Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰে’ল বিভাগৰ কৰ্মচাৰীলৈ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে আগবঢ়োৱা ৭৮ কৰ্মদিনৰ দৰ্মহাৰ সমমূল্যৰ ‘প্ৰডাক্টিভিটী লিংকড বোনাছ’লৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই আজি ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল বিভাগৰ কৰ্মচাৰীলৈ আগবঢ়োৱা ৭৮ কৰ্মদিনৰ সমমূল্যৰ ‘প্ৰডাক্টিভিটী লিংকড বোনাছ’(পিএলবি)লৈ অনুমোদন প্ৰদান কৰে।

প্ৰতি বছৰৰ দশেৰা/পূজাৰ বন্ধৰ আগতে ৰে’ল বিভাগৰ কৰ্মচাৰীলৈ এই ‘পিএলবি’ আগবঢ়োৱা হয়। এই বছৰো ৭৮টা কৰ্মদিনৰ দৰ্মহাৰ সমমূল্যৰ ‘পিএলবি’ বিভাগটোৰ প্ৰায় ১১.২৭ লাখ অ-ৰাজপত্ৰিত কৰ্মচাৰীক প্ৰদান কৰা হয়। যোগ্যতাসম্পন্ন প্ৰতিগৰাকী কৰ্মচাৰীয়ে ৭৮টা কৰ্মদিনৰ বাবদ সৰ্বাধিক ১৭,৯৫১টকা লাভ কৰে। এই ধনৰাশি ট্ৰেক মেইণ্টেনাৰ, ড্ৰাইভাৰ এণ্ড গাৰ্ড, ষ্টেশ্যন মাষ্টাৰ, ছুপাৰ্ভাইজৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, কণ্ট্ৰোলাৰ, পয়ণ্টমেন, মিনিষ্ট্ৰিয়েল ষ্টাফ আৰু অন্যান্য গ্ৰুপ-চি শ্ৰেণীভুক্ত কৰ্মচাৰীসকলে লাভ কৰিছে।

ৰে’লকৰ্মীক ‘পিএলবি’ আদায় দিয়াৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ পৰিমাণ ১৮৩২.০৯ কোটি টকা ধাৰ্য কৰা হৈছিল। ক’ভিড-১৯-উত্তৰ প্ৰত্যাহ্বান স্বত্বেও ‘পিএলবি’ প্ৰদানৰ উপৰিউক্ত সিদ্ধান্তটো গ্ৰহণ কৰা হৈছিল।

 

***********

DS/KB