Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ৰাইজিং ইণ্ডিয়া শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ ভাষণ

‘ৰাইজিং ইণ্ডিয়া শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ ভাষণ

‘ৰাইজিং ইণ্ডিয়া শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ ভাষণ

‘ৰাইজিং ইণ্ডিয়া শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ ভাষণ


নেটৱৰ্ক ১৮ গ্ৰুপৰ মুখ্য সম্পাদক ৰাহুল যোশী জী, নেটৱৰ্ক ১৮-ৰ সাংবাদিকসকল, সংবাদ মাধ্যমটোৰ পৰিচালনাৰে জড়িত ব্যক্তিসকল, এই সন্মিলনত অংশ গ্ৰহণ কৰা মহানুভৱসকল, নেটৱৰ্ক ১৮-ৰ দৰ্শকবৃন্দৰ লগতে মোৰ প্ৰিয় সতীৰ্থসকল, মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে নৱ নিৰ্মিত ৰাষ্ট্ৰীয় সমৰ স্মাৰকটো দেশৰ নামত উচৰ্গা কৰাৰ মোৰ সৌভাগ্য হৈছিল, আৰু কি সংযোগ চাওকচোন, ইয়াৰ ঠিক পিচতে ৰাইজিং ইণ্ডিয়া শীৰ্ষ সন্মিলনত মই এনে এটা বিষয়ত ভাষণ দিয়াৰ বাবে আমন্ত্ৰণ পাইছো, যিটো বিষয় মোৰ হৃদয় অতিকে ওচৰৰ বুলি অনুভৱ কৰি আহিছো।

    মই নেটৱৰ্ক ১৮-ক ‘বিয়ণ্ড পলিটিক্সঃ ডিফাইনিং নেশ্যনেল পায়’ৰিটীজ’ শীৰ্ষক বিষয়বস্তু নিৰ্বাচিত কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিব খুজিছো। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখনত, ৰাষ্ট্ৰ নিৰ্মাণৰ গতি-গোত্ৰ কি হ’ব, ৰাষ্ট্ৰ হিচাপে আমাৰ প্ৰাথমিকতা কি হ’ব, এনেবোৰ প্ৰসংগত নিৰন্তৰ চৰ্চা, আলোচনা অতিকে আৱশ্যক। এতিয়া মই যেতিয়া সাংবাদিক বন্ধুসকলৰ মাজত উপস্থিত আছো, সেয়ে এই আলোচনা আগবঢ়াই নিয়াৰ বাবে মই আপোনালোকে ভাল পোৱা ধৰণটোকে গ্ৰহণ কৰিম বুলি ভাবিছো। অৰ্থাত প্ৰথমে কি আছিল আৰু এতিয়া কি হৈছে, তাৰ বিশ্লেষণৰ জৰিয়তে আলোচনা আগবঢ়াই নিব খুজিছো। ইয়াৰ দ্বাৰা নিশ্চয় আগতেনো প্ৰাথমিকতা কি আছিল আৰু এতিয়ানো কি, সেই কথা আপোনালোকৰ বাবেও পৰিষ্কাৰ হৈ পৰিব। সেইদৰে ৰাজনীতিৰ পৰা আঁতৰি গৈ ৰাষ্ট্ৰনীতিক প্ৰাথমিকতা প্ৰদান কৰিব খুজিলেনো কেনে ধৰণৰ পৰিণাম লাভ কৰিব পৰা যায় সেই কথাৰো উমান পাব পাৰা যাব। বন্ধুসকল, ২০১৪চনৰ আগতে দেশৰ পৰিস্থিতি এনে আছিল যে যিবোৰৰ শ্ৰীবৃদ্ধি হ’ব লাগিছিল, সেইবোৰ টুটিছিল আৰু টুটিবলগীয়াবোৰ নদন-বদন হৈ উঠিছিল। উদাহৰণ স্বৰূপে বয়-বস্তুৰ দাম বৃদ্ধিৰ প্ৰসংগকটোকে লোৱা যাওক। বস্তু-বাহানিৰ দৰ নিয়ন্ত্ৰিত হৈ থাকিব লাগে বুলি আমি সকলোৱে জানো। পিছে বাস্তৱ সত্যটো কি আছিল! আগৰ চৰকাৰ দিনত নিত্য-ব্যৱহাৰ্য বয়-বস্তুৰ দামে আকাশ চুইছিলগৈ। দৰবৃদ্ধিয়ে দৈত্যৰ দৰে মুখ মেলি ৰৈছিল। আপোনালোক আটাইৰে, বিশেষকৈ নিউজৰুমৰ প্ৰডিউচাৰসকলৰ খুউব ভালকৈয়ে মনত আছে চাগৈ, ‘দৰ-বৃদ্ধিৰ দৈত্যই জীয়াতু ভোগাইছে ৰাইজক’-শীৰ্ষক শিৰোণামৰে কিমান দিন যে বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছিল তেতিয়া! বন্ধুসকল, ‘মুদ্ৰাস্ফীতিৰ হাৰে ১০ শতাংশৰ ঘৰো অতিক্ৰম কৰিলে’ বুলি আপোনালোকে তেতিয়া উপৰ্যুপৰি বাতৰি পৰিবেশন কৰিবলগীয়াত পৰিছিল। পিছে এতিয়া আমাৰ চৰকাৰ দিনত মুদ্ৰাস্ফীতিৰ দৰ কমি গৈ ২-৪ শতাংশৰ আশে-পাশে স্থিৰে ৰৈছেগৈ। এই পাৰ্থক্য তেতিয়া উপলব্ধ কৰিব পৰা যায় যেতিয়া, ৰাজনীতিৰ পৰা উৰ্ধ্বলৈ গৈ ৰাষ্ট্ৰনীতিক প্ৰাথমিকতা প্ৰদান কৰা হয়।

