পি এম ইণ্ডিয়া
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সমন্বিত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪২ সংখ্যক সংস্কৰণৰ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত বাৰটা মূল প্ৰকল্পৰ পৰ্য্যালোচনা কৰা হয়। বাৰটা প্ৰকল্পৰ ভিতৰত ৭টা প্ৰকল্প স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ, দুটা প্ৰকল্প ৰেল মন্ত্ৰালয়ৰ আৰু এটাকৈ প্ৰকল্প পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, তীখা মন্ত্ৰালয়, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ। এই প্ৰকল্পসমূহৰ সঞ্চিত ব্যয় ১,২১,৩০০ কোটি টকা আৰু ১০খন ৰাজ্য অৰ্থাৎ ছত্তীশগড়, বিহাৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, তেলেংগানা, তামিলনাডু, ওড়িশা আৰু হাৰিয়ানাৰ সৈতে জড়িত আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাৎ জম্মু-কাশ্মীৰ আৰু দাদৰা-নগৰ হাভেলী ইয়াৰ অন্তৰ্ভুক্ত।
ৰাজকোট, জম্মু, অৱন্তিপূৰা, বিবিনগৰ, মাদুৰাই, ৰেৱাৰী আৰু দাৰভাংগাত এইমছ নিৰ্মাণৰ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে সকলো অংশীদাৰক জনসাধাৰণৰ বাবে প্ৰকল্পসমূহৰ তাৎপৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি বাকী থকা সমস্যাসমূহ সমাধান কৰিবলৈ আৰু এইসমূহ সম্পূৰ্ণ কৰাৰ সময়সীমা মানি চলিবলৈ নিৰ্দেশ দিয়ে।
এই মত-বিনিময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘পি এম স্বনিধি আঁচনি’ৰো পৰ্য্যালোচনা কৰে। তেখেতে মুখ্য সচিবসকলক চহৰ অঞ্চলৰ বিশেষকৈ দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহৰ সকলো যোগ্য পথ বিক্ৰেতাক চিনাক্ত কৰি সামৰি ল’বলৈ আহ্বান জনায়।
জি-২০ৰ বৈঠকৰ সফল আয়োজনৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো মুখ্য সচিবক অভিনন্দন জনায়। বিশেষকৈ পৰ্যটন আৰু ৰপ্তানিৰ প্ৰসাৰৰ বাবে এই বৈঠকসমূহৰ পৰা তেওঁলোকৰ ৰাজ্যসমূহৰ বাবে সৰ্বাধিক সুবিধা আহৰণ কৰিবলৈ আহ্বান জনায়।
প্ৰগতি বৈঠকত মুঠ ১৭.০৫ লাখ কোটি টকা ব্যয়ৰ ৩৪০টা প্ৰকল্প এতিয়ালৈকে পৰ্য্যালোচনা কৰা হৈছে।

************
During today's PRAGATI session, we reviewed 12 key projects worth over Rs. 1.2 lakh crore. This includes a review of upcoming AIIMS projects, highway and infra related works. Aspects relating to the SVANidhi Scheme were also reviewed. https://t.co/0zkcHubcRT
— Narendra Modi (@narendramodi) June 28, 2023