পি এম ইণ্ডিয়া

মাননীয় নৃপতি মহোদয়, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল, নমস্কাৰ, শুভ সন্ধিয়া
মই নৃপতি তথা দুটা পবিত্ৰ মছজিদৰ ৰক্ষক আৰু মোৰ ভাতৃ ৰাজকুমাৰক ধন্যবাদ জনাইছো কিয়নো তেওঁ মোক এই মঞ্চত উপৱিষ্ট হ’বলৈ সুযোগ প্ৰদান কৰিছে৷ ছৌদি আৰবত অৱস্থিত পবিত্ৰ মছজিদ বিশ্বৰ কোটি কোটি লোকৰ আস্থাৰ কেন্দ্ৰ৷ এই ভূমি বিশ্ব অৰ্থনীতিৰো উৎস-স্ৰোত৷ আজি ৰিয়াধৰ এই শক্তিৱন্ত চহৰত আপোনালোকৰ মাজত উপস্থিত থাকি মই নিজেও ধনাত্মক শক্তিৰ আভাস অনুভৱ কৰিছো৷
বন্ধুসকল,
ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰামৰ বিষয়ে এই কথাটো স্পষ্ট কৰি দিয়া প্ৰয়োজন যে এই মঞ্চৰ উদ্দেশ্য কেৱল অৰ্থনীতিৰ আলোচনা কৰা মঞ্চ নহয়৷ বৰঞ্চ বিশ্বৰ উদ্ভাসিত ধাৰাক অনুধাৱন কৰা তথা বিশ্ব কল্যাণৰ পথ সন্ধান কৰা উদ্দেশ্যও ইয়াত সমাহিত আছে৷ এই কাৰণতেই এয়া বহুমুখী প্লেটফ’ৰ্ম ব্যৱসায় বিশ্বৰ কেলেণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে৷ কেৱল তিনি বছৰৰ সময়সীমাৰ ভিতৰতে এই মঞ্চই দীঘলীয়া পথ অতিক্ৰম কৰিছে৷ মোৰ মিত্ৰ তথা ভাতৃ ৰাজকুমাৰ ইয়াৰ বাবে অৱশ্যেই শলাগৰ পাত্ৰ৷ তেওঁৰ এই মঞ্চক ‘ডেভ’ছ অব্ দা ডেজাৰ্ট’ বুলিও কোৱা হয়৷ যোৱা শতিকাত ছৌদি আৰবৰ জনতাই পৰিশ্ৰম আৰু প্ৰকৃতিৰ আশীৰ্বাদৰ দ্বাৰা মৰুভূমিৰ বালিক সোণলৈ পৰিণত কৰিছে৷ ছৌদি আৰবৰ নেতৃত্বই ইচ্ছা কৰিলে বিলাসী জীৱন কটাব পাৰিলেহেঁতেন৷ কিন্তু তেওঁলোক অনাগত প্ৰজন্মৰ কথা চিন্তা কৰিলে, ভৱিষ্যতৰ কথা চিন্তা কৰিলে, সমগ্ৰ মাৱনতাৰ কথা চিন্তা কৰিলে৷ মই ৰাজকুমাৰক এই বাবেও অভিনন্দন জনাব বিচাৰিছো যে তেওঁ এই মঞ্চৰ নাম কেৱল ফিউচাৰ (ভৱিষ্যত) ৰখা নাই, বৰঞ্চ ইয়াৰ সংকল্পই হ’ল অগ্ৰমুখী চিন্তা, ভৱিষ্যতৰ প্ৰতি উন্মুখতা৷ এনে ক্ষেত্ৰত ভাতৃ তথা চুবুৰীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এই নতুন পদক্ষেপত বিশ্বৰ সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে স্বাভাৱিক কথা৷
বন্ধুসকল,
