পি এম ইণ্ডিয়া
বোল মেৰী মা- জয় জয় উমিয়া
বোল মেৰী মা- জয় জয় উমিয়া
বোল মেৰী মা- জয় জয় উমিয়া
আজি শিৱৰাত্ৰি৷
হৰ হৰ মহাদেব৷
বৃহৎ সংখ্যাত উপস্থিত হোৱা মা উমিয়াৰ ভক্তবৃন্দ৷
আজি উমিয়াৰ ধামত উপস্থিত হোৱাৰ মুহূৰ্তত শক্তিৰ উপাসনাক সমৰ্পিত কৰি তিনিবাৰ জয় ধ্বনি দিম৷ আৰু ইয়াৰ পিছত মই মোৰ নিজৰ কথা ক’ম৷
পৰাক্ৰমী ভাৰতৰ বাবে, ভাৰত মাতাৰ জয়৷
বিজয়ী ভাৰতৰ বাবে, ভাৰত মাতাৰ জয়৷
বীৰ জোৱানসকলৰ বাবে, ভাৰত মাতাৰ জয়৷
মই পোন প্ৰধমে সকলো ন্যাসৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো, তেওঁলোকক অভিনন্দন জনাইছো কিয়নো তেওঁলোকে এই গুৰুত্বপূৰ্ণ কাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে৷ আমাৰ দেশত এনে কিছুমান লোক আছে যাৰ বাবে এই সকলো ধাৰ্মিক প্ৰবৃত্তি বৃথা বুলি বিবেচনা কৰে৷ এনে কিছুমান লোক আছে যাৰ বাবে এই সকলো প্ৰবৃত্তি সমাজৰ ভালৰ বাবে নহয়, কিছুমান বিশেষ লোকৰ হে ভালৰ বাবে, তেওঁলোকৰ এই অজ্ঞানতাৰ প্ৰতি পুতৌ জাগে৷
সহস্ৰ বৰ্ষৰ আমাৰ এয়া ইতিহাস যে এই দেশক ঋষি, মুনি, আচাৰ্য, সন্ত, ভগৱন্ত, গুৰুজন, শিক্ষক, বৈজ্ঞানিক, কৃষকে বিভিন্ন ধৰণে অৱদান আগবঢ়াই আহিছে আৰু এওঁলোকৰ ফলতে দেশত আধ্যাত্মিক পৰম্পৰাৰ সৃষ্টি হৈছে৷ আধ্যাত্মিক ঐতিহ্যৰ সৃষ্টি হৈছে৷ দাসত্বৰ সময়চোৱাতো এনে বৃহৎ যুদ্ধ আমি হাজাৰ বাৰশ বৰ্ষ ধৰি যুঁজিছো, দেশৰ প্ৰতিটো কোণত দেশৰ পৰম্পৰা, সংস্কৃতিৰ বাবে প্ৰাণত্যাগ কৰিব খোজা লোকৰ ভিৰ জমা হৈছিল৷ এনে কি প্ৰেৰণাৰ ফলত এই দেশৰ আধ্যাত্মিক চেতনা, এই দেশৰ আধ্যাত্মিক ঐতিহ্য, সমাজ জীৱনক সঞ্চালিত কৰাৰ কামো আমাৰ আধ্যাত্মিক ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছিল৷
এফালৰ পৰা আমাৰ আধ্যাত্মিক ব্যৱস্থা আৰু পৰম্পৰাসমূহে সামাজিক চেতনাৰ কেন্দ্ৰত অৱস্থান কৰিছে আৰু সেই মাধ্যমৰ জৰিয়তে সামাজিক জীৱনত সময় অনুসৰি পৰিৱৰ্তনো হৈছে৷ সময়ৰ সৈতে কিছুমান বস্তু বিস্মৃতিৰ গৰ্ভত লুপ্ত হৈছে, কেতিয়াবা কেৱল নীতি-নিয়মহে ৰৈ যায়, তাৰ আত্মা হেৰাই গ’লেও তাৰ শিপালৈ গ’লে পুনৰ বাৰ এনে চেতনা প্ৰকট পৰিলক্ষিত হয়৷ কোনোবাই হয়তো ভাবিব