Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণে দেশখনৰ শক্তি প্ৰতিফলিত কৰাৰ লগতে বিকশিত ভাৰতৰ বাবে নৱীকৃত সংকল্পক অনুপ্ৰাণিত কৰিছে : প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিয়া ভাষণৰ প্ৰশংসা কৰি এয়া প্ৰেৰণাদায়ক আৰু চিত্তাকৰ্ষক বুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ চিন্তাধাৰাই আমাৰ ৰাষ্ট্ৰৰ শক্তি আৰু প্ৰতিজন ভাৰতীয়ৰ আকাংক্ষা প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয় যে তেওঁৰ বাৰ্তাই আমাক সকলোকে এখন বিকশিত ভাৰতৰ বাবে নৱীকৃত সংকল্পৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় :

“স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিজীৰ এয়া এক প্ৰেৰণাদায়ক আৰু চিত্তাকৰ্ষক ভাষণ।

তেওঁৰ চিন্তাধাৰাই আমাৰ দেশৰ শক্তি আৰু প্ৰতিজন ভাৰতীয়ৰ আকাংক্ষাক প্ৰতিফলিত কৰে।

তেওঁৰ বাৰ্তাই আমাক সকলোকে এখন বিকশিত ভাৰতৰ বাবে নৱীকৃত সংকল্পৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।

@rashtrapatibhvn”

 

***

MJPS/SS/PRK/KD