মই আপোনালোকক ভাৰতৰ জনসাধাৰণৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷ আমাৰ সৈতে ছৌদি আৰবৰ সম্পৰ্ক বহু পুৰণি৷ এনে বন্ধুত্ব, যাক আপোনালোকে কয়- চদকতুম, পৰস্পৰে পৰস্পৰৰ সৈতে আপোনত্ব অনুভৱ কৰা৷ আমাৰ ঐতিহাসিক সম্পন্ধ আৰু সম্পৰ্কই আমাৰ কৌশলগত সহযোগিতাৰ শক্তিশালী বুনিয়াদ ৰচনা কৰিছে৷ আৰু আজি মই ৰাজকুমাৰৰ সৈতে আলোচনাত কৌশলগত মিত্ৰতা পৰিষদৰ স্থাপন কৰি আমাৰ সম্বন্ধক এক নতুন উচ্চতা প্ৰদান কৰিছো৷ নৃপতি আৰু ৰাজকুমাৰৰ মাৰ্গদৰ্শনৰ জৰিয়তে আমাৰ সম্বন্ধত অপ্ৰত্যাশিত প্ৰগতি আৰু আপোনত্ব উদ্ভাসিত হৈ উঠিছে৷ মই তেওঁলোকৰ প্ৰয়াসৰ বাবে, ভাৰতৰ প্ৰতি তেওঁলোকৰ আপোনত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো৷
বন্ধুসকল,
ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভত মই আজি ‘বিশ্বজনীন ব্যৱসায়ৰ বাবে পৰৱৰ্তী পদক্ষেপ’ শীৰ্ষক আলোচনা আৰু তাত ভাৰতৰ উদ্ভাসিত অৱকাশ আৰু সম্ভাৱনা, আমাৰ আশা-প্ৰত্যাশা তথ্য লক্ষ্যসমূহৰ ওপৰত মতামত প্ৰদান কৰাৰ সুযোগ লাভ কৰিছো৷ ভাৰতে আগন্তুক পাঁচ বছৰত নিজৰ অৰ্থনীতি দুগুণ কৰি ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই পৰিপ্ৰেক্ষিতত এই বিষয়টো আৰু অধিক প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে৷
বন্ধুসকল,
আজি ভাৰতক আমি বিকাশৰ গতি প্ৰদান কৰিবলৈ বিচৰাৰ সময়তে উদ্ভাসিত ধাৰাৰ সৈতেও ভালদৰে অৱগত হোৱাটো প্ৰয়োজন৷ সেইবাবে আজি আপোনালোকৰ সৈতে বিশ্ব ব্যৱসায়ক প্ৰভাৱান্বিত কৰিব পৰা পাঁচটা বৃহৎ ধাৰাৰ বিষয়ে আলোচনা কৰিম৷ প্ৰথম ধাৰাটো হৈছে- প্ৰযুক্তি আৰু উদ্ভাৱন, দ্বিতীয়টো- বিশ্বৰ বিকাশৰ বাবে আন্তঃগাঁথনিৰ গুৰুত্ব, তৃতীয়টো- মানৱ সম্পদ আৰু ভৱিষ্যতৰ কৰ্মত পৰিলক্ষিত হোৱা পৰিৱৰ্তন, চতুৰ্থটো- পৰিবেশৰ প্ৰতি সজাগতা আৰু পঞ্চমটো ধাৰা হ’ল- ব্যৱসায় অনুকূল শাসন ব্যৱস্থা৷
বন্ধুসকল,
