Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৭ ছেপ্টেম্বৰ, ২০১৯ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু ঔৰংগবাদ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


 

মুম্বাইত মেট্ৰৰেলপথৰ সম্প্ৰসাৰণ, দেশবাসীলৈ ডিএমআইচি এইউআৰআইচি চিটী উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰ, ২০১৯ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু ঔৰংগবাদ ভ্ৰমণ কৰিব৷

মুম্বাই

মুম্বাইত প্ৰধানমন্ত্ৰীয়ে তিনিটা মেট্ৰৰেলপথৰ আধাৰশিলা স্থাপন কৰিব, যিকেইটা পথে মহানগৰখনৰ মেট্ৰৰেল নেটৱৰ্কৰ ৪২ কিলোমিটাৰতকৈ অধিক ঠাই সামৰি লব৷  তিনিটা কৰিডৰৰ ভিতৰত ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গাইমুখৰ পৰা শিৱাজী চ (মীৰা ৰোড)লৈ মেট্ৰ’-১০ কৰিড, ১২.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱাডালাৰ পৰা চত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছলৈ মেট্ৰ’-১১ কৰিডৰ আৰু ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কল্যানৰ পৰা তালোজালৈ মেট্ৰ’-১২ কৰিডৰ উল্লেখযোগ্য৷

প্ৰধানমন্ত্ৰীয়ে অত্যাধূনিক মেট্ৰভৱনৰ আধাৰশিলা স্থাপন কৰিব; ৩২মহলীয়া এই কেন্দ্ৰটোৱে প্ৰায় ৩৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৪ মেট্ৰলাইন পৰিচালনা তথা নিয়ন্ত্ৰণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কান্দিয়াভলী ইষ্টত বান্দোংগ্ৰী মেট্ৰষ্টেচন উদ্বোধন কৰিব৷

তেওঁ মেক ইন ইণ্ডিয়াৰ অধীনত নিৰ্মিত প্ৰথমটো অত্যাধূনিক মেট্ৰডবা উদ্বোধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে মহা মুম্বাই মেট্ৰৰ এখনি ব্ৰেণ্ড ভিজন ডকুমেণ্ট মুকলি কৰিব৷

ঔৰংগবাদ

ঔৰংগবাদত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা মিচন(উমইড)ৰ দ্বাৰা আয়োজিত আত্মসহায়ক গোটসমূহৰ এখনি ৰাজ্যিক পৰ্যায়ৰ মহিলা সলীকৰণ মেলাতো ভাষণ আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে ৭ ছেপ্টেম্বৰত ঔৰংগবাদত এইউআৰআইচি বাণিজ্যিক আৰু প্ৰশাসনিক ভৱন উদ্বোধন কৰাৰ লগতে ডিএমআইচি এইউআৰআইচি চিটী দেশবাসীৰ নামত উচৰ্গা কৰিব৷ দিল্লী মুম্বাই ঔদ্যোগিক কৰিড (ডিএমআইচি) প্ৰকল্প হৈছে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা প্ৰথমটো ঔদ্যোগিক কৰিড, ত প্ৰায় ১ লাখ কোটি টকা বিনিয়োগ হব আৰু ইয়াৰ দ্বাৰা প্ৰায় ১০ লাখ লোকে সংস্থাপনৰ সূযোগ লাভ কৰিব৷ এই প্ৰকল্পটো ঔৰংগবাদ ঔদ্যোগিক চহৰ অথবা এইউআৰআইচি চিটীহিচাপে খ্যাত হব৷

***

VRRK/AK/DB