Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৯.০৯.২০১৯ তাৰিখে ‘মন কী বাত’ৰ চতুৰ্থ খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ বন্ধুসকল, আজিৰ মন কী বাতত দেশৰ সেই মহান ব্যক্তিত্বৰ বিষয়ে মই উল্লেখ কৰিম৷ আমি সকলো ভাৰতবাসীৰ হৃদয়ত তেওঁৰ প্ৰতি অশেষ সন্মান আছে, প্ৰীতিভাৱ আছে৷ বোধহয় এনে কোনো ভাৰতীয় নোলাব যাৰ হৃদয়ত তেওঁৰ প্ৰতি আদৰ আৰু সন্মানৰ ভাৱ নাথাকিব৷ তেওঁ বয়সত আমাতকৈ ডাঙৰ আৰু দেশৰ বিভিন্ন ঘাতপ্ৰতিঘাত, উত্থানপতনৰো তেওঁ সাক্ষী৷ আমি তেওঁক দিদি বুলি কও– ‘লতা দিদি৷ তেওঁ এই ২৮ ছেপ্টেম্বৰত ৯০ বছৰত ভৰি দিছে৷ বিদেশ যাত্ৰালৈ যোৱাৰ পূৰ্বে মই দিদিৰ সৈতে ফোনত কথা পতাৰ সৌভাগ্য লাভ কৰিছিলো৷ এই কথোপকথন এনেকুৱা আছিল যেনে ডাঙৰ বায়েকে নিজৰ সৰু ভায়েকৰ লগত কথা পাতি আছে৷ মই এনেধৰণৰ ব্যক্তিগত কথোপকথনৰ বিষয়ে কেতিয়াও নকও কিন্তু আজি মই বিচাৰিছো যে আপোনালোকেও যাতে সেই কথোপকথন শুনক৷ শুনক, কিদৰে এই বয়সতো লতা দিদি দেশৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ বাবে কিদৰে উৎসুক হৈ আছে, তৎপৰ হৈ আছে আৰু জীৱনৰ সন্তুষ্টিও এয়া যে ভাৰতৰ প্ৰগতিত, পৰিৱৰ্তিত ভাৰতত, নতুন শক্তি লাভ কৰা ভাৰতত তেওঁ আছে৷

মোদী জীলতা দিদি, প্ৰণাম! মই নৰেন্দ্ৰ মোদীয়ে কৈ আছো৷

লতা জীপ্ৰণাম,

মোদী জীমই এইকাৰণে ফোন কৰিছো, কাৰণ এইবাৰ আপোনাৰ জন্মদিনত

লতা জীহয়, হয়

মোদী জীমই বিমানেৰে যাত্ৰা কৰি আছো৷

লতা জীআচ্ছা৷

মোদী জীসেয়ে মই ভাবিলো, যোৱাৰ আগেয়ে..

লতা জীহয় হয়৷

মোদী জীআপোনাক জন্মদিনৰ অনেক শুভেচ্ছা যাচিলো৷ অগ্ৰীম অভিনন্দন জনাইছো৷ আপোনাৰ স্বাস্থ্য ভালে থাকক, আপোনাৰ আশীৰ্বাদ আমাৰ ওপৰত বৰষি থাকক আৰু আপোনাক প্ৰণাম কৰাৰ বাবে মই আমেৰিকালৈ যোৱাৰ পূৰ্বেই ফোন কৰিলো৷

লতা জীআপোনাৰ ফোন আহিব, এই কথা শুনিয়েইমই আনন্দিত হৈ উঠিছিলো৷ আপুনি গৈ কেতিয়া উভতি আহিব?

মোদী জীমই আহিম ২৮ তাৰিখে ৰাতি আৰু ২৯ তাৰিখে ৰাতিপুৱা পামহি আৰু তেতিয়ালৈ আপোনাৰ জন্মদিন পালন হৈ উঠিব৷

লতা জীআচ্ছা, আচ্ছা৷ জন্মদিন আৰু কি পাতিম, ঘৰতেই আছে সকলোবোৰ,

মোদী জীদিদি, চাওক মোক তো

লতা জীআপোনাৰ আশীৰ্বাদ পালে..

মোদী জীআৰে আপোনাৰ আশীৰ্বাদ আমাক লাগে, আপুনিতো আমাতকৈ ডাঙৰ৷

লতা জীবয়সত ডাঙৰ হব পাৰো, কিছুমান লোক থাকে কিন্তু নিজৰ কামৰ জৰিয়তে যি ডাঙৰ মানুহ হয় তেওঁৰ আশীৰ্বাদ লাভ কৰাটো বহু ডাঙৰ কথা৷

মোদী জীদিদি, আপুনি বয়সতো ডাঙৰ আৰু কামতো ডাঙৰ৷ আপুনি যি সিদ্ধি লাভ কৰিছে সেয়া সাধনা আৰু তপস্যাৰ ফলত লাভ কৰিছে৷

লতা জীহয়, মই ভাবো যে এয়া মোৰ পিতৃমাতৃৰ আশীৰ্বাদ আৰু শ্ৰোতাৰ আশীৰ্বাদ৷ মই একোৱেই নহয়৷

মোদী জীএয়া আপোনাৰ বিনম্ৰতা যি আমাৰ নতুন প্ৰজন্মৰ বাবে শিক্ষাৰ বিষয় হৈ উঠিব পাৰে৷ এয়া আমাৰ বাবে প্ৰেৰণাৰ উৎস যে আপুনি জীৱনত ইমানবোৰ সিদ্ধি লাভ কৰাৰ পিছতো নিজৰ পিতৃমাতৃৰ সংস্কাৰ আৰু নম্ৰতাক অগ্ৰাধিকাৰ দিছে৷

লতা জীহয়৷

মোদী জীআপুনি যেতিয়া গৰ্বেৰে কয় যে আপোনাৰ মা গুজৰাটী আছিল তেতিয়া মই আৰু অধিক সুখী হও

লতা জীহয়৷

মোদী জীআৰু যেতিয়াই মই আপোনাৰ তালৈ যাও..

লতা জীহয়৷

মোদী জীআপুনি মোক কিবা নহয় কিবা এটা গুজৰাটী খাদ্য খুৱায়৷

লতা জীহয়৷ আপুনি কি হয় আপুনি নিজেই নাজানে৷ মই জানো যে ভাৰতৰ চিত্ৰ পৰিৱৰ্তিত হব ধৰিছে আৰু সেয়াই মোক অধিক সন্তোষিত কৰে৷ বহুত ভাল লাগে৷

মোদী জীদিদি, আপোনাৰ আশীৰ্বাদ বৰষি থাকক, সমগ্ৰ দেশত আপোনাৰ আশীৰ্বাদ বৰষি থাকক আৰু মোৰ দৰে মানুহে কিবা নহয় কিবা এটা ভাল কাম কৰি থাকক, আপুনি মোক সদায়েই প্ৰেৰণা দিছে৷ আপোনাৰ চিঠি মই পাই থাকো আৰু কিবা নহয় কিবা এটা উপহাৰ আপোনাৰ পৰা মই পায়েই থাকো৷ এই যি আপোনত্ব, পৰিয়ালৰ যি বান্ধোন, তাৰ এক বিশেষ আনন্দ মই লাভ কৰো৷

লতা জীনহয় নহয়৷ মই আপোনাক অধিক কষ্ট দিব নোখোজো৷ কাৰণ মই দেখিছো, জানিছো যে আপুনি কিমান ব্যস্ত আৰু আপোনাৰ কিমান কাম থাকে৷ কি কি ত্যাগ কৰিব লাগে৷ যেতিয়া আপুনি গৈ নিজৰ মাতৃৰ চৰণ স্পৰ্শ কৰিলে, মইও এজনক তেওঁৰ ওচৰলৈ পঠিয়াইছিলো আৰু তেওঁৰ আশীৰ্বাদ লৈছিলো৷