প্ৰযুক্তি আৰু উদ্ভাৱনৰ বৰ্ধিত প্ৰভাৱ আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছো৷ পৰিৱৰ্তনমূলক প্ৰযুক্তি যেনে কৃত্ৰিম বুদ্ধিমত্তা, জেনেটিকছ্ আৰু নেন’ প্ৰযুক্তি, গৱেষণাৰ পৰা ঊৰ্ধলৈ গৈ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে৷ প্ৰযুক্তিৰ এই পৰিৱৰ্তন সেই সমাজৰ বাবে লাভদায়ক বিবেচিত হৈছে য’ত নতুন প্ৰযুক্তি আঁকোৱালি লোৱাৰ আৰু তাত ভৱিষ্যতৰ উদ্ভাৱনৰ সংস্কৃতি বিকশিত হৈছে৷ ভাৰতত আমি এই সংস্কৃতিক শক্তিশালী কৰাৰ বাবে অনেক স্তৰত প্ৰয়াস কৰিছো৷ সেয়া লাগিলে তৰুণসকলৰ বাবে ষ্টাৰ্ট-আপ প্ৰত্যাহ্বানেই হওক অথবা হেকাথনেই হওক৷ অথবা বিদ্যালয়ৰ শিশুসকলৰ বাবে অটল টিংকাৰিং লেবেই হওক য’ত তেওঁলোকে উদ্ভাৱনক অনুভৱ কৰিব পাৰে৷ আজি ভাৰতত গৱেষণা আৰু বিকাশৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিগত-উদ্যমিতাৰ এক ব্যাপক পৰিবেশতন্ত্ৰৰ সৃষ্টি হৈছে৷ আমাৰ এই প্ৰয়াসসমূহৰ ফলাফলো পৰিলক্ষিত হ’বলৈ ধৰিছে৷ আজি ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰ হিচাপে পৰিচিত হৈছে৷ ভাৰতৰ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহতো ষ্টাৰ্ট-আপ উদ্ভাসিত হ’বলৈ ধৰিছে৷ ভাৰতত ১ বিলিয়ন আমেৰিকান ডলাৰতকৈও অধিক মূল্যৰ ইউনিকৰ্ণৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে৷ আমাৰ বিভিন্ন ষ্টাৰ্ট-আপে বিশ্বজনীন পৰ্যায়ত বিনিয়োগ কৰিবলৈ ধৰিছে৷ ভাৰতীয় ষ্টাৰ্ট-আপসমূহে খাদ্য যোগানৰ পৰা পৰিবহণলৈ, আতিথ্য-সেৱাৰ পৰা চিকিৎসালৈ, পৰ্যটনলৈ সকলোতে উদ্ভাসিত হ’বলৈ ধৰিছে৷ আৰু সেইবাবে বিশ্বৰ সকলো বিনিয়োগকাৰী বিশেষকৈ ভেঞ্চাৰ ফাণ্ডসমূহলৈ মোৰ এয়া অনুৰোধ যে আপোনালোকে আমাৰ ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰ পৰা লাভ আদায় কৰক৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে ভাৰতৰ উদ্ভাৱনত কৰা বিনিয়োগে সবাতোকৈ অধিক ৰিটাৰ্ণ প্ৰদান কৰিব৷ আৰু এই ৰিটাৰ্ণ কেৱল ভৌতিকেই নহয় বৰঞ্চ যুৱসমাজৰ সৱলীকৰণো কৰিব৷
বন্ধুসকল,
বৈশ্বিক বৃদ্ধি আৰু ব্যৱসায়ৰ বিকাশৰ বাবে আন্তঃগাঁথনিৰ মহত্ব সৰ্বাধিক৷ মই ভাবো যে আন্তঃগাঁথনি হ’ল সুযোগৰ গুণিতক৷ আন্তঃগাঁথনি ব্যৱসায়ে বিনিয়োগৰ ব্যাপক অৱকাশ প্ৰদান কৰে৷ দ্বিতীয়তে ব্যৱসায়ৰ বৃদ্ধিৰ বাবে আন্তঃগাঁথনিৰ আৱশ্যক৷
বন্ধুসকল,
