰণাম কৰিছো৷ এনেকুৱা অনেক শ্বহীদে ভাৰতৰ আজিৰ স্বৰূপ ৰক্ষা কৰিছে, বৰ্তাই ৰাখিছে৷

মোৰ মৰমৰ দেশবাসীসকল, এতিয়া মই এনেকুৱা কথা এটা কবলৈ ওলাইছো, যাৰ দ্বাৰা আপোনালোক আনন্দিতও হব আৰু গৌৰৱান্বিতও হব৷  ভাৰতত বাঘৰ সংখ্যা ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৬০ শতাংশতকৈও অধিক বৃদ্ধি হৈছে৷ ২০১৪ চনত দেশত বাঘৰ সংখ্যা প্ৰায় ৭,৯০০টা আছিল৷ ২০১৯ চনত ইয়াৰ সংখ্যা বৃদ্ধি হৈ ১২,৮৫২ টা হল৷ এই বাঘৰ বিষয়ে জিম কৰবেটে কৈছিল, ‘‘যিসকল লোকে বাঘত প্ৰকৃতিত স্বাচ্ছ্যন্দ ৰূপত ঘূৰি ফুৰা দেখা নাই, তেওঁলোকে ইয়াৰ সৌন্দৰ্য কল্পনা কৰিবই নোৱাৰে৷ ইয়াৰ ৰঙৰ সৌন্দৰ্য আৰু চালৰ মোহকতাৰ আণ্ডাজ লগাব নোৱাৰে৷’’ দেশৰ অধিকাংশ ৰাজ্যত, বিশেষকৈ মধ্য ভাৰতত বাঘৰ সংখ্যা বৃদ্ধি হৈছে৷ বাঘৰ সবাতোকৈ অধিক আবাদীৰ ৰাজ্যসমূহৰ ভিতৰত মধ্য প্ৰদেশ, কৰ্ণাটক আৰু  মহাৰাষ্ট্ৰত ইয়াৰ সংখ্যা অধিক বৃদ্ধই হৈছে৷ সমগ্ৰ বিশ্বতে বাঘৰ বসতি হ্ৰাস পাই আহিছে৷ এনে সময়ত ভাৰতে বাঘৰ আবাদী বৃদ্ধি কৰি বিশ্ববাসীক পথ প্ৰদৰ্শিত কৰিছে৷ আপোনালো এয়াও জানে যে বিগত কিছু বৰ্ষত ভাৰতত সিংহৰ সংখ্যা বৃদ্ধই পাইছে, বাঘৰ সংখ্যা বৃদ্ধি পাইছে, ভাৰতীয় বনক্ষেত্ৰ বৃদ্ধি পাইছে৷ কেৱল চৰকাৰেই নহয়, বহু লোক, বহু সংস্থাই আমাৰ বনতৃণ আৰু বন্যজীৱৰ সংৰক্ষণত নামি পৰিছে৷ এই সকলোবোৰ অভিনন্দনৰ পাত্ৰ৷