পাৰে যে কুম্ভৰ এই মেলা, তিনি বছৰৰ পিছত সৰু কুম্ভ আৰু বাৰ বছৰৰ পিছত ডাঙৰ কুম্ভ৷ বাস্তৱিকতে প্ৰতি তিনিবছৰত হিন্দুস্তানৰ প্ৰতিটো কোণৰ পৰা সন্ত, বিদ্বান লোকে বহি সমাজৰ কথা চিন্তা কৰে আৰু সময় পত্ৰ প্ৰস্তুত কৰি তাত কি কি কাম হৈছে তাৰ হিচাপ-নিকাচ কৰে আৰু বাৰ বছৰৰ পিছত যেতিয়া ডাঙৰ কুম্ভ অনুষ্ঠিত হয় তেতিয়া সেই বাৰ বছৰত সমাজত কি কি পৰিৱৰ্তনৰ আৱশ্যক, কোনবোৰ পুৰণি নীতি পৰিত্যাগ কৰিব লাগে, কোনবোৰ নতুন নীতি গ্ৰহণ কৰিব লাগে আৰু অনাগত বাৰটা বছৰত কোনটো দিশত অতিক্ৰম কৰিব লাগিব, সেই দিশ নিৰ্দেশনা এই কুম্ভৰ মেলাৰ চিন্তাৰ জৰিয়তে বাহিৰ হৈছিল৷
আমাৰ ইয়াত আধ্যাত্মিক চেতনাৰ এক ব্যৱস্থা প্ৰণয়ন হৈছে৷ এই বাৰ প্ৰয়াগৰাজত যি কুম্ভমেলা অনুষ্ঠিত হ’ল, বিশ্বৰ গণ্যমান্য বাতৰি কাকতে অতীতৰ কুম্ভমেলাৰ নাগা বাবাৰ বৰ্ণনা কৰাৰ পৰিৱৰ্তে স্বচ্ছতাৰ বিষয়ে খবৰ প্ৰকাশ কৰিছে৷ কুম্ভমেলাৰ স্বচ্ছতাৰ বাতৰিয়ে সমগ্ৰ বিশ্বৰ ধ্যান আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে, এই প্ৰেৰণা আধ্যাত্মিক চেতনাত পৰিলক্ষিত হৈছে৷
এশ বছৰ পূৰ্বে মহাত্মা গান্ধী হৰিদ্বাৰৰ কুম্ভমেলালৈ গৈছিল আৰু তালৈ যোৱাৰ পিছত তেওঁ এক চিন্তা প্ৰকাশ কৰিছিল যে আমাৰ কুম্ভমেলা কিয় পৰিষ্কাৰ-পৰিচ্ছন্ন হ’ব নোৱাৰে? এশ বছৰৰ পিছত সেই কাম সম্পূৰ্ণ কৰাৰ সৌভাগ্য আমি লাভ কৰিছো৷ এই কথাৰ তাৎপৰ্য এয়েই যে আমাৰ ইয়াত আধ্যাত্মিক শক্তি ৰাষ্ট্ৰৰ পুনৰ্নিমাণৰ বাবে হোৱা উচিত৷ আধ্যাত্মিক শক্তিৰ অনাদৰ, আধ্যাত্মিক শক্তিৰ উপেক্ষা, আধ্যাত্মিক চেতনাৰ সন্দৰ্ভত শীতল অভিব্যক্তিৰ বাবে এই দেশৰ কোটি কোটি লোকৰ শক্তি আৰু শ্ৰদ্ধা স্বাধীনতাৰ পিছত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ হ’ব লাগিছিল কিন্তু নহ’ল৷ কিন্তু সৌভাগ্যক্ৰমে আজিৰ সমাজত আধ্যাত্মিক ব্যৱস্থাৰ অন্তৰ্গত সমাজ সংস্কাৰক পুনৰ বাৰ আগুৱাইইছে আৰু হিন্দুস্তানৰ যিকোনো প্ৰান্তলৈ যাওক, স্বাধীনতাৰ আন্দোলনো…..স্বাধীনতাৰ আন্দোলনো যদি কোনোবাই প্ৰত্যক্ষ কৰে তেন্তে দেখিব যে তাৰ ভেঁটি ভক্তিযুগতেই গঢ় লৈ উঠিছে৷ এই দেশৰ ভক্তিযুগত, এই দেশৰ সন্ত-মহন্তই, আমাৰ স্বামী বিবেকানন্দই হওক, চৈতন্য মহাপ্ৰভুৱেই হওক, ৰমণ মহৰ্ষিয়েই হওক, হিন্দুস্তানৰ প্ৰতিটো কোণত, সমাজৰ প্ৰতিটো কোণত ইয়াৰ চিন্তা সন্ত-মহন্তসকলে কৰিছিল আৰু এক আধ্যাত্মিক চেতনাৰ ভেঁটি গঢ়ি উঠিছিল আৰু ইয়াৰ দ্বাৰা ১৮৫৭ চনৰ আন্দোলনৰ সূত্ৰপাত হৈছিল৷