আজি বিশ্বত কায়িক আন্তঃগাঁথনিৰ অৱকাশ বিকাশশীল দেশসমূহত অধিক পৰিলক্ষিত হৈছে৷ এছিয়াতে চাবলৈ গ’লে আন্তঃগাঁথনিত প্ৰতি বছৰে ৭০০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ আৱশ্যক৷ ভাৰতত আমি আগন্তুক বৰ্ষসমূহত আন্তঃগাঁথনি খণ্ডত ১.৫ ত্ৰিলিয়ন ডলাৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ আৰু আজি আমি আন্তঃগাঁথনিক কেৱল ভূমিগত গাঁথনি হিচাপে চিন্তা নকৰি সংহত অভিগমনৰ প্ৰয়াস কৰিছো৷ এক ৰাষ্ট্ৰ, এক পাৱাৰগ্ৰীড, এক ৰাষ্ট্ৰ এক গেছ গ্ৰীড আৰু এক জল গ্ৰীড, এক ৰাষ্ট্ৰ এক ম’বিলিটী কাৰ্ড, এক ৰাষ্ট্ৰ এক কেপিটেল ফাইবাৰ নেটৱৰ্কৰ দৰে অনেক প্ৰয়াসত আমি ভাৰতৰ আন্তঃগাঁথনিক সংবদ্ধ কৰিছো৷ আমি প্ৰতিজন ভাৰতীয়ক ঘৰ প্ৰদানৰ আৰু প্ৰতিখন ঘৰলৈ বিদ্যুৎ আৰু নল-জল প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ আন্তঃগাঁথনিৰ নিৰ্মাণৰ গতি আৰু পৰিমাপো আমি বৃদ্ধি কৰিছো৷ আৰু সেইবাবে ভাৰতত আন্তঃগাঁথনিৰ উত্তৰণ দুটা সংখ্যাত থাকিব আৰু ইয়াত সামৰ্থ পৰিপূৰ্ণতাৰ কোনো সম্ভাৱনা নাই৷ সেইবাবে বিনিয়োগকাৰীৰ ৰিটাৰ্ণো সুনিশ্চিত হ’ব৷
বন্ধুসকল,
তৃতীয়টো ধাৰা অৰ্থাৎ মানৱ সম্পদ আৰু ভৱিষ্যতৰ কামলৈ অহা পৰিৱৰ্তনো অধিক গুৰুত্বপূৰ্ণ৷ আজি আন্তৰ্জাতিক বিনিয়োগৰ সিদ্ধআন্ত গুণগত মানৱশক্তিৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰে৷ লগতে দক্ষ মানৱ সম্পদো উদ্যোগসমূহৰ মূল্যায়নৰ মানদণ্ড হিচাপে বিবেচিত হৈছে৷ এনে ক্ষেত্ৰত দ্ৰুত গতিৰে জনসাধাৰণক দক্ষ কৰি তোলাটো আমাৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে৷ যিদৰে কৰ্মৰ প্ৰবৃত্তি পৰিৱৰ্তন হৈছে, এনে ক্ষেত্ৰত অনাগত বৰ্ষসমূহত আমি জনতাক পুনৰ দক্ষ কৰি তুলিব লাগিব৷ শিক্ষা-অশিক্ষা আৰু পুনৰ শিক্ষাৰ এক চক্ৰ প্ৰয়োজন হৈ পৰিব৷
বন্ধুসকল,
ভাৰতৰ দক্ষ মানৱ সম্পদে বিশ্বতে সমাদৰ লাভ কৰিছে৷ ভাৰতীয় প্ৰতিভাই ইয়াত ছৌদি আৰবত আনুশাসিত আইন পালন কৰোঁতা হিচাপে তথা পৰিশ্ৰমী আৰু কুশল কাৰ্যশক্তিৰ হিচাপত নিজৰ পৰিচয় সৃষ্টি কৰিছে৷ ভাৰতত দক্ষতা বৃদ্ধিৰ বাবে আমি এক ব্যাপক বীক্ষণ প্ৰস্তুত কৰিছো আৰু তাত নিৰন্তৰে কাম কৰিছো৷ দক্ষতা ভাৰত পদক্ষেপৰ জৰিয়তে আমি আগন্তুক তিনি চাৰিটা বৰ্ষত ৪০০ মিলিয়ন লোকক বিভিন্ন বিষয়ত প্ৰশিক্ষিত কৰি তুলিম৷ ভাৰতত বিনিয়োগ কৰা উদ্যোগসমূহে ইয়াৰ জৰিয়তে গুণগতমানৰ দক্ষ মানৱ সম্পদ লাভ কৰিব৷
