পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কৰ্ণাটকৰ কালাবুৰাগি আৰু তামিলনাডুৰ কাঞ্চীপুৰম ভ্ৰমণ কৰিব৷ দুয়োটা স্থানতে তেওঁ বিভিন্ন প্ৰকল্প মুকলি কৰিব৷
কালাবুৰাগি, কৰ্ণাটকঃ
কালাবুৰাগিত প্ৰধানমন্ত্ৰীয়ে শক্তি, স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ বিভিন্ন প্ৰকল্প মুকলি কৰিব৷
স্বাস্থ্যখণ্ডঃ
কৰ্ণাটকৰ স্বাস্থ্যখণ্ডলৈ বৃহৎ বৰঙণি আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত ইএছআইচি চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিব৷ তাৰোপৰি তেওঁ হুব্বালিত কেআইএমএছৰ ছুপাৰ স্পেচিয়েলিটী ব্লকো উচৰ্গা কৰিব৷ এই প্ৰকল্পসমূহৰ দ্বাৰা কৰ্ণাটকৰ জনতাই গুণগতমানৰ তথা ব্যয়সাধ্য স্বাস্থ্যসেৱা লাভ কৰিবলৈ সক্ষম হ’ব৷
শক্তিখণ্ডঃ
শ্ৰী মোদীয়ে কালাবুৰাগিত বিপিচিএল ডিপ’ট ৰাইচুৰৰ আধাৰশিলা স্থাপন কৰিব৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ আয়কৰ আপীল ন্যায়াধীকৰণো ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিব৷ তেওঁ বেংগালুৰু বিশ্ববিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে মহিলা হোষ্টেল উচৰ্গা কৰিব৷ ইয়াৰ লগতে তেওঁ কালাবুৰাগিৰ আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰিব৷
কাঞ্চীপুৰম, তামিলনাডুঃ
তামিলনাডুৰ কাঞ্চীপুৰমত প্ৰধানমন্ত্ৰীয়ে পথ, ৰে’লৱে আৰু শক্তিখণ্ডৰ বিভিন্ন প্ৰকল্প মুকলি কৰিব৷
পথ খণ্ডঃ
তামিলনাডুৰ ঘাইপথৰ আন্তঃগাঁথনিক অগ্ৰগতি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ৪৫চি ৰাষ্ট্ৰীয় ঘাইপথৰ বিক্ৰবান্দি–ছেথিয়াথুপু অংশ, ছেথিয়াথুপু–ছোলোপুৰম অংশ আৰু ছোলোপুৰম–থানাজাভুৰ অংশৰ চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰিব৷ তেওঁ ৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰাইপেট্টাই–ৱালাজাপেট অংশৰ ছয়লেনযুক্ত পথৰো আধাৰশিলা স্থাপন কৰিব৷ তাৰোপৰি তেওঁ ৩৮১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অভিনাশ্বি–তিৰুপুৰ–অভিনাশ্বিপালায়াম অংশৰ চাৰিলেনযুক্ত অংশ দেশলৈ বুলি উচৰ্গা কৰিব৷
ৰে’লৱে খণ্ডঃ
প্ৰধানমন্ত্ৰীয়ে ইৰ’ড–কাৰুৰ–ত্ৰিচিপাল্লি আৰু ছালেম–কাৰুৰ–ডিংডিগুল ৰে’লৱে পথৰ বৈদ্যুতিকীকৰণ ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিব৷
শক্তি খণ্ডঃ
প্ৰধানমন্ত্ৰীয়ে ইন্নৰ এলএনজি টাৰ্মিনেল ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰে৷ এই এলএনজি টাৰ্মিনেলটো ৫ এমএমটিপিএ সামৰ্থযুক্ত হোৱাৰ লগতে ই তামিলনাডু আৰু ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ এলএনজি গেছৰ অভাৱ পূৰণ কৰিব৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকযোগে ডঃ এম জি আৰ জানকী কলেজ অব্ আৰ্টছ এণ্ড ছায়েন্স ফ’ৰ ৱমেন, চেন্নাইত ডঃ এম জি ৰামচন্দ্ৰণৰ মূৰ্তি মুকলি কৰিব৷ ডঃ এম জি ৰামচন্দ্ৰণ আছিল এজন অভিনেতা তথা ৰাজনীতিবিদ যিয়ে তামিলনাডুত ১৯৭৭ চনৰ পৰা ১৯৮৭ চনলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল৷
প্ৰধানমন্ত্ৰীয়ে কাঞ্চীপুৰমত আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰিব৷
***
AKT/SH/SKS/MANN