Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩২তম প্ৰগতিৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ প্ৰথমখন প্ৰগতিৰ বৈঠকত সভাপতিত্ব কৰে৷ ৩২তম প্ৰগতিৰ এই বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি আঁচনিসমূহৰ সময়মতে ৰূপায়নৰ খতিয়ান লোৱা হয়৷

আজিৰ প্ৰগতিৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে মুঠ এঘাৰটা বিষয়ৰ ওপৰত আলোচনা কৰে৷ ইয়াৰে ভিতৰত ৯টা পলম হোৱা প্ৰকল্পও আছে৷ ২৪,০০০ কোটি টকাৰ এই ৯টা প্ৰকল্প উৰিষ্যা, তেলেংগানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, বিহাৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, কেৰেলা আৰু উত্তৰ প্ৰদেশ তথা তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিয়পি আছে৷ ইয়াৰে ভিতৰত তিনিটা প্ৰকল্প ৰে’লৱে মন্ত্ৰালয়, পাঁচটা প্ৰকল্প পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয় আৰু এটা প্ৰকল্প পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ আছে৷

বীমা আঁচনি- পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই আঁচনিৰ কাম পুনৰীক্ষণ

বৈঠকত প্ৰধানমন্ত্ৰীয়ে পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই বীমা আঁচনিৰ বিত্তীয় সেৱা বিভাগ সম্বন্ধীয় অভিযোগসমূহৰ পৰ্যালোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে অপৰাধ আৰু অপৰাধী অনুসৰণ নেটৱৰ্ক আৰু ছিষ্টেম প্ৰকল্পৰ কামকাজৰো খতিয়ান লয়৷

উল্লেখ্য, ৩১তম প্ৰগতি বৈঠকত প্ৰধানমন্ত্ৰীয়ে ১২.৩০ লাখ কোটি টকাৰ মুঠ ২৬৯টা প্ৰকল্পৰ কামকাজৰ খতিয়ান লৈছিল৷

***

VRRK/AK/MANN