মোদী জীহয়৷ মোৰ মাৰ মনত আছিল আৰু তেওঁ এই বিষয়ে মোক কৈছিল৷

লতা জীহয়৷

মোদী জীহয়৷

লতা জীআৰু টেলিফোনত তেওঁ মোক আশীৰ্বাদ দিয়াত মই অতিশয় সুখী হৈছিলো৷

মোদী জীআমাৰ মা অতি সুখী হৈছিল আপোনাৰ এই মৰমৰ কাৰণে৷

লতা জীহয়, হয়৷

মোদী জীআৰু মই আপোনাৰ ওচৰতো কৃতজ্ঞ কিয়নো আপুনি সদায়েই মোৰ বিষয়ে চিন্তা কৰে৷ পুনৰবাৰ আপোনাক জন্মদিনৰ অলেখ শুভেচ্ছা জনাইছো৷

লতা জীহয়৷

মোদী জীএইবাৰ মুম্বাইলৈ যাওতে মুখামুখি হোৱাৰ মন আছিল৷

লতা জীহয় হয়, নিশ্চয়৷

মোদী জীকিন্তু সময়ৰ ইমান ব্যস্ততা আছিল যে মই যাব নোৱাৰিলো৷

লতা জীহয়৷

মোদী জীকিন্তু মই অতিশীঘ্ৰেই আপোনাৰ ওচৰলৈ যাম৷

লতা জীহয়৷

মোদী জীআৰু ঘৰলৈ গৈ আপোনাৰ হাতেৰে কিছু গুজৰাটী খাদ্য খাম৷

লতা জীহয়, নিশ্চয় নিশ্চয়৷ এয়া মোৰ সৌভাগ্য হব৷

মোদী জীপ্ৰণাম দিদি৷

লতা জীপ্ৰণাম৷

মোদী জীবহু বহু শুভকামনা আপোনালৈ৷

লতা জীবহুত বহুত প্ৰণাম৷

মোদী জীপ্ৰণাম৷

     মোৰ মৰমৰ দেশবাসীসকল, নৱৰাত্ৰিৰ সৈতে আজিৰে পৰা উৎসৱৰ বতৰ পুনৰ বাৰ, নতুন উৎসাহ, নতুন শক্তি, নতুন উদ্দীপনা, নতুন সংকল্পৰে পূৰ্ণ হৈ উঠিব৷ উৎসৱৰ বতৰ যে! আগন্তুক সপ্তাহ কেইটাত সমগ্ৰ দেশ উৎসৱৰ ধামখুমীয়াত ব্যস্ত হৈ পৰিব৷ আমি সকলোৱে নৱৰাত্ৰি মহোৎসৱ, গৰবা, দুৰ্গা পুজা, দশেৰা, দিপাৱলী, ভাইদুজ, ষঠ পুজা আদি অসংখ্য উৎসৱ পালন কৰিম৷ আপোনালোক সকলোলৈ আগন্তুক উৎসৱসমূহৰ বাবে অলেখ শুভকামনা থাকিল৷ উৎসৱত পৰিয়ালৰ সকলোক লোক একত্ৰিত হব৷ ঘৰত আনন্দময় পৰিবেশৰ সৃষ্টি হব কিন্তু আপোনালোকে দেখিছে যে আমাৰ ওচৰেপাজৰে বহু এনে লোক আছে যি এই উৎসৱৰ আনন্দৰ পৰা বঞ্চিত হবলগীয়া হয় আৰু ইয়াকেই কোৱা হয়– ‘চাকিৰ তলৰ অন্ধকাৰ৷ বোধহয় এই বাক্যশাৰী কেৱল শব্দ নহয়, আমাৰ বাবে এক আদেশ, এক দৰ্শন আৰু এক প্ৰেৰণাৰ দৰে৷ চিন্তা কৰক, এফালে কিছুমান ঘৰ পোহৰেৰে উজ্বলি থাকিব আৰু আনফালে কিছুমান লোকৰ ঘৰত অন্ধকাৰে গ্ৰাস কৰিব৷ কিছুমান ঘৰত মিঠাই উভৈনদী হৈ নষ্ট হোৱাৰ উপক্ৰম হব আৰু কিছুমান ঘৰত শিশুসকলে মিঠাইৰ বাবে অপেক্ষা কৰি থাকিব৷ কিছুমান আলমাৰিত কাপোৰ থবলৈ ঠাই নায় আৰু কিছুমানে শৰীৰ ঢকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়৷ ইয়াকেই চাকিৰ তলৰ অন্ধকাৰ বুলি কোনা নহয় নে? এই উৎসৱৰ প্ৰকৃত আনন্দ তেতিয়াহে বৃদ্ধি হয় যেতিয়া এই অন্ধকাৰ নোহোৱা হৈ চাৰিওফালে উজ্বলি উঠে৷ আমি তাতো আনন্দ বিতৰণ কৰিব লাগিব যত ইয়াৰ অভাৱ আছে, আৰু এয়াই আমাৰ স্বভাৱো৷ আমাৰ ঘৰলৈ মিঠাই, কাপোৰ অহাৰ সময়ত ঘৰৰ পৰা এয়া বাহিৰ ওলোৱাৰ কথাও চিন্তা কৰক৷ আমাৰ ঘৰসমূহত যিবোৰ সংখ্যাত অধিক, যাক আমাৰ প্ৰয়োজন নাই সেয়া আমি বাহিৰলৈ নিশ্চয় প্ৰেৰণ কৰিব পাৰো৷ বহু চহৰত, বহু এন জি অ, যুৱচামৰ ষ্টাৰ্টআপে এই কাম কৰে৷ তেওঁলোকে ঘৰসমূহৰ পৰা কাপোৰ, মিঠাই, খাদ্য আদি একত্ৰিত কৰি অভাৱগ্ৰস্তসকলৰ সন্ধান কৰি তেওঁলোকক প্ৰদান কৰে আৰু এই কাম নিঃশব্দে কৰে৷ এইবাৰ উৎসৱত এই সজাগতাৰ সৈতে আৰু সংকল্পৰ সৈতে চাকিৰ তলৰ পৰা অন্ধকাৰ আঁতৰোৱাৰ কাম আমি কৰিব নোৱাৰোনে? বহু দুখীয়া পৰিয়ালৰ মুখলৈ অহা হাঁহিয়ে আপোনাৰ উৎসৱৰ আনন্দ দুগুণ কৰি তুলিব, আপোনাৰ চেহেৰা, আপোনাৰ চাকি আৰু উজ্বলময় কৰি তুলিব, আপোনাৰ দিপাৱলী অধিক প্ৰকাশময় হৈ উঠিব৷

