পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৰাজ্যসভাত নিষ্পত্তিহীন হৈ থকা নালন্দা বিশ্ববিদ্যালয়(সংশোধনী)আইন,২০১৩ প্ৰত্যাহাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷
২০০৯ৰ অক্টোবৰত থাইলেণ্ডত অনুষ্ঠিত চতুৰ্থ পূব এছিয়া সন্মিলনৰ এখন যুটীয়া প্ৰেছ বিবৃতিৰ আধাৰত নালন্দা বিশ্ববিদ্যালয় স্থাপন হৈছিল৷ এই প্ৰেছ বিজ্ঞপ্তিত এক বে-চৰকাৰী, অ-লাভজনক, ধৰ্মনিৰপেক্ষ আৰু স্ব-চালিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপন কৰিবলৈ সমৰ্থন জনোৱা হৈছিল৷ ইয়াৰ পাছত সংসদত নালন্দা বিশ্ববিদ্যালয় আইন,২০১০ গৃহীত হয় আৰু ২০১০ৰ ২৫ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়৷
বৰ্তমানৰ প্ৰস্তাৱটো হ’ল ৰাজ্যসভাত নালন্দা বিশ্ববিদ্যালয়(সংশোধনী)আইন,২০১৩ৰ প্ৰত্যাহাৰ সম্বন্ধিত৷ ২০১৩ৰ ২৬ আগষ্টত ৰাজ্যসভাত গৃহীত বিধেয়কখনৰ উদ্দেশ্য হ’ল নালন্দা বিশ্ববিদ্যালয় আইন,২০১০ৰ কিছু নীতি-নিয়ম সংশোধন ঘটোৱা আৰু কিছু নতুন নীতি-নিয়ম অন্তৰ্ভুক্ত কৰা৷
নালন্দা বিশ্ববিদ্যালয় আইন,২০১০ৰ সপ্তম অনুচ্ছেদ অনুসৰি গঠিত নালন্দা বিশ্ববিদ্যালয়ৰ গ’ৱৰ্ণিং ব’ৰ্ড ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদনক্ৰমে ২১.১১.২০১৬ৰ পৰা কাৰ্যকৰী হয়৷ চূড়ান্ত সিদ্ধান্তৰ পূৰ্বে সংশোধনী আইনখন নালন্দা বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ গ’ৱৰ্ণিং ব’ৰ্ডৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন হ’ব৷ তদুপৰি, বৰ্তমানৰ গ’ৱৰ্ণিং ব’ৰ্ডে সম্পূৰ্ণ নালন্দা বিশ্ববিদ্যালয় আইন,২০১০খনক নতুন ধৰণে চাব পাৰে আৰু প্ৰয়োজন অনুসৰি সংশোধন অথবা সংযোজনৰ বাবে পৰামৰ্শ দিব পাৰে৷
২০১৪ৰ ছেপ্তেম্বৰত বিশ্ববিদ্যালয়খনত পাঠদান প্ৰক্ৰিয়া উদ্বোধন কৰিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে৷ ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি বিশ্ববিদ্যালয়খনৰ ভিজিটৰ, ড০ বিজয় ভাটকাৰ আচাৰ্য আৰু প্ৰ’ফেচাৰ সুনাইনা সিং উপাচাৰ্য৷ বৰ্তমান বিশ্ববিদ্যালখনত স্কুল অৱ হিষ্ট’ৰিকেল ষ্টাডিজ, স্কুল অৱ ইক’লোজী এণ্ড ইনভাইৰোমেণ্ট ষ্টাডিজ আৰু স্কুল অৱ বুদ্ধিষ্ট ষ্টাডিজ নামৰ তিনিখন স্কুল আছে আৰু মুঠ ১১৬গৰাকী শিক্ষাৰ্থী আছে৷ ইয়াৰে ভিতৰত হ’ল ২১খন বিদেশী ৰাষ্ট্ৰৰ ৩৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী৷
*****
AKT/VBA/MS