Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩খন নগৰ উন্নয়ন আঁচনিৰ তৃতীয় বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী


নগৰ উন্নয়নৰ সৈতে জড়িত ৩খন আঁচনিৰ তৃতীয় বাৰ্ষিকী উপলক্ষে লক্ষ্ণৌত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজক সম্বোধন কৰে৷ চৰকাৰৰ এই তিনিখন গুৰুত্বপূৰ্ণ আঁচনি হ’ল—প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ); নগৰীয় পৰিৱৰ্তনৰ বাবে অটল অভিযান(এএমআৰইউটি) আৰু স্মাৰ্ট চিটী অভিযান৷

প্ৰধানমন্ত্ৰীয়ে নগৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ অভিযানৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ তেওঁ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা এগৰাকীকৈ মুঠ ৩৫ গৰাকী ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)’ৰ উপভোক্তাৰ সৈতে মত-বিনিময় কৰে৷

তেওঁ ভিডিঅ’ লিংকৰ জৰিয়তে উত্তৰ-প্ৰদেশৰ বিভিন্ন চহৰৰ ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)’ৰ উপভোক্তাৰ পৰাও মতামত গ্ৰহণ কৰে৷

তেওঁ উত্তৰ-প্ৰদেশত ফ্লেগশ্বিপ মিছনৰ অধীনষ্ঠ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে স্মাৰ্ট চিটী অভিযানৰ অধীনত এইপৰ্যন্ত ৭০০০ কোটিৰ প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ৫২,০০০ কোটি মূল্যৰ প্ৰকল্প ৰূপায়িত হ’ব৷ এই প্ৰকল্পৰ লক্ষ্য হ’ল নিম্ন, নিম্ন মধ্য আৰু মজলীয়া শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা৷ ইণ্টিগ্ৰেটেড ক’মাণ্ড চেণ্টাৰসমূহ এই অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে এই কেন্দ্ৰসমূহে ১১খন চহৰত কাম আৰম্ভ কৰিছে আৰু আন বহুতো চহৰত ইয়াৰ কাম চলি আছে৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰচেষ্টাক স্মৰণ কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আৰবান ইণ্ডিয়াৰ প্ৰতিচ্ছবি সলনি কৰাৰ সপোনে লক্ষ্ণৌৰ সৈতে ঘনিষ্ঠভাৱে জড়িত, য’ৰ পৰা শ্ৰী বাজপেয়ীয়ে সাংসদ হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ৰ ভিতৰত তেওঁৰ চৰকাৰে সকলোৰে বাবে আৱাসগৃহ নিশ্চিত কৰিব বিচাৰিছে৷ পৰিসংখ্যা দাঙি ধৰি তেওঁ উল্লেখ কৰে কিদৰে এই দিশত তেওঁলোকে কাম কৰি আছে৷ তেওঁ কয় যে এতিয়া নিৰ্মাণ হোৱা আৱাসগৃহসমূহত শৌচালয় আৰু বিদ্যুৎ সংযোগৰ সুবিধা উপলব্ধ৷ এই আৱাসগৃহসমূহ মহিলা সৱলীকৰণৰো প্ৰতীক৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নগৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বে ভাৰতবৰ্ষৰ এক সুপৰিকল্পিত নীতি আছিল৷ কিন্তু ৰাজনৈতিক সদিচ্ছা, সুস্পষ্ট চিন্তাৰ অভাৱত স্বাধীনতাৰ পাছত আমাৰ নগৰসমূহৰ যথেষ্ট ক্ষতি হ’ল৷

তেওঁ কয় যে ভাৰতবৰ্ষ এতিয়া দ্ৰুতগতিৰে আগবাঢ়িছে আৰু সেয়ে বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত চহৰসমূহকো আমি বিকশিত কৰাৰ লক্ষ্য লৈছো৷ স্মাৰ্ট চিটী অভিযানে আমাৰ চহৰসমূহক নিউ ইণ্ডিয়াৰ প্ৰত্যাহ্বান ল’ব পৰাকৈ প্ৰস্তুত কৰি তুলিব আৰু ২১ শতিকাৰ বাবে ভাৰতত বিশ্বমানৰ অত্যাধুনিক নগৰ কেন্দ্ৰ গঢ়ি তুলিব৷

*****

AKT/SH/MS