Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩৫০সংখ্যক প্ৰকাশ পৰ্ব উপলক্ষে গুৰু গোৱিন্দ সিং জীক স্মৰণ প্ৰধানমন্ত্ৰীৰ


দশম গৰাকী শিখ গুৰু গুৰু গোৱিন্দ সিং জীৰ ৩৫০ সংখ্যক প্ৰকাশ পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “৩৫০সংখ্যক প্ৰকাশ পৰ্ব উপলক্ষে মই পূজনীয় শ্ৰী গুৰু গোৱিন্দ সিং জীৰ প্ৰতি প্ৰণিপাত জনাইছো। তেখেত অত্যন্ত সাহসী আৰু অসাধাৰণ জ্ঞানী লোক আছিল। তেখেতৰ সাহসী কৰ্ম আৰু উত্তম চিন্তাধাৰাই প্ৰতি প্ৰজন্মকে অনুপ্ৰাণিত কৰে।

শ্ৰী গুৰু গোৱিন্দ সিং জীয়ে সমতাৰ শক্তিক বিশ্বাস কৰিছিল। তেওঁ সকলো ধৰণৰ সামাজিক বৈষম্যৰ বিৰোধিতা কৰিছিল আৰু ন্যায়ৰ ভাৱনাৰ সমান্তৰালভাৱে নম্ৰতাৰ বাবে সন্মানীত হৈছিল।”

*****

AKT/HS/DB