বন্ধুসকল,
দক্ষ মানৱ শক্তি প্ৰস্তুতৰ জৰিয়তে সমগ্ৰ বিশ্বৰ অৰ্থব্যৱস্থা সমৃদ্ধ হ’ব৷ মই ভাবো যে আমি আন্তৰ্জাতিক বাণিজ্য চুক্তিক কেৱল সামগ্ৰীতেই সীমাৱদ্ধ কৰি নাৰাখি মানৱ সম্পদ আৰু প্ৰতিভা ম’বিলিটীকো ইয়াৰ অভিন্ন অংগ কৰি ইয়াত সৰলতা প্ৰদান কৰিব লাগে৷
বন্ধুসকল,
চতুৰ্থটো ধাৰা অৰ্থাৎ পৰিবেশৰ প্ৰতি সজাগতা কেৱল এক ধাৰাই নহয়, ই আমাৰ সময়ৰ এক গুৰুত্বপূৰ্ণ আৱশ্যকতাও৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু স্বচ্ছ শক্তিৰ গুৰুত্ব ইমান ব্যাপক যে ইয়াক আওকাণ কৰিব নোৱাৰি৷ অনাগত সময়ত আমাৰ শক্তি ব্যৱহাৰৰ নমুনা পৰিৱৰ্তন হ’ব৷ কয়লাৰ পৰা তেল আৰু তেলৰ পৰা গেছ আৰু পুনৰ নৱীকৰণৰ দিশত পৰিব্যাপ্তি বৃদ্ধি হ’ব৷ শক্তিৰ ব্যৱহাৰ আৰু সঞ্চয় দুয়োটাই গুৰুত্বপূৰ্ণ হ’ব৷ পৰিবেশ বিভংগনৰ প্ৰত্যাহ্বানো বৃদ্ধি হ’ব৷ ইয়াক অনুধাৱন কৰি ভাৰতত আমি গেছ আৰু তেলৰ আন্তঃগাঁথনিত বৃহৎ মাত্ৰাত বিনিয়োগ বৃদ্ধি কৰিছো৷ ২০২৪ চনলৈ আমাৰ পৰিশোধন, পাইপলাইন আৰু গেছ টাৰ্মিনেলত ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ মই সুখী কিয়নো ছৌদি আৰ্মকোৱে ভাৰতত এছিয়াৰ সৰ্ববৃহৎ শোধনাগাৰ হিচাপে বিবেচিত হ’বলগীয়া ‘ৱেষ্ট কোষ্ট ৰিফাইনাৰী প্ৰজেক্ট’ত বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আমি অলপতে ডাউনষ্ট্ৰীম খণ্ডত বিশেষকৈ ৰিটেইলিঙত বিনিয়োগকাৰীৰ নীতি সৰলীকৰণ কৰিছো৷ ইয়াৰ জৰিয়তে ইজ অব্ ডুয়িং বিজনেছ বৃদ্ধি হ’ব৷ ইয়াৰোপৰি পুনৰ নৱীকৰণ ক্ষেত্ৰত ১৭৫ গিগাৱাট শক্তি উৎপাদনৰ যি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল সেয়াও আগন্তুক বৰ্ষত বৃদ্ধি কৰি ৪৭০ গিগাৱাটৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ভাৰতৰ দ্ৰুত বৰ্ধিত অৰ্থনীতিৰ বাবে শক্তিত বিনিয়োগ অতিশয় আৱশ্যক৷ আৰু ইয়াত অৱস্থিত শক্তি উদ্যোগসমূহক এই সুযোগসমূহৰ লাভ উঠাবলৈ অনুৰোধ কৰিছো৷
বন্ধুসকল!
