Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰে’ল খণ্ডত কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰত আৰু ইউনাইটেড আৰৱ এমিৰেটছৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৰে’ল খণ্ডত কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰত আৰু ইউনাইটেড আৰৱ এমিৰেটছৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ বুজাবুজিৰ চুক্তিখন ২০১৮ৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল৷

বুজাবুজিৰ চুক্তিখনে নিম্নোক্ত দিশত কাৰিকৰী সহযোগিতা সাঙুৰি ল’ব—

১. নিয়ন্ত্ৰণ, সুৰক্ষা আৰু দূৰ্ঘটনাৰ কাৰিকৰী অনুসন্ধান৷

২. ষ্টেচন পুনৰ উন্নয়ন৷

৩. ৰে’ল ইঞ্জিন, কোচ আৰু ৱাগ’ন৷

৪. অংশগ্ৰহণকাৰীদ্বাৰা যুটীয়াভাৱে নিৰ্বাচিত আন যিকোনো ক্ষেত্ৰ৷

লাভালাভ: বুজাবুজিৰ চুক্তিখনৰ ফলস্বৰূপে ভাৰতীয় ৰে’লৱেই শেহতীয়া প্ৰযু্ক্তিসমূহ ৰে’ল খণ্ডত ব্যৱহাৰ কৰিব পাৰিব৷ বুজাবুজিৰ চুক্তিখনে তথ্যৰ বিনিময়, বিশেষজ্ঞৰ বৈঠক আৰু কৰ্মশালা, কাৰিকৰী বিশেষজ্ঞৰ ভ্ৰমণ আৰু যুটীয়াভাৱে সহমতত উপনীত হোৱা সহযোগিতামূলক প্ৰকল্প ৰূপায়ন আদিত সহায় কৰিব৷

পটভূমিঃ ৰে’লৱে মন্ত্ৰালয়ে বিভিন্ন বিদেশী চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰে’লৱেৰ সৈতে ৰে’লৱে খণ্ডত কাৰিকৰী সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ সহযোগিতাৰ চিনাক্তকৃত দিশসমূহৰ ভিতৰত অন্যতম হ’ল—হাইস্পীড ক’ৰিডৰ, বৰ্তমানৰ ৰে’লপথৰ গতি বৃদ্ধি কৰা, বিশ্বমানৰ ষ্টেচন স্থাপন, ৰে’ল আন্তঃগাথনিৰ আধুনিকীকৰণ আদি৷