পি এম ইণ্ডিয়া

উত্তৰাখণ্ডৰ ৰাজ্যপাল মাননীয়া শ্ৰীমতী বেবী ৰাণী মৌর্য ডাঙৰীয়ানী, মোৰ মন্ত্রীসভাৰ সহযোগীবৃন্দ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱাট, উত্তৰাখণ্ডৰ মন্ত্রীসভাৰ সকলো সদস্যবৃন্দ, ছিংগাপুৰৰ তথ্য আৰু সম্প্রচাৰ মন্ত্রী এছ ঈশ্বৰণ ডাঙৰীয়া, জাপান আৰু চেক গণৰাজ্যৰ মাননীয় ৰাজদূত, দেশ-বিদেশৰ পৰা সমবেত সকলো উদ্যোগপতি আৰু ব্যৱসায়ী বন্ধুসকল আৰু ভদ্র পুৰুষ-মহিলাসকল।
মই বাবা কেদাৰনাথৰ ছত্রছায়াত চাৰি ধামৰ পুণ্য অর্জনৰ বাবে দেশ-বিদেশৰ পৰা সমবেত হোৱা বন্ধুসকলক বহুত বহুত অভিনন্দন জনাইছো। মোৰ দৃঢ় বিশ্বাস যে আপোনলোকে ইয়াত ভাৰতৰ অর্থনৈতিক পৰিৱেশৰ লগতে আমাৰ কেইবা হাজাৰ বছৰ পুৰণি সাংস্কৃতিক বৈচিত্র্য আৰু সমৃদ্ধিক অনুভৱ কৰিব আৰু ইয়াৰ সৈতে পৰিচিত হৈ এক নতুন চেতনাৰে সমৃদ্ধ হৈ ইয়াৰ পৰা ঘুৰমুৱা হ’ব।
বন্ধুসকল, আমি এনে সময়ত উত্তৰাখণ্ডৰ ভূমিত একত্রিত হৈছো, যিসময়ত ভাৰতত দ্রুতগতিত আর্থিক আৰু সামাজিক দিশৰ পৰিৱর্তন আহিছে। আমাৰ দেশ বৰ্তমান বৃহৎ পৰিৱর্তন প্রক্রিয়াৰ মাজেৰে গতি কৰিছে। আমি নতুন ভাৰত গঢ়াৰ পথত আগুৱাই গৈছো। বিশ্বৰ সকলো বৃহৎ সমীক্ষাকাৰী সংস্থাই কৈছে যে ভাৰতে অহা দশকত বিশ্বত উন্নয়নৰ ক্ষেত্রত নেতৃত্ব দিয়াৰ দিশে অগ্ৰসৰ হৈছে। আজি ভাৰতৰ অর্থব্যৱস্থা পূৰ্বতকৈ বহু পৰিমাণ সুস্থিৰ। ৰাজহ ঘাটি হ্রাস পাইছে, মূল্যবৃদ্ধিৰ হাৰ নিয়ন্ত্রণ হৈছে। আমাৰ দেশত বিশ্বৰ ভিতৰতে সৰ্বাধিক হাৰত মধ্যবিত্তৰ সংখ্যা বৃদ্ধি পাইছে। ৮০ কোটিতকৈও অধিক জনসংখ্যাৰ বয়স ৩৫ বছৰৰ তলত, সমাজত এই যুৱশক্তিৰ তুলনামূলক সংখ্যাধিক্য আকাংক্ষাৰ সামর্থৰে ভৰপুৰ।
বন্ধুসকল, আজি ভাৰতত অভূতপূর্ব হাৰত আৰু দক্ষতা সহকাৰে আর্থিক সংস্কাৰ প্রক্রিয়া অব্যাহত আছে। বিগত দুবছৰত এইখন ৰাজ্যত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে দহ হাজাৰতকৈও অধিক পদক্ষেপ গ্রহণ কৰিছে। এই পদক্ষেপসমূহৰ বাবেই বিশ্বত সহজে ব্যৱসায় কৰিব পৰা পৰিৱেশ সৃষ্টিৰ সুচকাংকত ভাৰতে ৪২টা স্থান উন্নীত হৈছে। এই আর্থিক সংস্কাৰ প্রক্রিয়াত আমি ১,৪০০তকৈ অধিক আইন বাতিল কৰিছো। তদুপৰি, ভাৰতৰ কৰ ব্যৱস্থাটো বহু সংস্কাৰ কৰা হৈছে। কৰ সংক্রান্তীয় বিবাদ সমাধানক আৰু অধিক স্বচ্ছ আৰু দ্রুত কৰাৰ চেষ্টা অব্যাহত আছে।.
