পি এম ইণ্ডিয়া
আৰ্জেণ্টিনাৰ সমৰ্পিত যোগ–সাধক,
ভাৰত আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতি অবাধ প্ৰেম প্ৰদৰ্শন কৰা আৰ্জেণ্টিনাৰ বাসিন্দাসকল,
আৰ্জেণ্টিনাত বাস কৰা ভাৰতীয় ভাতৃ–ভগ্নীসকল,
আৰ্ট অব্ লিভিঙৰ কাৰ্যকৰ্তা তথা সদস্যসকল,
নমস্কাৰ!
বুয়েনাছ তাৰ্দাৰ্ছ৷ বুয়েনছ আয়াৰ্ছত ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া বুয়েনছ অৰ্থাৎ বতৰ স্বাভাৱিক হৈ থাকে৷ মহৰ্ষি পতঞ্জলিৰ পৰম্পৰাৰ সৈতে জড়িত আপোনালোক সকলোকে এশ পঁচিছ কোটি ভাৰতীয়ৰ তৰফৰ পৰা অলেখ অভিবাদন জনাইছো৷ মই আৰ্ট অব্ লিভিঙৰ সদস্যসকলক তথা আপোনালোক সকলোকে এই মনোৰম আয়োজনৰ বাবে হৃদয়েৰে অশেষ অভিনন্দন জ্ঞাপন কৰিছো৷
বন্ধুসকল,
মই ২৪ ঘণ্টাতকৈও অধিক সময় সময় ১৫ হাজাৰ কিলোমিটাৰতকৈও অধিক পথ অতিক্ৰম কৰি কিছুদেৰী পূৰ্বে বুয়েনছ আয়াৰ্ছত উপস্থিত হৈছো৷ কিন্তু আপোনালোকৰ উৎসাহ আৰু প্ৰেমৰ ফলত মই মুঠেও ভাৰতৰ বাহিৰত থকা যেন লগা নাই৷ ইয়াত বহু লোক অতিশয় যত্নৰে তথা আদৰেৰে সূৰ্য নমস্কাৰ কৰি আছিল৷ আৰ্জেণ্টিনাৰ এই ৰূপালী সন্ধ্যাকালচোৱাত আপোনালোকৰ যোগ সাধনাই মোক প্ৰফুল্লিত কৰি তুলিছে আৰু উৎসাহেৰে ভৰাই তুলিছে৷
বন্ধুসকল,
আজিৰ কাৰ্যসূচীৰ নাম হৈছে ‘‘শান্তিৰ বাবে যোগ’’৷ যোগৰ কোনো কাৰ্যসূচীৰ নাম ইয়াতকৈ সুন্দৰ হ’ব নোৱাৰে৷ যোগৰ দ্বাৰা আমাৰ শৰীৰ আৰু মন দুয়োটাই স্বাস্থ্যৱান হয়৷ যোগে আমাৰ শৰীৰক শক্তি আৰু মনক শান্তি প্ৰদান কৰে৷ যেতিয়া ব্যক্তিৰ মনত শান্তি থাকিব তেতিয়া পৰিয়ালত, সমাজত, দেশত আৰু বিশ্বতো শান্তি স্থাপিত হ’ব৷ স্বাস্থ্য, কল্যাণ আৰু শান্তিৰ বাবে বিশ্বক ভাৰতে যোগাভ্যাস উপহাৰ দিছে৷ ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে এই মূল্যবোধসমূহৰ প্ৰতি আৰ্জেণ্টিনা সহিতে সমগ্ৰ বিশ্বৰে প্ৰতিবদ্ধতা প্ৰদৰ্শন কৰে৷ সৰ্বে সন্তু সুখিনঃ আৰু বসুধৈৱ কুটুম্বকম হ’ল এই ভাৰতীয় দৰ্শনৰ এক ব্যৱহাৰিক অভিব্যক্তি৷ মই এই জানি সুখী হৈছোঁ যে এই বৰ্ষত বুয়েনছ আয়াৰ্ছতো যোগ দিৱসত ১০ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে৷
বন্ধুসকল,
