Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কেইকো ফুজিমৰীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰীমতী কেইকো ফুজিমৰীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত আৰু পেৰুৰ মাজৰ দীৰ্ঘদিনীয়া তথা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

শ্ৰী মোদীয়ে ‘X’ৰ পোষ্টত কয়ঃ

“পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কেইকো ফুজিমৰীক আন্তৰিক অভিনন্দন জনাইছো।

ভাৰতে পেৰুৰ সৈতে থকা ইয়াৰ নিবিড় বন্ধুত্বক গভীৰ মূল্যায়ন কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই আপোনাৰ এক সফল কাৰ্যকাল কামনা কৰিছোঁ আৰু আমাৰ দেশসমূহৰ জনসাধাৰণৰ কল্যাণৰ বাবে সম্পৰ্কক অধিক গভীৰ কৰিবলৈ আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আশাবাদী।”

@KeikoFujimori

***

MJPS/SS/VJ/DB