    বন্ধুসকল, একে দশাই আয়কৰৰ ক্ষেত্ৰতো ঘটিছিল। মধ্যবিত্তসকলে ৰেহাই বিচাৰি সদায়ে আহ্বান জনাই আহিছিল যদিও, ৰেহাইৰ নামত তেওঁলোকে একোৱেই পোৱা নাছিল। আমাৰ চৰকাৰে আয়কৰৰ ৰেহাই সীমা প্ৰথমে আঢ়ৈ লাখ কৰিছিল। পিচত এই পৰিমাণ ৫ লাখ পৰ্যন্ত ১০ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰাৰ পদক্ষেপ গ্ৰহণৰ পিচত এইবাৰতো ৫ লাখ টকা পৰ্যন্ত আয় কৰাসকলক কৰ ৰেহাই দিয়াৰে সিদ্ধান্ত লোৱা হ’ল।

   বন্ধুসকল, এতিয়া জিডিপি গ্ৰ’থ-ৰ কথা যদি আলোচনা কৰা যায়, তেন্তে আগৰ চৰকাৰ আৰু এতিয়াৰ চৰকাৰৰ প্ৰাথমিকতাৰ পাৰ্থক্য আৰু অধিক স্পষ্টকৈ অনুভৱ কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানে যে অটল জীৰ চৰকাৰে ইউপিএ-চৰকাৰক ৮ শতাংশ বিকাশ দৰৰ অৰ্থ-ব্যৱস্থা এটা দি থৈ গৈছল। পিছে, ২০১৩-১৪ বৰ্ষত যেতিয়া ইউপিএ-ৰ বিদায় নিশ্চিত হৈছিল, তেতিয়া বিকাশৰ হাৰ প্ৰায় ৫ শতাংশলৈ অৱনমিত হৈছিল। ২০১৪ চনত আকৌ এবাৰলৈ আমি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিলো। আজিৰ তাৰিখত আমি আকৌ এবাৰলৈ জিডিপি গ্ৰ’থ-ৰ হাৰ ৭-৮ৰ ভিতৰলৈ উন্নীত কৰিবলৈ সক্ষম হৈছো। তেওঁলোকে বাঢ়িবলগীয়াখিনিক কমাই থৈ গৈছিল, আৰু আমি কমি যোৱাখিনিক পুণৰ বঢ়োৱাৰ ব্যৱস্থা কৰিছো। এয়াই আমাৰ প্ৰাথমিকতা।

     বন্ধুসকল, বিশ্ব-প্ৰেক্ষাপটত ভাৰতৰ অৱস্থিতিৰ ক্ষেত্ৰতো একে অৱস্থাই আছিল। ইমানদিনে আমি পঢ়ি আহিছিলো বোলে, একৈশ শতিকা ভাৰতৰ শতিকা হ’ব। পিছে ইউপিএ-চৰকাৰ দিনত কি হ’ল? ২০১৩চন পৰ্যন্ত ভাৰতক পৃথিৱীৰ ‘ফ্ৰেজাইল-৫’ দেশৰ অন্যতম কৰি পেলাইছিল। পিছে আজিৰ চৰকাৰৰ দৃঢ় সংকল্প আৰু এশ পঁচিশ কোটি দেশবাসীৰ পৰিশ্ৰমৰ সুবাদত আকৌ এবাৰলৈ ভাৰত আজি আটাইতকৈ দ্ৰুতগতিৰে আগবঢ়া গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তিধৰ দেশ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে।

    ‘ইজ অব ডুয়িং বিজনেছ’-ৰ স্থানৰ ক্ষেত্ৰতো আগৰখন চৰকাৰে দেশৰ নাম ডুবুৱাৰ সকলো ব্যৱস্থাই কৰি থৈ গৈছিল। কংগ্ৰেছ-সংস্কৃতিৰ পৰিণতি হিচাপেই ২০১৩চনত ১৩২ সংখ্যক স্থানত থকা আমাৰ দেশৰ স্থান ২০১৪ চনত ১৪২লৈ অৱনমিত হৈছিল। সেইসময়ত দেশৰ ব্যৱসায়-বাণিজ্যৰ অৱস্থা কি কৰি পেলাইছিল, এবাৰ মনত পেলাওকচোন। এই ৰেংকিং-ৰ শুধৰণি ঘটাই দেশৰ স্থান ৭৭সংখ্যক স্থানলৈ অনাৰ কাম আমাৰ চৰকাৰে কৰি দেখুৱালে।

    আপোনালোকে চাগৈ জানিছেই যে কালি মাত্ৰ আমাৰ চৰকাৰে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ শুভাৰম্ভ কৰিছে। দেশৰ প্ৰায় ১২ কোটি কৃষক পৰিয়াল এই নিধিৰ দ্বাৰা উপকৃত হ’ব। বন্ধুসকল,  যোৱাখন চৰকাৰৰ দিনত ‘ইজ অব ডুয়িং বিজনেছ’-ৰ ক্ষেত্ৰত দেশৰ স্থানৰ অৱনমন হোৱাৰ মূলতে আছিল ভ্ৰষ্টাচাৰ। কাৰণ এইখিনি সময়ত ভ্ৰষ্টাচাৰে আকাশ চোৱাৰ উপক্ৰম ঘটিছিল। স্পেকট্ৰামৰ পৰা ছাবমেৰিণলৈ, কয়লাৰ পৰা চিডব্লিউজিলৈ, কোনো এটা বস্তুয়েই ভ্ৰষ্টাচাৰৰ পৰা আঁতৰি থাকিব পৰা নাছিল। সেই সময়ত দেশৰ প্ৰতিটো সংস্থা, সেয়া লাগিলে উচ্চতম ন্যায়ালয়েই হওক অথবা চিএজি-য়েই হওক কিম্বা সংবাদ মাধ্যমেই হওক, সকলোতে কেৱল চৰকাৰী বিভাগৰ দুৰ্নীতিৰ ফাইলহে মুকলি কৰা হৈছিল।

