Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে সকলো ক্ৰীড়াপ্ৰেমীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ক্ৰীড়াবিদসকলৰ নিষ্ঠা, আগ্ৰহ আৰু দৃঢ় সংকল্পই সমগ্ৰ দেশখনকে গৌৰৱান্বিত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে মহান ক্ৰীড়াবিদ মেজৰ ধ্যানচান্দজীকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যাৰ অপূৰ্ব প্ৰতিভা আৰু ভাৰতীয় হকীলৈ যোগোৱা অৱদানে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ৰ পোষ্টত কয়:

 

“প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জনালোঁ… আপোনালোকৰ নিষ্ঠা, আগ্ৰহ আৰু দৃঢ় সংকল্পই সকলোকে গৌৰৱান্বিত কৰে।

 

আমি মহান ক্ৰীড়াবিদ মেজৰ ধ্যানচান্দজীকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাৰ অপূৰ্ব প্ৰতিভাই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।”

#NationalSportsDay”

*************

MJPS/SS/ST/DB