অন্তিমটো ধাৰা অৰ্থাৎ চৰকাৰৰ পৰিৱৰ্তিত ভূমিকা আৰু ইয়াৰ ভৱিষ্যতৰ ব্যৱসায়ৰ প্ৰভাৱো অতি ব্যাপক হৈ পৰিছে৷ মই সদায়েই ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক শাসনত গুৰুত্ব প্ৰদান কৰি আহিছো৷ মই ভাবো যে প্ৰতিদ্বন্ধিতামূলক, উদ্ভাৱনীমূলত আৰু বহুমুখী ব্যৱসায়িক খণ্ডৰ বাবে এক প্ৰ’এক্টিভ তথা স্বচ্ছ শাসনে অনুঘটকৰ ৰূপত কাম কৰিব পাৰে৷ স্পষ্ট নিয়ম আৰু ব্যক্তিগত খণ্ডৰ বিকাশৰ বাবে এয়া আৱশ্যক৷ এই চিন্তাধাৰাৰ সৈতে ভাৰতে যোৱা পাঁচ বছৰত বহু গুৰুত্বপূৰ্ণ গাঁথনিগত সংশোধনী কৰিছো৷ এফডিআই নীতিক সুগম আৰু সৰলীকৰণ কৰাৰ বাবে আজি ভাৰত বৈদেশিক বিনিয়োগকাৰীৰ বৃহৎ লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে৷ যোৱা পাঁচ বছৰত ভাৰতত ২৮৬ বিলিয়ন ডলাৰ বৈদেশিক বিনিয়োগ হৈছে৷ এই পৰিমাণ বিগত ২০ বছৰত ভাৰতত হোৱা মুঠ বৈদেশিক বিনিয়োগৰ প্ৰায় আধা৷ দেউলীয়া আইন হওক অথবা দেশজুৰি বিস্তৃত কৰ ব্যৱস্থা, আমি কঠোৰতকৈও কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰিছো৷ আজি ভাৰতৰ কৰ গাঁথনি আৰু আইপিআৰ প্ৰণালীক বিশ্বৰ সবাতোকৈ সুন্দৰ ব্যৱসায় প্ৰণালীৰ সৈতে তুলনা কৰিব পাৰি৷ এনেধৰণৰ সংশোধনৰ ফলতে বিশ্ব মূল্যাংকনত ভাৰতে নিৰন্তৰ সুন্দৰ প্ৰদৰ্শন কৰিছে৷ লজিষ্টিক পাৰ্ফমেন্স ইনডেক্সতো ১০টা স্থান, বিশ্ব উদ্ভাৱন ইনডেক্সত ২৪টা স্থান আৰু বিশ্ব বেংকৰ ইজ অব্ ডুয়িং ইনডেক্সতো আগুৱাবলৈ সমৰ্থ হৈছো৷ নিৰন্তৰে তৃতীয়টো বৰ্ষ আমি বিশ্বৰ শীৰ্ষৰ ১০টা সংশোধনী স্থানত উপনীত হৈছো৷ বিকাশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা ১৫০০ত কৈও পুৰণি আইন আমি বিলোপ কৰিছো৷
বন্ধুসকল,
যোৱা চাৰি-পাঁচ বছৰত ৩৫০ মিলিয়নতকৈও অধিক লোক বেংকিং ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছে৷ ভাৰতত আজি প্ৰায় সকলো নাগৰিকৰে ওচৰত অনন্য আইডি, ম’বাইল ফোন আৰু বেংক একাউণ্ট আছে৷ এই ব্যৱস্থাৰ ফলত প্ৰত্যক্ষ লাভ হস্থান্তকৰণত স্বচ্ছতাৰে ২০ বিলিয়ন ডলাৰতকৈও অধিক ছিদ্ৰ বন্ধ কৰিবলৈ সমৰ্থ হৈছো৷ অৰ্থাৎ ২০ বিলিয়ন ডলাৰ ৰাহি হৈছে৷ স্বাস্থ্য হ’ল যিকোনো চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব৷ এই ক্ষেত্ৰত সেৱাৰ গুণগতমান বৃদ্ধিৰ বাবে ভাৰতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ বিশ্বৰ সবাতোকৈ বৃহৎ চৰকাৰী স্বাস্থ্যসেৱা কাৰ্যসূচী আয়ুষ্মান ভাৰতে ৫০০ মিলিয়ন অৰ্থাৎ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মুঠ আবাদীতকৈও অধিক লোকক স্বাস্থ্য বীমা প্ৰদান কৰিছে৷ এয়াই নহয়, এই নতুন যোজনাৰ ফলত ভাৰতত স্বাস্থ্য সেৱাত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ আজি ভাৰত সকলোতকৈ বৃহৎ স্বাস্থ্যসেৱা গ্ৰাহক আৰু গুণগত স্বাস্থ্যসেৱা প্ৰদানকাৰী হিচাপে বিবেচিত হৈছে৷ স্বাস্থ্যসেৱাত প্ৰযুক্তিৰ ব্যৱহাৰে যুগান্তকাৰী পৰিৱৰ্তন আনিছে৷ ইয়াৰ জৰিয়তে অৰ্থনীতিৰ অৱকাশ সৃষ্টি হোৱাই নহয় বৰঞ্চ কোটি কোটি লোকৰ উৎপাদনশীলতাও বৃদ্ধি কৰিছে৷