    আজি আকৌ পৰিস্থিতি এনে হৈছে যে বিপক্ষৰ আমাৰ বন্ধুসকলে ছদ্মবেশী অভিযোগকাৰীৰ হতুৱাই আদালতত আমাৰ বিৰুদ্ধে গোচৰ দিয়াৰ কচৰত্ কৰাইছে যদিও প্ৰায় সকলো সময়তে তেওঁলোকে আদালতৰ ধমক খাবলগীয়াত পৰিছে আৰু ইয়াৰ বিপৰীতে চৰকাৰে বুটলিছে প্ৰশংসা। চৰকাৰী সংস্কাৰৰ ক্ষেত্ৰত এই পৰিৱৰ্তন আমাৰ চৰকাৰৰ কাৰ্যকালত সম্ভৱ হৈছে।

    ভাই-ভনীসকল, ৰাজনীতিৰ পৰা আমাৰ চৰকাৰৰ প্ৰাথমিকতাসমূহ কেনেকৈ পৃথক, কেনেকৈ আমি এখন আঁচনিৰ সৈতে আন এখন আঁচনি সংলগ্ন কৰি আগবঢ়াৰ প্ৰয়াস কৰিছো আৰু তাৰ ফলত সামগ্ৰিকভাবে সম্পূৰ্ণ ব্যৱস্থাটোৱেই কেনেকৈ মসৃণ আৰু স্বচ্ছ হৈ উঠিছে, সেই কথা মই কেইটামান উদাহৰণেৰে বিস্তাৰিতভাবে আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো। আপোনোলোকৰ চাগৈ মনত আছে, আজিৰ পৰা চাৰিবছৰ আগতে আমি যেতিয়া ‘জন-ধন যোজনা’ৰ শুভাৰম্ভ কৰিছিলো, তেতিয়া এই আঁচনিখনক লৈ মুখৰোচক কথা-বতৰাৰ জোৱাৰ তোলা হৈছিল। কিছুমান লোকে কৈছিল বোলে দুখীয়াৰ বেংক একাউণ্ট খুলি দি আমিনো কি ইমান ডাঙৰ কামটো কৰিলো। কিছুমানেতো ইমানলৈকে ক’লে যে যাৰ এমুঠি খাবলৈকে নাই, তেওঁলোকে বেংকত একাউণ্ট খুলিনো কিডাল কৰিব। এনেকুৱা মানসিকতাৰ পৰিণতিতে স্বাধীনতাৰ ইমানকেইটা বছৰৰ পিচতো দেশৰ আধাতকৈয়ো বেছি লোকৰ বেংক একাউণ্ট নথকাকৈয়ে দিন পাৰ হৈছিল। এতিয়া আমাৰ চৰকাৰৰ প্ৰয়াসত দেশৰ ৩ কোটিতকৈয়ো অধিক লোকৰ বেংক খাটা খোলা হৈছে।  

    বন্ধুসকল, জনধন একাউণ্ট খোলাৰ পিচত আমি তেওঁলোকক আধাৰ নম্বৰৰে সংযুক্ত কৰাৰ ব্যৱস্থা কৰিছো, ততোধিক এই একাউণ্টক মোবাইল নম্বৰেৰেও সংযুক্ত কৰা হৈছে। ইফালে আমি দেশত জন-ধন একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছো, সিফালে যিবিলাক চৰকাৰী যোজনাৰ জৰিয়তে হিতাধিকাৰীসকললৈ ধনৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল, সেইবোৰ যোজনাকো ইয়াৰ সৈতে সংযু্ক্ত কৰাৰ দিহা কৰা হৈছে। আগতে ইয়াৰ বাবে নগদ ধন দিয়াৰ ব্যৱস্থা আছিল। আৰু এই লেন-দেন কোনোনে কৰিছিল সেই কথা চাগৈ আপোনালোকক নকলেও হ’ব, নহয় জানো! 

        বন্ধুসকল, আমি এখন এখনকৈ আঁচনিসমূহ জন-ধন একাউণ্টৰে সংযুক্ত কৰাৰ ব্যৱস্থা কৰিলো। আজিৰ তাৰিখত পৰিস্থিতি এনে হৈছেগৈ যে চৰকাৰৰ চাৰে চাৰিশতকৈয়ো অধিক আঁচনিৰ ধন পোণপটীয়াকৈ হিতাধিকাৰীসকলৰ একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ ব্যৱস্থা হৈছে । আমাৰ চৰকাৰৰ দিনত প্ৰায় ৬ লাখ কোটি টকা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হৈছে। আৰু আজি মই গৰ্বৰে ক’ব পাৰো যে আগৰ চৰকাৰ দিনৰ দৰে ১০০ৰ কেৱল ১৫ পইচা নহয়, সম্পূৰ্ণ ১০০পইচাই হিতাধিকাৰীসকলে লাভ কৰিছে। চৰকাৰৰ এই প্ৰভাৱ ভ্ৰষ্টাচাৰৰ ওপৰত কিমান পৰে, ইয়াকো আপোনালোকক অৱগত কৰাৰ প্ৰয়োজন আছে।

