Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৮ জুনত সন্ত কবীৰ নগৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুনত উত্তৰ-প্ৰদেশৰ সন্ত কবীৰ নগৰ জিলাৰ মাগহৰ ভ্ৰমণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে মহান সাধু আৰু কবি কবীৰৰ ৫০০সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে সন্তকবীৰ সমাধিক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰিব৷ তেওঁ সন্তকবীৰ মাঝাৰত চাদৰ অৰ্পণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে সন্তকবীৰ গুহা দৰ্শন কৰিব৷ তেওঁ এখন ফলক উন্মোচনেৰে কবীৰ একাডেমীৰ আধাৰশিলা স্থাপন কৰিব৷
ইয়াৰ পাছত তেওঁ মাগহৰত আয়োজিত এখন ৰাজহুৱা সভাত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব আৰু উপস্থিত জনতাক সম্বোধন কৰিব৷

***

AKT/VJ/AK/MS