     মোৰ মৰমৰ ভাতৃভগ্নীসকল, দিপাৱলীত সৌভাগ্য আৰু সমৃদ্ধিৰ ৰূপত ঘৰলৈ লক্ষ্মীৰ আগমন হয়৷ পৰম্পৰাগতভাৱে লক্ষ্মীদেৱীৰ স্বাগতম জনোৱা হয়৷ এইবাৰ আমি নতুন ধৰণে লক্ষ্মীৰ স্বাগতম জনাব নোৱাৰো নে? আমাৰ সংস্কৃতিত কন্যাসকলক লক্ষ্মী হিচাপে গণ্য কৰা হয় কিয়নো কন্যাই সৌভাগ্য আৰু সমৃদ্ধি কঢ়িয়াই আনে৷ এইবাৰ আমি আমাৰ সমাজত, গাঁৱত, চহৰত কন্যাসকলৰ সন্মানাৰ্থে কিবা কাৰ্যসূচীৰ আয়োজন কৰিব পাৰো নেকি? সাৰ্বজনিক কাৰ্যসূচী পালন কৰিব পাৰো৷ আমাৰ মাজৰ এনে বহু কন্যা সন্তান আছে যিয়ে বহু পৰিশ্ৰমেৰে, নিজৰ প্ৰতিভাৰে পৰিয়ালৰ, সমাজৰ আৰু দেশৰ নাম উজ্বলাবলৈ সমৰ্থ হৈছে৷ এইবাৰ দিপাৱলীত ভাৰতৰ এই লক্ষ্মীৰ সন্মানৰ বাবে আমি কেনেধৰণৰ কাৰ্যসূচী পালন কৰিব পাৰো? আমাৰ ওচৰেপাজৰে এনে বহু কন্যা সন্তান, বোৱাৰী থাকিব যিয়ে এই অসাধাৰণ কাম কৰি আছে৷ কিছুমানে দুখীয়া লৰাছোৱালীসমূহৰ পঢ়ুৱাৰ কাম কৰি আছে৷ কোনোবাই স্বচ্ছতা আৰু স্বাস্থ্যক লৈ সজাগতা প্ৰয়াসৰ কাম কৰি আছে আৰু কোনোবাই চিকিৎসক, অভিযন্তা হৈ সমাজৰ সেৱা কৰি আছে৷ উকীল হিচাপে কাৰোবাক ন্যায় প্ৰদানত ব্যস্ত হৈ আছে৷ আমাৰ সমাজে এনে কন্যাসমূহক চিনাক্ত কৰক আৰু তেওঁলোকক লৈ গৌৰৱ কৰক৷ তেওঁলোকৰ সন্মানৰ কাৰ্যসূচী সমগ্ৰ দেশতে পালন হওক৷ আৰু এটা কাম কৰিব পাৰি, এনে কন্যাসমূহৰ উপলব্ধিৰ বিষয়ে ছচিয়েল মিডিয়াত অধিকভাৱে বিনিময় কৰা উচিত আৰু হেশ্বটেগ (#) ব্যৱহাৰ কৰি #bharatkilaxmi(ভাৰত কি লক্ষ্মী) ব্যৱহাৰ কৰিব পাৰে৷ যিদৰে আমি সকলোৱে লগ হৈ এটা মহা অভিযানৰ সূচনা কৰিছিলো যে ছেলফি উইথ ডটাৰ’’ আৰু সেয়া সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত হৈ পৰিছিল৷ ঠিক সেইদৰে এইবাৰ আমি ‘‘ভাৰত কি লক্ষ্মী শীৰ্ষক এনে অভিযান চলাম৷ ভাৰতৰ লক্ষ্মীক উৎসাহিত কৰাৰ অৰ্থ হল দেশ আৰু দেশবাসীৰ সমৃদ্ধিৰ পথ অধিক শক্তিশালী কৰা৷

মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাতৰ বিষয়ে মই পূৰ্বতেও কৈছিলো যে ইয়াৰ আটাইতকৈ ডাঙৰ লাভটো হল বহু জনাঅজানা লোকৰ সৈতে কথা পতাৰ সৌভাগ্য মই লাভ কৰো৷ কিছুদিন পূৰ্বে সুদূৰৰ অৰুণাচলৰ এক বিদ্যাৰ্থী অলীনা তায়ঙে মোলৈ এক আমোদজনক পত্ৰ প্ৰেৰণ কৰিছে৷ আৰু তাত কি লিখা আছে সেই বিষয়ে মই আপোনালোকৰ সন্মুখত পঢ়ি শুনাইছো

‘‘আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া,

মোৰ নাম অলীনা তায়ংগ৷ মই অৰুণাচল প্ৰদেশৰ ৰয়িঙত বাস কৰো৷ এইবাৰ যেতিয়া মোৰ পৰীক্ষাৰ ফলাফল আহিল তেতিয়া কিছুমান লোকে মোক সুধিছিল যে মই এগজাম ৱাৰিয়ৰ্ছ কিতাপখন পঢ়িছিলো নেকি? মই কলে যে এই কিতাপখন মই পঢ়া নাই৷ কিন্তু তেতিয়াই গৈ মই কিতাপখন কিনিলো আৰু সেইখন ২৩বাৰ পঢ়িলো৷ ইয়াৰ পিছত মোৰ বহু সুন্দৰ অভিজ্ঞতা হল৷ মই অনুভৱ কৰিলো যে যদি এই কিতাপখন পূৰ্বেই পঢ়িলোহেঁতেন তেন্তে মই যথেষ্ট লাভান্বিত হলোহেঁতেন৷ কিতাপখনৰ বহু কথা মোৰ ভাল লাগিল৷ মই এটা কথা লক্ষ্য কৰিলো যে কিতাপখনত শিক্ষাৰ্থীৰ বাবে বহু মন্ত্ৰ আছে কিন্তু অভিভাৱক আৰু শিক্ষকৰ বাবে কিতাপখনত বিশেষ একো কথা নাই৷ মই বিচাৰিছো যে আপুনি কিতাপখনৰ নতুন সংস্কৰণৰ বিষয়ে চিন্তা কৰিলে তাত অভিভাৱক আৰু শিক্ষকৰ বাবেও যেন কিছু মন্ত্ৰ আৰু কথা অন্তৰ্ভুক্ত কৰে৷’’

     চাওক, মোৰ তৰুণ সহযোগীয়ে বিশ্বাস কৰে যে দেশৰ প্ৰধান সেৱকক কামৰ কথা কলে সেয়া হবই৷

মোৰ কণমানি বিদ্যাৰ্থী মিত্ৰ, প্ৰথমে আপোনাৰ পত্ৰখনৰ বাবে ধন্যবাদ৷ এগজাম ৱাৰিয়ৰ্ছ ২৩বাৰ পঢ়াৰ বাবে ধন্যবাদ৷ আৰু পঢ়াৰ সময়ত তাত কিহৰ অভাৱ হৈছে সেয়াও মোক কোৱা বাবে অশেষ ধন্যবাদ আৰু লগতে মোৰ এই কণমানি মিত্ৰই মোক এটা দায়িত্বও প্ৰদান কৰিলে৷ কিবা এটা কাম কৰাৰ বাবে আদেশ দিছে৷ মই নিশ্চয়কৈ আপোনাৰ আদেশ পালন কৰিম৷ আপুনি যি কৈছে, যদি মই নতুন সংস্কৰণৰ বাবে সময় পাও তেন্তে নিশ্চয়কৈ তাত অভিভাৱকৰ বাবে, শিক্ষকৰ বাবেও কিবা এটা লিখাৰ প্ৰয়াস কৰিম৷ কিন্তু মই আপোনালোককো আহ্বান জনাম যে আপোনালোকে মোক সহায় কৰিব পাৰিবনে? দৈনন্দিন জীৱনত আপোনালোকে কেনে ধৰণৰ অভিজ্ঞতা লাভ কৰে৷ দেশৰ সকলো বিদ্যাৰ্থীক, শিক্ষকক, অভিভাৱকক মই আহ্বান জনাম যে আপোনালোকে মোক উদ্বেগবিহীন পৰীক্ষাৰ সৈতে জড়িত কথাসমূহ, নিজৰ অনুভৱ, পৰামৰ্শ যাতে মোক প্ৰদান কৰে৷ মই নিশ্চয় সেয়া অধ্যয়ন কৰিম৷ তাৰ ওপৰত মই চিন্তা কৰিম আৰু তাৰ পৰা মই যি ঠিক দেখো সেয়া মই নিজৰ শব্দত, নিজৰ ধৰণে লিখিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ পৰামৰ্শৰ সংখ্যা অধিক হলে সম্ভৱতঃ নতুন সংস্কৰণো নিশ্চিত হব৷ তেনেহলে মই অপেক্ষা কৰিম আপোনালোকৰ পৰামৰ্শৰ বাবে৷ অৰুণাচলৰ আমাৰ কণমানি বন্ধু, বিদ্যাৰ্থী অলীনা তায়ঙক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো৷

     মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে বাতৰিকাকতত, টিভিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীৰ ব্যস্ত কাৰ্যসূচীৰ বিষয়ে জানিবলৈ পায় আৰু ব্যস্ততাৰ চৰ্চাও কৰে৷ কিন্তু আপোনালোকে জানে যে মই আপোনালোকৰ দৰেই এজন সাধাৰণ মানুহ৷ এজন সামান্য নাগৰিক আৰু সেইবাবে এটা সাধাৰণ জীৱনত যিবোৰ কথাৰ প্ৰভাৱ পৰে, সেই প্ৰভাৱ মোৰ জীৱনতো পৰে কাৰণ মই আপোনালোকৰ মাজৰ পৰাই আহিছো৷ চাওক, এইবাৰ ইউ এছ অপেনত জয়ৰ যিমান চৰ্চা কৰা হৈছিল সিমানেই ৰাণাৰ আপ ডেনিল মেডভেডেভৰ বক্তব্যক লৈও চৰ্চা হৈছিল৷ ছচিয়েল মিডিয়াতো বহু আলোচনা হৈছিল আৰু পিছত মইও সেই ভাষণ শুনিলো আৰু খেলখনো চালো৷ ২৩ বছৰীয়া ডেনিল মেডভেডেভৰ সৰলতা আৰু পৰিপক্কতাই সকলোকে প্ৰভাৱিত কৰিবলৈ সমৰ্থ হৈছিল৷ মইতো নিশ্চিতভাৱেই প্ৰভাৱিত হলো৷ এই ভাষণৰ
ঠিক কিছু পৰ আগেয়ে তেওঁ ১৯ বাৰৰ গ্ৰেণ্ড শ্লেম বিজেতা আৰু টেনিছৰ কিংবদন্তী ৰাফেল নাডালৰ সৈতে ফাইনেলত পৰাজয় বৰণ কৰিছিল৷ সেই সময়ত অন্য কোনো হলে তেওঁ উদাস আৰু নিৰাশিত হলহেঁতেন, কিন্তু তেওঁৰ চেহেৰাত হতাশা নাছিল বৰঞ্চ তেওঁ নিজৰ কথাৰে সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ সমৰ্থ হৈছিল৷ তেওঁৰ বিনম্ৰতা, সৰলতা আৰু প্ৰকৃতাৰ্থত খেলুৱৈসূলভ মানসিকতাৰ যি ৰূপ দেখিবলৈ পোৱা গ, সকলোৱে যেন মোহান্বিত হৈ পৰিল৷ তেওঁৰ ভাষণত উপস্থিত দৰ্শকসকলে সাদৰেৰে স্বাগতম জনালে৷ ডেনিলে চেম্পিয়ন নাডালৰো খুব প্ৰশংসা কৰিলে৷ তেওঁ কলে যে কিদৰে নাডালে লক্ষাধিক যুৱচামক টেনিছৰ বাবে উৎসাহিত কৰিবলৈ সমৰ্থ হৈছে৷ লগতে এয়াও কলে যে তেওঁৰ সৈতে খেলা কিমান কঠিন আছিল৷ কঠোৰ প্ৰতিদ্বন্ধীতাৰ পিছতো পৰাজয় বৰণ কৰিও তেওঁ নাডালৰ প্ৰশংসা কৰি এজন যোগ্য ক্ৰীড়াবিদৰ পৰিচয় দিছে৷ ইফালে চেম্পিয়ন নাডালেও ডেনিলৰ প্ৰশংসা কৰিলে৷ এখন খেলতেই পৰাজয়ীজনৰ উৎসাহ আৰু জয়ীজনৰ বিনম্ৰতা সঁচাকৈয়ে চাবলগীয়া দৃশ্য আছিল৷ যদি আপোনালোকে ডেনিল মেডভেডেভৰ ভাষণ শুনা নাই তেন্তে মই আপোনালোকক বিশেষকৈ যুৱচামক কম যে এই ভিডিঅটো আপোনালোকে নিশ্চয়কৈ চাওক৷ ইয়াত প্ৰতিটো বৰ্গ আৰু সকলো বয়সৰ লোকে শিকিবলগীয়া বহু কথা আছে৷ এয়া সেই ক্ষণ যত হৰাজিকাত বহুতে কান্দে৷ হৰাজিকা ডাঙৰ কথা নহয়৷ জীৱনৰ জয় হয় আৰু আমাৰ ইয়াৰ শাস্ত্ৰতো সুন্দৰকৈ এই বিষয়ে কোৱা হৈছে৷ আমাৰ পূৰ্বজসকলৰ চিন্তাধাৰা সঁচাকৈয়ে প্ৰশংসনীয় আছিল৷ আমাৰ ইয়াত শাস্ত্ৰসমূহত কোৱা হৈছে

বিদ্যা বিনয় উপেতা হৰতি

ন চেতাংসী কস্য মনুজস্য৷

মণি কাঞ্চন সংযোগঃ

জনয়তি লোকস্য লোচন আনন্দম

অৰ্থাৎ যেতিয়া এজন ব্যক্তি যোগ্য আৰু বিনম্ৰ হয় তেতিয়া তেওঁ কাৰ হৃদয় জয় কৰিব নোৱাৰে৷ বাস্তৱিকতে এই যুৱ খেলুৱৈজনে বিশ্বৰ সকলোৰে হৃদয় জয় কৰিলে৷