         বন্ধুসকল, জন-ধন একাউণ্ট, আধাৰ আৰু মোবাইলৰ সংযোগ বাধ্যতামূলক কৰাৰ ফলত কাগজে-পত্ৰই ইমান দিনে চলি অহা ভুৱা হিতাধিকাৰীৰ হাজাৰ-বিজাৰ নাম সন্মুখলৈ আহিবলৈ ধৰিছে। আপোনালোকৰ চেনেলতো যদি এনে ৫০ জন ব্যক্তি জড়িত হৈ পৰে, যাৰ নামত প্ৰতি মাহে দৰ্মহা আদায় দি থকা হৈছে যদিও বাস্তৱত এই ৫0জন ব্যক্তিৰ অস্তিত্বই নাথাকে, তেন্তে কি অৱস্থা হ’ব, এবাৰ ভৱকচোন। এই ক্ষেত্ৰত ‘এইচ আৰ’ বিভাগৰ কাৰ্যবাহীসকলে ক’ব বোলে  আমাৰ ইয়াত এনেকুৱা হ’বই নোৱাৰে, কিন্তু আগৰখন চৰকাৰৰ দিনৰ তালিকাত এজন-দুজন নহয়, ৮কোটি এনে ভুৱা ব্যক্তিৰ নাম সন্নিৱিষ্ট আছিল, যিসকলৰ নামত চৰকাৰী  আঁচনিৰ ধন আৱন্তিত হৈ আহিছিল।

   বন্ধুসকল, বৰ্তমান চৰকাৰৰ এই প্ৰয়াসৰ ফলত ৰাজকোষৰ ১ লাখ ১০ হাজাৰ কোটি টকা ভুৱা ব্যক্তিৰ হাতলৈ যোৱাৰ পৰা বচাব পৰা গৈছে। আৰু মই যেতিয়া কৈছো ১লাখ ১০ হাজাৰ কোটি টকা বচাব পৰা গৈছে মানে, ইমান দিনে এই বিশাল পৰিমাণৰ ধন ৰাশিতো কাৰোবাৰ জেপলৈকে গৈ আছিল! বছৰ বছৰ ধৰি এই পইচা মধ্যভোগীৰ হাতলৈ গৈ আছিল, অথচ এইসকল ব্যক্তিসকল কেতিয়াও এই পইচাৰ হকদাৰেই নাছিল। এতিয়া আমাৰ চৰকাৰে এইবোৰৰ সকলো সুৰুঙাকে বন্ধ কৰি পেলাবলৈ সক্ষম হৈছে।

    বন্ধুসকল, বেংক একাউণ্ট, ডাটা আৰু টেকনলজী এতিয়া পৃথিৱীৰ সকলোতকৈ বৃহত জনকল্যাণমূলক আঁচনিৰ শক্তিশালী বুনিয়াদ হিচাপে পৰিগণিত হৈছে। আজিৰ তাৰিখত ‘আয়ুষ্মান ভাৰত’ৰ দৰে আঁচনিৰ জৰিয়তে প্ৰায় ৫০ লাখ দৰিদ্ৰ লোকলৈ ৫লাখ টকা পৰ্যন্ত চিকিত্সা ব্যয় পৰিশোধৰ যি ব্যৱস্থা কৰা হৈছে, এই প্ৰক্ৰিয়াতো কোনো ধৰণৰ সুৰুঙাৰ অৱকাশ নথকাতো নিশ্চিত কৰা হৈছে। চিকিত্সা ব্যয়ৰ সমুদায় পইচা চিধা-চিধিকৈ হাস্পটালৰ একাউণ্টত জমা কৰাৰ দিহা কৰা হৈছে। যাৰ সৈতে হিতাধিকাৰীসকল আধাৰ নম্বৰৰে সংযোজিত হৈ থাকে আৰু এই ক্ৰমাংক ২০১৫চনৰ নিৰ্বাচন উপলক্ষে প্ৰকাশ কৰা ‘আৰ্থ-সামাজিক সমীক্ষা’ৰ আধাৰত সম্পন্ন কৰা হৈছে। প্ৰায় সকলোখিনি জনকল্যাণমূলক আঁচনিৰ ক্ষেত্ৰতে এই প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছে, যাৰ ফলত প্ৰবঞ্চনা-প্ৰতাৰণাৰ সকলো সুৰুঙাৰে মুদা মৰিবলৈ ধৰিছে।

    প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে, ধৰক পশু খাদ্য ক্ৰয় কৰা, বীজ কিনা, কীটনাশক কিনা আদিৰ বাবে চৰকাৰে বছৰ দিনৰ বাবে প্ৰায় ৭৫ হাজাৰ কোটি টকা পোণপটীয়া ভাবে কৃষকৰ একাউণ্টলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এই আঁচনিৰ ক্ষেত্ৰতো সুৰুঙাৰ অৱকাশ নাই। এতিয়া ভাৱকচোন কোনোবাই যদি পশু খাদ্য কেলেংকাৰী কৰিব খোজে তেন্তে কেনেকৈ কৰিব! কিয়নো, এতিয়াতো মোবাইললৈ চিধা-চিধি মেছেজ আহি যায়। কেঁচা-পকা বিলৰ সকলো কাৰচাজি মোডীয়ে শেষ কৰি দিলে। সেয়ে এতিয়া মোক সকলোৱে পানী পি পি মোক গালি দি থকা হৈছে।

