Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় বিত্তীয় সূচনা প্ৰাধিকৰণ স্থাপনলৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত দেশৰ কেন্দ্ৰীয় কেবিনেটে আজি ৰাষ্ট্ৰীয় বিত্তীয় সূচনা প্ৰাধিকৰণ (NFRA) স্থাপন আৰু এই NFRA ৰ বাবে এটা অধ্যক্ষ পদ, তিনিটা পূৰ্ণকালীন সদস্য পদ আৰু NFRA ৰ বাবে সচিবৰ এটা পদ সৃষ্টিৰ বাবেও কেবিনেটে যাৱতীয় অনুমোদন জনাইছে৷

 

এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে কোম্পানী আইন, ২০১৩ ৰ দ্বাৰা সূচনা কৰা পৰিৱৰ্তনসমূহৰ ভিতৰত অন্যতম হিচাপ পৰীক্ষা কামৰ বাবে NFRA ক এক স্বতন্ত্ৰ নিয়ামকৰ ৰূপত উপস্থাপন কৰা৷ বিত্ত সম্বন্ধীয় স্থায়ী সমিতিৰ বিশেষ অনুমোদনত (২১ তম প্ৰতিবেদন) এই ব্যৱস্থা চামিল কৰা হৈছে৷

 

প্ৰভাৱ –

এই সিদ্ধান্তৰ ফলত বিদেশ/দেশত বিনিয়োগত সংশোধন, অৰ্থনৈতিক বিকাশত ক্ষীপ্ৰতা, আন্তঃৰাষ্ট্ৰীয় পদ্ধতি অনুসৰি বাণিজ্যৰ গোলকীকৰণক সমৰ্থন তথা হিচাপ পৰীক্ষা ব্যৱসায়ৰ ক্ষেত্ৰত সহায়ক বিবেচিত হ’ব৷

 

ন্যায় ক্ষেত্ৰ –

অধিনিয়মৰ ধাৰা ১৩২ ৰ অধীনত ৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিবেদন প্ৰাধিকৰণ (NFRA) এ আটাইবোৰ তালিকাভুক্ত কোম্পানী আৰু বৃহৎ তালিকা বহিৰ্ভুত কোম্পানীসমূহৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু তেওঁলোকৰ অডিট ফাৰ্মসমূহৰ তদন্ত কৰাৰ এক্তিয়াৰ থাকিব৷ কেন্দ্ৰ চৰকাৰে অন্যান্য নিকায়সমূহৰ ওপৰতো তদন্তৰ আহ্বান কৰিব পাৰিব, য’ত সৰ্বসাধাৰণৰ হিত নিহিত থাকে৷

 

চাৰ্টাৰ্ড একাউণ্টেণ্ট আইন ১৯৪৯ ৰ নীতি অনুসৰি ICAI ৰ নিয়ামক ভুমিকা সাধাৰণভাৱেই ইয়াৰ সদস্য প্ৰতিষ্ঠান তথা সদস্য প্ৰাইভেট লিমিটেড কোম্পানীৰ সৈতে সম্বন্ধীয় হিচাপ পৰীক্ষা সম্বন্ধীয় দিশসমূহ বিশেষভাৱে অব্যাহত থাকিব আৰু থ্ৰেশ্বহোল্ড সীমাৰ তলত সাৰ্বজনিক সূচীবহিৰ্ভূত কোম্পানীসমূহক নিয়মেৰে অধিসূচনা জাৰি কৰা হ’ব৷

 

মানদণ্ড পুনৰীক্ষণ পৰিষদ (Quality Review Board) ৰ প্ৰাইভেট লিমিটেড কোম্পানী, নিৰ্ধাৰিত থ্ৰেশ্বহোল্ডতকৈ কম সাৰ্বজনিক সূচীবহিৰ্ভূত কোম্পানী সম্বন্ধীয় মানসম্পন্ন হিচাপ পৰীক্ষাও অব্যাহত ৰখাৰ লগতে সেই কোম্পানীসমূহৰ হিচাপ পৰীক্ষা সম্বন্ধেও NFRA ৰ দ্বাৰা মান পৰীক্ষা পৰিষদক কাম কৰিবলৈ দিয়া হ’ব পাৰে৷

 

পটভূমি

সমগ্ৰ বিশ্বতে ক্ৰমবৰ্ধিত হাৰত বৃদ্ধি পোৱা হিচাপ পৰীক্ষা সম্পৰ্কীয় কেলেংকাৰীৰ প্ৰতি লক্ষ্য ৰাখি NFRA ৰ স্থাপনা জৰুৰী হৈ পৰিছিল, বিশেষকৈ স্বতন্ত্ৰ নিয়ামক স্থাপনা, হিচাপ পৰীক্ষাৰ মান শক্তিশালী কৰাৰ উপৰি বিনিয়োগৰাকীৰ সংখ্যা বৃদ্ধি আৰু কোম্পানীৰ বিত্তীয় বিবাদ নিস্পত্তিত ৰাইজৰ আস্থা আদিৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল৷

****

AKT/Rang