মোৰ মৰমৰ দেশবাসীসকল আৰু বিশেষকৈ যুৱচামসকল, এতিয়া মই যি কথা কবলৈ বিচাৰিছো সেয়া আপোনালোকৰ কল্যাণৰ বাবে কবলৈ বিচাৰিছো৷ বাদবিবাদ চলি থাকিব, পক্ষবিপক্ষ চলি থাকিব, কিন্তু কিছুমান বস্তু বৃদ্ধি হোৱাৰ পূৰ্বেই যদি ইয়াক স্তব্ধ কৰা হয় তেন্তে লাভ অধিক হব৷ যিবোৰ বস্তু অধিক বৃদ্ধি হয়, অধিক প্ৰসাৰিত হয় তাক প্ৰতিৰোধ কৰা কঠিন হৈ পৰে৷ কিন্তু আৰম্ভণিতেই যদি আমি সজাগ হৈ ইয়াক প্ৰতিৰোধ কৰো তেন্তে বহুখিনি ৰক্ষা কৰিব পাৰি৷ এই ভাৱৰ সৈতে মই আজি বিশেষকৈ যুৱচামৰ সৈতে কিছু কথা কোৱাৰ মন কৰিছো৷ আমি সকলোৱে জানো যে ধঁপাতৰ নিচা স্বাস্থ্যৰ বাবে অতিশয় অপকাৰী আৰু ইয়াৰ অভ্যাস পৰিত্যাগ কৰাটোও কঠিন৷ ধঁপাত সেৱন কৰা লোকসকলৰ কৰ্কট, ডায়েবেটিছ, ৰক্ত চাপ আদিৰ দৰে ৰোগৰ ক্ষতি অধিক বৃদ্ধি হয়৷ এয়া সকলোৱে জানে৷ ধঁপাতৰ নিচা তাত থকা নিকোটিনৰ ফলত হয়৷ কিশোৰাৱস্থাত ইয়াৰ সেৱনে মগজুৰ বিকাশতো প্ৰভাৱ পেলায়৷ কিন্তু আজি মই এক নতুন বিষয়ৰ ওপৰত কবলৈ ওলাইছো৷ আপোনালোকে জানিব, অলপতে ভাৰতত ইচিগাৰেট বন্ধ কৰা হৈছে৷ সাধাৰণ চিগাৰেটতকৈ ভিন্ন ইচিগাৰেট হল এক প্ৰকাৰৰ বৈদ্যুতিক উপকৰণ৷ ইচিগাৰেটত নিকোটিনযুক্ত তৰল পদাৰ্থ গৰম কৰাৰ ফলত এক প্ৰকাৰৰ ৰাসায়নিক ধোঁৱাৰ সৃষ্টি হয়৷ ইয়াৰ জৰিয়তে নিকোটিনৰ সেৱন কৰা হয়৷ সাধাৰণ চিগাৰেটৰ ক্ষয়ক্ষতিৰ বিষয়ে আমি জানো কিন্তু ইচিগাৰেটৰ বিষয়ে এক ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে৷ এই ভুল ধাৰণা প্ৰচাৰ কৰা হৈছে যে ইচিগাৰেটৰ পৰা কোনো বিপদ নহয়৷ আমি ওচৰেপাজৰে দেখিছো, যদি ঘৰতো পিতৃ এজন চেইন স্মকাৰ হয় তেন্তে ঘৰৰ বাকী সদস্যসকলে তেওঁক বাধা আৰোপ কৰে৷ আৰু বিচাৰে যে তেওঁলোকৰ সন্তানেও যাতে চিগাৰেট, বিড়িৰ কবলত নপৰে৷ তেওঁলোকে এয়াই প্ৰয়াস কৰে যে পৰিয়ালৰ কোনো সদস্যই যাতে ধুমপান নকৰে, স্মকিং নকৰে৷ তেওঁলোকে জানে যে ধুমপানৰ ফলত, ধঁপাতৰ ফলত শৰীৰৰ বৃহৎ ক্ষতি হয়৷ চিগাৰেটৰ ফলত হোৱা ক্ষতি সম্পৰ্তে কাৰো দ্বিমত নাই৷ তাৰ দ্বাৰা লোকচান হয়৷ এয়া বিক্ৰেতাও জানে, পান কৰোতা জনেও জানে আৰু দেখা জনেও জানে৷ কিন্তু ইচিগাৰেটৰ কথাটো বেলেগ৷ ইচিগাৰেটক লৈ জনসাধাৰণৰ মাজত ইমান সজাগতাৰ সৃষ্টি হোৱা নাই৷ তেওঁলোকে ইয়াৰ ক্ষতি সম্পৰ্কে সম্পূৰ্ণ অনভিজ্ঞ আৰু এইবাবেই কেতিয়াবা কৌতুহলত ইচিগাৰেটে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে৷ আৰু কেতিয়াবা কেতিয়াবাতো যাদু দেখুৱাইছো বুলি কৈ এটা শিশুৱে আন এটা শিশুক দেখুৱাবলৈ ধৰে৷ পৰিয়ালৰ পিতৃমাতৃৰ সন্মুখতো মই আজি নতুন যাদু দেখুৱাইছো বুলি কয়৷ চাওক, মোৰ মুখৰ পৰা ধোঁৱা উলিয়াইছো৷ চাওক, কোনো জুই নজ্বলোৱাকৈ, জুইশলা ব্যৱহাৰ নকৰাকৈ চাওক, এয়া মই ধোঁৱা উলিয়াই দেখুৱাইছো৷ আৰু পৰিয়ালৰ লোকেও যাদু চোৱাৰ দৰে হাততালিৰে সমৰ্থন কৰে৷ এবাৰ ইয়াৰ কবলত ঘৰৰ কিশোৰ আৰু তৰুণ সোমাই পৰিলে ধীৰে ধীৰে এই নিচাৰ হাতোৰালৈ নিজকে আগুৱাই নিয়ে৷ এই কুঅভ্যাসৰ চিকাৰ হৈ পৰে৷ আমাৰ যুৱচাম ধ্বংসৰ গৰাহলৈ নামি পৰে৷ নজনাকৈয়ে নামি পৰে৷ প্ৰকৃততে ইচিগাৰেটত এনে বহু হানিকাৰক ৰাসায়নিক পদাৰ্থ মিহলোৱা হয় যাৰ ফলত স্বাস্থ্যত বেয়া প্ৰভাৱ পৰে৷ আপোনালোকে জানেই যে যেতিয়া কোনোবাই আমাৰ ওচৰেপাজৰে ধুমপান কৰে তেন্তে ইয়াৰ গোন্ধৰ ফলতেই গম পোৱা যায়৷ তেওঁলোকৰ পকেটত চিগাৰেটৰ পেকেট থাকিলেও গোন্ধৰ জৰিয়তে গম পোৱা যায়৷ কিন্তু ইচিগাৰেটৰ ক্ষেত্ৰত এনে নহয়৷ এনে অৱস্থাত বহু কিশোৰ আৰু যুৱচামে নজনাকৈয়ে আৰু কেতিয়াবা ফেশ্বনৰ বাবে গৌৰৱেৰে নিজৰ কিতাপৰ মাজত, কাৰ্যালয়ত, নিজৰ জেপত আৰু কেতিয়াবা কেতিয়াব হাতত লৈ ঘুৰি ফুৰা দেখা যায় আৰু ইয়াৰ চিকাৰ হৈ পৰে৷ যুৱচাম হল দেশৰ ভৱিষ্যত৷ ইচিগাৰেটক এই কাৰণেই বাধা প্ৰদান কৰা হৈছে যাতে নিচাৰ এই নতুন অভ্যাসে আমাৰ যুৱচামক ধ্বংস নকৰে৷ প্ৰতিটো পৰিয়ালৰ সপোন যাতে ধ্বংস নকৰে৷ সন্তানসকলৰ জীৱন যাতে ধ্বংস নকৰে৷ এই ৰোগে যাতে আমাৰ সমাজক ৰোগাক্ৰান্ত নকৰে৷

     মই আপোনালোক সকলোকে আহ্বান জনাইছো যে ধঁপাতৰ সেৱন পৰিত্যাগ কৰক আৰু ইচিগাৰেটৰ বিষয়ত যাতে কোনো ভ্ৰান্তি নিবিয়পায়৷ আহক, আমি সকলোৱে মিলি এক সুস্থ ভাৰতৰ নিৰ্মাণ কৰো৷

আপোলোকৰ ফিট ইণ্ডিয়াৰ কথা মনত আছে নে? ফিট ইণ্ডিয়াৰ অৰ্থ এয়া নহয় যে পুৱাসন্ধিয়া দুইদুই ঘণ্টা জিমলৈ গলে হৈ যাব৷ ফিট ইণ্ডিয়াৰ বাবে এইবোৰৰ পৰাও ৰক্ষা পৰিব লাগিব৷ মোৰ বিশ্বাস যে মোৰ কথা আপোনালোকৰ বেয়া লগা নাই, নিশ্চয় ভাল লাগিব৷

মোৰ মৰমৰ ভাতৃভগ্নীসকল, এয়া আমাৰ সকলোৰে বাবে সৌভাগ্যৰ কথা যে আমাৰ ভাৰতবৰ্ষ এনে কিছুমান অসাধাৰণ ব্যক্তিৰ জন্মভূমি আৰু কৰ্মভূমি যিয়ে নিজৰ বাবে নহয়, আনৰ কল্যাণৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰিছে৷