আৰ্থিক দুৰৱস্থা আৰু দেউলীয়া কোড প্রণয়নৰ ফলত আজি বেংকিং ব্যৱস্থাও শক্তিশালী হৈছে। জিএছটি প্রণয়নৰ জৰিয়তে ভাৰতে স্বাধীনতাৰ পাছত সৰ্বাধিক কৰ সংস্কাৰ কৰিছে। জিএছটিয়ে দেশক এক বজাৰত পৰিণত কৰিছে আৰু ই কৰ ব্যৱস্থাত আমূল পৰিৱর্তন আনিছে। আমাৰ আন্তঃগাঁথনি ক্ষেত্রত অভিলেখ হাৰত আগুৱাই গৈছে। যোৱা বছৰ ভাৰতত প্রায় ১০,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ হৈছে। অর্থাৎ দৈনিক প্রায় ২৭ কিঃমিঃ গতিত নির্মাণ কাৰ্য চলিছে। এই গতি পূর্বৰ চৰকাৰৰ আমোলৰ তুলনাত দুগুণ।
ৰে’ল পথ নির্মাণৰ কামো দুগুণ হাৰত বৃদ্ধি পাইছে। তদুপৰি, কেইবাখনো চহৰত নতুন মেট্রো ৰে’ল, দ্রুতবেগসম্পন্ন ৰে’ল প্রকল্প, স্বতন্ত্র সামগ্ৰী পৰিবহণ কৰিড’ৰ- ইত্যাদি ধৰণৰ কাম চলিছে। চৰকাৰে ৪০০টা নতুন ৰে’ল ষ্টেচনৰ আধুনিকীকৰণৰ লক্ষ্যৰে আগুৱাই গৈছে।
বিমান পৰিবহণ ক্ষেত্রতো ভাৰতে অভূতপূর্ব হাৰত আগুৱাই গৈছে। সেই গতিক আৰু অধিক ত্বৰান্বিত কৰিবলৈ দেশত প্রায় ১০০টা নতুন বিমানবন্দৰ আৰু হেলিপেড নির্মাণৰ কাম চলাই থকা হৈছে। উড়ান যোজনাৰ জৰিয়তে দেশৰ ২-টায়াৰ, ৩-টায়াৰ চহৰসমূহক বিমানপথেৰে সংযোগ কৰাৰ চেষ্টা কৰা হৈছে। ভাৰতত ১০০তকৈ অধিক ৰাষ্ট্ৰীয় জলপথ নির্মাণৰ কাম চলি আছে।
বন্ধুসকল, ইয়াৰ উপৰিও বৰ্তমান ভাৰতত সকলোৰে বাবে ঘৰ, সকলোৰে বাবে বিদ্যুৎ, সকলোৰে বাবে পৰিৱেশ অনুকূল ইন্ধন, সকলোৰে বাবে স্বাস্থ্য, সকলোৰে বাবে বেংক সেৱাৰ দৰে বিভিন্ন প্রকল্প নির্দিষ্ট লক্ষ্যপূৰণৰ পথত দ্রুতগতিতে আগুৱাই গৈছে। অর্থাৎ, এতিয়া ক’ব পাৰি যে সৰ্বাংগীন দৃষ্টিত পৰিৱর্তনৰ এই গতি আপোনালোকৰ বাবে ভাৰতত বিনিয়োগৰ সর্বোত্তম পৰিৱেশ গঢ়ি তুলিছে।
কিছুদিন পূৰ্বে আৰম্ভ হোৱা ‘আয়ুষ্মান যোজনা’ই স্বাস্থ্য ক্ষেত্রত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ইয়াৰ ফলত দেশৰ ২-টায়াৰ, ৩-টায়াৰ চহৰসমূহত নতুন নতুন হাস্পতাল, চিকিৎসা মহাবিদ্যালয়, পেৰামেডিকেল মানৱ সম্পদ প্রতিষ্ঠান গঢ়ি উঠিব, পেৰামেডিকেলৰ ক্ষেত্ৰত আন্তঃগাঁথনি শক্তিশালী হ’ব। আপোনালোকে কল্পনা কৰকছোন, এই আয়ুষ্মান যোজনাৰ জৰিয়তে দেশৰ ৫০ কোটি নাগৰিকক বছৰে ৫ লাখ টকা মূল্যৰ চিকিৎসাৰ স্বাস্থ্য বীমাৰ নিশ্চয়তা প্রদান কৰা হৈছে। অর্থাৎ, আমেৰিকা, কানাডা আৰু মেক্সিকোৰ সৰ্বমুঠ জনসংখ্যাতকৈও অধিক লোক ইয়াৰ দ্বাৰা উপকৃত হ’ব। এতিয়া এই সেৱা প্রদানৰ বাবে কিমান হাস্পতালৰ প্রয়োজন