পুনৰবাৰ এই দেশত আধ্যাত্মিক চেতনা জাগ্ৰত হোৱা পৰিলক্ষিত হৈছে৷ মই এই শক্তিক আধ্যাত্মিক শক্তিৰ ৰূপত প্ৰত্যক্ষ কৰিছো৷ কোনো জ্ঞাতিৰ শক্তিৰ ৰূপত মই দেখা নাই৷ এয়া আধ্যাত্মিক চেতনা আৰু আধ্যাত্মিক চেতনা ৰাষ্ট্ৰৰ পুনৰ নিৰ্মাণৰ ভেঁটি গঢ়াৰ বাবে কাম কৰি আছে আৰু সেইবাবে মই মা উমিয়াৰ চৰণত বন্দনা কৰিবলৈ আহিছো৷
এতিয়া দেশ দ্ৰুত গতিত আগবাঢ়িব নোৱাৰে, ভঙা-টুটা হৈ আগবাঢ়িব নোৱাৰে, আধা-আধৰুৱা হৈ আগবাঢ়িব নোৱাৰে, যি কৰিব লাগিব ডাঙৰ কৰিব লাগিব৷ কৰিব লাগিব নে নালাগে? হৈ আছে নে নাই? যদি এনেকুৱা মেজাজ বৰ্তি নাথাকিলহেঁতেন তেন্তে চৰ্দাৰ পেটেলৰ এই মূৰ্তি বিশ্বৰ ভিতৰতে বৃহৎ মূৰ্তিৰূপে জনাজাত নহ’লহেঁতেন৷ যদি ডাঙৰেই কৰিব লাগে তেন্তে ভাৰতৰ ভিতৰত কিয় ডাঙৰ কৰিব লাগে, বিশ্বৰ ভিতৰতে ডাঙৰ কিয় নবনাও? কিছুমান লোকে ইয়াতেই কষ্ট পায়৷
কিয় ভাৰতত বুলেট ট্ৰেইন হ’ব নালাগে? কিয় বিশ্বৰ শ্ৰেষ্ঠ সম্পদসমূহ ভাৰতত হ’ব নালাগে? আৰু বীৰ জোৱান পৰাক্ৰম কিয় সৰু কৰিব লাগে? ডাঙৰ কৰিব লাগে আৰু য’তেই কৰিব লাগে তাতেই কৰিব লাগে৷ ভাৰতৰ মেজাজ বৰ্তমানে পৰিৱৰ্তন হৈছে৷ ভাৰতৰ জনসাধাৰণৰ মন পৰিৱৰ্তন হৈছে আৰু সেইবাবে দেশে আজি সংকল্প গ্ৰহণ কৰিব পাৰিছে আৰু সেইবাবে সিদ্ধিও লাভ কৰিব পাৰিছে৷
মা উমিয়াৰ ছত্ৰছায়াত ইয়াত আধ্যাত্মিক চেতনাৰ জৰিয়তে সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হ’ব কিন্তু সমাজক আধ্যাত্মিক শ্ৰদ্ধাৰ জৰিয়তে পৰিৱৰ্তন কৰাটো সৰল হয়৷ কোনোবাই কল্পনা কৰিছিল নে সমগ্ৰ বিশ্বই নাকত ধৰি যোগ শিকাৰ বাবে চেষ্টা কৰি আছে, এনেকুৱা কোনোবাই কল্পনা কৰিছিল নে? বিশ্বৰ যিকোনো প্ৰান্তলৈ যাওক, আজি যোগবিদ্যা সৰ্বত্ৰ চৰ্চিত হৈছে৷ এই যোগ মোদীয়ে অনা নাই, এয়া ঋষি-মুনিসকলৰ ঐতিহ্য৷ মোদীয়ে সাহসেৰে বিশ্বক এই পথ দেখুৱাইছে৷