এই আমাৰ ভাৰতমাতা, এই আমাৰ দেশ বহুৰত্না বসুন্ধৰা৷ অনেক মানৱ ৰত্ন এই ভূমিৰ পৰা ওলাইছে৷ ভাৰতবৰ্ষ এনে অসাধাৰণ লোকৰ জন্মভূমি আৰু কৰ্মভূমি হৈ আহিছে৷ আৰু এওঁলোকে নিজৰ বাবে নহয় আনৰ কল্যাণৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰিছে৷ এনে এক মহান বিভূতিক ১৩ অক্টোবৰ তাৰিখে ভেটিকান চিটীত সন্মানিত কৰা হব৷ এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ কথা যে পোপ ফ্ৰান্সিছে অহা ১৩ অক্টোবৰ তাৰিথে মৰিয়ম থ্ৰেছিয়াক সন্ত ঘোষিত কৰিব৷ ছিষ্টাৰ মৰিয়ম থ্ৰেছিয়াই নিজৰ ৫০ বছৰীয়া ক্ষুদ্ৰ জীৱনকালতেই মানৱতাৰ কল্যাণৰ বাবে যি কাম কৰিছে সেয়া সমগ্ৰ বিশ্বৰ বাবে আদৰ্শলৈ পৰিণত হৈছে৷ সমাজ সেৱা আৰু শিক্ষাৰ প্ৰতি তেওঁৰ অসাধাৰণ আকৰ্ষণ আছিল৷ তেওঁ বহু বিদ্যালয়, হোষ্টেল আৰু অনাথালয় নিৰ্মাণ কৰিছিল আৰু জীৱন পৰ্যন্ত সেই অভিযানতেই জড়িত হৈ আছিল৷ ছিষ্টাৰ থ্ৰেছিয়াই যি কাম কৰিছিল সেয়া সম্পূৰ্ণ নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱেৰে কৰিছিল৷ তেওঁ Congregation of the Sisters of the Holy Family ৰ স্থাপন কৰিছিল যিয়ে আজিও তেওঁৰ জীৱনদৰ্শন আৰু অভিযানক আগুৱাই নি আছে৷ মই পুনৰবাৰ ছিষ্টাৰ মৰিয়ম থ্ৰেছিয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু ভাৰতৰ জনতাক বিশেষকৈ ইছাই ভাতৃভগ্নীসকলক এই উপলব্ধিৰ বাবে অশেষ অভিনন্দন জনাইছো৷

মোৰ মৰমৰ দেশবাসীসকল, ভাৰতেই নহয় সমগ্ৰ বিশ্বৰ বাবে এয়া গৌৰৱৰ কথা যে আজি আমি গান্ধী ১৫০ পালন কৰাৰ মুহূৰ্তত ১৩০ কোটি দেশবাসীয়ে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত হোৱাৰ সংকল্প গ্ৰহণ কৰিছে৷ পৰিবেশ সংৰক্ষণৰ দিশত ভাৰতে সমগ্ৰ বিশ্বত যিদৰে নেতৃত্ব বহন কৰিছে সেয়া প্ৰত্যক্ষ কৰি আজি সকলো দেশৰ দৃষ্টি ভাৰতৰ ওপৰত নিৱদ্ধ হৈছে৷ মোৰ সম্পূৰ্ণ বিশ্বাস, আপোনালোক সকলোৱে ২ অক্টোবৰত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্তি হোৱাৰ অভিযানৰ অংশীদাৰ হব৷ ঠায়েঠায়ে জনতাই নিজৰ ধৰণে এই অভিযানৰ অংশীদাৰ হৈছে৷ কিন্তু আমাৰ দেশৰ এজন তৰুণে এক অতুলনীয় অভিযান আৰম্ভ কৰিছে৷ তেওঁৰ এই কাম লক্ষ্য কৰি মই তেওঁৰ সৈতে ফোনত কথা পাতি এই নতুন প্ৰয়োগৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলো৷ হব পাৰে, তেওঁৰ এই কথা দেশবাসীৰ কামত আহিব পাৰে৷ শ্ৰীমান ৰিপুদমন বেল্বীজীয়ে এক অতুলনীয় প্ৰয়াস কৰিছিল৷ তেওঁ প্লগিং কৰিছিল৷ যেতিয়া মই প্ৰথমবাৰ প্লগিং শব্দৰ বিষয়ে শুনিলো সেয়া মোৰ বাবে নতুন শব্দ আছিল৷ বিদেশত বোধহয় এই শব্দৰ প্ৰয়োগ অধিক হয়৷ কিন্তু ভাৰতত ৰিপুদমন বেল্বীজীয়ে ইয়াৰ প্ৰচাৰ কৰিছে৷ আহক তেওঁৰ সৈতে কিছু কথা হও৷

মোদী জীহেল্লৰিপুদমন জী, নমস্কাৰ, মই নৰেন্দ্ৰ মোদীয়ে কৈ আছো৷

ৰিপুদমনহয় ছাৰ, অশেষ ধন্যবাদ ছাৰ৷

মোদী জীৰিপুদমন জী৷

ৰিপুদমনহয় চাৰ৷

মোদী জীআপুনি যি এই প্লগিঙক লৈ ইমান সমৰ্পিত ভাৱেৰে কাম কৰি আছে৷

ৰিপুদমনহয় চাৰ৷

মোদী জীমোৰ মনত এটা জিজ্ঞাসাৰ সৃষ্টি হল আৰু ভাবিলো যে মই নিজেই আপোনাৰ সৈতে ফোন কৰি সোধো৷ 

ৰিপুদমনহয় চাৰ৷

মোদী জীআপোনাৰ মনত এই কল্পনাৰ সৃষ্টি কিদৰে হ?

ৰিপুদমনহয় চাৰ৷

মোদী জীএই শব্দ, এই প্ৰণালীৰ বিষয়ে আপোনাৰ মনলৈ কিদৰে চিন্তা আহিল?

ৰিপুদমনছাৰ, যুৱসমাজে আজিকালি কুল বিচাৰে, আমোদজনক বস্তু বিচাৰে৷ তেওঁলোকক উৎসাহিত কৰাৰ বাবে মই নিজে উৎসাহিত হলো৷ যদি মই ১৩০ কোটি ভাৰতীয়ক এই পদক্ষেপৰ সৈতে জড়িত কৰোৱাব লাগে তেন্তে মই এনেধৰণৰ কুল কাম কৰাৰ প্ৰয়োজন আছিল, এটা আমোদজনক কাম কৰাৰ প্ৰয়োজন আছিল৷ মই নিজে এজন দৌৰবিদ৷ যেতিয়া পুৱা ট্ৰেফিক কম থাকে আৰু মই দৌৰো, তেতিয়া পথত বিভিন্ন জাবৰ আৰু বিশেষকৈ প্লাষ্টিক অধিক দেখা পাও৷ অভিযোগ দিয়াৰ পৰিৱৰ্তে মই চিন্তা কৰিলো যে এই সন্দৰ্ভত কিবা এটা কৰা যাওক আৰু আমাৰ ৰাণিং গ্ৰুপৰ সৈতে প্ৰথমে দিল্লীত আৰম্ভ কৰিলো আৰু পিছত সমগ্ৰ ভাৰতলৈ ইয়াক সম্প্ৰসাৰিত কৰিলো৷ প্ৰতিটো স্থানৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিলো….

মোদী জীআপুনি প্ৰকৃততে কি কৰিছিল? অলপ বুজাওক যাতে মইও বুজো আৰু মন কী বাতৰ জৰিয়তে দেশবাসীয়েও যাতে গম পাওক৷

ৰিপুদমনছাৰ, আমি আৰম্ভ কৰিলো ৰাণ এণ্ড ক্লীনআপ মুভমেণ্ট৷ যত আমি ৰাণিং গ্ৰুপক তেওঁলোকৰ ৱৰ্কআউটৰ পিছত তেওঁলোকৰ কুলডাউন কাৰ্যসূচীত কোৱা হল যে আপোনোলাকে জাবৰ উঠোৱা, প্লাষ্টিক উঠোৱা আৰম্ভ কৰক৷ তেতিয়া দৌৰি থকাৰ লগতে অতিৰিক্ত আনবোৰ ব্যায়ামো ইয়াত সংযোজিত হয়৷ আপুনি কেৱল দৌৰাই নহয়..আৰু যেতিয়া আপুনি স্কোৱাৰ্ট কৰে, ডীপ স্কোৱাৰ্ট কৰে, আপুনি লাংগেছ কৰে, ফৰৱাৰ্ড বেণ্ট কৰে৷ এনেদৰে এয়া এক সামূহিক ৱৰ্কআউটলৈ পৰিণত হল৷ আৰু আপুনি জানি সুখী হব যে যোৱা বছৰ বহু ফিটনেছ আলোচনীত ইয়াক ভাৰতৰ শীৰ্ষৰ ফিটনেছ ট্ৰেণ্ড হিচাপে মনোনীত কৰা হ, এই ধেমালিটোক

