Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৮-২৯ জুলাইত লক্ষ্ণৌ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮-২৯ জুলাইত  লক্ষ্ণৌ ভ্ৰমণ কৰিব।

২৮ তাৰিখে তেওঁ “নগৰীয়া দৃশ্যপট পৰিৱৰ্তন” শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নগৰ উন্নয়নৰ লগত জড়িত চৰকাৰৰ তিনিটা মুখ্য প্ৰচেষ্টাৰ তৃতীয় বাৰ্ষিকীৰ লগত সংগতি ৰাখি এই অনুষ্ঠান আয়োজন কৰা হৈছে। সেইবোৰ হ’ল-প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ); নগৰ পৰিৱৰ্তনৰ পুনৰু্জ্জীৱিতকৰণ বাবে অটল অভিযান(আমৰুট) আৰু স্মাৰ্ট চিটী মিচন।

প্ৰধানমন্ত্ৰীয়ে নগৰ উন্নয়নৰ ধ্বজাবাহী অভিযানক লৈ প্ৰদৰ্শিত এক প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই(ইউ)ৰ প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এগৰাকীকৈ মুঠ ৩৫ গৰাকী হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকযোগে উত্তৰপ্ৰদেশৰ বিভিন্ন চহৰৰ পিএমএৱাইৰ হিতাধিকাৰীৰ পৰা মতামতো গ্ৰহণ কৰিব।

তেওঁ উত্তৰপ্ৰদেশত ধ্বজাবাহী আঁচনিসমূহৰ অধীনত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ এক জনসভাতো ভাষণ আগবঢ়াব।

ঔদ্যোগিকৰণৰ দিশত বিনিয়োগকাৰীক আকৰ্ষণ আৰু প্ৰচাৰ উপলক্ষে উত্তৰপ্ৰদেশ চৰকাৰে ২০১৮ৰ ফেব্ৰুৱাৰীত উত্তৰপ্ৰদেশ বিনিয়োগকাৰী সন্মিলনৰ আয়োজন কৰিছিল। এই সন্মিলনে ৰাজ্যখনত বিভিন্ন ক্ষেত্ৰ যেনে-নৱীকৰণযোগ্য শক্তি, আন্তঃগাঁথনি, শক্তি, তথ্য প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰীৰ কাৰখানা, পৰ্যটন ইত্যাদি খণ্ডত ৪.২৮ কোটিতকৈও অধিক বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছে। 

কেইটামান মাহৰ ভিতৰতে প্ৰায় ৬০,০০০ কোটি টকা ব্যয়সাপেক্ষ ৮১টা প্ৰকল্পত বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ২৯ জুলাইত লক্ষ্ণৌত এক ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

*****

AKT/ KP/SH/DB