পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতৰ সমৃদ্ধ তথা উজ্জীৱিত হস্ততাঁত ঐতিহ্য উদযাপন কৰে। তেওঁ দেশৰ শিপিনী আৰু শিল্পীসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু উৎসৰ্গাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উল্লেখ কৰে যে প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁলোকে তেওঁলোকৰ শিল্পকলাৰ জৰিয়তে ভাৰতৰ কালজয়ী পৰম্পৰাক সংৰক্ষণ আৰু সমৃদ্ধ কৰি আহিছে।
শ্ৰী মোদীয়ে হস্ততাঁত খণ্ডক সহায় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰি ইয়াক গ্ৰাম্য সবলীকৰণ, মহিলা নেতৃত্বাধীন উন্নয়ন আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি বৰ্ণনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক তেওঁলোকৰ প্ৰিয় হস্ততাঁত সামগ্ৰী আৰু জি আৰ ডব্লিউ এম (গেট ৰেডী উইথ মি) ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত আমি ভাৰতৰ সমৃদ্ধ আৰু উজ্জীৱিত হস্ততাঁত ঐতিহ্য উদযাপন কৰিছো। আমি আমাৰ শিপিনী আৰু শিল্পীসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু উৎসৰ্গাকো অভিবাদন জনাইছো। কেইবা প্ৰজন্ম ধৰি তেওঁলোকে আমাৰ পৰম্পৰাক সংৰক্ষণ আৰু সমৃদ্ধ কৰি আহিছে।
হস্ততাঁত খণ্ডৰ প্ৰতি আমাৰ চৰকাৰৰ সহায় অব্যাহত থাকিব, ই হৈছে গ্ৰাম্য সবলীকৰণ, মহিলা নেতৃত্বাধীন উন্নয়ন আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ।
#NationalHandloomDay, আপোনাৰ প্ৰিয় হস্ততাঁত সামগ্ৰী ব্যৱহাৰ কৰি জি আৰ ডব্লিউ এম ভিডিঅ’ শ্বেয়াৰ কৰক, ইয়ে খণ্ডটোৰ সৈতে জড়িত লোকসকলক উৎসাহিত কৰিব।
Today, on National Handloom Day, we celebrate India’s rich and vibrant handloom heritage. We also salute the skill, creativity and dedication of our weavers and artisans. For generations, they have preserved and enriched our traditions.
Our Government will keep supporting the…
— Narendra Modi (@narendramodi) August 7, 2026
***
MJPS/SS/VJ/HS