হ’ব, কিমান চিকিৎসক লাগিব, কিমান বৃহৎ বিনিয়োগৰ সম্ভাৱনা আছে আৰু ৰোগীসকলৰ চিকিৎসাৰ বাবদ খৰচৰ টকা এতিয়াৰে পৰাই সাজু আৰু সেইবাবে বিনিয়োগকাৰীসকলৰ টকা উঠি অহাৰ নিশ্চয়তা আছে। ভাৰতৰ স্বাস্থ্য খণ্ডত পুঁজি বিনিয়োগৰ এয়া এক ডাঙৰ সুযোগ, যিটোৱে ২-টায়াৰ, ৩-টায়াৰ চহৰসমূহত উন্নতমানৰ হাস্পতাল নির্মাণৰ সম্ভাৱনা বৃদ্ধি কৰিছে।
বন্ধুসকল, আজি ভাৰতত আন্তঃগাঁথনি নির্মাণত যিমান টকা খৰচ কৰা হৈছে, পূৰ্বতে কেতিয়াও সিমান হোৱা নাছিল। সেইবাবে বিনিয়োগৰ অসীম সম্ভাৱনাৰ লগে লাখ লাখ নতুন কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। সম্ভাৱনা, নীতি আৰু সুস্থ বাস্তবায়ন, এয়াই উন্নয়নৰ সূত্র।
বিনিয়োগৰ গুৰুত্বপূর্ণ লক্ষ্যস্থান হৈছে নতুন ভাৰত আৰু ‘ডেষ্টিনেচন উত্তৰাখণ্ড’ এই পর্যায়ৰ এক উজ্জ্বল দিশ। উত্তৰাখণ্ড দেশৰ সেই ৰাজ্যসমূহৰ অন্যতম, য’ত নতুন ভাৰতত আমাৰ জনসংখ্যা বিষয়ক লাভাংশৰ প্রতিনিধিত্ব কৰে। বৰ্তমানৰ উত্তৰাখণ্ড নবীন প্রজন্মৰ আশা- আকাংক্ষাৰে ভৰা, প্রাণশক্তিৰে ভৰপুৰ। এই অসীম সম্ভাৱনাক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ ত্রিবেন্দ্র ৰাৱাট নেতৃত্বাধীন চৰকাৰে আপ্রাণ চেষ্টা কৰি আহিছে। ‘ডেষ্টিনেচন উত্তৰাখণ্ড’ৰ এই মঞ্চ এনে প্রচেষ্টাৰে বহিঃপ্রকাশ। এতিয়া এই মঞ্চৰ পৰা যিবোৰ কথা কোৱা হৈছে, যি বিশ্বাস ব্যক্ত কৰা হৈছে, য’ত দ্রুত সম্ভৱ সেইবোৰ বাস্তবায়িত কৰাৰ প্রয়োজন আছে, যাতে উত্তৰাখণ্ডৰ নবীন প্রজন্মই সর্বাধিক কর্মসংস্থাপন লাভ কৰে।
বন্ধুসকল, শ্রদ্ধাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যেতিয়া উত্তৰাখণ্ড গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল, তেতিয়া পৰিস্থিতি অতি কঠিন আছিল। ৰাজনৈতিক অস্থিৰতাৰ সমান্তৰালভাৱে উন্নত ভৱিষ্যতৰ বাবে পৰ্বতসম সমস্যা আছিল। কিন্তু আজি উত্তৰাখণ্ড উন্নয়নৰ পথত দ্রুতগতিত ধাৱমান হৈছে।
বিগত চাৰি বছৰত ক্ষুদ্র, সুক্ষ্ম আৰু মজলীয়া উদ্যোগক উৎসাহ যোগোৱাৰ বাবে, তেওঁলোকক সবলীকৰণৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে। অধিকাংশ ক্ষুদ্র উদ্যোগক বেছি ঋণ, সমর্থন পুঁজি, সুদ ৰেহাই, ন্যূনতম কৰ আৰু উদ্ভাৱনক গুৰুত্ব দিয়া হৈছে। বৰ্তমান চৰকাৰে ক্ষুদ্র, সুক্ষ্ম আৰু মজলীয়া উদ্যোগৰ বাবে এক কোটি টকাৰ ঋণ অতি কম সময়ত মঞ্জুৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উত্তৰাখণ্ডত যিকোনো প্রকল্প স্থাপনত বিনিয়োগকাৰীসকলে যাতে কোনো চৰকাৰী বিভাগ ঘুৰি ফুৰিবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰিবলৈ অনেক ব্যৱস্থাক অনলাইন কৰা হৈছে। ‘পৰিৱেশ’ পৰ্টেলৰ জৰিয়তে পৰিৱেশ সুৰক্ষা বিষয়ক ৰেহাই প্রদান প্রক্রিয়া সহজ আৰু দ্রুত হৈছে।
