পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধীকৰণ(এনচিএলএটি)ত তিনিটাকৈ অতিৰিক্ত ন্যায়িক সদস্য আৰু কাৰিকৰী সদস্যৰ পদ সৃষ্টিত অনুমোদন জনাইছে৷
এই পদসমূহত সপ্তদশ পৰ্যায়ৰ(২,২৫,০০০/- স্থায়ী)ৰ লগতে অন্যান্য বানচ থাকিব৷ ইয়াৰ বাবে বছৰি ২,২৭,৮২,০৯৬(দুই কোটি, সাতাইশ লাখ, বিৰাশী হাজাৰ, ছয়ান্নবৈ টকা) কোটি টকাৰ প্ৰয়োজন হ’ব৷
বিত্ত আইন, ২০১৭, কোম্পানী আইন, আইবিচি, ২০১৬ৰ অধীনত এনচিএলএটিক প্ৰদান কৰা আদেশৰ লগতে বিভিন্ন গোচৰ নিৰ্দিষ্ট সময়ত নিষ্পত্তি কৰাৰ সহায় কৰিব৷
******
AKT/DB