যোগৰ অৰ্থ হ’ল জড়িত কৰা৷ ই আমাক কল্যাণৰ সৈতে জড়িত কৰে৷ সুখৰ সৈতে জড়িত কৰে৷ আৰু আজি ভাৰত তথা আৰ্জেণ্টিনাৰ মাজৰ হাজাৰ কিলোমিটাৰ দূৰত্বক যোগে সংযোগ কৰিছে আৰু আমাৰ দুয়োখন দেশক, আমাৰ জনতাক সংবদ্ধ কৰিছে৷ আমাক এক আত্মীয়ৰ সম্বন্ধত সংবদ্ধ কৰিছে৷ ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত দূৰত্ব হ’ল ১৫ হাজাৰ কিলোমিটাৰ৷ আমাৰ দুয়োখন দেশৰ মাজত দুখন বিশাল মহাসাগৰ আৰু মহাদ্বীপ আছে৷ দুয়োখন দেশৰ সময়ৰ ব্যৱধান হ’ল ৮ ঘণ্টা আৰু ৩০ মিনিট৷ অৰ্থাৎ ইয়াত এতিয়া আপোনালোকৰ সন্ধিয়া, কিন্তু ভাৰতত মানুহে ব্ৰহ্ম মুহূৰ্তৰ সাধনা আৰম্ভ কৰিবলৈ ধৰিব৷ কিন্তু আপোনালোকৰ যোগাভ্যাসে এয়া প্ৰদৰ্শিত কৰিছে যে ভাৰত আৰু আৰ্জেণ্টিনাৰ পৰস্পৰৰ সংস্কৃতিসমূহৰ প্ৰতি আদৰ ভাৱৰ সন্মুখত এই দূৰত্ব একোৱেই নহয়৷ আৰ্জেণ্টিনাই ভাৰতৰ দৰ্শন, কলা, সংগীত আৰু নৃত্যক ভাল পায়, ভাৰতত আৰ্জেণ্টিনাৰ ফুটবলৰ তাৰকাৰ লক্ষাধিক অনুগামী আছে৷ মাৰাডোনাৰ নাম আমাৰ দেশৰ কথা–বতৰাত তথা জটুৱা–ঠাঁচতো ব্যৱহৃত হ’বলৈ ধৰিছে৷
এতিয়া ভাৰতৰ এখন ৰাজ্য উৰিষ্যাত হকী বিশ্বকাপ অনুষ্ঠিত হৈ আছে৷ ইয়াত ফলত ভাৰতত উৎসাহৰ বাতাৱৰণ পৰিলক্ষিত হৈছে৷ আজিয়েই আৰ্জেণ্টিনাই হকী বিশ্বকাপত নিজৰ প্ৰথমখন মেচত জয় লাভ কৰিলে৷ শুনিবলৈ পোৱা মতে এই মেচ যথেষ্ট ৰোমাঞ্চকৰ আছিল৷ মই আৰ্জেণ্টিনাৰ হকী দলক অনাগত মেচসমূহৰ বাবে শুভকামনা প্ৰদান কৰিছো৷
ভাৰত আৰু আৰ্জেণ্টিনাৰ লোকসকলৰ সপোন আৰু আকাংক্ষা সম পৰ্যায়ৰ৷ দুয়োখন দেশৰ মাজত সম্পৰ্ক যথেষ্ট সৌহাৰ্দপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ৷ আমি দুয়োখন দেশেই উন্নয়নশীল আৰু গণতান্ত্ৰিক দেশ৷ দুয়োখন দেশে বিশ্বৰ পৰা পৰস্পৰৰ ভূমিকা আৰু প্ৰভাৱৰ দ্বাৰা সহায় লাভ কৰে৷
আজি যেতিয়া ভাৰতৰ মিত্ৰ দেশ আৰ্জেণ্টিনাই জি২০ সন্মিলনৰ উদ্যোক্তাৰ ভূমিকা গ্ৰহণ কৰিছে, এয়া আমাৰ বাবে অতিশয় সুখ তথা গৰ্বৰ কথা৷ এই সন্মিলনত যিসমূহ বিষয়ত আলোচনা হ’ব, যেনে বিশ্বৰ অৰ্থনীতি, বহনক্ষম বিকাশ, জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক পলৰীয়া অপৰাধী, এই বিষয়সমূহৰ সৈতে কেৱল ভাৰত অথবা আৰ্জেণ্টিনাই নহয়, সমগ্ৰ বিশ্ব জড়িত হৈ আছে৷
আমাৰ দুয়োখন দেশৰ মাজত নিজা সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে৷ ব্যৱসায়, ফাৰ্মা, তেল আৰু গেছ, তথ্য প্ৰযুক্তি তথা মহাকাশ, এনেকুৱা বহু বিষয় আছে য’ত আমি পৰস্পৰে পৰস্পৰৰ ক্ষমতাৰ দ্বাৰা ব্যক্তিগত সুবিধা অৰ্জন কৰিব পাৰো৷
ভাৰত আৰু আৰ্জেণ্টিনাৰ সহযোগিতাই জল, থল আৰু মহাকাশ, সকলোতে এক নতুন সহযোগিতা তথা সুন্দৰ ভৱিষ্যতৰ সৃষ্টি কৰিব পাৰে৷ আজি যোগে আমাক একত্ৰিত কৰিছে৷ মই বিচাৰিম যে আমি এনেকুৱা আৰু অৱকাশৰ সৃষ্টি কৰোঁ যাৰ দ্বাৰা আমাৰ মাজত সম্পৰ্ক, সংবাদ আৰু সহযোগিতা বৃদ্ধি হওক৷ আৰু ভাৰত তথা আৰ্জেণ্টিনাৰ মাজত বিকাশৰ সুন্দৰ গতি লাভ হওক৷ আত্মীয়তাত নতুন মিঠা স্বাদ জড়িত হওক৷
