Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশনৰ আজৰি সময়ত বেলজিয়ামৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত প্ৰেছ বিবৃতি


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত ২৫ ছেপ্তেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশনৰ আজৰি সময়ত বেলজিয়ামৰ প্ৰধানমন্ত্ৰী শ্ৰীমান চাৰ্লছ মাইকেলক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীমান চাৰ্লছক ইউৰোপিয়ান কাউন্সিলৰ সভাপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

দুয়োগৰাকী নেতাই ভাৰত আৰু বেলজিয়ামৰ সুদৃঢ় সম্পৰ্কৰ পৰ্যালোচনা কৰে৷ ২০১৭ত ভাৰত ভ্ৰমণৰ সময়ত বেলজিয়ামৰ মহামান্য ৰজাৰ সৈতে হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও তেওঁলোকে আলোচনাত মিলিত হয়৷

নেতা দুগৰাকীয়ে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত থকা কৌশলগত আৰু নিৰাপত্তাজনিত সম্পৰ্কৰ কথা আলোচনা কৰে৷ তেওঁলোকে দ্বিপাক্ষিক বিনিয়োগ আৰু বাণিজ্য চুক্তি, যোগাযোগ ব্যৱস্থা, সন্ত্ৰাস-বিৰোধী কাৰ্যত ঘনিষ্ঠ সহযোগিতা, বহুপাক্ষিক প্ৰতিষ্ঠান আৰু প্ৰব্ৰজনক লৈ আলোচনাৰ আৰম্ভণি পৰ্যায়ক অধিক তীব্ৰ কৰিবলৈ সহমত প্ৰকাশ কৰে৷

নেতা দুগৰাকীয়ে ১৫সংখ্যক ইণ্ডিয়া-ইউৰোপিয়ান ইউনিয়ন সন্মিলন শীঘ্ৰে আয়োজন কৰাৰ ক্ষেত্ৰতো সহমতত উপনীত হয়৷

******

VRRK/AK/MS