আজি মা উমিয়াৰ চৰণত বহাৰ সময়ত যদি ছগনবাপাক স্মৰণ নকৰোঁ তেন্তে ভুল হ’ব৷ ইয়াত যিমান লোক বহি আছে প্ৰত্যেকে ছগনবাপাৰ দূৰদৃষ্টিক স্বীকাৰ কৰে৷ কন্যাসকলক পঢ়োৱাৰ দায়িত্ব তেওঁ লৈছিল আৰু যেতিয়া ছগনবাপাৰ শতাব্দী আমি পালন কৰিছিলো তেতিয়া মই পুনৰ কৈছিলো যে এই মহাপুৰুষে অন্য ক’তো নহয়, তেওঁ জানিছিল যে সমাজক যদি আগুৱাই লৈ যাব লাগে তেন্তে পথ কোনটো৷ আৰু তেওঁ শিক্ষাৰ পথ গ্ৰহণ কৰিছিল আৰু আজি এই সমাজ ক’ৰ পৰা ক’ত উপনীত হৈছে৷
কিন্তু এতিয়া এজন ছগনবাপাৰে নহ’ব, এতিয়া শতাধিক ছগনবাপাৰ প্ৰয়োজন৷ যিয়ে সমাজক নতুন সমৰ্থন প্ৰদান কৰিব পাৰে, নতুন চেতনা প্ৰদান কৰিব পাৰে আৰু নতুন পথত অগ্ৰসৰ হোৱাৰ সাহস প্ৰদান কৰিব পাৰে৷ মা উমিয়াৰ ধামৰ পৰা এনে ব্যৱস্থা বিকশিত হ’ব, এয়া মোৰ বিশ্বাস৷
চি. কেৰ দৰে ভাতৃয়ে তৰুণ প্ৰজন্মৰ দলত কাম কৰি আছে৷ চি. কেক মই ত্ৰিশ বছৰৰ পৰা জানো৷ ত্ৰিশতকৈও অধিক বৰ্ষ হৈছে৷ সদা হাস্যমুখী, সদা প্ৰাণৱন্ত আৰু পবিত্ৰ মনোভাৱেৰে কাম কৰা ব্যক্তি৷ তেওঁক মই অতি নিকটৰ পৰা জানো আৰু সেইবাবে মোৰ এই বিশ্বাস যে এই দল, আমাৰ আৰ.পি প্ৰাণৱন্ত ব্যক্তি আৰু এই নতুন দলে সকলো দায়িত্ব গ্ৰহণ কৰিছে আৰু পুৰণি দলে আশীৰ্বাদ দিছে আৰু সেইবাবে মোৰ বিশ্বাস যে এই কাম সময়ৰ পূৰ্বে সমাপন হ’ব আৰু ভবাতকৈও উন্নত হ’ব৷
কিন্তু যদি আমি আগুৱাই যাও আৰু বেয়া পথত আগুৱাও তেন্তে সেই পথক আগুওৱা বুলি ক’ব পাৰিনে? ইয়াত মা উমিয়াৰ পূজা কৰা হয় আৰু কন্যা সন্তানক গৰ্ভতেই হত্যা কৰা হয় তেন্তে মায়ে ক্ষমা কৰিব নে? কিয় মনে মনে আছে? নহয়, কওকচোন কিয় নিশ্চুপ হ’ল? চাওক, মই আপোনালোকৰ মাজতেই ডাঙৰ-দীঘল হৈছো আৰু সেয়ে আপোনালোকক কোৱাৰ মোৰ অধিকাৰ আছে৷ প্ৰধানমন্ত্ৰী হৈছো সেইবাবে কোৱা নাই, আপোনালোকৰ মাজতেই ডাঙৰ-দীঘল হৈছো আৰু মই পূৰ্বতে উঞ্জাৰ জনতাক খুব খং কৰিছিলো৷ মই উঞ্জাৰ জনতাক যিমান গালি দিছো সিমান কোনেও দিয়া নাই৷ কাৰণ? সমগ্ৰ গুজৰাটত পুত্ৰৰ তুলনাত কন্যাৰ সংখ্যা উঞ্জাতেই কম আছিল৷ য’ত মা উমিয়া বিৰাজমান, তাতেই কন্যা সন্তান হত্যা?
