Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩১ অক্টোবৰত ষ্টেচু অব্ ইউনিটীত চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলী জনাব প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীত তেওঁৰ লক্ষ্য- এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাবে সমগ্ৰ দেশতে ‘‘ৰাণ ফ’ৰ ইউনিটী’’


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰ ২০১৯ তাৰিখে গুজৰাটৰ কেৱাড়িয়াত ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে ষ্টেচু অব্ ইউনিটীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷

তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে একতা দিৱসৰ পেৰেড, প্ৰযুক্তি প্ৰদৰ্শনী ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে কেৱাড়িয়াত চিভিল ছাৰ্ভিচেছৰ শিক্ষানবিচসকলৰ সৈতেও সাক্ষাৎ কৰিব৷

২০১৪ চনৰ ৩১ অক্টোবৰৰ পৰা পালন কৰি অহা ৰাষ্ট্ৰীয় একতা দিৱসত দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাণ ফ’ৰ ইউনিটীত অংশগ্ৰহণ কৰে৷

২৭ অক্টোবৰ ২০১৯ তাৰিখে সম্প্ৰচাৰিত ‘মন কী বাত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ‘‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’’ৰ লক্ষ্য প্ৰাপ্তিৰ বাবে বৃহৎ সংখ্যাত ‘‘ৰাণ ফ’ৰ ইউনিটী’’ত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল৷

‘‘বন্ধুসকল, আপোনালোকে জানে যে ২০১৪ চনৰ ৩১ অক্টোবৰ তাৰিখৰ পৰা ‘‘ৰাষ্ট্ৰীয় সংহতি দিৱস’’ হিচাপে পালন কৰি অহা হৈছে৷ এই দিনটোত আমি সকলোৱে যিকোনো মূল্যত দেশৰ সংহতি আৰু সুৰক্ষা ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ হও৷ পূৰ্বৰ বৰ্ষসমূহৰ দৰে এইবাৰো ‘‘ৰাণ ফ’ৰ ইউনিটী’’ কাৰ্যসূচী পালন কৰিবলৈ লোৱা হৈছে৷ ‘‘ৰাণ ফ’ৰ ইউনিটী’’ হ’ল সংহতিৰ প্ৰতীক য’ত ৰাষ্ট্ৰ ঐক্যৱদ্ধ হয়, এটা নিৰ্দিষ্ট দিশলৈ আগবাঢ়ে আৰু ‘‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’’ৰ লক্ষ্য নিৰ্ধাৰণ কৰে’’, তেওঁ এইদৰে কয়৷

‘‘মোৰ দেশবাসীসকল, চৰ্দাৰ পেটেলে দেশক একতাৰ ডোলেৰে বান্ধিছিল৷ একতাৰ এই মন্ত্ৰ আমাৰ জীৱনৰ সংস্কাৰৰ দৰে, আমি অহৰহ সকলো দিশতে এই মন্ত্ৰৰে উজ্জীৱিত হ’ব লাগে৷ মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশে সদায়েই ঐক্যৱদ্ধ বৰ্তাই ৰখাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷ যদি আমি নিজলৈ এপাক ঘূৰি চাও তেন্তে এনে বহু উদাহৰণ আমি প্ৰত্যক্ষ কৰিম য’ত বিভিন্ন লোকে ঐক্যতা বৰ্তাই ৰাখি কাম কৰি আছে৷’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘যোৱা পাঁচ বছৰত আমি প্ৰত্যক্ষ কৰিলো- কেৱল দিল্লীতেই নহয়, ভাৰতৰ শতাধিক চহৰ, কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজ্যৰ ৰাজধানী, জিলা, আনকি টায়াৰ-২ তথা টায়াৰ-৩ৰ অন্তৰ্গত চহৰসমূহৰ পুৰুষ, মহিলা, আবাল-বৃদ্ধ-বনিতা সকলোৱে বৃহৎ সংখ্যাত ‘‘ৰাণ ফ’ৰ ইউনিটী’’ত অংশগ্ৰহণ কৰি আহিছে৷

ফিট ইণ্ডিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘‘ৰাণ ফ’ৰ ইউনিটী’’ এনে এক অনন্য পদক্ষেপ য’ত শৰীৰ, মন আৰু আত্মা, তিনিওটাই লাভান্বিত হয়৷ ৰাণ ফ’ৰ ইউনিটীত কেৱল আমি দৌৰাই নহয়, ইয়াৰ জৰিয়তে ফিট ইণ্ডিয়াৰ উদ্দেশ্যও সাধন হয়৷ আমি নিজকে এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ সৈতে সংযোজিত অনুভৱ কৰো!

উল্লেখ্য, runforunity.gov.in শীৰ্ষক এক ৱেৱ প’ৰ্টেল মুকলি কৰা হৈছে য’ত সমগ্ৰ দেশতে উদযাপিত হ’বলগীয়া ৰাণ ফ’ৰ ইউনিটীৰ অৱস্থানসমূহ উল্লেখ আছে৷   

***

VRRK/KP/MANN