Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগ(এনচিএইচ) বিধেয়ক, ২০১৮ৰ খচৰাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এক নতুন সংস্থাৰ জৰিয়তে স্বচ্ছতা সুনিশ্চিত কৰিবলৈ পূৰ্বৰ নিয়ন্ত্ৰক সংস্থা কেন্দ্ৰীয় হোমিঅ’পেথী পৰিষদ(চিচিএইচ)ৰ স্থানত ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগ গঠনৰ লক্ষ্যৰে এই সম্পৰ্কীয় ৰাষ্ট্ৰীয় হোমিঅ’পেথী আয়োগ(এনচিএইচ) বিধেয়ক, ২০১৮ৰ খচৰাত অনুমোদন জনাইছে৷

এই খচৰা বিধেয়কত তিনিটা স্বায়ত্ত্বশাসিত পৰিষদক একেলগ কৰি এক ৰাষ্ট্ৰীয় আয়োগ গঠনৰ কথা কোৱা হৈছে৷ হোমিঅ’পেথী শিক্ষা পৰিষদক শিক্ষাপ্ৰদান ব্যৱস্থাৰ যাৱতীয় দায়িত্ব অৰ্পন কৰা হৈছে। মূল্যায়ন আৰু ৰেটিং সম্পৰ্কীয় পৰিষদে হোমিঅ’পেথী শিক্ষা প্ৰতিষ্ঠানসমূহ মূল্যায়ন কৰাৰ লগতে নীতি নিৰ্ধাৰণ পৰিষদে ৰাষ্ট্ৰীয় পঞ্জীয়ন সম্পৰ্কীয় বিষয়সমূহ পৰিচালনা কৰিব৷

এই খচৰা বিধেয়কত সমূহীয়া প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে৷ তদুপৰি, হোমিঅ’পেথী প্ৰতিষ্ঠানসমূহত শিক্ষকসকলৰ নিয়োগ তথা পদোন্নতিৰ পূর্বে গুণগত মান মূল্যায়নৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ সৈতে সংগতি ৰাখি হোমিঅ’পেথীৰ চিকিৎসা শিক্ষা ব্যৱস্থাত সংশোধনৰ প্ৰস্তাৱো বিধেয়কখনত উল্লেখ কৰা হৈছে৷ পূৰ্বে চিচিএইচে বোৰ্ড অৱ গৱৰ্ণৰৰ দ্বাৰা অধ্যাদেশ তথা তেনেধৰণৰ সংশোধিত আইনৰ জৰিয়তে ইয়াত হস্তক্ষেপ কৰি আহিছিল৷

****

AKT/SH/DB