Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় সংহতিৰ বাবে চৰ্দাৰ পেটেল বঁটা ঘোষণা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কেৱাদিয়াত অনুষ্ঠিত ডিজিপি/আইজিপিসকলৰ সন্মিলনত ৰাষ্ট্ৰীয় সংহতিৰ বাবে চৰ্দাৰ পেটেল বঁটা প্ৰদানৰ সন্দৰ্ভত ঘোষণা কৰে৷ ৰাষ্ট্ৰীয় সংহতিৰ বাবে গ্ৰহণ কৰা অনবদ্য প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয়, “চৰ্দাৰ পেটেলে তেওঁৰ গোটেই জীৱন ভাৰতক একত্ৰিত কৰাৰ নামত উচৰ্গা কৰিছিল৷ ৰাষ্ট্ৰীয় সংহতিৰ বাবে প্ৰদান কৰিবলগীয়া চৰ্দাৰ পেটেল বঁটা তেওঁৰ প্ৰতি এক শ্ৰদ্ধা আৰু ই বহুলোকক ভাৰতৰ একতা আৰু ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি কাম কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব৷”

***

AKT/AK/DB