এই মা উমিয়াৰ আশীৰ্বাদ লৈ আজি মই আপোনালোকৰ পৰা কিবা বিচাৰিব খুজিছো৷ দিবনে? উমিয়া মাক সাক্ষী হিচাপে লৈ দিব লাগে৷ এই সকলো লোক আপোনালোকৰ ওচৰলৈ টকা ল’বলৈ আহিব৷ এই যে হাজৰ কোটিৰ কথা কোৱা হৈছে, সেয়া পূৰণ কৰিব লাগিব নে? মোক ফুটি-কড়িও নালাগে, মোক অন্য কিব লাগে? দিবনে? এনেকৈ নহয়, দুয়োখন হাত ওপৰলৈ তুলি কওক৷ দিবনে? সকলো সন্মত নে? আজি মা উমিয়াৰ চৰণত বহি আছে, দুয়োখন হাত ওপৰলৈ তুলি মা উমিয়াক প্ৰণাম কৰি কওক, এতিয়াৰে পৰা আমাৰ সমাজত..ডাঙৰকৈ কওক, ‘‘এতিয়াৰে পৰা আমাৰ সমাজত ভুলতেও কন্যাক হত্যা কৰাৰ পাপ নকৰো, ভ্ৰুণহত্যাৰ পাপ নকৰো৷ আমাৰ সমাজত জন্ম হোৱা চিকিৎসকসকলেও ধন উপাৰ্জন কৰিবলৈ ভুল পথত নাযাব আৰু আমাৰ শক্তি ব্যৱহাৰ কৰি সমাজক বুজাম যে পুত্ৰ আৰু কন্যা একে সমান৷’’ আজি আপোনালোকে চাওক, ক্ৰীড়াত সকলোতকৈ অধিক সোণৰ মেডেল আমাৰ কন্যাই আনে, দশম শ্ৰেণীৰ ফলাফল চাওক, সকলোতকৈ অধিক ভাল ফলাফল আমাৰ কন্যাই আনে, দ্বাদশ শ্ৰেণীৰ ফলাফল চাওক, সকলোতকৈ অধিক ভাল ফলাফল আমাৰ কন্যাই আনে আৰু কিছুমান লোকৰ ভ্ৰম আছে যে পুত্ৰ হ’লে বুঢ়া বয়সত সহায়ক হ’ব৷ এই ভ্ৰমৰ পৰা বাহিৰলৈ আহক৷
মা উমিয়াৰ আশীৰ্বাদত সমাজলৈ পৰিৱৰ্তন অনাৰ বাবে আৰু দ্বিতীয়তে মোৰ এটা বিষয়ত চিন্তা হৈছে আৰু এই চিন্তাৰ বাবে মই কাকো দোষাৰোপ কৰিব খোজা নাই৷ দুৰ্ভাগ্যবশতঃ আমাৰ যি নতুন প্ৰজন্ম আহি আছে, তাৰে কিছুমানে এনেকুৱা কামৰ সৈতে জড়িত হৈ পৰিছে অথবা সোমাই পৰিছে যি অনাগত প্ৰজন্মক ধ্বংস কৰিব পাৰে৷ আমাৰ নতুন প্ৰজন্মক ইয়াৰ পৰা ৰক্ষা কৰিব লাগিব৷ নিচাৰ পথলৈ যাতে আমাৰ সন্মানসকল নাযায় তাৰ চিন্তা কৰা উচিত, টকাতো আহিবই কিন্তু টকাৰ সৈতে এনে ধৰণৰ বস্তু যাতে আমাৰ ঘৰলৈ নাহে তাৰে দায়িত্বও মা উমিয়াৰ সকলো সন্তানে ল’ব লাগিব৷
এই কথা মই এই কাৰণেই কৈছো কাৰণ মই জানো যে পৰিয়ালত সন্তানসকলক ৰক্ষা কৰাটো কঠিন হৈ পৰিছে৷ এনে সময়ত এই আধ্যাত্মিক চেতনাই অতি সোনকানে ৰক্ষা কৰিব পাৰে, এই সামূহিক সংস্কাৰে সোনকালে বচাব পাৰে আৰু সেইবাবে এই উমিয়া ধাম সমাজ শিক্ষাৰ কেন্দ্ৰ হওক, সমাজ সংস্কাৰৰ কেন্দ্ৰ হওক, সামাজিক চেতনাৰ কেন্দ্ৰ হওক, সামাজিক পৰিৱৰ্তনৰ কাৰক হওক আৰু এই শুভকামনাৰ সৈতে সমূহ ন্যাসৰক্ষীলৈ মোৰ তৰফৰ পৰা অনেক শুভকামনা আৰু ২০১৯ চনৰ পিচতো মই ভাৰত চৰকাৰতেই থাকিম, সেইবাবে চিন্তা নকৰিব৷
