Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাসস্থানত আক্ৰমণ চলোৱাৰ বাতৰি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত আক্ৰমণ চলোৱাৰ বাতৰি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

শত্ৰুতাৰ অন্ত পেলোৱা তথা স্থায়ী শান্তি প্ৰাপ্ত কৰাৰ দিশত সম্প্ৰতি চলি থকা কূটনৈতিক প্ৰচেষ্টা আটাইতকৈ কাৰ্যকৰী পথ বুলি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়। তেওঁ এই প্ৰচেষ্টা সন্দৰ্ভত মনোনিৱেশ কৰি এই দিশত অন্তৰায় সৃষ্টি কৰিব পৰা যিকোনো পদক্ষেপ পৰিহাৰ কৰিবলৈ সকলো সংশ্লিষ্ট পক্ষকে আহ্বান জনায়।

শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত লিখিছেঃ

‘ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত আক্ৰমণ চলোৱাৰ বাতৰি সন্দৰ্ভত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছো। সম্প্ৰতি চলি থকা কূটনৈতিক প্ৰচেষ্টা, শত্ৰুতাৰ অন্ত পেলোৱাৰ লগতে শান্তি প্ৰাপ্ত কৰাৰ দিশত আটাইতকৈ কাৰ্যকৰী পথ হিচাপে পৰিগণিত হৈছে। আমি সংশ্লিষ্ট সকলোকে এই প্ৰচেষ্টাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ লগতে এই দিশত অন্তৰায় সৃষ্টি কৰিব পৰা যিকোনো পদক্ষেপ পৰিহাৰ কৰিবলৈ আহ্বান জনাইছো।

@KremlinRussia_E

***

MJPS/SR/DD