বন্ধুসকল, মই তামিলনাডুৰ কইম্বাটুৰৰ এক হৃদয়স্পৰ্শী প্ৰয়াসৰ বিষয়ে পঢ়িলো৷ আপোনালোকেও ছচিয়েল মিডিয়াত ইয়াৰ দৃশ্যাৱলী দেখিছে৷ আমি সকলোৱে মানুহৰ হুইলচেয়াৰ দেখিছো৷ কইম্বাটুৰৰ এজনী কন্যাই নিজৰ পিতৃৰ সৈতে এক পীড়িত কুকুৰৰ বাবে হুইলচেয়াৰ নিৰ্মাণ কৰিছে৷ এই সংবেদনশীলতা, প্ৰেৰণাদায়ী হব পাৰে৷ যেতিয়া ব্যক্তিৰ সকলো জীৱৰ প্ৰতি দয়া  আৰু কৰুণা ভাৱ থাকে তেতিয়া এয়া সম্ভৱ হব পাৰে৷ দিল্লী এনচিআৰ আৰু দেশৰ অন্য চহৰত ঠেঁটুৱৈ লগা জাৰত অঘৰী পশুসকলৰ কল্যাণৰ বাবে বহুতে কিবাকিবি কৰিছে৷ তেওঁলোকে এই পশুবোৰৰ খোৱাবোৱা আৰু ছুৱেটাৰ, বিচনাৰ ব্যৱস্থা কৰিছে৷ কিছুমান এনে লোক আছে যিয়ে নিতৌ শতাধিক এনে পশুৰ বাবে ভোজনৰ ব্যৱস্থা কৰিছে৷ এনে প্ৰয়াস প্ৰশংসাৰ যোগ্য হব লাগে৷ কিছুমান এনে প্ৰকাৰৰ নিষ্ঠাপূৰ্ণ প্ৰয়াস উত্তৰ প্ৰদেশ কৌশম্বীতো কৰাহৈছে৷ তাত কাৰাবাস খাটি থকা বন্দীসকলে গাইবোৰক শীতৰ পৰা ৰক্ষা কৰিবলৈ পুৰণি আৰু ফটা কম্বলৰ পৰা কভাৰ প্ৰস্তুত কৰি আছে৷ এই কম্বলবোৰ কৌশম্বীসহিতে অন্য জিলাৰ কাৰাগাৰৰ পৰা একত্ৰিত কৰা হৈছে আৰু গোশালাসমূহলৈ প্ৰেৰণ কৰা হৈছে৷ কৌশম্বী কাৰাগাৰৰ কয়দীসকলে প্ৰতি সপ্তাহে এনে অনেক কভাৰ নিৰ্মাণ কৰিছে৷ আহক, আনৰ কল্যাণৰ বাবে সেৱাভাবেৰে এই প্ৰকাৰৰ প্ৰয়াসক উৎসাহিত কৰো৷ এই বাস্তৱিকতে এনে এক সৎকাৰ্য, যি সমাজৰ সংবেদনাসমূহক সশক্ত কৰে৷