যোৱা চাৰি বছৰত উত্তৰাখণ্ডত যোগাযোগ ব্যৱস্থা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। ঘাইইপথ, ৰে’লপথ আৰু বিমানপথৰ যোগাযোগ উন্নত কৰাৰ লগতে গাওঁসমূহত পকী পথ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে আগবাঢ়িছে। কেৱল ইমানে নহয়, সকলো ঋতুতে ব্যৱহাৰ কৰিব পৰা চাৰধাম পথ আৰু ঋষিকেশ–কর্ণপ্রয়াগ ৰে’ল লাইনৰ কামো দ্রুতগতিত আগুৱাইছে।
বন্ধুসকল, যোগাযোগ ব্যৱস্থা যিমানে উন্নত হ’ব, পর্যটনো সিমানেই উপকৃত হ’ব। এই ৰাজ্যৰ প্রাকৃতিক আকর্ষণ অতুলনীয়, একেদৰে আস্থা আৰু সংস্কৃতিৰ অনুপম মিল, নানা ৰোমাঞ্চকৰ ক্রীড়া আৰু অভিযান, বিভিন্ন ধ্যান কেন্দ্রৰ সমাহাৰেৰে উত্তৰাখণ্ড এক সম্পূর্ণ পেকেজ, এক আদর্শ গন্তব্যস্থান। শেহতীয়াকৈ উত্তৰাখণ্ড চৰকাৰে স্বতন্ত্র পর্যটন নীতি প্রণয়ন কৰি পর্যটনক এক উদ্যোগৰ মর্যাদা প্রদান কৰিছে। ১৮বছৰৰ পাছত প্রথমবাৰৰ দৰে ৰাজ্যৰ ১৩খন জিলাত ১৩টা গন্তব্যস্থান চিহ্নিত কৰি উন্নয়নৰ প্ৰচেষ্টা হাতত হৈছে। এইবোৰে নিশ্চিতভাবে ৰাজ্যখনৰ যুৱসম্প্রদায় কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব।
বন্ধুসকল, মই অতিশয় আনন্দিত যে ৰাজ্য চৰকাৰে এলেকাভিত্তিক জৈৱিক কৃষিৰ প্ৰতি উৎসাহ যোগোৱাৰ জৰিয়তে ৰাজ্যখনক দ্রুত গতিত জৈৱিক ৰাজ্য হিচাপে গঢ়ি তোলাৰ পথত অগ্ৰসৰ হৈছে। জৈৱিক কৃষিৰ জৰিয়তে উৎপাদিত শস্য, ফল আৰু শাক-পাচলিৰ বজাৰ সুনিশ্চিত কৰিবলৈ কেন্দ্রীয় চৰকাৰেও বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহ কৰিছে।
খাদ্য প্ৰস্তুতকৰণকো ৰাজ্যখনত যথেষ্ট গুৰুত্ব দিয়া হৈছে। খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্রত ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনোৱা হৈছে। খাদ্য প্রস্তুতকৰণৰ ক্ষেত্রতো ভাৰতে এতিয়া বিশ্বৰ অন্যতম অগ্রণী দেশ হৈ পৰিছে। ধান, গম, ফল, শাক-পাচলি আৰু গাখীৰ উৎপাদনৰ দৰে বিভিন্ন ক্ষেত্রত ভাৰত বিশ্বৰ প্রথম তিনখন দেশৰ অন্যতম দেশৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আমাৰ কৃষকসকলৰ এই পৰিশ্রমৰ ফচল যাতে নষ্ট নহয়, সেয়া সুনিশ্চিত কৰিবলৈ আমি খাদ্য প্ৰস্তুতকৰণক ইমান গুৰুত্ব আৰোপ কৰিছো। এই ক্ষেত্রত উত্তৰাখণ্ডৰ ভৱিষ্যৎ উজ্জ্বল।
