Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“END TB” সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী

“END TB” সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী

“END TB” সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী

“END TB” সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা “END TB” শীৰ্ষক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা এক ভাষণ প্ৰসঙ্গত প্ৰধানমন্ত্ৰীয়ে আত্মবিশ্বাসেৰে কয় যে দেশৰ পৰা যক্ষ্মা ৰোগ বা টিবি সম্পূৰ্ণৰূপে আঁতৰ কৰাৰ ক্ষেত্ৰত এই দিল্লী এণ্ড টিবি সন্মিলন এক মাইলৰ খুঁটিস্বৰূপ হৈ ৰ’ব৷ এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপেই দেশৰ দৰিদ্ৰ জনতাৰ জীৱন উন্নত কৰি তোলাৰ সৈতে জড়িত হৈ আছে৷
প্ৰধানমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে ভাৰতে ২০২৫ চনৰ ভিতৰত দেশত যক্ষ্মা ৰোগ নাইকিয়া কৰাৰ লক্ষ্য হাতত লৈছে৷ উল্লেখযোগ্য যে ইতিমধ্যে সমগ্ৰ বিশ্বতে ২০৩০চনৰ ভিতৰত যক্ষ্মা ৰোগ নাইকিয়া কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে৷ তেওঁ কয়, এই লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰত চৰকাৰে অহৰহ কাম কৰি আহিছে৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহেও গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব লাগিব বুলিও দোহাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, আৰু এই সংক্ৰান্তত প্ৰধানমন্ত্ৰীয়ে নিজেই দেশৰ আটাইবোৰ মুখ্যমন্ত্ৰীলৈ এই অভিযানত অংশগ্ৰহণ কৰাৰ বাবে পত্ৰ লিখিছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, দেশৰ আগশাৰীৰ যক্ষ্মা ৰোগ বিশেষজ্ঞ আৰু স্বাস্থ্যকৰ্মীসকলে যক্ষ্মাৰোগ নিৰ্মূলকৰণ অভিযানত অতি গুৰুত্বপূৰ্ণ ভুমিকা ল’ব লাগিব৷ তেওঁ কয়, যিসকল ৰোগীয়ে এই ৰোগৰ পৰা নিৰাময় লাভ কৰিছে তেওঁলোকেও অইন লোকক উদ্বুদ্ধ কৰিব পাৰে৷

প্ৰধানমন্ত্ৰীয়ে মিছন ইন্দ্ৰধনুষ আৰু স্বচ্ছ ভাৰত মিছনৰ উদাহৰণ দাঙি ধৰি কেন্দ্ৰ চৰকাৰে কেনেদৰে নিৰ্ধাৰিত লক্ষ্যৰ প্ৰতি ক্ষীপ্ৰতাৰে অগ্ৰসৰ হৈছে সেয়া উল্লেখ কৰে৷

*****

AKT/KP/SBP/Rang