মোৰ মৰমৰ দেশবাসীসকল, এতিয়া যিখন পত্ৰ মোৰ সন্মুখত আছে তাত দুখন ডাঙৰ ফটো আছে৷ এই ফটো এটা মন্দিৰৰ পূৰ্বৰ আৰু এতিয়াৰ ফটো৷ এই ফটোৰ সৈতে যি পত্ৰ আছে তাত যুৱচামৰ এনে এক দলৰ বিষয়ে কোৱা হৈছে যিয়ে নিজকে যুৱ ব্ৰিগেড বুলি পৰিচয় দিয়ে৷ দৰাচলতে এই যুৱ ব্ৰিগেডে কৰ্ণাটকৰ শ্ৰী ৰংগপটনৰ ওচৰত অৱস্থিত বীৰভদ্ৰ স্বামী নামৰ এক প্ৰাচীন শিৱ মন্দিৰৰ কায়াকল্প প্ৰস্তুত কৰিছে৷ এদিন কিছু পৰ্যটকে পাহৰণিৰ সোঁতত জাহ যোৱা এই মন্দিৰৰ এক ভিডিঅচিয়েল মিডিয়াত আপলোড কৰি দিলে৷ যুৱ ব্ৰিগেডে এই ভিডিঅচিয়েল মিডিয়াত প্ৰত্যক্ষ কৰি একত্ৰিতভাৱে এই মন্দিৰৰ জীৰ্ণোদ্ধাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ তেওঁলোকে মন্দিৰ পৰিসৰৰ জংগলসমূহ পৰিষ্কাৰ কৰিলে৷ যত মেৰমতি আৰু নিৰ্মাণৰ আৱশ্যকতা আছিল সেয়া সম্পূৰ্ণ কৰিলে৷ তেওঁলোকৰ এই ভাল কাম দেখি স্থানীয় লোকসকলেও সহায়ৰ হাত আগবঢ়ালে৷ কিছুমানে চিমেণ্ট দিলে, কিছুমানে ৰং দিলে৷ এনেকৈ বহুলোকে অৱদান আগবঢ়ালে৷ এই আটাইবোৰ যুৱক বিভিন্ন পেছাৰ সৈতে জড়িত৷ সেয়ে তেওঁলোকে সপ্তাহান্তিকৰ সময়ছোৱাত মন্দিৰৰ কাম আৰম্ভ কৰিলে৷ যুৱকসকলে মন্দিৰত দুৱাৰ লগোৱাৰ লগতে বিদ্যুতৰ সংযোগো প্ৰদান কৰিলে৷ এইদৰে তেওঁলোকে মন্দিৰটোৰ পুৰণি বৈভৱ পুনৰ স্থাপিত কৰিলে৷ ইচ্ছা আৰু দৃঢ় নিশ্চয়তা এনেকুৱা দুটা বস্তু যাৰ দ্বাৰা মানুহে প্ৰতিটো লক্ষ্য প্ৰাপ্ত কৰিব পাৰে৷ যেতিয়া মই ভাৰতৰ যুৱচামলৈ লক্ষ্য কৰো তেওঁ মই নিজকে আনন্দিত আৰু আশ্বস্ত অনুভৱ কৰো৷ আনন্দিত আৰু আশ্বস্ত এইবাবেই কিয়নো মোৰ দেশৰ যুৱচামৰ হৃদয়ত কৰিব পাৰোৰ ভাৱনা বিদ্যমান আছে আৰু কৰিমেইৰ সত্বাও বিদ্যমান আছে৷ তেওঁলোকৰ বাবে কোনো প্ৰত্যাহ্বানেই বৃহৎ নহয়৷ কোনো বস্তুৱেই তেওঁলোকৰ অগম্য নহয়৷ মই তামিলনাডুৰ এগৰাকী শিক্ষকৰ বিষয়ে পঢ়িলো৷ তেওঁৰ নাম হেমলতা এন কে যিয়ে বিদুপুৰমৰ এখন বিদ্যালয়ত বিশ্বৰ সবাতোকৈ পুৰণি ভাষা তামিল পঢ়ুৱায়৷ কভিড১৯ মহামাৰীতো তেওঁৰ অধ্যাপনাৰ কামত বাধা আহি পৰা নাছিল৷ হয়! তেওঁৰ সন্মুখত প্ৰত্যাহ্বান নিশ্চয়কৈ আছিল কিন্তু তেওঁ এটা উদ্ভাৱনী পথ উলিয়াই লৈছিল৷ তেওঁ নিজৰ পাঠ্যক্ৰমৰ ৫৩টা অধ্যায়ক ৰেকৰ্ড কৰিলে, এনিমেটেড ভিডিঅপ্ৰস্তুত কৰিলে আৰু ইয়াক এটা পেন ড্ৰাইভত লৈ নিজৰ শিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰিলে৷ ইয়াৰ দ্বাৰা তেওঁৰ শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হল৷ তেওঁলোকে অধ্যায়সমূহ ভিজুৱেলীও বুজি পালে৷ ইয়াৰ লগতে তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে ফোনতো কথা পাতি থাকিল৷ ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ পঢ়াও আনন্দৰ বিষয় হৈ পৰিল৷ সমগ্ৰ দেশতে কৰোনাৰ এই সময়ছোৱাত শিক্ষকসকলে যি উদ্ভাৱনী পন্থা গ্ৰহণ কৰিলে, যি পাঠ্যপুথিৰ সামগ্ৰী প্ৰস্তুত কৰিলে, অনলাইনত যি পঢ়ুৱালে, সেয়া সঁচাকৈয়ে অমূল্য৷ মই সকলো শিক্ষকক আহ্বান জনাইছো যে এই পাঠ্যপুথিৰ সামগ্ৰীসমূহৰ শিক্ষা মন্ত্ৰালয়ৰ দীক্ষা পৰ্টেলত অৱশ্যেই আপলোড কৰক৷ ইয়াৰ দ্বাৰা দেশৰ দূৰদুৰণিৰ শিক্ষাৰ্থীসকলো উপকৃত হব৷

