Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বিজ্ঞানীসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বিজ্ঞানীসকলক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হৈছে আমাৰ বিজ্ঞানীসকলৰ প্ৰতিভা আৰু দৃঢ়তাক ছেল্যুট জনোৱাৰ এটা দিন৷ তেওঁলোকৰ অভিনৱ উৎসাহ আৰু অগ্ৰণী গৱেষণাই ভাৰতৰ লগতে বিশ্ববাসীক সহায় কৰিছে৷ ভাৰতীয় বিজ্ঞানৰ এই বিকাশ যাত্ৰা অব্যাহত থাকক আৰু আমাৰ যুৱ প্ৰজন্মৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহ আৰু অধিক বিকাশ হওঁক৷

ভাৰতত গৱেষণা আৰু অভিনৱ উদ্ভাৱনৰ উন্নত পৰিৱেশ গঢ় দিয়াৰ বাবে ভাৰত চৰকাৰে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় ছায়েন্স কংগ্ৰেছৰ সময়ত বিজ্ঞানৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে মই কৈছিলো৷ সেয়া পুনৰ শ্বেয়াৰ কৰিলো৷”

**********

VRRK/SH/DB