মোদী জীআপোনাক অশেষ অভিনন্দন ইয়াৰ বাবে৷

ৰিপুদমনধন্যবাদ ছাৰ৷

মোদী জীতেন্তে এতিয়া আপুনি ৫ ছেপ্টেম্বৰৰ পৰা কোচিৰ পৰা আৰম্ভ কৰিছে৷

ৰিপুদমনহয় ছাৰ৷ এই অভিযানৰ নাম ৰখা হৈছে R|Elan Run to make India Litter Free’৷ যিদৰে আপুনি ২ অক্টোবৰক এক ঐতিহাসিক শপতলৈ পৰিণত কৰিছেআৰু মই নিশ্চিত যে আৱৰ্জনামুক্ত হ, প্লাষ্টিকমুক্তও হব আৰু এয়া এক ব্যক্তিগত দায়িত্বলৈ পৰিণত হব আৰু মই ৫০ খন চহৰ সামৰি হাজাৰ কিলোমিটাৰৰ এই দৌৰা আৰু পৰিষ্কাৰ কৰা অভিযানৰ সূচনা কৰিছো৷ সকলোৱে কৈছে যে এয়া বোধহয় বিশ্বৰ সবাতোকৈ দীৰ্ঘতম পৰিষ্কাৰ অভিযান হিচাপে বিবেচিত হব আৰু ইয়াৰ সৈতে আমি এক কুল ছচিয়েল মিডিয়া হেশ্বটেগ (#) ব্যৱহাৰ কৰিছো৷ আমি # PlasticUpvaas ব্যৱহাৰ কৰিছো যত কোৱা হৈছে যে এনে কোনবিধ এবাৰ ব্যৱহৃত সামগ্ৰী আছে, কেৱল প্লাষ্টিকেই নহয়, যাক আপুনি সম্পূৰ্ণৰূপে নিজৰ জীৱনৰ পৰা আঁতৰাব বিচাৰিছে৷

মোদী জীৱাহ..আপুনি ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিছে, আপোনাৰ অভিজ্ঞতা কেনেধৰণৰ হৈছে?

ৰিপুদমনঃ ছাৰ, এই পৰ্যন্ত সুন্দৰ অভিজ্ঞতা হৈছে৷ যোৱা দুবছৰতো আমি ৩০০ৰ ওচৰেপাজৰে প্লগিং অভিযান চলাইছো৷ যেতিয়া আমি কোচিত আৰম্ভ কৰিছিলো তেতিয়া তাৰে ৰাণিং গ্ৰুপসমূহেও আমাৰ সৈতে অংশগ্ৰহণ কৰিছিল, স্থানীয় যি ক্লীনআপৰ কাম হয়, তেওঁলোককো নিজৰ সৈতে জড়িত কৰিছিলো৷ কোচিৰ পিছত মাডুৰাই, কয়ম্বাটুৰ, ছালেমত আৰু এতিয়া উদুপিতো আৰম্ভ কৰিছো৷ তাত এখন বিদ্যালয়ৰ সৰু সৰু লৰাছোৱালীক, তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আধাঘণ্টাৰ বাবে এক কৰ্মশালালৈ আমন্ত্ৰণ জনোৱা হল৷ আৰু তেওঁলোকে আধা ঘণ্টাৰ কৰ্মশালা তিনি ঘণ্টাৰ প্লগিং অভিযানলৈ পৰিৱৰ্তিত কৰিলে৷ ছাৰ, ৰাছোৱালীসমূহ ইমান উৎসাহিত হল যে তেওঁলোকে ইয়াক পুনৰাই কৰিবলৈ বিচাৰিলে আৰু নিজৰ অভিভাৱক, নিজৰ ওচৰচুবুৰীয়াক, সহপাঠীক এই বিষয়ে কোৱাত আমাৰ বাবে ইয়াক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাত সহায় হল৷

মোদী জীৰিপু জী, এয়া পৰিশ্ৰম নহয়, এয়া এক সাধনা৷ সঁচাকৈয়ে আপুনি সাধনা কৰি আছে৷

ৰিপুদমনঃ হয় ছাৰ৷

মোদী জীমোৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ ধৰি লওক, আপুনি তিনিটা কথা দেশবাসীৰ সন্মুখত কব লাগে, এনে কোন তিনিটা কথা আপুনি বিশেষভাৱে কবলৈ বিচাৰিব?

ৰিপুদমনঃ মই প্ৰকৃততে তিনিটা পৰ্যায়ৰ বিষয়ে কবলৈ বিচাৰিম৷ পৰ্যায় ১আৱৰ্জনামুক্ত ভাৰত৷ আৱৰ্জনা কেৱল জাৱৰৰ পাত্ৰতহে নিক্ষেপ কৰক৷ পৰ্যায় ২মাটিত পৰি থকা যিকোনো আৱৰ্জনা দেখিলে সেয়া মাটিৰ পৰা উঠাই জাৱৰৰ পাত্ৰত নিক্ষেপ কৰক৷ পৰ্যায় ৩যদি ওচৰেপাজৰে কোনো জাৱৰৰ পাত্ৰ দেখা নাই তেন্তে সেয়া নিজৰ পকেটত ৰাখক অথবা গাড়ীত নিজৰ ঘৰলৈ লৈ যাওক৷ শুকান আৰু সিক্ত জাৱৰৰ পৃথকীকৰণ কৰক আৰু ৰাতিপুৱা যেতিয়া পৌৰনিগমৰ গাড়ী আহিব তেতিয়া তেওঁলোকক প্ৰদান কৰক৷ যদি আমি এই তিনিটা পৰ্যায় পালন কৰো তেন্তে আমি আৱৰ্জনামুক্ত ভাৰত লাভ কৰিব পাৰিম৷

মোদী জীচাওক, ৰিপুজী৷ অতিশয় সৰল শব্দত আৰু সাধাৰণ মানুহে কৰিব পৰাকৈ আপুনি গান্ধীজীৰ সেই সপোন আগুৱাই লৈ গৈছে৷ লগতে গান্ধীজীয়ে যিদৰে সৰল ভাষাত কৈছিল সেই অভ্যাসো আপুনি অনুসৰণ কৰিছে৷