বন্ধুসকল, আহক এতিয়া কথা পাতো ঝাৰখণ্ডৰ কোৰৱা জনজাতিৰ হীৰামনজীৰ৷ হীৰামনজী গঢ়ৱা জিলাৰ সিঞ্জো গাঁৱত বাস কৰে৷ আপোনালোকে জানি আচৰিত হব যে কোৰৱা জনজাতিৰ আবাদীৰ সংখ্যা হল প্ৰায় ৬,০০০ জন যি চহৰৰ পৰা দূৰৈত পাহাৰ আৰু হাবিত বাস কৰে৷ নিজৰ সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰাৰ বাবে হীৰামন জীয়ে এক দায়িত্ব গ্ৰহণ কৰিলে৷ তেওঁ ১২ বছৰৰ অৰ্থক পৰিশ্ৰমৰ পিছত বিলুপ্ত হবলৈ ধৰা কোৰৱা ভাষাৰ এক শব্দকোষ প্ৰস্তুত কৰিছে৷ তেওঁ এই শব্দকোষত ঘৰগৃহস্থীত প্ৰয়োগ হোৱা শব্দৰ পৰা আৰম্ভ কৰি দৈনিক জীৱনত ব্যৱহাৰ হোৱা কোৰৱা ভাষাৰ অনেক শব্দৰ অৰ্থ লিখি উলিয়াইছে৷ কোৰৱা সম্প্ৰদায়ৰ বাবে হীৰামনজীয়ে যি এই কাম কৰিছে, সেয়া দেশৰ বাবে এক আদৰ্শ হৈ উঠিছে৷

মোৰ মৰমৰ দেশবাসীসকল, কোৱা হয় যে আকবৰৰ দৰবাৰৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল আবুল ফজল৷ তেওঁ এবাৰ কাশ্মীৰ যাত্ৰা কৰি কৈছিল যে কাশ্মীৰৰ এনে এক সৌন্দৰ্য আছে যাক দেখি অতিশয় খঙাল লোকো আনন্দত নাচি উঠিব৷ দৰাচলতে তেওঁ কাশ্মীৰৰ কেশৰৰ খেতি দেখি উল্লসিত হৈ পৰিছিল৷ কেশৰ শতিকাজুৰি কাশ্মীৰৰ সৈতে জড়িত হৈ আছে৷ কাশ্মীৰি কেশৰ মুখ্য ৰূপত পুলৱামা, বডগাম আৰু কিশ্তৱাড়ৰ দৰে ঠাইত উৎপাদন কৰা হয়৷ এই বছৰৰ মেমাহত কাশ্মীৰি কেশৰক জিঅগ্ৰাফিকেল ইণ্ডিকেচন টেগ অৰ্থাৎ জিআই টেগ প্ৰদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে আমি কাশ্মীৰি কেশৰক এক বিশ্বজনীন জনপ্ৰিয় ব্ৰেণ্ড কৰি তুলিব বিচাৰিছো৷ কাশ্মীৰি কেশৰ বৈশ্বিক স্তৰত এনে মচলাৰ ৰূপত প্ৰসিদ্ধ যাৰ বহুকেইটা ঔষধীয় গুণ আছে৷ ই অত্যন্ত সুগন্ধিযুক্ত, ইয়াৰ ৰং গাঢ় আৰু ইয়াৰ সুতা দীঘল আৰু শকত হয়, যিয়ে ইয়াৰ ঔষধি মূল্য বৃদ্ধই কৰে৷ ই জম্মুকাশ্মীৰৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে৷ গুণগতমানৰ কথা কবলৈ গলে কাশ্মীৰৰ কেশৰ অনন্য আৰু অন্য দেশৰ কেশৰতকৈ পৃথক৷ কাশ্মীৰৰ কেশৰক জিআই টেগ চিহ্নিত কৰাৰ ফলত ই এক পৃথক পৰিচয় লাভ কৰিছে৷ আপোনালোকে এয়া জানি সুখী হব যে কাশ্মীৰৰ কেশৰে জিআই টেগৰ স্বীকৃতি লাভ কৰাৰ পিছত ডুবাইৰ এক ছুপাৰমাৰ্কেটত ইয়াক মুকলি কৰা হৈছে৷ এতিয়া ইয়াৰ ৰপ্তানি বৃদ্ধি হব৷ ই আত্মনিৰ্ভৰ ভাৰত হোৱাৰ আমাৰ প্ৰয়াসক সৱলীকৃত কৰিব৷ কেশৰৰ কৃষকসকল বিশেষভাৱে উপকৃত হব৷ পুলৱামাৰ ত্ৰালৰ শাৰ এলেকাৰ বাসিন্দা আব্দুল মজিদ বাণীকেই চাওক৷ তেওঁ নিজৰ জিআই টেগযুক্ত কেশৰক ৰাষ্ট্ৰীয় ছেফ্ৰন অভিযানৰ সহায়ত পাম্পোৰৰ বাণিজ্য কেন্দ্ৰত ইবাণিজ্যৰ জৰিয়তে বিক্ৰী কৰিছে৷ তেওঁৰ দৰে বহু লোকে এই কাম কৰি আছে৷ আগলৈ যেতিয়া আপোনালোকে কেশৰ ক্ৰয় কৰিবলৈ বিচাৰে তেন্তে কাশ্মীৰৰ কেশৰহে ক্ৰয় কৰিব৷ কাশ্মীৰৰ জনতাৰ উৎসাহ এনেকুৱা যে তাৰে কেশৰৰ সোৱাদেই ভিন্ন৷