বন্ধুসকল,
আৰ্জেণ্টিনাত ভাৰত আৰু ভাৰতৰ বন্ধুসকলক মই ভাৰতক বিস্তাৰিত ভাৱে জনাৰ বাবে আমন্ত্ৰণ জনাইছো৷ আৰ্জেণ্টিনাত বাস কৰা আপোনালোক সকলো ভাৰতীয়ই জানুৱাৰীত কাশীত অনুষ্ঠিত হ’বলগীয়া প্ৰবাসী ভাৰতীয় দিৱসলৈ যেন নিশ্চয়কৈ আহে আৰু আৰ্জেণ্টিনাৰ আপোনালোকৰ বন্ধু–বান্ধৱকো যেন লগত লৈ আহে৷
এই সময়চোৱাত প্ৰয়াগৰাজ অৰ্ধকুম্ভও অনুষ্ঠিত হৈ থাকিব৷ সেই অদ্ভূত অৱকাশৰ, ভাৰতৰ সাংস্কৃতিক সমৃদ্ধিৰ, পৰিৱৰ্তিত ভাৰতৰ, নতুন ভাৰতৰ দৰ্শনো আপোনালোক সকলোৱে কৰিব পাৰিব৷ মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ যে আপোনালোকে মোক ভাৰতৰ, যোগৰ কথা ক’বলৈ অৱকাশ প্ৰদান কৰিলে৷ মই আৰ্ট অব্ লিভিঙক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে সাধুবাদ প্ৰদান কৰিছো৷
সুশ্ৰী পাত্ৰীসিয়া সোসাক কৃতজ্ঞতা জনাইছো কিয়নো তেওঁ যোগৰ এই মনোমোহা সন্ধিয়াক অধিক সুৰময়ী কৰি তুলিলে৷ আপোনালোক যোগৰ সৈতে এইদৰেই জড়িত হৈ থাকক৷ যোগে বিশ্বক এইদৰেই সংবদ্ধ কৰি ৰাখক৷ সুখেৰে থাকক, শান্তিত থাকক, আনন্দত থাকক৷
মুচাস গ্ৰাসিয়াস৷
ধন্যবাদ৷
******
AKT/SH/MANN
महर्षि पतंजलि की परंपरा से जुड़े आप सभी जनों को सवा सौ करोड़ भारतीयों की तरफ से मेरा बहुत-बहुत अभिवादन: PM @narendramodi
— PMO India (@PMOIndia) November 29, 2018
मैं @ArtofLiving के सदस्यों को और आप सब को इस शानदार आयोजन के लिए बधाई देता हूं: PM @narendramodi
— PMO India (@PMOIndia) November 29, 2018
मैं २४ घंटे से भी अधिक में १५ हज़ार किलोमीटर से भी अधिक का सफ़र तय कर कुछ देर पहले ही बुएनोस आइरेस पहुंचा हूँ।
— PMO India (@PMOIndia) November 29, 2018
पर आप लोगों के उत्साह और प्रेम से मुझे बिलकुल नहीं लगा कि मैं कहीं भारत से बाहर हूं।
यहां पर बहुत सारे लोग, बड़ी कुशलता और आदर से सूर्य नमस्कार कर रहे थे: PM
आज के कार्यक्रम का नाम है "Yoga For Peace"।
— PMO India (@PMOIndia) November 29, 2018
योग के किसी कार्यक्रम का इससे बेहतर नाम ढूंढ पाना मुश्किल है।
योग से हमें तन और मन दोनों का स्वास्थ्य मिलता है।
योग हमारे शरीर को शक्ति देता है और मन को शांति: PM @narendramodi
जब व्यक्ति के मन में शांति होगी, तभी परिवार में, समाज में, देश में और विश्व में भी शांति होगी।
— PMO India (@PMOIndia) November 29, 2018