     ভাই-ভনীসকল, মই যিসকলৰ লুটাৰ পথ বন্ধ কৰিছো, তেওঁলোকে আজিকালি মোৰ প্ৰতি যি ‘স্নেহ’ প্ৰদৰ্শন কৰিবলৈ লৈছে, সেয়া নুসুধিবই আৰু। একেখন মঞ্চতে সকলো একেলগ হৈ ইমান গালি বৰ্ষণ কৰিলে যে ইমান গালি চাগৈ আজিলৈকে আন কাকো, কোনেও পাৰি পোৱা নাই। বন্ধুসকল, এওঁলোকৰ বাবে মোডীক গালি দিয়াটো প্ৰথমিকতা, মোৰ বাবে দেশৰ সত্ কৰদাতাসকলৰ পৰিশ্ৰম, তেওঁলোকে চৰকাৰ প্ৰতি আগবঢ়োৱা ধনৰ প্ৰতিটো পইচাৰ সদ্ব্যৱহাৰ কৰাটো হ’ল প্ৰাথমিকতা। আমাৰ ইয়াত জনতাৰ পইচা কেনেকৈ ইমানদিনে হৰলুকি কৰা হৈছিল সেই কথাতো আপোনালোকেও জানে। এনেদৰে যদি পা-পইচাৰ আধানাৰ্জী নহ’লহেতেন তেন্তে শ শ আঁচনি দশক দশক ধৰি আধা-দুখৰীয়া হৈ থাকিবলগীয়া নহ’লহেতেন।

         সেয়ে আমাৰ চৰকাৰে পৰিকল্পনাৰ ৰূপায়ণৰ বিলম্বক কোনো অপৰাধতকৈ কম বুলি গণ্য নকৰে। মই আপোনালোকক মাত্ৰ ২-৩টা উদাহৰণ দিব খুজিছো। আগৰ দশকবোৰত কেনেকৈ কামবোৰ কৰা হৈছিল আৰু এই কামৰ প্ৰভাৱ সৰ্ব-সাধাৰণৰ, কৰদাতাসকলৰ ওপৰত পৰিছিল এবাৰ বিশ্লেষণ কৰি চাও আহকচোন। বন্ধুসকল, উত্তৰ প্ৰদেশত ‘বাণসাগৰ’ নামৰ এটা জলসিঞ্চন প্ৰকল্প আছে। প্ৰকল্পটো নিৰ্মাণৰ কাম আৰম্ভ হৈছিল প্ৰায় ৪ দশক আগতে। সেইসময়ত প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছিল ৩০০কোটি। পিছে, দীৰ্ঘ সময় ধৰি প্ৰকল্পটোৰ কাম স্থবিৰ হৈ থাকিল। ২০১৪ চনত আমাৰ চৰকাৰ অহাৰ পিচত প্ৰকল্পটোৰ কাম পুণৰ আৰম্ভ কৰা হ’ল। পিছে তেতিয়ালৈ এই প্ৰকল্পৰ নিৰ্মাণ ব্যয়ৰ পৰিমাণ হলগৈ ৩০০০ কোটি টকা। এনেকুৱা নহয় যে তেতিয়াৰ চৰকাৰক কোনোবাই কাম কৰাত বাধা আৰোপ কৰিছিল অথবা এই কামৰ বাবে কাৰোবাৰ অসুবিধা হৈছিল। ৩০০ কোটি টকাৰ যোগাৰ নোহোৱাৰো কথা নাছিল। দৰাচলতে, সময়ৰ কাম সময়ত কৰাৰ আগ্ৰহ নথকাৰ বাবেহে তেতিয়া কামবোৰ এনেদৰে ওলমি ৰৈছিল। যেন, কামত দেৰি হ’লে হওক, আমাৰ কি আহে যায়—মনোভাৱবোৰ ঠিক এনেকুৱাই আছিল।

           আৰু এটা বান্ধ প্ৰকল্প আছিল ঝাৰখণ্ডত। ‘মণ্ডল বান্ধ প্ৰকল্প’। সুদীৰ্ঘ চাৰি দশক ধৰি এইটো প্ৰকল্পৰ কামো পৰি ৰৈছিল। আৰম্ভণী কালত ৩০কোটি টকাত সম্পূৰ্ণ কৰিব খোজা প্ৰকল্পটো পিচত  প্ৰায় ২৪০০কোটি টকাত সম্পূৰ্ণ কৰা হ’ল। অৰ্থাত প্ৰকল্পটোৰ কাম ওলোমাই ৰখাৰ বাবেই মূৰকত দেশৰ কৰদাতাই ৮০গুণ অধিক টকাৰ বোজা ল’বলগীয়া হ’ল।

