পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰায়বেৰেলী (উত্তৰপ্ৰদেশ), গোৰখপুৰ(উত্তৰপ্ৰদেশ), ভাটিণ্ডা (পাঞ্জাৱ), গুৱাহাটী (অসম), বিলাসপুৰ (হিমাচলপ্ৰদেশ) আৰু দেওঘৰ (ঝাৰখণ্ড)ত স্থাপিত এইমছৰ প্ৰত্যকতে এটাকৈ সঞ্চালক পদ সৃষ্টি কৰি তেওঁলোকৰ বাবে প্ৰাৰম্ভিক দৰমহা ২,২৫,০০০(স্থায়ী) আৰু এনপিএসহত ২,৩৭,৫০০ টকা প্ৰদানত অনুমোদন জনাইছে।
এই সঞ্চালকগৰাকীয়েই প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব আৰু তেওঁৰ ওপৰতে সামগ্ৰিক প্ৰশাসনীয় দায়িত্ব ন্যস্ত থাকিব। তেওঁ প্ৰতিষ্ঠানটোৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীৰ কাম-কাজ নিৰ্ধাৰণ কৰিব।
*************
NW/AKT/SH/DB