মই আপোনালোক সকলোকে কৃষি আৰু কৃষিভিত্তিক ব্যৱসায়ত বিনিয়োগৰ বাবে অনুৰোধ জনাইছো। কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজনে কৃষকসকলৰ আয় বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। মই ভাবো যে আমি যিমান বেছি কৃষি-ব্যৱসায়ত ব্যক্তিগত বিনিয়োগ কৰিম; খাদ্য প্ৰস্তুতকৰণ, মূল্য সংযোজন, শীতলীকৃত গৃহ, গুদামঘৰ, পৰিবহনৰ বাবে বিশেষ যানবাহন ক্ষেত্রত বিনিয়োগ যিমান বৃদ্ধি পাব, ভাৰতৰ গ্রামীণ অর্থনীতি সিমানেই শক্তিশালী হ’ব আৰু ভাৰতৰ আর্থিক সামর্থ্যই নতুন মাত্রা লাভৰ সম্ভাৱনাও উজ্জ্বল হ’ব।
বন্ধুসকল, বৰ্তমান নবীকৰণযোগ্য শক্তি উৎপাদনৰ ক্ষেত্রত ভাৰতে বিশ্বক নেতৃত্ব প্রদানৰ সামর্থ্য অর্জন কৰাৰ দিশে গতি কৰিছে। আমি ঠিক কৰিছো যে ২০৩০ চনৰ ভিতৰত আমাৰ মুঠ বিদ্যুৎ উৎপাদনৰ ৪০শতাংশ বিকল্প উৎসৰ পৰা উৎপাদন কৰিম। কেৱল ইমানেই নহয় ২০২২ চনত আমি যেতিয়া ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূর্তি পালন কৰিম, তাৰ আগতে দেশত ১৭৫ জিগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়িছো। ইয়াৰে এটা ডাঙৰ অংশ আহিব সৌৰ শক্তিৰ পৰা। আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী স্থাপনৰ ধাৰণাও এই চিন্তাৰে বৃহত্তৰ প্ৰতিফলন। বিশ্বত ইন্ধনৰ প্রয়োজন পূৰণৰ সমান্তৰালভাৱে পৰিৱেশ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আমাৰ এটাই মন্ত্র– এক বিশ্ব, এক সূর্য, এক গ্রিড। উত্তৰাখণ্ডতো নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে। জলবিদ্যুৎতো এই ৰাজ্যৰ অন্যতম প্রধান শক্তি আছিলেই, এতিয়া সৌৰশক্তি উৎপাদন বৃদ্ধি পোৱাত উত্তৰাখণ্ড উদ্বৃত্ত শক্তিৰ ৰাজ্য হৈ উঠাৰ সক্ষমতা আছে। ভাৰতক শক্তি উৎপাদনত স্বয়ংসম্পূর্ণ কৰি তোলাৰ ক্ষমতা উত্তৰাখণ্ডৰ আছে।
বন্ধুসকল, বিগত চাৰি বছৰত ‘মেক ইন ইণ্ডিয়া’ এক বৃহৎ ব্ৰেণ্ড হৈ উঠিছে। আমি বিচাৰো এই ‘মেক ইন ইণ্ডিয়া’ কেৱল ভাৰততে নহয়, সমগ্র পৃথিৱীতে বিখ্যাত হওঁক। বিশ্ববাসীয়ে আমাৰ এই আমন্ত্রণ স্বীকাৰ কৰিছে, ফলস্বৰূপে তথ্য প্রযুক্তিৰ সমান্তৰালভাৱে ভাৰতে এতিয়া ইলেক্ট্রনিক সামগ্রী নির্মাণৰো প্রধান কেন্দ্র হৈ পৰিছে। ভাৰতত আজি বিশ্বৰ সর্ববৃহৎ মোবাইল ফোন নির্মাণ কাৰখানাৰ লগতে ১২০টাতকৈও অধিক কাৰখানাত উৎপাদনৰ কাম চলি আছে। বিশ্বৰ বহু ডাঙৰ ব্ৰেণ্ড এতিয়া ‘মেক ইন ইণ্ডিয়া’ৰ অংশ হৈ পৰিছে।