         ভাই-ভনীসকল, আপোনালোকে ভ্ৰষ্টাচাৰ-কেলেংকাৰীৰ কথা শুনিলেই সচেষ্ট হৈ উঠে। এইটো নিশ্চয় ভাল কথা। পিছে দেশত এনেধৰণৰ হাজাৰ-বিজাৰ প্ৰকল্পৰ নিৰ্মাণত হোৱা বিলম্বৰ বাবেই যে ৰাজকোষৰ, সত্ কৰদাতাৰ কোটি কোটি টকাৰ শৰাধ হৈ থাকিবলগীয়া হৈছিল, তাৰ খবৰ বাৰু কোনোবাই ৰাখিছেনে? এই পইচাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আমৰ চৰকাৰৰ প্ৰাথমিকতা। আৰু সেয়ে চৰকাৰী ব্যৱস্থাত অব্যাহত থকা দুষ্কৃতি আঁতৰোৱাৰ বাবে মই চৰকাৰৰ প্ৰথম দিনটোৰ পৰাই প্ৰয়াস অব্যাহত ৰাখিছো। মই প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবসকলক লৈ আলোচনা কৰিছো, ৰাজ্যসমূহৰ বিভাগীয় মন্ত্ৰীসকলকলৈ চৰ্চা কৰিছো, বোলো লাগিলে যিয়েই কৰিব লগা নহওক কিয়, মুঠতে এটা কথা নিশ্চিত কৰিবই লাগিব, প্ৰকল্পৰ নিৰ্মাণত হোৱা বিলম্বৰ বাবে জনতাৰ পইচাৰ শৰাধ হোৱাতো বন্ধ কৰিবই লাগিব। বন্ধুসকল, মই নিজেই ১২ লাখ কোটি টকাৰো অধিক পৰিমাণৰ পুৰণি প্ৰকল্পৰ সমীক্ষা কৰিছো। সমীক্ষা কৰা প্ৰকল্পসমূহৰ সৰহখিনিয়েই পূব আৰু উত্তৰ-পূব ভাৰতৰ। এয়াও আমাৰ চৰকাৰৰ প্ৰাথমিকতাৰ এক বহুত ডাঙৰ অংশ আছিল। পূব ভাৰতক দেশৰ বিকাশৰ ‘গ্ৰ’থ-ইঞ্জিন’ হিচাপে গঢ়ি তোলাতো, ‘সকলোৰে সৈতে সকলোৰে বিকাশ’ নিশ্চিত কৰাৰ বাবে আমি গ্ৰহণ কৰা ‘ভিজন’ৰ গুৰুত্বপূৰ্ণ অংগ বুলিয়ে দোহাৰি আহিছো। পূব আৰু উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যলৈ কেনেকৈ বহু দশকৰ পিচত প্ৰথমবাৰৰ বাবে ৰে’লপথ সম্প্ৰসাৰিত হৈছে, প্ৰথমবাৰৰ বাবে বিমানবন্দৰ নিৰ্মিত হৈছে অথবা প্ৰথমবাৰৰ বাবে বিজুলি বাঁতিৰ সংযোগ স্থাপন হৈছে, এই সন্দৰ্ভত আপোনালোকে অনেকবাৰ প্ৰতিবেদন যুগুতাবলগীয়া হোৱা নাই জানো!

     বন্ধুসকল, দেশৰ বঞ্চিত-উপেক্ষিত শ্ৰেণীৰ লোকসকলৰ সকলো দুশ্চিন্তা, সকলো হতাশা আঁতৰোৱাৰ লগতে তেওঁলোকক সমাজৰ আনসকলৰ সৈতে একেলগে আগবঢ়াই নিয়াৰ বাবে আমি সকলো প্ৰয়াস অব্যাহত ৰাখিছো। সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ পৰিয়ালৰ বাবে ১০ শতাংশৰ আৰক্ষণ হওক কিম্বা শ্ৰমিকৰ বাবে ঐতিহাসিক পেন্সন যোজনাই হওক, পিচপৰা সম্প্ৰদায়ৰ বাবে কল্যাণ-বিকাশ পৰিষদ গঠনৰ সিদ্ধান্তই হওক, অথবা দেশৰ কোটে কোটি মাছমৰীয়াৰ বাবে পৃথক বিভাগ স্থাপন কাই হওক, ‘আমি সকলোৰে সৈতে সকলোৰে বিকাশ’ৰ মন্ত্ৰ আওৰাই অগ্ৰসৰ হোৱাত মনোনিৱেশ কৰিছো। দেশৰ সকলো ব্যক্তি, সকলো শ্ৰেণী, সকলো কোণলৈকে বিকাশ আৰু বিশ্বাসৰ কিৰণ সম্প্ৰসাৰিত কৰাৰ আমাৰ প্ৰাথমিকতাই নতুন ভাৰতৰ আত্মবিশ্বাসৰ কাৰণ হৈ থিয় দিছে। এই আত্মবিশ্বাসৰ বাবে মই আপোনালোকে অতিকে ভাল পোৱা আৰু এটা বিষয় সন্দৰ্ভত আলোচনা কৰিব খুজিছো। বিষয়টো হৈছে কৰ্ম সংস্থাপন।

