Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্যপালসকলৰ ৫০সংখ্যক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণ


নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা ৰাজ্যপালসকলৰ ৫০সংখ্যক সন্মিলন আৰম্ভ হয়৷ এই সন্মিলনত নৱগঠিত জম্মু আৰু কাশ্মীৰ তথা লাদাখৰ লেফটেনেণ্ট গৱৰ্ণৰসকলকে ধৰি ১৭গৰাকী ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে৷ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী, জলশক্তিমন্ত্রীকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৪৯ চনত প্ৰথম এই সন্মিলন অনুষ্ঠিত হৈছিল। তেনে পৰিস্থিতিত এইবাৰৰ ৫০সংখ্যক সন্মিলনে অনন্য মাত্ৰা লাভ কৰিছে৷ এই সন্মিলনত বিগত সন্মিলনসমূহৰ সাফল্য আৰু আলোচনাৰ পুণৰ মূল্যায়ন কৰি অনাগত দিনৰ পৰিকল্পনা ৰচনা কৰিব লাগিব৷ তেওঁ কয় যে সহযোগিতাপূর্ণ আৰু প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্রীয় গাঁথনিত ৰাজ্যপালৰ ভূমিকা উল্লেখযোগ্য৷ এই সন্মিলনত ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰসকলে মতবিনিময়ৰ সুযোগ পায়৷ ইয়াত সকলোৱে নিজৰ অভিজ্ঞতা ভাগবতৰা কৰিব পাৰে৷ যাৰ জৰিয়তে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বৈশিষ্ট্য আৰু ভিন্নতা অনুসৰি চাহিদাৰ কথা বিবেচনা কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃত শ্রেষ্ঠ পদ্ধতি অৱলম্বন কৰিব লাগিব৷ প্ৰধানমন্ত্রীয়ে লগতে কয় যে উন্নয়নৰ বিষয়ে কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে তেওঁলোকৰ প্ৰশাসনিক কাঠামোৰ বাবে আদর্শ হৈ উঠিব পাৰে৷২০২২ চনত স্বাধীনতাৰ ৭৫সংখ্যক আৰু ২০৪৭ চনত শতবর্ষপূর্তিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে দেশৰ জনগণক প্ৰশাসনক ওচৰ চপাই অনাৰ ক্ষেত্ৰত ৰাজ্যপালসকলে কাম কৰিব লাগিব৷ এই লক্ষ্যৰে তেওঁলোকে সঠিক মাৰ্গ দৰ্শন কৰোৱাটো অতি গুৰুত্বপূর্ণ। সংবিধান প্ৰণয়নৰ ৭০তম বৰ্ষপূর্তিত নাগৰিকসকলৰ দায়িত্ব আৰু কর্তব্যৰ উপৰি বিভিন্ন দিশ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰসমূহে দাঙি ধৰিব লাগিব৷ ইয়াৰ ফলত প্ৰকৃত অর্থত সকলোৰে অংশগ্ৰহণত প্ৰশাসন চলোৱাটো সম্ভৱ হৈ উঠিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰসকলে গান্ধীবাদীৰ চিন্তাধাৰা আৰু মূল্যবোধৰ প্রাসংগিকতা মানি চলাৰ ওপৰত গুৰুত্ব দিব লাগিব, যি আমাৰ সংবিধানৰ গুৰুত্বপূর্ণ আধাৰ৷ বিশ্ববিদ্যালয়ৰ আচার্য হিচাপে ৰাষ্ট্ৰ নিৰ্মাণ আৰু সাফল্যৰ লক্ষ্যৰে ৰাজ্যপালসকলে নৱ-প্ৰজন্মৰ মাজত মূল্যবোধ প্ৰোথিত কৰিব লাগিব৷ ভাষণৰ সামৰণিত প্ৰধানমন্ত্রীয়ে ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰসকলক সাংবিধানিক বাধ্যবাধকতা মানি তেওঁলোকে যেন সাধাৰণ লোকৰ চাহিদাৰ কথা শুনায় তাৰ প্ৰতি অনুৰোধ জনায়৷ অনুসূচিত জনজাতি, সংখ্যালঘু সম্প্ৰদায়, মহিলা আৰু যুৱ প্ৰজন্মকে ধৰি সমাজৰ পিছপৰা শ্রেণীৰ লোকসকলে উন্নতিৰ ক্ষেত্ৰত ৰাজ্যপালে ৰাজ্য চৰকাৰসমূহৰ সৈতে একেলগে কাম কৰিব লাগিব৷ তেওঁলোকে বর্তমানৰ বিভিন্ন প্ৰকল্প আৰু প্ৰচেষ্টা ৰূপায়ণৰ ওপৰত গুৰুত্ব দিব লাগিব৷ দৰিদ্ৰ আৰু পিছপৰা লোকসকলৰ উন্নয়নৰ লক্ষ্য তথা কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ প্ৰধানমন্ত্রীয়ে স্বাস্থ্য, শিক্ষা আৰু পর্যটনৰ সন্দৰ্ভত বিশেষভাৱে উল্লেখ কৰে, যিহেতু এইবোৰৰ পৰা নতুন নতুন সুযোগ সৃষ্টি কৰি তাক ব্যৱহাৰ কৰিব পৰা যাব৷ ২০২৫ চনৰ ভিতৰত দেশৰ পৰা যক্ষা ৰোগ নির্মূল কৰাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ ৰাজ্যপালৰ কাৰ্যালয়ে বিশেষ ভূমিকা পালন কৰিব পাৰে বুলিও প্ৰধানমন্ত্রীয়ে কয়৷

সন্মিলনত জনজাতি, কৃষিক্ষেত্ৰৰ সংস্কাৰ, জল জীৱন মিচন, নতুন শিক্ষা নীতি, সহজ জীৱনশৈলীৰ বাবে প্ৰশাসনৰ মতামত ইত্যাদি বিষয়বোৰক লৈ আলোচনা কৰিবলৈ পাঁচটা পৃথক গোট গঠন কৰাটোত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷ এই গোটসমূহে যি প্ৰতিবেদন প্ৰস্তত কৰিব, সেইবোৰক লৈ সন্মিলনত অংশগ্ৰহণ কৰা ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰসকলে বিস্তাৰিতভাৱে আলোচনাত মিলিত হ’ব৷

******

VRRK/VJ/NK/DB