ভাৰত চৰকাৰেও ইয়াত কিবা কৰিবলগীয়া থাকিলে দিল্লীত যি ঘৰ আছে সেয়া আপোনালোকৰেই৷ অশেষ ধন্যবাদ৷
পুনৰ বাৰ কওক-
বোল মেৰী মা- জয় জয় উমিয়া
বোল মেৰী মা- জয় জয় উমিয়া
বোল মেৰী মা- জয় জয় উমিয়া
ভাৰত মাতাৰ জয়!
*****
अतुल कुमार तिवारी/शाहबाज़ हसीबी/बाल्मीकि महतो/MANN
No one can ever forget the role of Saints and Seers in strengthening our society. They have given us valuable teachings. They even gave us the strength to fight evil and oppression: PM @narendramodi
— PMO India (@PMOIndia) March 4, 2019
Our Saints and Seers taught us to absorb the best of our past and, at the same time look ahead and keep changing with the times: PM @narendramodi
— PMO India (@PMOIndia) March 4, 2019
Doing something at a small scale isn’t acceptable to us.
— PMO India (@PMOIndia) March 4, 2019
Our work will always be at a large scale, benefitting all sections of society: PM @narendramodi
At the community level, it’s important to emphasise on top quality education for youngsters: PM @narendramodi
— PMO India (@PMOIndia) March 4, 2019
Those who believe in Maa Umiya can never support female foeticide.
— PMO India (@PMOIndia) March 4, 2019
I appeal to you all- let us create a society where there is no discrimination based on gender: PM @narendramodi
With the blessings of Maa Umiya, the Bhumipujan of Vishv Umiyadham took place amidst unparalleled enthusiasm. Here are some glimpses. pic.twitter.com/ZLIjJHn2TJ
— Narendra Modi (@narendramodi) March 4, 2019
We are committed to building a society where gender sensitivity and gender equality are vital cornerstones pic.twitter.com/L8rAiV91BX
— Narendra Modi (@narendramodi) March 4, 2019