     মোক জানিবলৈ দিয়া হৈছে যে ‘নেটৱৰ্ক ১৮’-ত ২০১৪ চনৰ পিচত এই পৰ্যন্ত এজনো ব্যক্তি নতুনকৈ মকৰল কৰা হোৱা নাই। ৰাহুল জী, এই কথা সঁচা নহয় জানো! বাৰু বাৰু, ঠিক আছে। মই কথাৰ কথাটোহে ক’ব খুজিছো। ভাই-ভনীসকল, অকণমান ভাৱকচোন, পৃথিৱীৰ সকলোতকৈ দ্ৰুতগতিত আগবঢ়া অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱা ভাৰতত বাৰু আজিৰ তাৰিখত এটাও কৰ্ম সংস্থানৰ সৃষ্টি হোৱা নাই বুলি কোৱাটো সত্য বুলি মানি ল’ব পৰা কথানে? এটাও কৰ্ম-সংস্থান সৃষ্টি নকৰাকৈয়ে ভাৰতে এয়া সম্ভৱ কৰিব পাৰিছেনে বাৰু? দেশত বিদেশী বিনিয়োগৰ পৰিমাণ সৰ্বকালৰ সৰ্বাধিক হোৱাৰ মুহূৰ্তত বাৰু কৰ্ম সংস্থানৰ সৃষ্টি হোৱা নাই বুলি ভবা কথাটো সত্য বুলি ভাবিব পাৰিনে? আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত ভাৰতে সকলোতকৈ দ্ৰুততাৰে দাৰিদ্ৰ দূৰীকৰণৰ সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি তথ্য দাঙি ধৰাৰ মুহূৰ্তত কৰ্মসংস্থানৰ দিহা নকাৰাকৈ দাৰিদ্ৰ দূৰীকৰণ হ’ব পাৰেনে বাৰু! অকণমান ভাৱকচোন, আজিৰ তাৰিখত দেশত আগৰ তুলনাত বহু গুণ অধিক দ্ৰুততাৰে স্থলপথ, ৰে’লপথ নিৰ্মাণৰ কাম চলি থকা মুহূৰ্তত বাৰু কৰ্ম সংস্থানৰ সৃষ্টি হোৱা নাই বুলি উঠা অভিযোগ মানি ল’ব পাৰিনে! দুখীয়া-দৰিদ্ৰৰ বাবে ঘৰ নিৰ্মাণৰ পৰা নতুন দলং, নতুন বান্ধ, নতুন বিমানবন্দৰৰ দৰে আন্তঃগাঁথনি নিৰ্মাণৰ দৰে প্ৰকল্পৰ কাম অভিলেখ পৰিমাণে চলি থকা মুহূৰ্তত এই কথা কিমান যুক্তি সংগত হ’ব, এবাৰ ভাবি চাওকচোন। পৰ্যটন ক্ষেত্ৰত বিনিয়োগ বাঢ়ি আছে। তেন্তে এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ কৰ্মসংস্থনৰ ব্যৱস্থাই হোৱা নাই নেকি? আপোনালোকে আপোনালোকৰ আশে-পাশে ডাক্টৰ, ইঞ্জিনিয়াৰ, চাৰ্টাৰ্ড একাউটেণ্টৰ দৰে পেশাৰ লোকসকল আগবাঢ়ি যোৱা দেখিছে। আয়কৰ বিভাগৰ তথ্য মতে যোৱা চাৰিটা বিত্তীয় বৰ্ষত দেশৰ ব্যৱস্থাত ৬লাখ পেছাদাৰী ব্যক্তি নতুনকৈ জড়িত হৈছে। এইসকল পেছাদাৰী ব্যক্তিক কাম চলাবলৈ কিছুসংখ্যক সহায়ক কৰ্মচাৰী নিতান্তই প্ৰয়োজন হয়। সেয়ে আমি ন দি ক’ব পাৰো যে এইসকল পেছাদাৰী ব্যক্তিয়ে এইখিনি সময়ত বহু লক্ষ ব্যক্তিক কৰ্ম সংস্থানৰ দিহা কৰি দিছে। এয়াই নহয়, আমাৰ বাট-পথত চেকুৰী থকা গাড়ী-মটৰবোৰেও আন এখন প্ৰতিচ্ছবি দাঙি ধৰে। কোনে জানো কৈছিল বোলে, আপোনালোকৰ ‘ফিল্মচিটী, নয়ডা’ত আগতে আধাৰো অধিক ঠাই খালী হৈ পৰি থাকিছিল। এতিয়া সেইবোৰ ঠাইত গাড়ী-মটৰ পাৰ্কিং কৰাৰে  ঠাই নথকা হৈছে। কথাটো হ’ল, যোৱা পাঁচোটা বছৰত দেশৰ পৰিবহণ খণ্ডত লক্ষণীয়ভাবে উন্নতি ঘটিছে। কেৱল বাণিজ্যিক যান-বাহণৰেই যদি কথা কোৱা যায়, তেন্তে যোৱাটো বছৰতে ভাৰতত প্ৰায় চাৰে ৭লাখ গাড়ী বিক্ৰী হৈছে। তেন্তে চাকৰি-বাকৰি নিদিয়াকৈয়ে ইমানসোপা গাড়ী বিক্ৰী হোৱাটো সম্ভৱনে বাৰু!

         এই প্ৰসংগত মুদ্ৰা যোজনাৰ কথাকো উল্লেখ কৰিব পাৰি। সংবাদ-মাধ্যমত বহুবাৰ মন উদ্বেলিত কৰিব পৰা বাতৰি পৰিৱেশিত হোৱা পঢ়িবলৈ পাইছো।  আনকি মই নিজেও বহুকেইগৰাকী ব্যক্তিক লগ পাইছো, মুদ্ৰা যোজনাই আগবঢ়োৱা সুযোগ গ্ৰহণ কৰি যাৰ জীৱনৰ গতিয়েই সলনি হৈ পৰিছে। এওঁলোক বহুতেই নিজৰ লগতে আন বহুতৰ জীৱন-নিৰ্বাহৰ ব্যৱস্থা কৰি দিবলৈও সক্ষম হৈছে। বন্ধুসকল, এই যোজনাৰ জৰিয়তে ১৫ কোটিৰো অধিক উদ্যমীলৈ ৭ লাখ কোটিৰো অধিক টকাৰ ঋণ আগবঢ়োৱা হৈছে। আপোনালোকে হয়তো জানিবলৈ পায় আচৰিত হ’ব যে ইয়াৰে ৪ কোটি যুৱ উদ্যমীয়ে এই প্ৰথমবাৰৰ বাবে বেংকৰ ঋণ লাভৰ অভিজ্ঞতা অৰ্জন কৰিছে। ইমান বিশাল সংখ্যক ক্ষুদ্ৰ উদ্যোগীক ঋণ দিয়া হৈছে, অথচ ইয়াৰ পৰা কৰ্ম সংস্থানৰ ব্যৱস্থা হোৱা নাই বুলি কোৱা কথাটো বাৰু মানি ল’ব পাৰিনে!

