Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩৭সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডত অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় দলটোক অভিনন্দন জনায়


আজি লিথুৱেনিয়াৰ ভিলনিয়াছত অনুষ্ঠিত ৩৭সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডত ভাৰতীয় দলটোক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। দলটোৰ চাৰিওজন সদস্যই এটা স্বৰ্ণ পদককে ধৰি অন্যান্য পদক লাভ কৰে। শ্ৰী মোদীয়ে কয় যে ভব্য গুণৱাল, সৌমিল মাইটি, নিশিত কালানী আৰু অনমোল কুমাৰে আণৱিক জীৱবিজ্ঞান, জৈৱ ৰসায়ন, ব্যৱস্থা বিজ্ঞান আৰু উদ্ভিদ গণনা জীৱবিজ্ঞান আদি বিষয়ত উৎকৃষ্ট জ্ঞান প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকৰ সফলতাই আন বহু যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে :

লিথুৱেনিয়াৰ ভিলনিয়াছত অনুষ্ঠিত ৩৭সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডত ভাৰতীয় দলৰ চাৰিওজন সদস্যই স্বৰ্ণপদককে ধৰি অন্যান্য পদক লাভ কৰাটো অতি আনন্দৰ বিষয়।

অলিম্পিয়াডত সফলতা লাভ কৰাৰ বাবে ভব্য গুণৱাল, সৌমিল মাইটি, নিশিত কালানী আৰু আনমোল কুমাৰক লৈ গৌৰৱ অনুভৱ কৰিছো। আণৱিক জীৱবিজ্ঞান, জৈৱ ৰসায়ন, প্ৰাণী শৰীৰবিজ্ঞান, প্ৰাণীৰ আকৃতিবিজ্ঞান, পদ্ধতিবিজ্ঞান, উদ্ভিদ গণনামূলক জীৱবিজ্ঞান আদি বিষয়ত তেওঁলোকে উৎকৃষ্ট জ্ঞান প্ৰদৰ্শন কৰিছিল।

এই সফলতাই আন বহু যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি মই নিশ্চিত।

 

***

MJPS/SS/VJ/KD