Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৯ আগষ্টত পিএম-কিষাণৰ পৰৱর্তী কিস্তিৰ ধন মুকলি কৰিব প্ৰধানমন্ত্ৰীয়


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৯ আগষ্টৰ দুপৰীয়া ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সযোগে প্রধানমন্ত্রী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ পৰৱর্তী কিস্তিৰ ধন মুকলি কৰিব৷ ইয়াৰ ফলত ৯.৭৫ কোটিতকৈ অধিক হিতাধিকাৰী কৃষক পৰিয়ালৰ একাউণ্টত ১৯,৫০০ কোটি টকা প্ৰদান কৰা হ’ব। প্রধানমন্ত্রীয়ে এই উপলক্ষে অনুষ্ঠানত হিতাধিকাৰী কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব।

পিএম-কিষাণৰ বিষয়েঃ

এই আঁচনিৰ অধীনত হিতাধিকাৰী কৃষক পৰিয়ালক বছৰি ৬,০০০ টকাকৈ আর্থিক সাহাৰ্য প্ৰদান কৰা হয়৷ প্রতি চাৰি মাহৰ মুৰে মুৰে তেওঁলোকক ২,০০০ টকাকৈ দিয়া হয়। হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই ধন হস্তান্তৰ কৰা হয়। এতিয়ালৈকে ১.৩৮লাখ কোটি টকাৰ সন্মান ৰাশি কৃষক পৰিয়ালক প্ৰদান কৰা হৈছে। অনুষ্ঠানত কেন্দ্রীয় কৃষি মন্ত্রীও উপস্থিত থাকিব৷

 

***

DS/SH/DB