Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াপ্ৰেমীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশৰ ক্ৰীড়াপ্ৰেমীক অভিনন্দন জনাইছে৷

“ক্ৰীড়া অনুৰাগীক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷ বিস্ময়কৰ হকী খেলুৱৈ মেজৰ ধ্যানচান্দজীৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছো৷ খেল আৰু ফিটনেছ সম্পৰ্কীয় কাৰ্যকলাপক প্ৰাধান্য দিবলৈ মই দেশবাসীক আহ্বান জনাইছো৷ ইয়ে এখন সুস্থ দেশ গঢ়াত বৰঙণি আগবঢ়াব৷

বিভিন্ন ক্ৰীড়া ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰা ক্ৰীড়াবিদসকলকো মই শুভেচ্ছা জনাইছো৷ তেওঁলোকৰ পৰিশ্ৰম আৰু দৃঢ়তাই দেশলৈ অনেক সন্মান কঢ়িয়াই আনিছে৷ এই বৰ্ষটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো ভাৰতীয় এথলীটসকলে এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ দৰে বিভিন্ন প্ৰতিযোগিতাত পদক জয়েৰে দেশৰ গৌৰৱ বৃদ্ধি কৰিছে৷”,প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/AP/MS