একেদৰে অটোমোবাইল ক্ষেত্রতো ভাৰতে দ্রুতগতিত অগ্ৰগতি লাভ কৰিছে। আজিৰ অনুষ্ঠানত উত্তৰাখণ্ডৰ অংশীদাৰ হ’ল জাপান। বন্ধুসকল, আপোনালোকে জানি সুখী হ’ব যে জাপানৰ কোম্পানী, জাপানৰ গাড়ী আজি ভাৰতৰ কাৰখানাত নিৰ্মাণ হৈছে আৰু ইয়াৰ পৰা উৎপাদিত গাড়ী জাপানে নিজৰ দেশলৈ আমদানি কৰিছে।
বন্ধুসকল, আজি এই অনুষ্ঠানত মই আপোনালোক সকলোকে এই সকলো ক্ষেত্রত বিনিয়োগ কৰিবলৈ, উত্তৰাখণ্ড তথা নতুন ভাৰতৰ উন্নয়নৰ যাত্রাত অংশগ্রহণৰ বাবে আমন্ত্রণ জনাইছো।
মোৰ দৃঢ় বিশ্বাস, অহা দুদিনত যি বুজাবুজি চুক্তি সাক্ষৰ হ’ব, সেয়া অতি সোনকালেই বাস্তবায়িত হ’ব আৰু আমাৰ ৰাজ্যসমূহৰ সম্ভাৱনাক সর্বাধিক কাম লগাব পাৰিলে বিশ্বৰ কোনো শক্তিয়ে ভাৰতৰ উন্নয়নৰ গতিক প্রতিহত কৰি নোৱাৰে! এটা অতি আনন্দৰ কথা যে আজি ৰাজ্যসমূহৰ মাজত সুস্থ প্রতিযোগিতা আৰম্ভ হৈছে। প্রত্যেক ৰাজ্যই আজি আনতকৈ আগুৱাই যাব বিচাৰে, নতুন নতুন উদ্ভাৱনৰ জৰিয়তে আনৰ ওচৰ চাপি যোৱাৰ কথা ভাবে। কোনো ৰাজ্যই যেতিয়া নিজস্ব ক্ষমতাৰে আগুৱাই যায়, তেতিয়া আমাৰ ধাৰণা হয় সেই ৰাজ্য কেতিয়াও পিছপৰি নাথাকে। আমাৰ অনেক ৰাজ্যৰ সামর্থ্য বিশ্বৰ অনেক দেশতকৈও অধিক।
মোৰ মনত পৰিছে ২০০১ চনৰ ৭অক্টোবৰৰ কথা, যিদিনা প্রথম গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে শপত লৈছিলো, মোৰ কোনো অভিজ্ঞতা নাছিল, চৰকাৰ কি হয়, তাকে ভালদৰে নাজানিছিলো! একেবাৰে নতুন। সাংবাদিকসকল উপস্থিত হৈছে, তেওঁলোক মোক আগুৰি ধৰিছে! সেই সময়ত যদি মই কিবা ভুল কৰিলো হয়, একেদৰে কোনো উত্তৰ দিবলৈ ভালদৰে চকী বহাৰ আগতেই মোক এনে কিছুমান প্ৰশ্ন সোধাৰ চেষ্টা চলিছিল! কোনোবাই সুধিছিল, আপুনি কেনে গুজৰাট গঢ়িব বিচাৰে? আপোনাৰ আদর্শ কোন? কাক দেখি আপুনি এইধৰণৰ কল্পনা কৰিছে? সাধাৰণতে এইসকলো প্রশ্নৰ উত্তৰ কোনে দিব, আমেৰিকাৰ দৰে, অন্য কোনোবাই হয়তো ক’ব, ইংলেণ্ডৰ দৰে বনাব বিচাৰো! মই অলপ বেলগ উত্তৰ দিলো। মই ক’লো যে মই দক্ষিণ কোৰিয়াৰ দৰে বনাব বিচাৰো। তেওঁলোক বিপাঙত পৰিছিল। মই ক’লো, আপোনালোকৰ কেমেৰা বন্ধ কৰক। মই আপোনালোকক ক’ম আৰু ইয়াৰ বাবে আপোনালোকে কোনো অসুবিধাৰ সন্মুখীন হ’ভ নালাগে। মই ক’লো গুজৰাটৰ লোকসকলৰ দক্ষিণ কোৰিয়াবাসীৰ দৰে। দুয়োৰে উপকূলৱৰ্তী সীমা, উন্নয়ন যাত্ৰাও একেই। আমি নিশ্চিতভাৱে আগুৱাই যাম, কেতিয়াও থমকি নৰওঁ।