ৰিপুদমনধন্যবাদ৷

মোদী জীসেইবাবে আপুনি ধন্যবাদৰ পাত্ৰ৷ ৰিপুদমন জী, আপোনাৰ সৈতে কথা পাতি মোৰ খুব ভাল লাগিব আৰু আপুনি এক অতিশয় উদ্ভাৱনী ধৰণে আৰু বিশেষকৈ যুৱচামে ভাল পোৱাকৈ এই কাৰ্যসূচী প্ৰস্তুত কৰিলে৷ ইয়াৰ বাবে মই আপোনাক অনেক অভিনন্দন জনাইছো৷ আৰু বন্ধুসকল, এইবাৰ পূজ্য বাপুৰ জয়ন্তী উপলক্ষে খেল মন্ত্ৰালয়েও ফিট ইণ্ডিয়া প্লগিন ৰাণৰ আয়োজন কৰিবলৈ ওলাইছে৷ ২ অক্টোবৰ তাৰিখে ২ কিলোমিটাৰৰ প্লগিং সমগ্ৰ দেশতে আয়োজিত হব৷ এই কাৰ্যসূচী কিদৰে কৰিব লাগে, কাৰ্যসূচীত কি হয় সেয়া আমি ৰিপুদমন জীৰ অভিজ্ঞতাৰ পৰা শুনিলো৷ ২ অক্টোবৰত আৰম্ভ হবলগীয়া এই অভিযানত আমি সকলোৱে এয়াই কৰিব লাগে যে ২ কিলোমিটাৰৰ জগিঙো কৰক আৰু ৰাস্তাত পৰি থকা প্লাষ্টিক আৱৰ্জনাসমূহ জমাও কৰক৷ ইয়াৰ দ্বাৰা আমি কেৱল নিজৰ স্বাস্থ্যই নহয়, ধৰিত্ৰীৰো স্বাস্থ্যৰ ৰক্ষা কৰিব পাৰিম৷ এই অভিযানৰ দ্বাৰা জনসাধাৰণৰ মাজত ফিটনেছৰ সৈতে স্বচ্ছতাক লৈও সজাগতা বৃদ্ধি হৈছে৷ মোৰ বিশ্বাস যে ১৩০ কোটি ভাৰতীয়ই এই দিশত পদক্ষেপ গ্ৰহণ কৰিলে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত হোৱাৰ দিশত ভাৰতে ১৩০ কোটি খোজ আগুৱাই যাব৷ ৰিপুদমন জী, পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ৷ আৰু আপোনাক, আপোনাৰ দলক আৰু এই নতুন কাৰ্যসূচীৰ বাবে মোৰ তৰফৰ পৰা অশেষ অভিনন্দন৷ ধন্যবাদ!

     মোৰ মৰমৰ দেশবাসীসকল, ২ অক্টোবৰৰ প্ৰস্তুতি আজি সমগ্ৰ দেশতে আৰু বিশ্বতো আৰম্ভ হৈছে৷ কিন্তু আমি গান্ধী ১৫০ক কৰ্তব্যপথলৈ লৈ যাব বিচাৰিছো৷ নিজৰ জীৱনক দেশহিতলৈ ৰূপান্তৰিত কৰাৰ দিশত আগবাঢ়িব বিচাৰিছো৷ পুনৰবাৰ আগতীয়াকৈ সোঁৱৰণ কৰোৱাৰ ইচ্ছা হৈছে৷ অৱশ্যে মই আগন্তুক মন কী বাতত ইয়াক বিস্তাৰিত ৰূপত নিশ্চয়কৈ কম কিন্তু আজি মই অলপ আগতীয়াকৈ এইবাবেই কবলৈ বিচাৰিছো যাতে আপোনালোকে প্ৰস্তুত হব পাৰে৷ আপোনালোকৰ মনত আছে যে ৩১ অক্টোবৰ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন৷ এক ভাৰতশ্ৰেষ্ঠ ভাৰতএয়া আমাৰ সকলোৰে সপোন আৰু সেই নিমিত্তে প্ৰতি বৰ্ষত ৩১ অক্টোবৰ তাৰিখে আমি সমগ্ৰ দেশত ৰাণ ফৰ ইউনিটী’, দেশৰ একতাৰ বাবে দৌৰো৷ আবাল বৃদ্ধবনিতা, সকলোৱে, বিদ্যালয়, মহাবিদ্যালয় সকলোতে, সহস্ৰাধিক সংখ্যাত, ভাৰতৰ লক্ষাধিক গাঁৱত সেইদিনা একতাৰ বাবে আমি দৌৰিব লাগিব৷ তেন্তে আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰক৷ বিস্তাৰিতভাৱে আগলৈ এই বিষয়ে কম কিন্তু এতিয়া সময় থাকোতে কিছুমানে অভ্যাস আৰম্ভ কৰিব পাৰে, যোজনা প্ৰস্তুত কৰিব পাৰে৷

     মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকৰ মনত আছে, ১৫ আগষ্টত মই লালকিল্লাৰ পৰা কৈছিলো যে ২০২২ চন পৰ্যন্ত আপোনালোক ভাৰতৰ ১৫টা স্থানলৈ যাওক৷ অতি কমেও ১৫টা স্থান আৰু তাকো পাৰিলে এটা ৰাতি অথবা দুটা ৰাতিৰ কাৰ্যসূচী প্ৰস্তুত কৰক৷ আপোনালোকে ভাৰতবৰ্ষক চাওক, বুজক আৰু অনুভৱ কৰক৷ আমাৰ কিমান বৈচিত্ৰতা আছে৷ আৰু যেতিয়া দিপাৱলীৰ উৎসৱত ছুটিৰ দিনবোৰ উপস্থিত হয় তেতিয়া মানুহে নিশ্চয়কৈ যায় আৰু সেইবাবে মই আপোনালোকক আহ্বান জনাম যে ভাৰতৰ যিকোনো ১৫টা স্থানলৈ নিশ্চয়কৈ ফুৰিবলৈ যাওক৷

     মোৰ মৰমৰ দেশবাসীসকল, অলপতে ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্ব পৰ্যটন দিৱস পালন কৰা হল আৰু বিশ্বৰ কিছুমান দায়িত্বশীল এজেন্সীয়ে পৰ্যটনৰ মূল্যায়নো কৰে আৰু আপোনালোকে জানি সুখী হব যে ভাৰতে ভ্ৰমণ আৰু পৰ্যটন প্ৰতিযোগিতামূলক মূল্যাংকনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ আৰু এয়া আপোনালোকৰ সহযোগিতাৰ ফলত সম্ভৱ হৈছে৷ বিশেষকৈ পৰ্যটনৰ গুৰুত্ব অনুধাৱন কৰাৰ ফলত হৈছে৷ স্বচ্ছতা অভিযানৰো তাত ভূমিকা আছে৷ আৰু এই সংশোধন কিমান হৈছে কওনে আপোনালোকক? আপোনালোকে নিশ্চয়কৈ আনন্দিত হব৷ আজি আমাৰ মূল্যাংকন হল চৌত্ৰিশ আৰু পাঁচ বছৰ পূৰ্বে আমাৰ মূল্যাংকন আছিল ৬৫ নম্বৰত অৰ্থাৎ এক বৃহৎ জাঁপ মাৰিবলৈ সমৰ্থ হৈছো৷ যদি আমি চেষ্টা কৰো তেন্তে স্বাধীনতাৰ ৭৫ বছৰ সমাপন হোৱাৰ মুহূৰ্তত আমি পৰ্যটনৰ ক্ষেত্ৰত বিশ্বৰ মুখ্য স্থানসমূহত স্থান লাভ কৰিবলৈ সক্ষম হম৷

     মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকক পুনৰবাৰ বৈচিত্ৰতাৰে ভৰা ভাৰতৰ বিবিধবিবিধ উৎসৱৰ বাবে অশেষ শুভকামনা জনালো৷ হয়, এয়া নিশ্চয়কৈ লক্ষ্য কৰিব যে দিপাৱলীৰ সময়ত ফটকা আদিৰ পৰা কোনো ব্যক্তিৰ যাতে হানি নহয়৷ আনন্দও হব লাগে, উৎসাহো হব লাগে আৰু আমাৰ উৎসৱসমূহে সামূহিকতাৰ সুঘ্ৰাণ কঢ়িয়াই আনে আৰু সামূহিকতাৰ সংস্কাৰো প্ৰদান কৰে৷ সামূহিক জীৱনেই এক নতুন সামৰ্থ প্ৰদান কৰে৷ সেই নতুন সামৰ্থৰ সাধনাৰ লক্ষ্য হল এই উৎসৱসমূহ৷ আহক, মিলিজুলি উদ্দীপনাৰ সৈতে, উৎসাহৰ সৈতে, নতুন সপোন, নতুন সংকল্পৰ সৈতে আমি উৎসৱসমূহ পালন কৰো৷ পুনৰবাৰ আপোনালোক সকলোলৈ অশেষ শুভকামনা থাকিল৷ ধন্যবাদ৷

***

VRRK/AK /MANN