         বন্ধুসকল, ইপিএফঅ’-ৰ পৰাও কৰ্মসংস্থান সন্দৰ্ভত এক বিস্তৃত তথ্য অৱগত হ’ব পাৰি। এই তথ্য মতে কোটি কোটি কৰ্মচাৰীৰ পইচা কাটি থকা হৈছে। কৰ্মচাৰীসকলৰ অংশৰ ধন জমা হৈ আছে। কেৱল হাজাৰ-১০হাজাৰৰ সমীক্ষা কৰি তথ্য দাঙি ধৰা হোৱা নাই। ২০১৭ৰ নৱেম্বৰ মাহৰ পৰা ২০১৮ৰ মাজৰ সময়চোৱাৰ প্ৰতিটো মাহতে প্ৰায় ৫লাখ হৈছিল। সেইদৰে ইএছআইচি-ৰেও প্ৰতি মাহে ১০-১১ লাখ অৰিহণা আগবঢ়াওতা জড়িত হোৱাৰ তথ্য উপলব্ধ হৈছে। আমি যদি এই পৰিমাণৰ ৫০শতাংশও ইপিএফঅ’-ৰ তথ্যত থকা বুলি ধৰি লও, তেতিয়াও কিন্তু প্ৰতি মাহে ১০লাখ লোক নতুনকৈ জড়িত হোৱাৰ তথ্য পোৱা যায়। অৰ্থাত প্ৰতি বছৰে ১কোটি ২০লাখ।

         বন্ধুসকল, যোৱা ৪টা বছৰত বিদেশী পৰ্যটকৰ সংখ্যা প্ৰায় ৪৫ শতাংশ হাৰে বদ্ধি পাইছে। পৰ্যটনৰ জৰিয়তে হোৱা বিদেশী মুদ্ৰাৰ আয়ৰ পৰিমাণ যোৱা ৪টা বছৰত ৫০ শতাংশ হাৰে বৃদ্ধি পাইছে। ইমানেই নহয়, ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ আয়ৰ পৰিমাণো অভিলেখ পৰিমানে বৃদ্ধি পাইছে। যোৱাটো বৰ্ষত ১০কোটিৰো অধিক লোকে বিমান-যাত্ৰা কৰিছে। তেন্তে এইবোৰৰ জৰিয়তে কৰ্মসংস্থানৰ সৃষ্টি হোৱা নাইনে?

         এই তথ্যৰ পৰা এটা কথা স্পষ্ট হয় যে, দেশৰ প্ৰতিটো ক্ষেত্ৰতে কৰ্মসংস্থানৰ সৃষ্টি হোৱাৰ লগতে বহুলোকে চাকৰিয়ো লাভ কৰিছে। বহুতে মোডীৰ কথা মানি ল’ব নুখুজিব পাৰে। কিন্তু এটা কথাটো মানিব লাগিব যে, পশ্চিমবংগ চৰকাৰে যোৱাটো বৰ্ষত ৮ লাখ কৰ্ম সংস্থনৰ সৃষ্টি কৰিছে। আৰু ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ৬৮ লাখ লোকক নিয়োজিত কৰিছিল। কৰ্ণাটক চৰকাৰে কোৱা মতে, তেওঁলোকে যোৱা পাঁচোটা বছৰত ৫৩ লাখ লোকক চকৰি প্ৰদান কৰিছে। তেন্তে পশ্চিম বংগ আৰু কৰ্ণাটকত কৰ্মসংস্থানৰ সৃষ্টি হৈছে, অথচ ভাৰতৰ আন ৰাজ্যত হোৱা নাই, এই কথা বাৰু মানি ল’ব পৰা বিধৰনে?

          বন্ধুসকল, কৰ্মসংস্থান সন্দৰ্ভত এতিয়াও বহুখিনি কৰিবলীয়া আছে বুলি মই ভাবো। পিছে যি দিশত, আৰু যিটো বেগেৰে আমি আগবাঢ়িবলৈ সক্ষম হৈছো, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে, আমি চাকৰিৰ ক্ষেত্ৰত সমগ্ৰ পৃথিৱীৰ ভিতৰতে এক উদাহৰণ হৈ উজলি উঠিবলৈ সক্ষম হ’ম।

         বন্ধুসকল, এই নতুন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত, শক্তিৱন্ত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ, আপোনালোক সকলোৰে বিশেষ ভূমিকা আছে। চৰকাৰী ব্যৱস্থাত থকা ত্ৰুতি-বিচ্যুতিসমূহ উদঙাই দেখুওৱাত আপোনালোকৰ স্বাভাৱিক অধিকাৰ আছে, পিছে দেশত সাকৰাত্মক পৰিৱেশটোক আৰু অধিক শক্তিশালী   কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ গুৰু দায়িত্ব আছে। মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ আপোনালোকে আপোনালোকৰ এই দায়িত্ব সম্পূৰ্ণ সততাৰে পালন কৰিছে। সমাজ আৰু ব্যৱস্থাৱলীৰ সংস্কাৰৰ বাবে আপোনালোকে সম্পূৰ্ণ সততাৰে জন সচেতনতা সৃষ্টিৰ দায়িত্ব পালন কৰিছে।

    নতুন ভাৰতৰ উথ্থানৰ বেলিকা আপোনালোকৰ এই ভূমিকা আৰু শক্তিৱন্ত আৰু মজবুত হ’ব বুলি মই বিশ্বাস কৰো।

        সামৰণিত এই বিশাল সমাৰোহৰ আয়োজন কৰাৰ লগতে মোক এই সমাৰোহলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

       ধন্যবাদ।

*****

KB