মই বিশ্বাস কৰো যে ভাৰতৰ প্রত্যেক ৰাজ্যৰে নিজা সামর্থ্য আছে। তেওঁলোকে বিশ্বৰ বহু দেশতৰ সৈতে প্রতিযোগিতাত আগুৱাই যাব পাৰে। ভাৰতৰ প্রত্যেক ৰাজ্যই এই সামর্থ্য লৈ আগুৱাই যাব পাৰে, আমাৰ নবীন প্রজন্মৰ সেই শক্তি আৰু সামর্থ্য আছে।
পৰহি ৰাছিয়াৰ ৰাষ্ট্রপতি আমাৰ দেশলৈ আহিছিল, আমি এক ভিন্ন ধৰণৰ কার্যসূচীত একেলগ হৈছিলো। ৰাছিয়াৰ এক শিক্ষা প্রতিষ্ঠানৰ সৈতে তেওঁ মানসিকভাবে জড়িত, মই যেতিয়া ৰাছিয়া ভ্ৰমণলৈ গৈছিলো, তেতিয়া মোকো সেইখন দেখুৱাবলৈ নিছিল। মই তেওঁক ক’লো সেই স্কুলৰ শিশুসকলক এবাৰ ভাৰতলৈ লৈ আহক! আমিও ভাৰতৰ একাংশ শিশুক আপোনাৰ দেশলৈ পঠাব বিচাৰো! তেওঁ আমাৰ কথা ৰাখি এইবাৰ ভাৰতলৈ অহাৰ সময়ত ২০টি শিশুক লগত নৈ আহে। তেওঁলোকৰ সৈতে ভাৰতৰ ২০টি শিশুৱে ৫-৬দিন একেলগে কাম কৰে। এই পাঁচ-ছয় দিনৰ ভিতৰতে ৰাছিয়ান মন আৰু ভাৰতীয় মনৰ শিশুসকলে মিলি এনে কিছুমান অসাধাৰণ সামগ্ৰী প্ৰস্তুত কৰিলে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে তাক দেখি অবাক হৈ গ’ল। আমাৰ শিশুসকলৰ মাজত কিমান সম্ভাৱনা আছে, তেওঁলোকে সুযোগ পালে বহুত কিবা-কিবি কৰি দেখুৱাব পাৰে! আজি উত্তৰাখণ্ডো সেই পথত এক খোজ আগবঢ়াইছে।
১৮ বছৰ বয়সৰ বহু গুৰুত্ব আছে। উত্তৰাখণ্ড চিৰ-পুৰাতন, কিন্তু উত্তৰাখণ্ড চৰকাৰৰ বয়স ১৮ বছৰ। ১৮ বছৰীয়া প্রাণশক্তি, ১৮ বছৰৰ সপোন দেখা ৰাজ্যখনে, নিজে নতুন কিবা কৰি দেখুৱাৰ ইচ্ছা অতি বিচিত্র। উত্তৰাখণ্ডইও সেয়ে এই মূল্যবান সময়ক উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব। আর্থিক উন্নয়নৰ ক্ষেত্রত বিশ্বত বিশেষ অৰ্থনৈতিক মণ্ডল (Special Economic Zones (SEZs) ভূমিকাৰ কথা আমি কেইবা দশক ধৰি শুনি আহিছো। কিন্তু উত্তৰাখণ্ডত এক ভিন্ন ছেজ আছে আৰু আমাৰ ঋষি-মুনিসকলৰ কেইবা শতিকাজোৰা তপস্যা, মা গংগা আৰু দেবাদিদেৱ হিমালয়ৰ উপস্থিতিৰ ফলত এই স্পেছিয়েল ইকন’মিক জোন এক স্পিৰিচুয়াল ইকো জোন হৈ উঠাত ইয়াৰ সামর্থ্য অধিক হৈছে। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডৰ নিজা প্রকল্পসমূহৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ কাম কৰিব লাগিব। মোৰ দৃঢ় বিশ্বাস যে ত্রিবেন্দ্র সিং ৰাৱাটৰ নেতৃত্বত এই ১৮ বছৰ সম্পূৰ্ণ কৰা ৰাজ্যখনৰ চৰকাৰে এনে উন্নয়নমূলক কাম কৰিব, ১৮ বছৰৰ প্রাণপ্রাচুর্যৰে ভৰা ৰাজ্যখনে এনে নতুন উচ্চতা অতিক্রম কৰিব যে ২০২৫ চনত আপোনালোকে যেতিয়া ৰাজ্যৰ ২৫সংখ্যক বৰ্ষপূর্তি পালন কৰিব, তেতিয়া আপোনালোকৰ সকলো সপোন নিশ্চিতভাৱে বাস্তৱায়িত হ’ব। এই মহা অনুষ্ঠানৰ জৰিয়তে এক শুভ আৰম্ভণি হ’ল। মই ইয়াৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো আৰু কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা আপোনালোকে পূর্ণ সহযোগিতা পাব বুলি মই আপোনালোকক আশ্বাস দিছো।
বহুত বহুত ধন্যবাদ।
****
AKT/AP/MG/IG/AK/DB
Come and invest in Uttarakhand. Addressing the investment summit in Dehradun. https://t.co/ZbdLt4Akg8
— Narendra Modi (@narendramodi) October 7, 2018
Glad to see investors from all over the world converge in Uttarakhand for the investment summit, which will enhance the development journey of the state.
— Narendra Modi (@narendramodi) October 7, 2018
This is a commendable effort by the State Government to showcase the vast economic opportunities Uttarakhand offers. pic.twitter.com/ZfkiZbB9Mn
India is progressing at a scale and speed that is unparalleled.
— Narendra Modi (@narendramodi) October 7, 2018
We are tirelessly working towards providing housing, continuous electricity, clean fuel, quality healthcare and banking to every Indian. pic.twitter.com/21dZunRSfa
Achieving progress, powered by a strong potential, sound policy and stupendous performance. pic.twitter.com/k2nxC8PGmJ
— Narendra Modi (@narendramodi) October 7, 2018
I appreciate the Uttarakhand Government for their work in furthering connectivity across the state.
— Narendra Modi (@narendramodi) October 7, 2018
This augurs well for Uttarakhand, which is blessed with nature, culture and has a big potential in tourism, particularly in adventure. pic.twitter.com/7Rzk0jDLoq
The opportunities in agriculture, organic farming and food processing are immense in Devbhumi Uttarakhand. pic.twitter.com/djeW9zBU4r
— Narendra Modi (@narendramodi) October 7, 2018
Here are some glimpses from the #DestinationUttarakhand Summit. pic.twitter.com/iqD4vSJtaK
— Narendra Modi (@narendramodi) October 7, 2018