Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্যপালৰ অভিৱৰ্তনৰ সমাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ৰাজ্যপালৰ অভিৱৰ্তনৰ সমাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে অভিৱৰ্তনত আলোচিত হোৱা বিভিন্ন বিষয়ক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালসমূহক ‘‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’’ পদক্ষেপক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়, যিয়ে দেশখনৰ ৰাজ্যসমূহৰ মাজত বন্ধুত্ব, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ সৈতে ব্যক্তিকেন্দ্ৰিক যোগাযোগ বৃদ্ধি কৰিব৷ তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ মাজত ঐক্যতান আৰু সংবদ্ধতা সৃষ্টিৰ বাবে গুৰুত্ব প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰী ৰাজ্যপালসমূহক আচাৰ্য হিচাপে বিশ্ববিদ্যালয়সমূহত শৈক্ষিক দিশত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ভাৰতীয় বিশ্ববিদ্যালয়সমূহ বিশ্বৰ শ্ৰেষ্ঠসমূহৰ মাজত সমাদৃত হোৱাটো আৱশ্যক, ৰাজ্যপালে এই পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ অনুঘটকৰ কাম কৰিব পাৰে৷ এই সংক্ৰান্তত তেওঁ আইআইএমৰ স্বায়ত্বৰ উত্তৰণ, ১০খন ৰাজহুৱা আৰু ১০খন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ উত্তৰণত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ কথা দোহাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ বাবে ‘‘ইজ অৱ লিভিং’’ৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি আছে৷ তেওঁ কয় যে ৰাজ্যপালে তেওঁলোকৰ ৰাজহুৱা জীৱনৰ ব্যাপক অভিজ্ঞতাৰ দ্বাৰা নাগৰিক সংস্থা আৰু চৰকাৰী বিভাগসমূহক উল্লিখিত উদ্দেশ্যটোৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ বাবে উৎসাহ প্ৰদান কৰিব পাৰে৷

তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী স্বাস্থ্য নিশ্চিতি আঁচনি আয়ুস্মান ভাৰতৰ বিষয়েও মন্তব্য প্ৰদান কৰে৷
শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২২ চনত স্বতন্ত্ৰতাৰ ৭৫তম বাৰ্ষিকী, ২০১৯ চনত মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী আদি উপলক্ষসমূহে লক্ষ্য উত্তৰণ আৰু প্ৰাপ্তিত উৎসাহ প্ৰদানকাৰী মাইলষ্টোন হিচাপে কাম কৰে৷ তেওঁ কয় যে অনাগত কুম্ভ মেলাইও ৰাষ্ট্ৰীয় উদ্দেশ্যসমূহক প্ৰণোদিত কৰাৰ বাবে সহায়ক বিবেচিত হ’ব পাৰে৷

***

AKT/HS/MANN