हेल्थ, वेलनेस और पीस के लिए दुनिया को योग भारत का उपहार है: PM @narendramodi
योग का अर्थ ही है जोड़ना।
— PMO India (@PMOIndia) November 29, 2018
यह हमें wellness से जोड़ता है। Happiness से जोड़ता है।
और आज, भारत और अर्जेंटीना के बीच हजारों किलोमीटर की दूरी को योग पाट रहा है और हमारे दोनों देशों को, हमारे लोगों को जोड़ रहा है। हमें एक आत्मीय संबंध में बाँध रहा है: PM @narendramodi
अर्जन्टीना को भारत के दर्शन, कला, संगीत और नृत्य में रुचि है, तो भारत में अर्जंटीना के फुटबाल स्टार्स के लाखों Fans हैं। Maradona का नाम तो हमारे देश की बोलचाल और कहावतों तक में आ गया है: PM @narendramodi
— PMO India (@PMOIndia) November 29, 2018
I congratulate the Argentinian hockey team for winning their first match during the Hockey World Cup being held in Odisha, India. Best wishes to the team for the coming matches: PM @narendramodi
— PMO India (@PMOIndia) November 29, 2018
@ArgFieldHockey @FIH_Hockey #HWC2018
जब अर्जेंटीना G २० समिट की मेजबानी कर रहा है, यह हमारे लिए भी ख़ुशी और गर्व की बात है। इस समिट में जिन मुद्दों पर बात होगी, जैसे global economy, sustainable development, climate change, आर्थिक भगोड़े अपराधी, उनसे सिर्फ भारत या अर्जेंटीना का ही नहीं, सारे विश्व का हित जुडा है: PM
— PMO India (@PMOIndia) November 29, 2018
भारत और अर्जेंटीना के खुशनुमा टैंगो में विकास की और गति आये। आत्मीयता की और मिठास घुले: PM @narendramodi
— PMO India (@PMOIndia) November 29, 2018
The ‘Yoga For Peace’ programme in Buenos Aires was special.
— Narendra Modi (@narendramodi) November 30, 2018
Glad to see the immense popularity of Yoga among the people, especially the youth, of Argentina.
Talked about how Yoga is a means to wellness and brings societies together. pic.twitter.com/s4tLkrDY6r
Talked about the vibrant India-Argentina friendship and how people in India are admirers of Argentina’s culture as well as their accomplishments in sports.
— Narendra Modi (@narendramodi) November 30, 2018
Also invited the Indian diaspora and the people of Argentina for the 2019 PBD in Kashi and the Kumbh in Prayagraj.