বন্ধুসকল,
আজি এই মঞ্চৰ পৰা মই আপোনাক বিশ্বাস দিব খুজিছো যে ভাৰতত প্ৰগতিৰ এই গতি বৃদ্ধি হ’ব৷ আমি দেশৰ বিকাশৰ সৈতে জড়িত সিদ্ধান্তসমূহ গ্ৰহণ কৰি আছো৷ আমাৰ নীতিত কোনো ভ্ৰম নাই আৰু লক্ষ্যতো কোনো সন্দেহ নাই৷ আমাৰ ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যৰ ৰোডমেপ প্ৰস্তুত হৈ আছে৷ এই লক্ষ্য কেৱল গুণগত উত্তৰণৰেই নহয়, প্ৰতিজন ভাৰতীৰ জীৱন উন্নত কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ৰাজনৈতিক সুস্থিৰতা, নিৰ্ভৰযোগ্য নীতি আৰু বৃহৎ বজাৰৰ বাবে ভাৰতত আপোনালোকৰ বিনিয়োগ অধিক লাভদায়ী হ’ব৷
বন্ধুসকল,
আমাৰ মিত্ৰ দেশৰ সহযোগিতা হ’ল আমাৰ বিকাশ যাত্ৰাৰ অভিন্ন অংগ৷ সকলো দেশৰ সৈতে সম্পুৰকতা বৃদ্ধি কৰি, ছিনাৰ্জী বৃদ্ধি কৰি আমি বিজয়ী সমাধানৰ বাবে কাম কৰি আছো৷ ছৌদি আৰবৰ ভিজন ২০৩০ আৰু অৰ্থনীতি প্ৰসাৰণ কৰাৰ যোজনাত আমি তেওঁলোকৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িম৷
বন্ধুসকল,
২০২২ চনত ভাৰতৰ স্বতন্ত্ৰতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব৷ আমি তেতিয়ালৈ ‘নতুন ভাৰত’ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ সেই নতুন ভাৰতত প্ৰতিজন ভাৰতীয়ৰ চকুত সপোন থাকিব, হৃদয়ত নতুন সম্বল হ’ব আৰু খোজত নতুন শক্তি থাকিব৷ তাৰ জৰিয়তে নতুন ভাৰতত নতুন সামৰ্থ আৰু নতুন ক্ষমতাৰ সৃষ্টি হ’ব৷
বন্ধুসকল,
সেই সমৰ্থ আৰু শক্তিমান ভাৰত কেৱল নিজৰ বাবে নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰ বাবে শান্তি আৰু উল্লাসৰ স্ৰোত হিচাপে পৰিগণিত হ’ব৷ ইতিহাস সাক্ষী যে ভাৰত যেতিয়া বিশ্বৰ সবাতোকৈ বৃহৎ অৰ্থনীতিৰ দেশ আছিল আৰু সৈন্যবলো শক্তিশালী আছিল তেতিয়াও আমি কাৰো ওপৰত চাপ প্ৰদান কৰা নাছিলো, কাৰো ওপৰত বল প্ৰয়োগ কৰা নাছিলো৷ ভাৰতে নিজৰ ক্ষমতা আৰু উপলব্ধ সমগ্ৰ বিশ্বতে বিনিময় কৰিছে৷ কাৰণ আমি সকলোকে এটা পৰিয়াল হিচাপে গণ্য কৰো- ‘বসুধৈৱ কুটুম্বকম’৷ নতুন ভাৰতত নতুন শক্তি হ’ব কিন্তু সেই চিন্তনত একেটাই সনাতন আত্মা প্ৰদৰ্শিত হ’ব৷ আমাৰ বিকাশে বিশ্বত বিশ্বাসৰ সৃষ্টি কৰিব৷ আমাৰ প্ৰগতিয়ে পৰস্পৰৰ প্ৰতি প্ৰেম বৃদ্ধি কৰিব৷ বিশ্ব কল্যাণৰ এই যাত্ৰাত ভাৰতৰ সৈতে সহযোগিতাৰ বাবে মই সমগ্ৰ বিশ্বৰ ব্যৱসায়ক আমন্ত্ৰিত কৰিছো৷ মই আৰু মোৰ দল সদায়েই আপোনাৰ সহায়ৰ বাবে তৎপৰ৷ আপোনালোকে মোক কিছু চিন্তাধাৰা বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিলে আৰু মনোযোগেৰে শুনিলে৷ ইয়াৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ পুনৰবাৰ মই ৰাজকুমাৰ, নৃপতিক হৃদয়েৰে কৃতজ্ঞতা প্ৰকাশ কৰি মোৰ ভাষণ সামৰিছো৷ অশেষ ধন্যবাদ৷