মোৰ মৰমৰ দেশবাসীসকল, দুদিন পূৰ্বে গীতা জয়ন্তী পালন কৰা হল৷ গীতাই আমাৰ জীৱনৰ প্ৰতিটো সন্দৰ্ভত প্ৰেৰণা প্ৰদান কৰে৷ কিন্তু আপোনালোকে কেতিয়াবা ভাবিছে নে গীতা কিয় এনে অদভূত গ্ৰন্থ? এইবাবেই যে এয়া স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ বাণী৷ কিন্তু গীতাৰ বিশিষ্টতা এয়াও যে এয়া জনাৰ কৌতুহলৰ পৰা আৰম্ভ হয়৷ প্ৰশ্নৰ পৰা আৰম্ভ হয়৷ অৰ্জুনে ভগৱানক প্ৰশ্ন কৰিলে, কৌতুহল সুধিলে, তেতিয়াহে গীতাৰ জ্ঞান সংসাৰে লাভ কৰিলে৷ গীতাৰ দৰে আমাৰ সংস্কৃতিত যিমান জ্ঞান আছে সেই সকলোবোৰ জিজ্ঞাসাৰ পৰা আৰম্ভ হৈছে৷ বেদান্তৰ প্ৰথম মন্ত্ৰ হ– ‘অথতো ব্ৰহ্ম জিজ্ঞাসাঅৰ্থাৎ আহক, আমি ব্ৰহ্মৰ জিজ্ঞাসা কৰো৷ সেইবাবেই আমাৰ ইয়াৰ ব্ৰহ্মৰ অন্বেষণৰো কথা কোৱা হয়৷ জিজ্ঞাসাৰ শক্তিয়েই এনেকুৱা৷ জিজ্ঞাসাই আপোনাক নিৰন্তৰে অনুপ্ৰাণিত কৰে৷ সৰু কালছোৱাত আমাৰ ভিতৰত থকা জিজ্ঞাসৰ ফলতেই আমি শিকিব পাৰো৷ অৰ্থাৎ যেতিয়ালৈ জিজ্ঞাসা আছে তেতিয়ালৈ জীৱন আছে৷ যেতিয়ালৈ জিজ্ঞাসা আছে তেতিয়ালৈ নতুন শিকাৰ ক্ৰম অব্যাহত থাকিব৷ ইয়াৰ কোনো বয়স, কোনো পৰিস্থিতিৰ কথা নাহে৷ জিজ্ঞাসাৰ এনে এক শক্তিৰ উদাহৰণ মই গম পালো, তামিলনাডুৰ বয়সস্থ শ্ৰী টি শ্ৰীনিবাসাচাৰ্য স্বামীজীৰ বিষয়ে৷ শ্ৰী টি শ্ৰীনিবাসাচাৰ্য স্বামীজীৰ বয়স ৯২ বছৰ৷ তেওঁ এই বয়সতো কম্পিউটাৰত নিজৰ কিতাপ লিখি আছে, নিজে টাইপ কৰি৷ আপোনালোকে চিন্তা কৰিছে যে কিতাপ লিখাটো বাৰু ঠিকে আছে কিন্তু তেওঁৰ সময়ততো কম্পিউটাৰেই নাছিল৷ তেন্তে তেওঁ কেতিয়া কম্পিউটাৰ শিকিলে? এয়া সত্য যে তেওঁৰ মহাবিদ্যালয়ৰ সময়ত কম্পিউটাৰ নাছিল৷ কিন্তু মনৰ জিজ্ঞাসা আৰু আত্মবিশ্বাস এতিয়াও তেওঁৰ যুৱকালৰ দৰে বিদ্যমান আছে৷ দৰাচলতে, শ্ৰী নিবাসাচাৰ্য স্বামীজী সংস্কৃত আৰু তামিলৰ বিদ্বান পুৰুষ৷ তেওঁ এই পৰ্যন্ত প্ৰায় ১৬খন আধ্যাত্মিক গ্ৰন্থ ৰচনা কৰিছে৷ কিন্তু কম্পিউটাৰ অহাৰ পিছত তেওঁ ভাবিলে যে এতিয়া কিতাপ লিখাৰ আৰু ছপা হোৱাৰ পদ্ধতি পৰিৱৰ্তন হৈছে৷ সেয়ে তেওঁ ৮৬ বছৰ বয়সত কম্পিউটাৰ শিকিলে, নিজৰ বাবে প্ৰয়োজনীয় ছফটৱেৰ শিকিলে৷ এতিয়া তেওঁ নিজৰ কিতাপ লিখি আছে৷

