Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৫ অক্টোবৰ ২০১৯ তাৰিখে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ চৰকাৰী ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত দ্বিপাক্ষিক প্ৰকল্পসমূহৰ ভিডিঅ’ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


 

মাননীয় প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা,

মাননীয়সকল,

বন্ধুসকল,

নমস্কাৰ!!

সকলোকে শাৰদীয় শুভেচ্ছা যাছিলো!

প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ডাঙৰীয়ানীৰ সৈতে তিনিটা দ্বিপাক্ষিক প্ৰকল্প মুকলি কৰিবলৈ পাই মই সুখী অনুভৱ কৰিছো৷ যোৱা এবছৰত আমি ভিডিঅলিংকযোগে ৯টা প্ৰকল্প মুকলি কৰিছিলো৷ আজিৰ এই তিনিটা প্ৰকল্পৰ সৈতে আমি এবছৰত এক ডজন প্ৰকল্প মুকলি কৰিবলৈ সক্ষম হলো৷ এই সাফল্যৰ বাবে মই দুয়োখন দেশৰ চৰকাৰী বিষয়া আৰু নাগৰিকসকলক অভিনন্দন জনাইছো৷

তিনিটা প্ৰকল্প তিনিটা ভিন্ন ক্ষেত্ৰএল পি জি আমদানি, বৃত্তিমূলক প্ৰশিক্ষণ আৰু সামাজিক সুবিধা৷ কিন্তু তিনিওটা প্ৰকল্পৰে উদ্দেশ্য একে৷ আৰু সেয়া হআমাৰ নাগৰিকসকলৰ জীৱনৰ উত্তৰণ কৰা৷ ভাৰতবাংলাদেশৰ সম্পৰ্কৰো মূল আধাৰ এয়াই৷ ভাৰতবাংলাদেশৰ মিত্ৰতাৰ ভেঁটি হল যাতে আমাৰ মিত্ৰতাই দুয়োখন দেশৰ নাগৰিক জীৱনৰ উত্তৰণ হোৱাটো নিশ্চিত কৰে৷

বাংলাদেশৰ পৰা এল পি জিৰ যোগানে দুয়োখন দেশকে উপকৃত কৰিব৷ ই বাংলাদেশত ৰপ্তানি, উপাৰ্জন আৰু নিয়োজনো বৃদ্ধি কৰিব৷ ১৫০০ কিলোমিটাৰৰ দূৰত্ব হ্ৰাসে অৰ্থনৈতিকভাৱে উপকৃত কৰাৰ লগতে পৰিবেশৰ ক্ষতিও হ্ৰাস কৰিব৷ দ্বিতীয়টো প্ৰকল্পবাংলাদেশভাৰত পেছাগত দক্ষতা উন্নয়ন প্ৰতিষ্ঠানে বাংলাদেশত ঔদ্যোগিক বিকাশৰ বাবে দক্ষ মানৱ সম্পদ আৰু প্ৰযুক্তিবিদৰ সৃষ্টি কৰিব৷

মহোদয়া,

আৰু শেষৰ প্ৰকল্পটো হল ঢাকাত ৰামকৃষ্ণ মিছনত বিবেকানন্দ ভৱনৰ প্ৰকল্প৷ ইয়াৰ জৰিয়তে আমাৰ সমাজত দুগৰাকী মহান ব্যক্তিত্ব, স্বামী ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ প্ৰভাৱ তথা মূল্যবোধ সম্প্ৰসাৰিত হব৷

বাংলা সংস্কৃতিৰ মুক্ত চিন্তাধাৰাৰ দৰে এই মিছনৰো সৰ্বত্ৰ অনুগামী পৰিলক্ষিত হৈছে৷ আৰু এই মিছনে সমান উত্তেজনা তথা উৎসাহেৰেই উৎসৱসমূহ উদযাপন কৰে৷ এই ভৱনত ১০০ত কৈও অধিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু গৱেষকৰ বাবে থকাখোৱাৰ ব্যৱস্থা কৰা হৈছে৷

মহোদয়া,

ভাৰতে বাংলাদেশৰ সৈতে মিত্ৰতাক অগ্ৰাধিকাৰ প্ৰদান কৰে৷ ভাৰতবাংলাদেশৰ মিত্ৰতাই দুটা বন্ধুত্বপূৰ্ণ ওচৰচুবুৰীয়াৰ মহান নিদৰ্শন দাঙি ধৰাৰ পৰিপ্ৰেক্ষিতত আমি গৌৰৱ অনুভৱ কৰো৷ আজিৰ এই অনুষ্ঠানে আমাৰ সম্পৰ্ক অধিক দৃঢ় কৰিব বুলি মই আশাবাদী৷

জয় হিন্দ! জয় বাংলা! জয় ভাৰতবাংলা বন্ধুত্ব!

ধন্যবাদ৷

অস্বীকাৰকৰণঃ প্ৰধানমন্ত্ৰীৰ ভাষণ হিন্দীত প্ৰদান কৰা হৈছিল৷ এয়া সেই ভাষণটোৰ এটা অনুমানমূলক অনুবাদ৷   

***

VRRK/SH/AK/MANN