*****
VRRK/SH/MANN
The times of a bipolar world have gone. We live in a time where every nation is connected and dependent on each other.
— PMO India (@PMOIndia) October 29, 2019
Need of the hour is to strengthen a multi-polar order.
Each and every nation is important today: PM @narendramodi pic.twitter.com/ntQ58w86TV
We have to think whether the UN has risen to the occasion when it comes to conflict resolution. I had raised this issue when the UN turned 70 but much discussion couldn’t happen. I hope this topic is discussed more actively when the UN turns 75: PM @narendramodi pic.twitter.com/qE1knsFDVP
— PMO India (@PMOIndia) October 29, 2019
My aim is to empower the poorest of the poor and ensure they lead a life of dignity: PM @narendramodi pic.twitter.com/0J6UqBIKBg
— PMO India (@PMOIndia) October 29, 2019
I am always thinking- how can India contribute to global good.
— PMO India (@PMOIndia) October 29, 2019
Whatever we are doing in India will strengthen global initiatives too.
Take for instance our aim to end TB in 2025, before the global target of 2030.
When India succeeds, the world will be a healthier place: PM pic.twitter.com/YteWxPcml3
Five trends that will influence global business in the 21st century. pic.twitter.com/brUZWhTTp2
— Narendra Modi (@narendramodi) October 29, 2019
Infrastructure is an opportunity multiplier.
— Narendra Modi (@narendramodi) October 29, 2019
We in India are leaving no stone unturned to build next-generation infrastructure. pic.twitter.com/EzyQdkvNBq
The need of the hour today- compassion towards the environment. pic.twitter.com/9VuW61XJqs
— Narendra Modi (@narendramodi) October 29, 2019
India has:
— Narendra Modi (@narendramodi) October 29, 2019
Political stability.
Predictable policies.
Diverse markets.
This is a great time to invest and do business in India. pic.twitter.com/kA0W9uPO6p
Honoured to have addressed the @FIIKSA. Here are some pictures from the evening. pic.twitter.com/FWhUIUHoJ5
— Narendra Modi (@narendramodi) October 29, 2019