বন্ধুসকল, শ্ৰী টি শ্ৰীনিবাসাচাৰ্য স্বামীজীৰ জীৱন এই কথাৰ প্ৰত্যক্ষ প্ৰমাণ যে জীৱনত তেতিয়ালৈহে শক্তি থাকে যেতিয়ালৈ জীৱনত জিজ্ঞাসা জীয়াই থাকে, শিকাৰ হেঁপাহ নমৰে৷ সেইবাবে আমি কেতিয়াও এই কথা ভাবিব নালাগে যে আমি পিছুৱাই থাকিলো৷ যদি, আমি এয়া শিকি থলোহেঁতেন৷ আমি এয়া ভাবিব নালাগে যে আমি শিকিব নোৱাৰো, আমি আগবাঢ়িব নোৱাৰো৷

মোৰ মৰমৰ দেশবাসীসকল, আমি জিজ্ঞাসাৰ পৰা কিবা নতুন শিকাৰ আৰু কৰাৰ কথা কৈ আছিলো৷ নতুন বছৰত নতুন সংকল্পৰ কথা কৈ আছিলো৷ কিন্তু কিছুমান লোক এনেকুৱাও আছে যিয়ে নিৰন্তৰে কিবা নহয় কিবা এটা নতুন কৰি থাকে, নতুন নতুন সংকল্প পূৰণ কৰি থাকে৷ আপোনালোকেও নিজৰ জীৱনত অনুভৱ কৰিছে, যেতিয়া সমাজৰ বাবে কিবা কৰা হয় তেতিয়া বহুত কিবা কিবি কৰাৰ শক্তি সমাজে স্বয়ং প্ৰদান কৰে৷ সামান্য যেন বোধ হোৱা প্ৰেৰণাৰ বহু ডাঙৰ কাম হব পাৰে৷ এনে এক যুৱক হল শ্ৰীমান প্ৰদীপ সাংগৱান৷ গুৰুগ্ৰামৰ প্ৰদীপ সাংগৱানে ২০১৬ চনৰ পৰাই হিলিং হিমালয়া নামৰ এক অভিযান চলাই আহিছে৷ তেওঁ নিজৰ দল আৰু স্বেচ্ছাসেৱীসকলৰ সৈতে হিমালয়ৰ বিভিন্ন এলেকালৈ যায় আৰু যি প্লাষ্টিকআৱৰ্জনা পৰ্যটকসকলে এৰি থৈ যায়, সেয়া পৰিষ্কাৰ কৰে৷ প্ৰদীপজীয়ে এতিয়ালৈ হিমালয়ৰ বিভিন্ন পৰ্যটন এলেকাৰ পৰা বহু টন প্লাষ্টিক পৰিষ্কাৰ কৰিছে৷ ঠিক সেইদৰে কৰ্ণাটকৰ এক যুৱ দম্পত্তি অনুদীপ আৰু মীনুষা৷ অনুদীপ আৰু মীনুষাই যোৱা নৱেম্বৰ মাহত বিবাহত আৱদ্ধ হৈছে৷ বিয়াৰ পিছত বহু লোক ফুৰিবলৈ যায় কিন্তু এওঁলোক দুয়োজনে অন্য কাম কৰিলে৷ এওঁলোকে প্ৰায়েই দেখা পায় যে যেতিয়াই মানুহে বাহিৰলৈ ফুৰিবলৈ যায় তেতিয়া তাত বহু আৱৰ্জনা এৰি থৈ আহে৷ কৰ্ণাটকৰ সোমেশ্বৰ তীৰৰো এই অৱস্থাই আছিল৷ অনুদীপ আৰু মীনুষাই সিদ্ধান্ত গ্ৰহণ কৰিলে যে সোমেশ্বৰ তীৰত যিসকলে আৱৰ্জনা এৰি থৈ যায়, সেয়া তেওঁলোকে পৰিষ্কাৰ কৰিব৷ দুয়ো স্বামীস্ত্ৰীয়ে বিয়াৰ পিছত নিজৰ প্ৰথম সংকল্প এয়াই গ্ৰহণ কৰিলে৷ দুয়ো লগ হৈ সমুদ্ৰতীৰৰ পৰা বহু  আৱৰ্জনা পৰিষ্কাৰ কৰিলে৷ অনুদীপে এই সংকল্পৰ বিষয়ে ছচিয়েল মিডিয়াত বিনিময় কৰিলে৷ এই সুন্দৰ চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হৈ বহু যুৱকযুৱতীয়ে তেওঁলোকৰ সৈতে জড়িত হৈ পৰিলে৷ আপোনালোকে জানি  আচৰিত হব৷ এই লোকসকলে একত্ৰিতভাৱে সোমশ্বৰ তীৰৰ পৰা ৮০০ কিলোতকৈও অধিক আৱৰ্জনা পৰিষ্কাৰ কৰিছে৷

বন্ধুসকল, এই প্ৰয়াসসমূহৰ মাজত আমি এয়াও চিন্তা কৰিব লাগে যে এই আৱৰ্জনাসমূহ সমুদ্ৰতীৰত, পাহাৰত গৈ পায় কেনেকৈ? অৰ্থাৎ আমাৰ মাজৰেই কিছুমান লোকে এই আৱৰ্জনা সেই ঠাইত এৰি আহে৷ আমি প্ৰদীপ আৰু মীনুষাৰ দৰে চাফাই অভিযান চলাব লাগে৷ কিন্তু ইয়াৰ পূৰ্বে আমি এয়া সংকল্প গ্ৰহণ কৰিব লাগে যে আমি আৱৰ্জনাই নেপেলাও৷ স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম সংকল্পই হল এয়া৷ হয়, মই পুনৰবাৰ আপোনালোকক মনত পেলাই দিবলৈ বিচাৰিছো৷ কৰোনাৰ বাবে এই বছৰ ইয়াৰ চৰ্চা অধিক নহল৷ আমি দেশক এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত কৰিবই লাগিব৷ এয়াও ২০২১ৰ সংকল্পসমূহৰ ভিতৰত এটা৷ আপোনালোকক নতুন বৰ্ষৰ অনেক শুভকামনা জনাইছো৷ আপোনালোক নিজেও সুস্থ হৈ থাকক, পৰিয়ালকো সুস্থ কৰি ৰাখক৷ অহা বছৰত জানুৱাৰীত নতুন বিষয়ৰ ওপৰত মন কী বাতব৷

অশেষ ধন্যবাদ৷                

 

 

************

DS/VJ/RSB/VK/MANN