পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষ্যে দেশৰ নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই দিনটো দেশৰ গণতান্ত্ৰিক মূল্যবোধৰ বিশ্বাসক আৰু অধিক গভীৰ কৰাৰ এক সুযোগ। দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ সৈতে জড়িত সকলোকে তেওঁ প্ৰশংসা কৰে। ভোটাৰৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভোটাৰ হোৱাটো কেৱল সাংবিধানিক বিশেষাধিকাৰেই নহয়, ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক কণ্ঠ প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ কৰ্তব্যও। তেওঁ মানুহক সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু গণতন্ত্ৰৰ মনোভাৱক সন্মান জনাবলৈ আহ্বান জনায়। যাৰ দ্বাৰা এখন বিকশিত ভাৰতৰ ভেটি সুদৃঢ় হ’ব বুলি তেওঁ কয়।
শ্ৰী মোদীয়ে ভোটাৰ হ’ব পৰাটো উদযাপনৰ এক অনুষ্ঠান বুলি অভিহিত কৰি প্ৰথমবাৰৰ বাবে হোৱা ভোটাৰক উৎসাহিত কৰাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে মাই-ভাৰত (MY-Bharat) স্বেচ্ছাসেৱকসকললৈ এখন পত্ৰ লিখিছে। পত্ৰ খনত প্ৰধানমন্ত্ৰীয়ে যেতিয়াই তেওঁলোকৰ চৌপাশৰ কোনোবাই বিশেষকৈ এগৰাকী যুৱক বা যুৱতীয়ে প্ৰথমবাৰৰ বাবে ভোটাৰ হিচাপে নামভৰ্তি কৰে, তেতিয়াই আনন্দ আৰু উদযাপন কৰাৰ বাবে আহ্বান জনায়।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;
“#ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষ্যে শুভেচ্ছা জনালো।
আমাৰ দেশৰ গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আমাৰ বিশ্বাস আৰু অধিক গভীৰ কৰাৰ বাবে এই দিৱস।
আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ সৈতে জড়িত সকলোকে মই প্ৰশংসা কৰিছো।
ভোটাৰ হোৱাটো কেৱল সাংবিধানিক বিশেষাধিকাৰ নহয়, বৰঞ্চ ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক কণ্ঠস্বৰ প্ৰদানৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য। আহক আমি সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি আমাৰ গণতন্ত্ৰৰ মনোভাৱক সন্মান জনাওঁ, যাৰ ফলত এখন বিকশিত ভাৰতৰ ভেটি সুদৃঢ় হয়।”
‘ভোটাৰ হোৱাটো এক উদযাপনৰ অনুষ্ঠান!
আজি #ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত মাই-ভাৰত স্বেচ্ছাসেৱকসকললৈ এখন চিঠি লিখিলোঁ – আমাৰ চৌপাশৰ কোনোবাই ভোটাৰ হিচাপে নামভৰ্তি কৰিলে আমি সকলোৱে আনন্দিত হ’ব লাগিব।”
Greetings on #NationalVotersDay.
This day is about further deepening our faith in the democratic values of our nation.
My compliments to all those associated with the Election Commission of India for their efforts to strengthen our democratic processes.
Being a voter is not…
— Narendra Modi (@narendramodi) January 25, 2026
***
MJPS/ST/DM
Greetings on #NationalVotersDay.
— Narendra Modi (@narendramodi) January 25, 2026
This day is about further deepening our faith in the democratic values of our nation.
My compliments to all those associated with the Election Commission of India for their efforts to strengthen our democratic processes.
Being a voter is not…
Becoming a voter is an occasion of celebration!
— Narendra Modi (@narendramodi) January 25, 2026
Today, on #NationalVotersDay, penned a letter to MY-Bharat volunteers on how we all must rejoice when someone around us has enrolled as a voter. pic.twitter.com/zDBfNqQ6S2
मतदाता बनना उत्सव मनाने का एक गौरवशाली अवसर है!
— Narendra Modi (@narendramodi) January 25, 2026
आज #NationalVotersDay पर मैंने MY-Bharat के वॉलंटियर्स को एक पत्र लिखा है। इसमें मैंने उनसे आग्रह किया है कि जब हमारे आसपास का कोई युवा साथी पहली बार मतदाता के रूप में रजिस्टर्ड हो, तो हमें उस खुशी के मौके को मिलकर सेलिब्रेट करना… pic.twitter.com/N5ZPt5EZZO